এলান্ধু (ভাস্কৰজ্যোতি দাস)

চিৰাখুন্ডা গাঁও । তাৰে এমূৰত পদ্মনাথ শইকীয়াৰ গেলামালৰ দোকান । দোকানৰ পাল্লাখনৰ সমান্তৰাকৈ চলি থাকে এটা আদ্দা । হজে-আখৰাই গধুলি পদ্মকাইৰ এই দোকানখনত বাতৰিৰ বিশ্লেষন দৈনিক চলি থাকে । লগতে গাঁৱৰ কাৰ কাৰ বাহাদুৰি বাঢ়িল আৰু কিমান বাঢ়িল তাৰো জোখ-মাপ । আঠ মান বজাত দাতিনীৰ দোকানৰ গেলাখাই উভতি অহা পদ্মকাইৰ পুতেক নিৰনৰ অবাইচ মাত কেইষাৰৰ পাছতহে আদ্দা ভঙ্গ হয় । নিৰন শইকীয়া, এম.এ. |

গাঁৱত এখন হাইস্কুল হ’ব । এটা সপোন পূৰণ হ’ব । বৃহস্পতিবাৰে উদ্ধোধনী অনুষ্ঠানলৈ মন্ত্ৰী অহাৰ কথা । শুকুৰবাৰে নামঘৰত বাৰ্ষিক বৰসবাহ-বৰভাওঁনা । কাজেই আজিৰ আলোচনাৰ বিষয়ো গধুৰ । গাঁৱত এখন ডাঙৰ তোৰণ সাজিবনে ৫-৬ খন সৰু সৰু তোৰণ সাজিব ? মন্ত্ৰীক দিব লগা গামোচাখন পকোৱা সূঁতাৰ হ’ব নে পাটৰ হ’ব ? মন্ত্ৰীক কি কি অভিযোগ দিব ? উপ-স্বাস্থ্যকেন্দ্ৰটো যে গধুলি মদৰ আদ্দাত পৰিণত হয় সেইটো ক’বনে ? মৰিনৈৰ কাঠৰ দলংৰ ধাম আকৌ ভাগি যোৱাৰ পাচত যে ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে… গাঁওৰক্ষীকেইটাই যে ৰাতি হাঁহ চোৰ কৰে… দাতিনীৰ মদৰ দোকান ৰাইজে ভাঙি দিলেও পুণৰ নিৰ্মান কৰি লোৱাৰ আঁৰৰ থকা মানুহটো যে আবকাৰী কনিষ্টবলটোৱেই… ইত্যাদিবোৰ অভিযোগ মন্ত্ৰীক দিবনে ? অৱশেষত সিদ্ধান্তলোৱা হ’ল যে কাইলৈ এল.পি. স্কুলত ৰাতিপুৱাই বুঢ়া মেথা দুই-চাৰিজন গোটাই আলোচনা কৰি সকলো চুড়ান্ত কৰিব । মানুহ মতাৰ কাম বেজিয়া আৰু ৰত্নৰ ।

“বোলো ঔ গাঁওবুঢ়া দ’তি, ওলালেনে ? ইফালে মানুহমখাই ৰৌজাল-বৌজাল আৰম্ভ কৰিলেই । কালিয়েই চিঞৰি-চিঞৰি কৈ গৈছিলো নহয় । বোলো পাহৰিলে নেকি ?” ।বেজিয়াৰ খহতা কথাকেইটা শেষ হ’ল কি নহ’ল গাঁওবুঢ়া দ’তি হাজিৰ । “হেৰৌ ইমান তালফালখন লগাইছ যে ? ব’ল ব’ল । চাহপানী বাতিও খাবলৈ তত দিয়া নাই”- গাঁওবুঢ়াই বেজিয়ালৈ চাই ভোৰভোৰালে ।

অলপ পলমকৈ সভা আৰম্ভ হ’ল ।কথা আৰম্ভ হ’ল, চলিল আৰু কটা-কটিও হ’ল । হুলস্থূল, ডাবি-ধমকি, বিশ্লেষণ ইত্যাদিবোৰৰ মাজেৰে গৈ গৈ এপৰত সভাৰ পৰাল পৰিল । সিদ্ধান্তবোৰ লোৱা হ’ল ।মন্ত্ৰী আহিবলগীয়া সভাৰ সভাপতি গাঁওবুঢ়া ইন্দিবৰ তামুলী হ’ব । তোৰণ দুখন সাজিব । এখন নামঘৰৰ ওচৰত আৰু আনখন পদ্মকাইৰ দোকানৰ আগত । উপ-স্বাস্থ্যকেন্দ্ৰ, গাঁওৰক্ষী আৰু দাতিনীৰ মদৰ দোকানৰ অভিযোগ সদ্যহতে মন্ত্ৰীক নিদিয়ে । তাৰ পৰিৱৰ্তে সূঁতা, এনৰেগা, ইন্দিৰাৰ ঘৰ, কাঠৰ দলঙৰ নিৰ্মান ইত্যাদিবোৰ দাবী চনদ ‘পেচ’ কৰিব । মিঠাই চহৰৰ পৰা আনিলেও সৰুমলাৰ হাতৰ তিলপিঠা আৰু ম’হৰ গাখীৰৰ চাহ মন্ত্ৰীক যঁচা হ’ব । হৰিসিঙে তাৰ চাউলৰ গোদামৰ দেচুৱলী কেইটাক আজি মথাউৰি মেৰামতি কৰিবলৈ পঠিওৱাৰ কথা । দুইট্ৰাক ফলিয়া তুঁহ আৰু অলপ চেন্দ-গ্ৰেভেলো দিব সি । এতিয়া কোনো গণ্ডগোল লগোৱাকৈ বাকী ৰোৱা কামবোৰ আজিৰ ভিতৰতে শেষ কৰাৰহে কথা । কাইলৈৰ কাৰণেএকো কাম পেলাই ৰাখিব নেলাগে । তাতে আকৌ পৰহিলৈ ভাওঁনা । ল’ৰাহ’তৰোতো ভাগৰবোলা কথা এটা আছে ।

আজি বৃহস্পতিবাৰ । মন্ত্ৰী অহাৰ বাৰ । কাজেইগাঁৱৰ মানুহমখাৰ বাবে এক ব্যস্ত আৰু স্মৰনীয় দিন । ছাগলীখেদা বৰষুণ এজাক আহিছে । লৰামখাই চিন্তা কৰিছে যদিও পদ্মকাই আৰু গাঁওবুঢ়া দ’তিৰ ভাব সূকীয়া ।বৰসবাহ বৰভাওঁনাৰ আগদিনা বৰষুণ দিছে, মানে ঈশ্বৰ নামিছে । আজিৰ দিনটো ভালেভালে পাৰ হ’লেই হয় আৰু । তাতে আজিয়েই প্ৰথমবাৰৰ বাবে চিৰাখুন্ডা গাঁৱত মন্ত্ৰী সোমাবহি ।

সময় আহিল । ক্ষণ আহিল । মন্ত্ৰীও আহিল ।পদ্মকাইৰ দোকানৰ আগৰ তোৰণখনৰ পৰা গায়নে বায়নে ফুল-চাউল চটিয়াই আদৰি নিয়াহ’ল মন্ত্ৰীক ।বৰষুণ নাই যদিও স্কুললৈ নামি যোৱা উপপথটো অলপ পিচল হৈ আছিল ।মন্ত্ৰী পিচলি যাবলৈ লৈছিল যদিও কোনোমতে নপৰাকৈ ৰ’ল । ৰাইজে মন্ত্ৰীক স্কুলৰ চোতালত পুতি থোৱা কলপুলি দুটাত বান্ধি থোৱা ৰঙা ফিটাডালৰ ওচৰলৈআথে-বেথে আগবঢ়াই লৈ গ’ল । পুৰ্বৰ পৰিকল্পনা অনুযায়ী বেজিয়াই মুখত প্লাষ্টিকৰ হাঁহি এটা লৈ মন্ত্ৰীৰ হাতত কেঁচিখন তুলি দিলে । প্ৰথমবাৰত ফিটাডাল কাট নাখালে । পিচৰ দুবাৰত যেনিবা কোনোমতে চিগিল । “এই বেজিয়াটোৰ মূৰত সেইসোপা জাবৰ আছে নে কি ? গৰুটোৱে ধাৰ থকা কেঁচি এখনো যোগাৰ কৰিবপৰা নাই”- গাওঁবুঢ়াই মুখৰ ভিতৰতে ভোৰভোৰালে ।

সভা আৰম্ভ হ’ল আৰু গামোচা পিন্ধোৱা পৰ্বৰ পাচতে সভাই গতি ল’লে ।সভাপতিৰ আসন গ্ৰহণ, বিশিষ্টব্যক্তিৰ আসন গ্ৰহণ আৰু সমবেত সংগীতৰ পাচতে সভাৰ এজেন্দা পাঠ । জাঁউৰীয়ে জাঁউৰীয়ে হাততালিৰ মাজে মাজে মন্ত্ৰীৰ ভাষণৰ কথাবোৰ ৰাইজৰ কাণে-কাণে বিচৰণ কৰিলে । “ৰাইজ,…….আমাৰ……ৰাস্তা ঘাট… কিল’মিটাৰ পকী কৰা হৈছে আৰু…….আত্মহত্যাৰ পথ বাচি লৈছে । কিন্তু আমাৰ ইয়াত……দুৰৰ স্কুললৈ যাবলগীয়ানহয়, ইয়াতে পঢ়িব পাৰিব” আধাঘন্টা মানৰ ভাষণ চলি থাকিল আৰু জাউৰিয়ে জাউৰিয়ে হাততালিও পৰি থাকিল । মন্ত্ৰীৰ ভাষণ এপৰত যেনিবা শেষ হ’লগৈ । সমজুৱাৰ দুআষাৰ প্ৰথমে আৰম্ভ কৰিলে গাঁওবুঢ়া ইন্দিবৰ তামুলিয়ে । “মাননীয় আজিৰ সভাৰ বিশিষ্ট অতিথি মহোদয় প্ৰমূখ্যে… কৃপাত স্কুলখন হ’ল…বহুত কিবাকিবি দিছে ।আমাৰ গাঁৱৰ আন্ধাৰ দূৰ হৈছে….আমাৰ সমস্যাসমূহ…. দলং…..ইন্দিৰাৰ ঘৰ….. ল’বলৈএখন স্মাৰকপত্ৰ….মন্ত্ৰী মহোদয়ৰ হাতত তুলি দিবলৈ অনুৰোধ জনালো…”।মন্ত্ৰীক স্মাৰকপত্ৰ এখন দিবলৈ পদ্মকাই আৰু বেজিয়া এখোজ দুখোজকৈ আগবাঢ়িছিলহে এনেতে লাইন গ’ল । মাইকৰ মাত নাই আৰু চৌদিশ আন্ধাৰ । এক হুলস্থুলীয়া পৰিবেশ । “ঐ ৰত্ন জেনেৰেটাৰটো চলাই দে” । কাৰোবাৰ চিঞৰত ৰত্নই উত্তৰ দিলে –“হেন্দেলডাল ইয়াতেই থৈছিলো, ক’ত হেৰাল বা । হেৰৌ কোনোবাই নিলি যদি বেগেতে দি থৈ যাহি” ।

“ঐ চাল্লা তামুলিবুঢ়া…..লেকচাৰ দিবলৈ আহিছ……চা…ল…লা….” ৰাস্তাৰ পৰা অহা এক গধুৰ মাতত সকলোৰে চকুবোৰ ১৮০ ডিগ্ৰী ঘূৰিল । মনত কৌতুহল । কোন বা এইটো ? এমূৰৰপৰা চাৰি বেটেৰীয়া এটা টৰ্চৰ পোহৰ ৰাস্তাৰ ফালে ঘুৰিল । চাৰি-পাঁচ জনে প্ৰায় সমস্বৰে চিঞৰি উঠিল-“উৱা,.. এইটো আকৌ ক’ৰপৰা ওলালহি ?” ।

“গৰুহঁত, মিতিং পাতিবলৈ আহিছ…. চালা…ভাওঁনা পাতিবলৈ আহিছ । গা…ন…ধী..ৰ…… বা…ন…দ…ৰ । পুতেৰ আজি নাইযে ? চাল্লা… গাঁওবুঢ়া ওলাইছ… । দালালটোক জন্ম হোৱাৰ পৰা দালালি কৰিবলৈ শিকালি । মোক চাকৰি দিব বুলি কৈ আমাৰ বুঢ়াটোৰ পৰাযে এক লাখ টকা নিছিলে সি মিনিষ্টাৰক দিব বুলি । কি হ’ল ? চাল্লা, চাকৰিওনাই… পইচাও নাই”। গ্ৰেজিংৰ মাটিবোৰ এমূৰৰ পৰা গিলি আহিয়েই আছ.. চাল..লা..পুতেৰৰ লগত মিলি গাঁৱৰ এই মানুহসোপাকো গিলি আহি থাক চো..ৱ…ৰ..”

“কোন ক’ত আচ খেদ এইটোক”-কঁপা কঁপা মাতেৰে একপ্ৰকাৰ চিঞৰিয়েই মঞ্চৰ পৰা আদেশ দিলে গাওবুঢ়া তামুলিয়ে । দুজনমান আগবাঢ়িল । লগত মন্ত্ৰীপক্ষৰ দুজনজমান।

“কাঠৰ দলংৰ ঠিকা প্ৰতি বছৰে পুতেৰেহে পায় যে । গাঁৱৰ মানুহৰ এনৰেগাৰ কাৰ্ডবোৰ আৰু কিমানদিন তোৰ বাকচত সোমাই থাকিব । এই গান্ধাৰী বৃহন্নলাবোৰক লৈ খেলি থাক… চা..ল..লা.. ভাওঁনা পাতি থাক । মদ খাব পাৰো ।য’ত ত’ত পৰি গ’লে গোটেই গাঁওখনেই গম পাই যায় । আজি আঠ বছৰে কেইটাই জান যে মই ফাৰ্ষ্ট ক্লাচ এম.এ. । নৰাধমহঁত…”

কেইজনমানে তাক ধৰি আতৰাই লৈগ’ল । ৰত্নই জেনেৰেটৰৰ হেণ্ডেলডাল বিচাৰি নাপালে । সভা শেষ হোৱাৰ আগতেই সভা ভঙ্গ হ’ল । গোঁ-গোঁৱাই মন্ত্ৰীৰ গাড়ীখন আগবাঢ়িল । দূৰত আকৌ সেই একেই চিঞৰ । “…চব জিলেলে… আই এম নিৰন শইকীয়া, এম.এ…চাই আছো তহঁতক….তহঁতৰ একো নহব….টিপচহী মাৰি মাৰি চব লুটিথাক…”

শিমলুতলৰ ওচৰৰে কাৰোবাৰ ঘৰত স্কুলীয়া ল’ৰা এটাই চিঞৰি চিঞৰি পঢ়ি আছে..
“শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে ক’ত পাঁও তলসৰা”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক