“এলিয়েন” — নিয়ন্ত্ৰণহীন বৰ্তমান , ভয়ংকৰ ভৱিষ্যত্‍ । (দেৱব্ৰত গগৈ)

Debabrot Gogoi

“এলিয়েন” — নিয়ন্ত্ৰণহীন বৰ্তমান , ভয়ংকৰ ভৱিষ্যত্‍ ।

দেওঁবাৰ 27 আগষ্ট 2011 চন । এক নজীৰবিহীন দুৰ্ঘটনা ঘটি গ’ল , গুৱাহাটী মহানগৰীত । যিটো দুৰ্ঘটনাক আমি সকলোৱে প্ৰায় আওকাণ কৰিলো । আমি দুৰ্ঘটনাতো সংবাদমাধ্যমত চালো বা পঢ়িলো আৰু আওকাণ কৰিলো । সন্ধিয়া ছয় বাজি গৈছে মাথো , ৰাধাগোবিন্দ পথেৰে , গুৱাহাটী কৰ্মাছ কলেজৰ ফালৰ পৰা তীব্ৰ গতিত ছখনকৈ বাইক গণেশগুৰিৰ ফালে গৈ আছে । বেগ অতি কমেও 100 কি:মি: প্ৰতি ঘণ্টা । সেয়া হৈছে এটা বাইক গ্ৰুপ , কিবা নাম এটাও দিছে । যিখন বাইকেই  জি.এছ ৰোডৰ ডাউন টাউনৰ সমীপৰ পেনটালুনৰ ওচৰৰ পৰা ঘুৰি আহি পুনৰ কৰ্মাছৰ ওচৰ প্ৰথমে পাবহি সেইখনৰ আৰোহীয়ে পাব 1,500 টকা । দেওঁবৰীয়া সন্ধিয়া , মানুহবোৰে অলসভাবে দিনটো ঘৰতে কটাই অলপ বাহিৰলৈ ওলাই অহাৰ সময় সেইয়া । সেয়ে আবেলিলৈকে পাতল হৈ থকা ৰাজপথতো পথাচাৰী ,গাড়ী আৰু আন সাধাৰণ বাইকেৰে ভৰি পৰিছে । তেনে এক ব্যস্ত  ৰাজপথত প্ৰায় এশ কি:মি: বেগত ছখনকৈ বাইক অগাপিছাকৈ , একেবেঁকা গতিৰে প্ৰতিযোগিতাৰ মনোভাবেৰে চলালে , বাইক কেইখনৰ আৰোহীসকলৰ মানসিক ভাৰসাম্যতাৰ প্ৰতি এক প্ৰশ্ৰবোধক চিন সৃষ্টি হোৱাটো নিতান্তই স্বাভাৱিক কথা । হয়, তেওঁলোক মানসিক ভাৰসাম্যহীন হবই লাগিব নতুবা তেওঁলোক আমাৰ সমাজ জীৱনৰ প্ৰতি অজ্ঞাত কোনোবা অচিন গ্ৰহৰ প্ৰাণী — মানে “এলিয়েন” ! আৰু তেনে এলিয়েনে সেই গতিত বাইক চলালে যি আশংকা কৰা যায় সেইটোৱেই হ’ল । অৱিশ্বাস্যভাবে ছখনকৈ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই একেলগে দুৰ্ঘটনাত পতিত হ’ল । এখনৰ আৰোহীজন প্ৰায় 50 ফুট ওপৰলৈ উফৰি থিতাতে প্ৰাণ বায়ু উৰি যায় । বাকীবোৰে কম বেছি পৰিমাণে আঘাট প্ৰাপ্ত হয় । আন ছয়জনকৈ সাধাৰণ পথাচাৰীয়ে আঘাট পায় । সেইসময়ত পথটোৰে গৈ থকা আন কেইবাখনো যান-বাহনৰো ক্ষতি হয় । লগে লগে ঠাইটুকুৰাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । বন্ধুজনৰ  মৃতদেহটো তাতে এৰি আন এলিয়েনবোৰে নিজৰ আঘাটপ্ৰাপ্ত দেহাৰেই গণৰোষৰ ভয়ত বাইকলৈ পলাই পত্ৰং দিয়ে ।

তজবজীয়া দেহাৰে ভৰপুৰ এটি মন আৰু শৰীৰ লৈ আন বয়সৰ মানুহে কৰিব নোৱাৰা কিছুমান কাম কৰিবলৈ বিচৰা সময়খিনিয়েই হৈছে মানুহৰ যৌৱনৰ সময় । কিন্ত এই যৌৱন নিয়ন্ত্ৰণহীন হলেই সি হৈ পৰে ভয়ংকৰ । তাৰ ফলাফলৰ কথা ইতিহাসে কয় আমাক । আশী দশকৰ প্ৰায় বিফল অসম আন্দোলন , নব্বৈ দশকৰ মুক্তি বাহিনীৰ আত্মঘাটী  বিপ্লৱ এনে নিয়ন্ত্ৰণহীন যৌৱনৰে ফলাফল । মুক্ত  অৰ্থনীতিয়ে মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি ঘটাইছে আৰু নহলেও জীৱনটো চলাই নিব পৰা সামগ্ৰী বজাৰত সুলভ কৰি দিছে । মানুহক বেছিকৈ দুৰ্নীতিগ্ৰস্ত হ’বলৈ শিকাইছে আৰু এনে এক সন্ধিক্ষণতে বৰ্তমানৰ কম মেধা সম্পন্ন যুৱকসকল হৈ পৰিছে নিয়ন্ত্ৰণহীন আৰু মেধাসম্পন্ন যুৱকসকল ব্যস্ত হৈ পৰিছে কেৱল নিজকে লৈ , নিজৰ কেৰিয়াৰক লৈ । সমাজ তেওঁলোকৰ বাবে এক আচহুৱা আৰু আমনিদায়ক বিষয় আৰু তাত হাত উজান দিছে দুয়োবিধ যুৱকৰে আৰ্থিক আৰু চাৰিত্ৰিকভাবে দুৰ্নীতিগ্ৰস্ত পিতৃ-মাতৃয়ে । এনেকৈয়ে তেওঁলোক অগ্ৰসৰ হৈছে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Utpal Hazarika
9 years ago

Val lagil. Aajikali ene ghotona jothesto shulov hoi poril aamar shunor aasam khonot. Aaji kunuye lachit, silarai hobo nibisare, bisare bodon hoboloi. Aagoloi ene lekha odhik pam buli aasha korilu.