এলিয়েন আহিব – দীপাঙ্ক বৰা

পোহৰে প্ৰতি চেকেণ্ডত প্ৰায় তিনিলাখ কিলোমিটাৰ বেগত গতি কৰে৷ কিন্তু ইমান তীব্ৰ গতিত অহা সত্ত্বেও মাত্ৰ পোন্ধৰকোটি কিলোমিটাৰমান দূৰৈৰ সূৰ্য্যৰ পৰা পৃথিৱী আহি পাবলৈ পোহৰক আঠ মিনিট লাগে৷ আইনষ্টাইনকে ধৰি পৃথিৱীৰ অনেক বিজ্ঞানীয়ে ইতিমধ্যেই দৃঢ় ভাবে প্ৰমাণ কৰি থৈছে যে কোনো বস্তুৱেই পোহৰতকৈ অধিক বা সমবেগত গতি কৰিব নোৱাৰে৷ গতিকে কেতিয়াবা কোনোবা বহিৰ্বিশ্বৰ প্ৰাণী বা এলিয়েন পৃথিৱীলৈ আহিব পাৰে বুলি ভবা মুষ্টিমেয় কেইজনমানৰ বিপৰীতে অধিক সংখ্যক লোকে ধাৰণা কৰে যে মানুহে কল্পনা কৰিব পৰা মহাবিশ্বখনৰ আনুমানিক এক বিলিয়ন ট্ৰিলিয়ন ( একৰ পিঠিত একৈশটা শূন্য) তৰাৰ জগতখনত কৰোবাত কিবা বুদ্ধিমান প্ৰাণী আছে যদিও সেইবোৰ মানৱকূল বাচি থকা অৱস্থাত পৃথিৱী আহি পোৱাটো অসম্ভৱ৷ সময় আৰু দূৰত্বই পৃথিৱীৰ নিৰাপত্তা৷ সম্ভৱ সেইবাবেই পশুকূলৰ তুলনাত সামান্য বুদ্ধিমান মানুহে নিজক দুৰ্জেয় জীৱশ্ৰেষ্ঠ বুলি ভাবে ৷
সৌৰজগতৰ গ্ৰহকেইটাত জীৱ থকাৰ সম্ভাৱনা নাই বুলি ইতিমধ্যেই প্ৰমাণিত হৈছে৷ কিন্তু শেহতীয়াকৈ আমাৰ আটাইতকৈ নিকটৱৰ্তী ৰঙা বাওনা তৰা প্ৰক্সিমা চেণ্টৌৰীক এটা পৃথিৱী সদৃশ গ্ৰহে পৰিভ্ৰমণ কৰি আছে বুলি বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে৷ প্ৰায় চল্লিশ ট্ৰিলিয়ন কিলোমিটাৰ ( এক ত্ৰিলিয়ন = একৰ পিঠিত বাৰটা শূন্য ) দূৰৈৰ কিন্তু পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্ৰক্সিমা চেণ্টৌৰীৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ প্ৰায় চাৰে চাৰি বছৰ মান সময় লাগে৷ প্ৰক্সিমা –বি নামৰ এই নকৈ আৱিস্কৃত গ্ৰহটোত পানী আছে বুলি জ্ঞাত হোৱাৰ লগে লগে জীৱ থকাৰ সম্ভাৱনীয়তাৰ কথাও আলোচিত হৈছিল৷
আমিনে ভালুক পুঙলৈ যাওঁতে লৈ আনি দি থৈ যোৱা জীয়া ভৰলী নদীৰ শিলঘৰীয়া মাছ আৰু পালেং শাকৰে সৈতে দুপৰৰ ভাত সাজ তৃপ্তিৰে খাই দেওবৰীয়া দিবা নিদ্ৰাকণ উপভোগ কৰি আবেলি বাৰাণ্ডাত বহি পষেকীয়া আলোচনী এখনত চকু ফুৰাই আছিলোঁ৷ তেনেতে টিভিত ৰোলাণ্ড এমেৰিচ্চৰ ব্লক ব্লাষ্টাৰ চিনেমা ইণ্ডিপেন্দেঞ্চ ডে’ উপভোগ কৰি উঠি এলিয়েনে পৃথিৱী আক্ৰমণৰ আশংকাত ভোগা বাৰ বছৰীয়া পুত্ৰই আহি মোক সুধিছিল প্ৰক্সিমা-বি নামৰ গ্ৰহটোত যদি মানুহতকৈ উন্নত মগজুৰ প্ৰাণী আছে তেন্তে কেনেবাকৈ পৃথিৱী ওলাবহি পাৰে নেকি?
তাৰ আশংকা দূৰ কৰিবলৈ মই ওপৰোক্ত পাতনি মেলি কৈছিলো, “এতিয়ালৈকে পৃথিৱীৰ বিজ্ঞানীয়ে তৈয়াৰ কৰা সৰ্বাধিক গতিৰ মহাকাশযানখনে ঘণ্টাত চৌৰাশী হেজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ সেই হিচাপত প্ৰক্সিমা-বিৰ পৰা পৃথিৱী আহি পাবলৈ প্ৰায় চৌৱন্ন হেজাৰ চাৰিশ বছৰ লাগিব৷ কিন্তু এইয়া কেৱল গাণিতিক হিচাপহে৷ চল্লিশ ত্ৰিলিয়ন কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ স্পেচক্ৰাফ্টখন নিৰন্তৰে ইমান সুদীৰ্ঘ সময় কেনেকৈ চলি থাকিব সেইটো প্ৰশ্নৰ উত্তৰ বৰ্তমানৰ বিজ্ঞানী সকলৰ ওচৰত নাই৷”
কিন্তু ইণ্টাৰনেট আৰু আধুনিক জীৱনশৈলীৰ প্ৰভাৱে নতুন প্ৰজন্মৰ কৌতূহল আৰু কল্পনাৰ সীমাৰেখা নোহোৱা কৰিছে৷ মাত্ৰ বাৰ বছৰীয়া ল’ৰাটোৱে মোক ওলোটাই সুধিছিল, “পৃথিৱীৰ পৰা প্ৰক্সিমা-বি গৈ পাবলৈ কিমান সময় লাগিব পাৰে সেইটো তুমি মানুহে কল্পনা কৰিব পৰা হিচাপেৰেহে ক’লা৷ কিন্তু মই সুধিছিলো যদি তাত আমাতকৈ বহু উন্নত প্ৰাণী আছে, সিহঁত কেনেবাকৈ প্ৰক্সিমা-বিৰ পৰা পৃথিৱীলৈ আহিব পাৰে নেকি? মানুহৰ মতেহে পোহৰৰ সমান বা অধিক বেগত কোনো বস্তুৱেই গতি কৰিব নোৱাৰে৷ এলিয়েন বিলাকে যদি মানুহৰ মনৰ বেগত গতি কৰিব পৰা কিবা প্ৰযুক্তি ব্যৱহাৰ কৰে তেতিয়া দেখোন লগে লগে আহি পাবহি!”
সেইবোৰ কথা পাতি থকাৰ মাজতে আঠ-ন বছৰীয়া জীয়েকজনীক লগত লৈ আৰ-তাৰ ঘৰত কাম কৰি পেট প্ৰৱৰ্ত্তোৱা বিধৱা ফাতেমা আৰু আমাৰ চুবুৰীটোৰ সমূহীয়া ধাই মঞ্জু বিশ্বাস নামৰ আদহীয়া মহিলা গৰাকী গে’ট খুলি সোমাই আহি ওচৰত থিয় হৈছিলহি ৷ আগতেও দুবাৰমান আহিছিল বাবে সিহঁতৰ আগমনৰ উদ্দেশ্য মই জানো৷ মহা বিপদত পৰিছে সিহঁতৰ নিচিনা মানুহবোৰ৷ কিন্তু সিহঁতৰ সমস্যা সমাধান কৰাৰ উপায় মোৰ হাতত নাই৷ সামৰ্থ্যতো নায়েই, সিহঁতক সহানুভূতি প্ৰদৰ্শন কৰিলেও দেশদ্ৰোহিতাৰ অপৰাধত অভিষুক্ত হোৱাৰ ভয়৷ কাৰণ সিহঁত সন্দেহযুক্ত বিদেশী৷ গতিকে অৱজ্ঞা কৰাৰ বাহিৰে আন উপায় নাছিল৷ মানৱতাৰ খাতিৰত খুব বেছি সিহঁতক টকা বা চাউল কেইটামান দি সহায় কৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰো৷ কোনোবা এদিন সিহঁতক ধৰি বান্ধি ডিটেঞ্চন কেম্প নাইবা সীমান্তৰ সিপাৰলৈ পঠিয়াই দিয়া হ’ব৷ তাৰ পিছত ফাতেমা আৰু জীয়েকৰ কি অৱস্থা হ’ব সেইটো আমাৰ দৰে মানুহৰ বাবে কল্পনাও কৰিব নোৱাৰো৷ ৰাজনীতিৰ যহত ধৰ্মৰ নামত দেশৰ বিভাজন হোৱাৰ সময়ত সিহঁতৰ দৰে ভগনীয়া মাক-জীয়েক কাৰোবাৰ লগত একেলগেও শুব লগা হৈছিল বোলে! অৱশ্যে মঞ্জু দিদিয়ে সেই পৰিস্থিতিটো তিষ্ঠি থাকিব পাৰিব লাগে৷ কাৰণ পৃথিৱীত পাপীৰ অভাৱ নাই৷ তাই আমাৰ চুবুৰীৰে দুই এগৰাকীক ইতিমধ্যেই উদ্ধাৰ কৰি থৈছে বুলি শোৱনি কোঠাত শ্ৰীমতীৰ মুখৰ পৰা শুনিছিলো৷

পুত্ৰৰ লগত এলিয়েনৰ কথা আগতেও পাতিছো৷ কিন্তু ইণ্ডিপেন্দেঞ্চ ডে’ চিনেমাখন চাই উঠি সি মনৰ বেগ, স্পেচ ক্ৰাফ্টৰ বেগ, মানুহ আৰু এলিয়েনৰ চিন্তা শক্তি অৰ্থাৎ দৰ্শন আৰু বিজ্ঞান একেলগ কৰি মোক প্ৰশ্ন সুধিবলৈ ধৰাত কোন কাহানিবাই পদাৰ্থ বিজ্ঞান পঢ়া মোৰ মামৰে ধৰা মগজুৱে লাহে লাহে ছত্ৰভংগ দিবলৈ আৰম্ভ কৰিছিল৷ তেনেকুৱা চিনেমা মোৰো ভাল লাগে৷ সেই চিনেমাখনত পৃথিৱী আক্ৰমণ কৰিবলৈ অহা সুসজ্জিত বহিৰ্বিশ্বৰ প্ৰাণীক প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু হৈ আমেৰিকাৰ প্ৰেছিডেণ্টৰ ভাও লোৱা অভিনেতা জনে যেতিয়া দেশ, ধৰ্ম, ভাষা ইত্যাদিৰ সকলো ভেদাভেদ পাহৰি সমস্ত পৃথিৱীবাসীক নিজকে এক মনুষ্যজাতি বুলি ভাবিবলৈ আহ্বান জনাই ভাষণ দিয়ে কিয় জানো সেই মুহূৰ্তত চকুহাল সেমেকি উঠে হয়তো মানুহ হোৱাৰ গৌৰৱত মোৰো আবেগ উথলি উঠে! আমাৰ আৰু নতুন প্ৰজন্মৰ মানসিকতাৰ পাৰ্থক্য সেইখিনিতেই৷ আমি যিবোৰ কথাক লৈ আবেগিক হৈ পৰোঁ, সিহঁতে সেই কথাবোৰক লৈ যুক্তিযুদ্ধ কৰে৷ গতিকে ৰক্ষণাত্মক ভূমিকা লৈ পুত্ৰৰ শংকা নিবাৰণ কৰাৰ সুৰত কৈছিলো, “ভৱিষ্যতৰ অনিশ্চিত ঘটনা বা দুৰ্ঘটনা এটাক লৈ বেছি চিন্তা কৰাতো উচিত নহয়৷ পৃথিৱীখন জীৱৰ বাসোপযোগী হৈ থকালৈকে তেনেকুৱা একো নঘটিবও পাৰে৷ নাইবা এলিয়েন পৃথিৱীলৈ যুদ্ধ কৰিবলৈ নাহি মিত্ৰতাৰ বাবেও আহিব পাৰে৷ কি ঠিক, সিহঁতে আহি কিজানি প্ৰদুষণ, গোলকীয় উষ্ণতা বৃদ্ধি, অজন স্তৰতহোৱা ক্ষতি আদিৰ কিবা সমাধান সূত্ৰও দিব পাৰে! নাইবা সিহঁতৰ অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ আভাসো আমাক দিব পাৰে৷ অথবা বৰ্ধিত জনসংখ্যাৰ বাবে আমাৰ প্ৰকৃতিয়ে ভাৰসাম্য হেৰুওৱা বা মানুহবোৰৰ মাজত হোৱা দ্বন্দ্ব-খৰিয়ালবোৰ দেখা পাই বাচি বাচি পৃথিৱীৰ কিছুমান মানুহ সিহঁতৰ গ্ৰহলৈ লৈ যাবও পাৰে৷ গতিকে ড’ণ্ট ৱৰী-বি হে’প্পী৷”

আমি পাতি থকা কথাবোৰ ফাতেমাহঁতে বুজি পোৱাৰ অৱকাশেই নাছিল৷ তথাপিতো কথাৰ মাজতে সিহঁতৰ ফালে দুই এবাৰ দৃষ্টি নিক্ষেপ কৰাত দুয়োজনীয়ে বুজি পোৱাৰ দৰে মূৰ দুপিওৱাত হাঁহি উঠিছিল সিহঁতৰ কাৰোবাৰ দেখি৷ ফাতেমা বা মঞ্জু দিদিহঁতৰ দৰে মানুহবোৰে পোহৰৰ গতিবেগ, ট্ৰিলিয়ন, মহাবিশ্ব বা আপেক্ষিকতাবাদৰ কথাটো বাদেই এককোটি হ’বলৈ একৰ পিঠিত কেইটা শূন্য লাগে সেইটো বুজাটোৱেই অসম্ভৱ৷

কিন্তু মোক আচৰিত কৰি হঠাৎ মঞ্জু দিদিয়ে সুধিছিল… “বাবু, সিহঁত মানে সেই এলিয়েন বিলাক সঁচাকৈয়ে আহিব নেকি? আহিলে সিহঁতৰ লগত কাক যাবলৈ দিব তাৰ লিষ্টখনতো চৰকাৰে তহঁতৰ নিচিনা বাবুবোৰকে বনাবলৈ দিব৷ আমাৰ নিচিনা মানুহবোৰৰ বাবেতো ক’তো ঠাই নাই৷ আমি সুবিধা পামনে?”

ফাতেমা আৰু মঞ্জুদিদিক মই একো আশ্বাস দিব নোৱাৰিলো৷ কিন্তু ৰাতি বিছনাত পৰি কামনা কৰিছিলো বহিৰ্বিশ্বৰ কোনো শক্তিশালী প্ৰাণী শত্ৰুৰূপে পৃথিৱীলৈ আহক- তেতিয়াহে চাগৈ দেশ, ধৰ্ম, ভাষা, জাতিৰ ভেদাভেদ পাহৰি পৃথিৱীৰ মানুহবোৰ এক হ’ব৷ কিন্তু এলিয়েনৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা সেই পৃথিৱীখনত যদি কিছুমান মানুহ কেনেবাকৈ জীয়াই থাকে, সেই মানুহবোৰে নিজৰ পৰিচয় কি বুলি দিব?
কি ঠিক! এইবোৰ প্ৰশ্নৰ উত্তৰ সহ আমাৰ দৰে মানুহক মানুহৰ সংজ্ঞা দিবলৈকে হয়তো এদিন পৃথিৱীলৈ এলিয়েন আহিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments