এশটকীয়া নোটৰ ৰামায়ণ (অপূৰ্ব কলিতা)

(হঠাৎ মনলৈ আৰু বুদ্ধি এটা আহিল। ১০০ টকীয়াখন দেখোন মই গাঁতত পুতি থৈ খেতি কৰিব পাৰো! ইনকাম টেক্সৰ  মানুহৰ পৰাও বাচিম , ইনভেস্তমেণ্টো হ’ব। …)

 

এশটকীয়া নোটৰ ৰামায়ণ

 

অপূৰ্ব কলিতা

 

বাটত পোৱা মহাত্মা গান্ধীৰ ছবিসম্বলিত ১০০টকীয়া নোটখন পোৱাৰ পিচতেই মোৰ চিন্তা আৰম্ভ হ‘ল। ৰাতি ৰাতি বিচিত্ৰ বিচিত্ৰ সপোন দেখি দেখি মোৰ টোপনি নোহোৱা হ‘ল। ৰাতি সপোন দেখিলে টোপনি নাহে দেই । ইনকাম টেক্সৰ ৰোষত পৰাৰ ভয়ত মই সেই ১০০ টকীয়াখন প্ৰথমে ক’লা টকালৈ পৰিবৰ্তিত কৰাৰ কথা ভাবিলোঁ। তাৰ পিচত বাৰু বগা কৰিম। এইবুলি কলাকাৰ এজনক মাতি আনিলো নোটখন ক’লা কৰিবলৈ। কিন্তু মোৰ প্ৰস্তাৱ শুনি দেখোন সি গালিহে পাৰি গ‘ল। কলাকাৰে যদি বস্তুবোৰ ক’লায়েই কৰিব নোৱাৰে তেন্তে কলাকাৰ নামটো কেনেকৈ পালে? হঠাৎ মনত পৰিল আমাৰ কাষৰ ধুম কলা নামেৰে জনাজাত তৰুণ খুড়াৰ কথা । নোটখন লৈ গ’লো তেওঁৰ ওচৰলৈ । হাতেৰে চুব দিলোঁ আৰু তৎক্ষণাৎ ক’লা কৰিবলৈ ক’লোঁ । নাই বেটা ধুম-কলাই মই কি কৈছোঁ তাকেই বুজি নাপালে। পৃথিৱীৰ যিমান বেয়া বেয়া গালি আছে সকলো উজাৰি তাৰ ওচৰৰ পৰা গুচি আহিলো। মহা চিন্তাত পৰি মোৰ ওজন ৫৫ কিলোগ্ৰামৰ পৰা পূৰা ৭০ কিলোগ্ৰাম হ‘ল ।
এই প্ৰব্লেমটোৰ পৰা হাত সৰাৰ উপাই বিচাৰি মই অলপ ধ্যানত বহাৰ সিদ্ধান্ত ললোঁ । ধ্যান কৰিবলৈ সদায় নিজান ঠাইত বহিব লাগে সেয়ে কামাকাজি ৰেষ্টুৰেণ্টৰ ভিতৰৰ এখন চকীত বহি ধ্যানমগ্ন হ’বলৈ গলো । তাতেই এটা ফৰিঙক হাতত বিয়েৰৰ বটল এটা লৈ আবোল-তাবোল বকি থকা দেখি খং উঠিল । তাৰ গালত এটা চৰ বহাই দি গালি পাৰিলো—‘কাকতি বংশৰ ফৰিঙ হৈ মদ খাবলৈ আহিছ, তই কাকতি বংশৰ নাম ধূলিসাৎ কৰিলি।’ বেচেৰাটোৱে কান্দি কান্দি মোৰ ভৰিত পৰি ক’লে—‘আংকল, আই এম ছ’ৰি ফৰ দিজ, মোৰ দুদিনীয়া প্ৰেমিকা জীয়াজনীক আজি ফেঁচা এটাই হত্যা কৰি খালে। তাৰেই দুখত মই মদ খাবলৈ আহিছো।’ দিলো বাপ্পেকে আৰু এটা চৰ, চাল্লা সিও মোক আংকল ক’বলৈ আহে! ধুৰ…
ঘৰলৈ গৈ এইবাৰ ডাইৰেক্ত নোটখন উলিয়ালো। তাত ক’লা ৰঙ ঢালি দিলোঁ । ৰ’দত অলপ সময় থৈ তাৰ পিচত বগা ৰঙ দি দিলো । ৰ’দত পুনৰাই দি শুকুৱালোঁ । মোৰ উপৰঞ্চি নোটখনক ক’লা টকাৰ পৰা পুনৰ ‘হোৱাইট মানি’ কৰিলো । নিজৰ বুদ্ধিক নিজেই প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলো । লগৰ কেইজনমানক মাটি আনি ৰাতি ৰেষ্টোৰেণ্ট এখনত পাৰ্টি এটা দিহে শান্তি পালোঁ। এতিয়া সময় হ‘ল নোটখন বেংকত জমা কৰাৰ। সেইটো একো টান কামেই নহয়, কাৰণ নোটখন ইতিমধ্যে বগা টকালৈ সলনি হৈছে । কিন্তু যেতিয়া বেংকত গৈ টকাটো জমা কৰিবলৈ গ’লো, বেংকৰ মানুহে মোক পগলা বুলি উলিয়াই দিলে। ‘মোৰ টকা ৰাখিবলৈ তহঁতৰ মন নাই, মোক ক’লেই হ‘ল, পগলা বুলি কিয় ক’ব লাগে? এই মানুহবোৰ কামৰ হেঁচাত পৰি পৰি বলিয়া হ‘ল দেই । চৰকাৰে তেওঁলোকৰ মানসিক বিকাশৰ বাবে কিছু আঁচনি লোৱা উচিত।’—ভোৰভোৰাই গুচি আহিলোঁ।
হঠাৎ মনলৈ আৰু বুদ্ধি এটা আহিল। ১০০ টকীয়াখন দেখোন মই গাঁতত পুতি থৈ খেতি কৰিব পাৰো! ইনকাম টেক্সৰ  মানুহৰ পৰাও বাচিম , ইনভেস্তমেণ্টো হ’ব। মানে ১০০ টকাৰ পৰা পইচাৰ গছ হ’ব, তাৰ পৰা খুচুৰা পইচা আহিব, হাজাৰ টকীয়া আহিব। মই মালামাল হৈ যাম। বেংকক কোনে খাতিৰ কৰে! নিজকে ধিক্কাৰ দিলোঁ ইমান দেৰিকৈ এনে বুদ্ধি অহাৰ বাবে । ঘৰলৈ গৈয়েই পিছফালে মাটিত গাঁত এটা খান্দি নোটখন পুতি থলোঁ । এমাহ, দুমাহ… এনেকৈ প্ৰায় ১ বছৰ পাৰ হৈ গ‘ল। সদায় পানী দিওঁ তথাপি গজালি মেলা নাই। আপোনালোকে বাৰু ক’ব পাৰিব নেকি— টকাৰ গছৰ গজালি কেইদিনত মেলে ?

—————————————————————————————————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments