এশ টকা

মূল : কৃষণ চন্দৰ

অনুবাদ : অমিতাভ মহন্ত

 

“মই এশ টকাৰ কাম কৰিছোঁ। মোক মোৰ এশ টকা দিয়ক।

শেঠে মূৰ তুলি ক’লে, ‘ ষোল্ল তাৰিখে আহা।’

মই ষোল্ল তৰিখে গ’লোঁ। শেঠ অফিছত নাই। তপা ভীমকৃষ্ণ মেনেজাৰ বহি আছে। গৈয়েই দেখোঁ এচিষ্টেণ্টকেইটাক বিৰাম নোহোৱাকৈ গালি পাৰি আছে। মোক দেখি মই কিবা
কোৱাৰ আগতেই মাত লগালে,‘তুমি এশ টকা পাবলগীয়া আছে নহয়? পিছে আজিতো শেঠ অহা নাই। তুমি কাইলৈ আহা। যদি নাহে তেন্তে মই ব্যৱস্থা কৰি ৰাখিম। তুমি চিন্তা নকৰিবা। তোমাৰ টকা একেবাৰে ঠিকে ঠাকে পাই যাবা।’

অফিচৰ পৰা ওলায়েই ভোক কমাবলৈ দুই পইছাৰে তামোল এখন খালোঁ। মন কৰা হ’লে মই খয়েৰ, মিঠা জর্দ্দা, গুৱামুড়ি আদিৰে এখন মজাৰ পানো খাব পৰিলোঁহেঁতেন। পিছে পকেটত মাত্ৰ ডেৰ নে দুই অনা হে বাচিছেগৈ।

ট্ৰাম আহিল। দৌৰাদৌৰিকৈ টিকেট কাটি ট্ৰামত উঠিলোঁ। বহি লৈয়েই শেঠৰ বাংলাৰ পিনে মুখ কৰি পিকখিনি থু মাৰি উলিয়াই দিলোঁ।

পিছদিনাও একেই ঘটনা। শেঠ নাই। মোক দেখিয়েই মেনেজাৰে মাত লগালে,‘শেঠজী আজিও নাই। পিছে এটা ঘটনাহে, তোমাৰ হিচাপত দেখোন অলপ খেলি-মেলি আছে।’ টিঙিচকৈ খং উঠি আহিল। নিজেই হিচাপ কৰিছোঁ। তাৰ পিছত মেনেজাৰে আকৌ দহবাৰ মান হিচাপ মিলাইছে। তেনেহ’লে গণ্ডগোলটো হ’ল ক’ত? এইফালে গালি দিবও নোৱাৰোঁ, একবাৰে
নৰম কণ্ঠত মেনেজাৰে কথা কৈ আছে। ময়ো যিমান পাৰোঁ ভদ্ৰভাবে ক’লো,‘কিন্তু মোৰ হিচাপটো একেবাৰে পৰিষ্কাৰ।’

তাৰপিছত লেতেৰা পেণ্টটোৰ পকেটৰ পৰা হিচাপৰ কাগজবোৰ বাহিৰ কৰিলোঁ। আজি মেনেজাৰৰ লগত হিচাপ একেবাৰে বৰাবৰ কৰিহে এৰিম। এয়া চিৰিজ কাগজৰ বিল, তেল-মবিলৰ বিল, এয়া দোকানৰ ৰছিদবোৰ। হাজিৰাটো কাম কৰাৰ আগতেই ঠিক-ঠাক কৰা হৈ গৈছিল। তদুপৰি শেঠৰ সেই পুৰণি ফাৰ্নিচাৰবোৰ ঠিক-ঠাক কৰোঁতেও ইতিমধ্যে ভাল খাটনি হৈছে।

কপালত গভীৰ চিন্তাৰ ৰেখা কিছুমান থুপ খুৱাই মেনেজাৰে ক’লে,‘হমম, হিচাপ ঠিকেই আছে বাৰু। ঠিক আছে কাইলৈ আহা, কালি নিশ্চয় হৈ যাব।’

ধেইত, আজি আৰু জৰ্দাপাণ খোৱাৰ ভাগ্য নহ’ল। এক আনা খৰছ কৰি ট্ৰামৰ টিকেট কিনাৰ সামৰ্থও আজি নাই। মোহতাৰশ্বাহ ৰোডলৈ খোজ কাঢ়িয়েই গুছি গ’লোঁ।

পিছদিনা পুৱাই আকৌ শেঠৰ অফিছত হাজিৰ হ’লোঁগৈ। আজিও শেঠৰ অস্তিত্ব নাই, আজি আকৌ মেনেজাৰো গায়ব। এছিষ্টেণ্টজনে সন্মুখত এক চিঙ্গল চাহ লৈ ঘোলা দৃষ্টিৰে কি জানো ভাবিছে! ইংগিতেৰে মোক বহিবলৈ দিলে।

‘শেঠ ক’ত?’

‘শেঠ দুই নম্বৰ অফিছলৈ গৈছে।’

‘আৰু মেনেজাৰ?’

‘বাবু শেঠজীৰ তিনি নম্বৰ অফিচলৈ গৈছে।’

‘তেতিয়াহ’লে মোক এই চাৰি নম্বৰ অফিছলৈ মাতিলে কিয়?’— অলপ খঙেৰেই ক’লোঁ এইবাৰ।

এছিষ্টেণ্টজনে ইতিমধ্যে চাহকাপ শেষ কৰি উঠিছে। লাহেকৈ মাত দিলে,‘তুমি অলপ বহা। বাবু আহিলে নিজেই কথা পাতি ল’বা।’

তাৰ পিছত আপেক্ষা। তিনি ঘণ্টা একেখন চেয়াৰতে বহি থাকিলোঁ। ইমান কষ্ট কৰি ফাৰ্নিচাৰবোৰত বাৰ্নিছ কৰিছিলোঁ, মন গৈছিল কাঁচৰ টুকুৰা এটা লৈ খুঁচি খুঁচি সকলো বেয়া কৰি দিওঁ। আকৌ এবাৰ মন গ’ল চিৰিজ কাগজ লৈ এছিষ্টেণ্টৰ তপা মুৰটোত ঘঁহি দিওঁ। নাহ, এইবোৰ সৰু-সুৰা কাম কৰি কি হ’ব। তাতকৈ একেবাৰে মেনেজাৰকে মাৰি পেলাওঁ নেকি? আৰু শেঠক কি কৰা যায়? ‘বি’ নম্বৰী মোটা গৰম বালি লৈ তাৰ শৰীৰত ঢালি দিওঁ নেকি? গোটেই চামৰা খহি পৰিব।’

এটা পঞ্চলিশ মান বজাত মেনেজাৰ আহি পালে। আহিয়েই হাঁহিমুখে ক’লে,‘ঐ তোৰ কাম হৈ গৈছে’।

এশ টকাৰ চেক এখন সাজু কৰি থৈছোঁ। কিন্তু আজিটো বেঙ্কত দুটা বজাৰ পিছত টকা নিদিব। এইফালে বেঙ্ক ইয়াৰ পৰা দুই মাইল দূৰত। কাইলৈ ৰবিবাৰ বুলি বন্ধ, পৰহি…..

‘সেয়া হয় পিছে।’ মোৰ হতাশা দেখি মেনেজাৰ যেন বেছ উৎফুল্ল। কৰ্কশ কণ্ঠৰে মই ক’লোঁ,‘চেকখন দিয়ক।’

আৰু পাঁচ মিনিট পিছত চেকখন হাতত পৰিল। চাই দেখোঁ মোৰ নাম শফিৰ সলনি ৰফি বুলি লিখা আছে। জিভা বাহিৰ কৰি মেনেজাৰে মাত দিলে,‘ইচ ইচ.. ভুল হৈ গ’ল দেখোন। একো অসুবিধা নাই বাৰু। তুমি সোমবাৰে আহা, নতুন চেক এখন লৈ যাবা।

‘নাই নাই, আজি এইখনেই লৈ যাওঁ। বেঙ্কত দি চাওঁ এবাৰ। সোমবাৰে আকৌ ক’ত থাকোঁ ঠিক নাই।

চেক লৈ বাহিৰ ওলোৱা মানে দুটা বাজিবলৈ ছয় মিনিট বাকী। খোজ কাঢ়ি কোনোপধ্যে বেঙ্ক গৈ নাপাওঁ। উপাই মাত্ৰ এটাই, চিঞৰ এটা মাৰিলোঁ, ‘টেক্সী’। হালধীয়া ছাদ, ক’লা বডীৰ টেক্সীয়ে ব্ৰেক মাৰিলে। বহিয়েই ক’লোঁ, ‘কালভাৰ্ট ৰোডৰ শেষ মূৰত। জল্ডি।’

দুটা বাজিবলৈ তিনি মিনিট থাকোঁতে কোনোমতে কালভাৰ্ট ৰোড পালোঁ। কিন্তু ইয়াত বেঙ্ক ক’ত? চেকখনতটো বেঙ্কৰ ঠিকনা ইয়াতেই বুলি লেখা আছে। পথৰ দুয়োকাষৰ দোকানবোৰত যুদ্ধকালীন ক্ষীপ্ৰতাৰে বেচা-কিনা, দৰ-দাম চলিছে। ইয়াৰ মাজত এজন বাৰ্নিচ মিস্ত্ৰীক কোনেনো ঠিকনা জনাব। নিৰুপায় হৈ এখন হাৰমনিয়ামৰ দোকানত সোমালোঁ।

‘আহক আহক। কি লাগিছিল বাৰু?’ হাতুৰী-বটালি এৰি দোকানী আগুৱাই আহিল।

বিব্ৰত কণ্ঠৰে ক’লোঁ,‘চৰ্দাৰজী, মই হাৰমনিয়াম নিকিনো, মোক এই চেণ্ট্ৰেল বেঙ্কৰ ঠিকনাটো খুব দৰকাৰ আছিল। চেকত কালভাৰ্ট ৰোড লিখিছে। কিন্তু….

‘বেঙ্কটো এই ওচৰৰ গলিত। সেই পিনেৰে ঘূৰি যাওঁক, ৰূপামন্দিৰৰ লগালগি।’

চৰদাজীক ধন্যবাদ এটাও নিদিয়াকৈ অভদ্ৰৰ দৰে আকৌ আহি টেক্সীত বহিলোঁ।

বেঙ্কৰ ঘড়ীত দুই বাজি চাৰি মিনিট হৈছে। সাধাৰণতে চেক নলয়। কিন্তু মোক আচৰিত কৰি কেচিয়াৰে অতি সহজে চেকখন লৈ ল’লে। দৌৰাদৌৰিৰ কোবত মোৰ ভুল নামটোও পৰীক্ষা নকৰিলে।

ডাঙৰ টেক্সী হ’লে হাঁহি হাঁহি ছয়-সাত টকা ল’লেহেঁতেন। এইখন সৰু-সুৰা টেক্সী, মিটাৰো নাই, গতিকে দুই টকা দুই অনা দি বিদায় দিলোঁ। ঠিক তেনেতে কান্ধত এটা জোৰে কোব পৰিল,‘কি খবৰ বন্ধু, খুব টেক্সীত ঘুৰিছ দেখোন?’

ঘূৰি দেখোঁ, মোৰেই বন্ধু এছহাক। প্ৰাণখোলা মানুহ, মোৰ দৰে একেই বাৰ্নিচৰ কাম কৰে। মানে বাৰ্নিচ কৰা, পুৰণি ফাৰ্নিচাৰ ৰং-চং কৰি চকচকীয়া কৰা। তাৰ প্ৰেমিকা থাকে মোহম্মদ আলি ৰোডৰ এখন নামকৰা হোটেলত। দেখাত খুবেই ধুনীয়া। ডাঙৰ ডাঙৰ শেঠবোৰৰ ঘৰলৈ যায়। ইমান ভাল হোটেলত থকা, ধুনীয়া ছোৱালীজনীয়ে এই বাৰ্নিচ মিস্ত্ৰীৰ লগত কি পায় একো দেখোন বুজিয়েই নাপাওঁ।

এছহাকক ক’লোঁ,‘বৰ ভোক লাগিছে, কি খুৱাবি?’

‘ভোক মোৰো লাগিছে, বল ফিৰোজ কাবাবত খাওঁ।’

তাৰ পৰা ওলাই এছহাকে দহ টকা ধাৰ ল’লে। টকা থাকিলে সি কেতিয়াও নিৰাশ নকৰে।

মনটো এতিয়া পাতল পাতল লাগিছে। দুটা আপেল কিনি খালোঁ। এটা ভিক্ষাৰীক দুই অনা পইছা দিলোঁ। পকেটত পইছা আছে, ঘৰলৈ যাবলৈ মন যোৱা নাই। গতিকে বাওৰি বজাৰৰ পৰা হৰ্নবি ৰোডৰ পুৰণি সামগ্ৰী পোৱা বজাৰখনলৈ গুচি গ’লোঁ। ডাঙৰ বজাৰ, বিৰাট বিৰাট আয়না থকা দোকান। জোতা, টাই, মোজা, কোট আদি দেখি ভেল্কী লাগে। এইফালে পকেট গৰম। এঠাইত দেখিলোঁ সুন্দৰ এটা চাৰ্ট, উজ্জল বাদামী ৰঙৰ ওপৰত পাতলকৈ ৰঙা, নীলাৰ আঁচ। লগে লগে চাৰ্টটো কিনিবলৈ মন গ’ল। চাৰ্টটো পিন্ধি নিজকে কল্পনা কৰি চালোঁ। সুন্দৰ লাগিছে। দামো কম, মাত্ৰ ত্ৰিশ টকা। এইফালে পকেট টকাৰে গৰম। তথাপি আৰু দুটামান চাই লওঁ; আৰু ভাল পাওঁৱেই বা!

এখন দোকানৰ সন্মুখত সুন্দৰ সুন্দৰ চেম্পু, চাবোন, স্পঞ্জ আদি সজোৱা আছে। আনফালে মখমল, লিলেন আৰু ৰেশমেৰে তৈয়াৰী এটা সুন্দৰ গাউন। এইটো পিন্ধিলে চাগে’ মোৰ দৰে বাৰ্নিছ মিস্ত্ৰীকো মিছৰৰ ৰজা যেন লাগিব। দাম সত্তৰ টকা, অৱশ্যে মোৰ ওচৰত তাতকৈয়ো বেছি টকা আছে। কল্পনাতে কিছু সময় এই গাউনটো পিন্ধি ইৰাণী দলিছাৰ ওপৰত কিছু সময় খোজো কাঢ়িলোঁ। চাৰিওফালে ফুলৰ বাগান। নিৰ্মল বতাহ বলিছে। মই এক সুন্দৰ নদীৰ পাৰত। ক’ৰ পৰা জানো আহি পালেহি এক সুন্দৰী, ঝুনঝুন নুপুৰৰ শব্দ, মোহনীয় দুটি চকু, কোমল হাত….

‘হেৰি আগলৈ নাযায় কিয়? আধাঘণ্টা ধৰি থিয় হৈ আছে। একো নলয়ো, বেলেগৰ অসুবিধা হৈছে।’ কোনবাই মোক লাহেকৈ ঠেলা এটা মাৰি ক’লে।

ঘূৰি দেখোঁ মোক ঠেলা মৰাটো এট সামান্য দাৰোৱান। বেচেৰাইটো নাজানে মোৰ গৰম পকেটৰ খবৰ। ইচ্ছা কৰিলে এতিয়াই গাউনটো কিনি পেলাব পাৰোঁ। কিন্ত নিকিনো, অলপ চাই লওঁ, ইয়াতকৈও ভাল কিবা নিশ্চয় পাম।

শেষত গৈ এখন কেমেৰাৰ দোকানত সোমালোঁ। বিভিন্ন ধৰণৰ কেমেৰা। দামো অসম্ভৱ নহয়। মন কৰিলে কিনিব পাৰি। কিনিলে পুৰণি ফাৰ্নিচাৰৰ ফ’টো তুলিব পৰা যাব, বাৰ্নিচ কৰাৰ পিছত দেখিবলৈ কিমান ধুনীয়া দেখা হয় তাকো দেখাব পৰা যাব। এবাৰ ভাবিলোঁ, কেমেৰাটো কিনি এছহাকৰ ওচৰলৈ যাওঁ। গৈ ক’ম, ব’ল ভাই, তোৰ আৰু তোৰ প্ৰিয়তমাৰ ফ’টো উঠাম।

এটা কেমেৰাৰ নাম জাদুবিন। সৰুতে আমাৰ পাৰাত এজনে এই জাদুবিন লৈ আহিছিল প্ৰায়ে। আমি তেওঁক এক পইছা দি হৰেক ৰকমৰ বস্তু চাইছিলোঁ। সেই জাদুবিন আজি আকৌ দেখি মোৰ ফুৰ্তিৰ সীমা নাই। দাম সুধিলোঁ, ‘পয়ত্ৰিশ টকা।’

ল’ৰাটো দেখাত যথেষ্ট সুন্দৰ। কেঁকোৰা চুলি। চকুৱে-মুখে যৌৱনৰ বাৰ্নিচ। সেই সময়তে এক সুন্দৰী দোকানত প্ৰৱেশ কৰিলে। ল’ৰাটোৱে মোক এৰি সেইফালে মনোযোগ দিলে। মোৰ ভাগত পৰিল ক’লা-মলা চেহেৰাৰ এটা গুজৰাটী, চেহেৰাৰ কতো বাৰ্নিচ নাই, বহু ঠাইত চিৰিজ কাগজেৰে ৰিপেয়াৰ কৰিবলগীয়া।

ল’ৰাজনে মাজতে এবাৰ গোল চুইচ এটা মোক দেখুৱাই ক’লে, ‘এইটো হেঁচা মাৰি ধৰি থাকিব, নতুন নতুন ছবি দেখি থাকিব’।

চুইচ অন কৰিলোঁ। টাৰ্জান হাতীৰ পিঠিত উঠি জঙ্গলত ঘূৰি ফুৰিছে। আকৌ এবাৰ চুইচ টিপিলোঁ। এইবাৰ টাৰ্জানে পাহাৰৰ ওপৰৰ পৰা তলৰ পানীলৈ জাপ দিলে। আকৌ টিপিলোঁ, এইবাৰ মৰুভূমিৰ বালিৰ ওপৰত মদিৰা, ফল-মূল, বিস্কুট আদি লৈ বহি আছে এক নৰ্তকী। গুজৰাটীক ক’লোঁ,‘তোমাৰ কেমেৰাটো আমাৰ সৰু কালৰ জাদুবিনতকৈও চমৎকাৰ।

তেনেই নিৰস কণ্ঠেৰে গুজৰাটীয়ে ক’লে, কেমেৰাত পয়ত্রিশ টকা, ৰঙীন ছবিবোৰত দহ টকা, টেক্স মিলি মোটামুটি পঞ্চাশ টকামান পৰিব।

পকেটত হাত দিলোঁ। নোটবোৰত হাত লগাৰ লগে লগে কিবা এটা কঁপনি উঠি গ’ল। চুইচ নিটিপাকৈ বিভিন্ন ছবি মোৰ চকুৰ আগেৰে যাবলৈ ধৰিলে। এটা শিশুৱে মলিয়ন কাপোৰ পিন্ধি ৰাস্তাত বহি কান্দি আছে। সেইটো মোৰেই ল’ৰা। এজনী তিৰোতা, তাইৰ পাইজামাটো জৰাজীৰ্ণ, ৰুক্ষ চুলি, তাই মোৰ পত্নী। এজন খঙাল লোক মোৰ ঘৰৰ বাহিৰত। গোৱালজন? নে বিদ্যুত বিল লোৱা সেই বদমাছটো। নে পানীৰ বিল নিবলৈ আহিছে? চকুৰ টিপ মাৰি আকৌ চুইচ টিপিলোঁ। ঘৰত এখন সস্তীয়া বিচনা, বাচন-বৰ্তন বুলিবলৈ একো নাই। পুৰণা গ্লাছকেইটামান। নোটবোৰ পকেটৰ বাহিৰলৈ ওলাবলৈ বিচাৰিও যেন ওলাব নোৱৰিলে।

ইতিমধ্যে সুন্দৰীয়ে কেমেৰা কিনি কাউণ্টাৰলৈ খোজ ল’লে। মই দ্ৰুত গতিত তাৰ পৰা গুচি আহিলোঁ। সুন্দৰ সেই যুৱকে মোৰ চোলাটোৰ পিছফালৰ লেতেৰা দাগবোৰ দেখি হাঁহিছে। আৰু দেখিছে দুই ঠাইত টাপলি মৰা মোৰ মটীয়া পেণ্টটো।

দাঁত-মুখ কামুৰি পকেটত হাত দি নোটবোৰ মুঠি মাৰি ধৰিলোঁ। ভাব হৈছিল কোনোবাই যেন মোক চৰ মাৰিছে। মোৰ পৰিশ্ৰমৰ টকাবোৰে যেন মোক উপহাস কৰি কৈছে,‘মই তোমাৰ বাবে নহয়।’ বজাৰৰ পৰা গাড়ীত ঘৰলৈ অহাৰ সাহস নহ’ল। ঘৰলৈ বুলি লাহে লাহে খোজ ল’লোঁ।

ঘৰ পাওঁতে ৰাতিয়েই হ’ল। পত্নী বাহিৰত চিন্তা কৰি ৰৈ আছে। অৱশ্যেই নোটবোৰ দেখি লগে লগে খুবেই সন্তুষ্ট হ’ল। অতি সোনকালেই তাই মোৰ উদাসীনতা লক্ষ্য কৰি সুধিলে,‘কি হ’ল? আজি টকা পায়ো তোমাৰ মন বেয়া যে?’

এটা হুমুনিয়াহ কাঢ়ি লাহেকৈ ক’লোঁ,‘আজিহে বুজিছোঁ, দুনীয়া বহুত বুঢ়া হৈ গ’ল আৰু আমি এতিয়াও এনে এখন দুনীয়াৰ কল্পনাত আছোঁ যি সকলো সময়তে শিশুৰ দৰে হাঁহি থকাটো বিচাৰোঁ।

‘কি হৈছে আজি তোমাৰ? কি কৈ আছা এইবোৰ?’

‘এতিয়া আৰু পুৰণি ফার্নিচাৰেৰে নচলিব, নতুন ফাৰ্নিচাৰ লাগিব, বুজিলা?’

তাৰ বাহিৰে মোৰ ক’বলৈ একো নাছিল। তাই কি বুজিলে নাজানো, কিন্তু চকুৱে মুখে সন্তুষ্টি ফুটি উঠিল।

(প্ৰতি বছৰে মে’ দিৱসত এক নতুন সপোন দেখা সকলো শ্ৰমিকলৈ উৎসৰ্গিত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক