এসময়ৰ এটা মৌ-বাহৰ কথা : মূল- চেতন ভগত (- কুলেন্দু বৰদলৈ)

এসময়ত এটা বৰ বুধিয়ক মৌ বাহ আছিল । সিহঁত এখন সুন্দৰ, উজ্জ্বল আৰু ৰঙীন ফুলনিৰ মাজত এজোপা অতি পুৰণি গছত বাহ লৈ আছিল ।
সিহঁতৰ এজনী মৌ ৰাণী আছিল আৰু তেওঁ অন্য কেইজন মান জেষ্ঠ মৌৰ লগত মিলি মৌ বাহটোৰ কাম-কাজ চলাই নিছিল যাক সমুহীয়া ভাবে চৰকাৰ বুলি আখ্যা দিয়া হৈছিল । কর্মী মৌ বিলাকে সংগ্রহ কৰি অনা মৌ ৰস খিনি নিৰাপদভাৱে মজুত কৰিবৰ বাবে চৰকাৰখনক গতাই দিয়ে। চৰকাৰখনেও নতুন নতুন ফুলনি বিচাৰি ফুৰে, নতুন ফুলৰ সন্ধান কৰে, নব প্রজন্মৰ পোৱালী মৌ মাখি বিলাকৰ বাবে মৌৰ ৰস বিচাৰে!

স্থায়িত্ব আৰু বিশৃংখলতাৰ পৰা ৰেহাই পাবলৈ চৰকাৰে নীতি-নিয়ম তথা আইন প্রণয়ণ কৰে । আন কর্মী মৌ বিলাকে এই আইন মানি চলিব লাগে অন্যথা দণ্ডণীয় হয়। এইটো খুবেই প্রয়োজনীয়, কাৰণ মৌ বাহটোত বিভিন্ন ধৰণৰ মৌ-মাখি থাকে, যিয়েই এটাই আনটোৰ লগত কাজিয়া কৰাৰ সম্ভাবনা থাকে। উদাহৰণস্বৰুপে, তাত ক’লা আৰু মূগা বৰণীয়া মৌ-মাখি দুবিধেই প্রধান গোট। যদিও সিহঁতে অপৰিহার্য্যভাবে একেই কামেই কৰিছিল, কিন্তু সিহঁত দেখাত সামান্য বেলেগ আছিল আৰু কাম কৰাৰ ধৰণো আছিল সামান্য বেলেগ ।

শুভ সময়ত, এইটো এটা নিখুত মৌ-বাহ আছিল ! কিন্তু লাহে-লাহে পৰিস্থিতি সলনি হৈ আহিল। চৰকাৰী মৌ-মাখি বিলাকৰ নিজৰ নিজৰ পোৱালীৰ লগতে সম্বন্ধীয় তথা বন্ধুবর্গও আছিল। ইহঁতৰ বহুতেই চৰকাৰ খনত প্রত্যক্ষ ভাবে যোগদান কৰিব পৰা নাছিল আৰু সিহঁতেও কর্মী মৌ-মাখি বিলাকৰ দৰেই কাম কৰিবলগীয়া হৈছিল।

এদিনাখন এটা জেষ্ঠ চৰকাৰী মৌ-মাখিৰ পুতেকে বাপেকক ক’লে যে কর্মী মৌ হিচাপে সি বহুত কষ্ট কৰিবলগীয়া হয়। “আমাৰ জমা থকা মৌ-ৰসৰ পৰাই মোক অকমান নিদিয়া কিয়?”, পুতেকে বাপেকক ক’লে।
বাপেকে ক’লে, “কিন্ত এইটোতো বৰ দোষণীয় কাম হ’ব!”
“কোনোৱে একো গমেই নাপাব। চৰকাৰখনত থাকিনো কি লাভ হৈছে?” পুতেকে প্রত্যুত্তৰ দিলে।

সি প্রকৃততে শুদ্ধই!! কর্মী মৌ-মাখি বিলাকে চৰকাৰখনক নিজতকৈও বেছি বিশ্বাস কৰিছিল! অলপমান মৌ-ৰস নাইকিয়া হ’লে কাৰো চকুতেই নপৰিব, কোনোৱেই গম নাপাব। আৰু তেতিয়াৰ পৰাই এই প্রথা আৰম্ভ হ’ল! লাহে লাহে চৰকাৰী মৌ-মাখি বিলাকৰ পোৱালী, মামা-খুৰাকৰ পোৱালী, আন আন সম্বন্ধীয় তথা বন্ধু-বর্গ সকলোৱেই সেই জমা মৌ-ৰসৰ পৰা প্রত্যেকদিনাই অলপ অলপকৈ চুৰ কৰিবলৈ ধৰিলে আৰু লাহে লাহে সিহঁতে ফুলনিত গোটেই দিনটো কাম নকৰা হ’ল।

কর্মী মৌ-বিলাকে মন কৰিলে যে জমা কৰা মৌ-ৰস খিনি আশা কৰা ধৰণে বাঢ়া নাই। যেতিয়া কর্মী মৌ-মাখি দুটামানে এই কথাটো উলিয়ালে, চৰকাৰে গোটেই মৌ-মাখি বিলাকক আদেশ দিলে, “আৰু কষ্ট কৰা, এলাহ নকৰিবা ।” কর্মী মৌ-মাখি বিলাকে আৰু দুগুণ কষ্ট কৰি মৌ-ৰস গোটালে। কিন্তু মৌ-ৰসৰ উচ্চতা নাবাঢ়েহে নাবাঢ়ে! বৰঞ্চ, কমিবলৈহে ধৰিলে।

সেই সময়তে চৰকাৰী মৌ বিলাকে অন্য এটা কাম হাতত ললে। যেতিয়া সিহঁতে এখন নতুন বাগিছাৰ সন্ধান পাই, সেইখন সিহঁতৰ পোৱালী, সম্বন্ধীয় আৰু বন্ধু বান্ধবক হে দি দিয়ে। কর্ম্মী মৌ বিলাকে একোকে গম নাপায়। লাহে লাহে কেৱল মৌ ৰসৰ উচ্চতাই কমি অহা নহয়, আনকি কর্ম্মী মৌবিলাকে সিহঁতৰ পোৱালীৰ বাবে নতুন বাগিছাৰো সন্ধান নোপোৱা হ’ল। কর্ম্মী মৌ-মাখি বিলাকৰ কাম বন নোহোৱা হৈ আহিল আৰু ক্রমাৎ ভোকাতুৰ হৈ পৰিল। মাজে সময়ে ৰাণী মৌ-য়ে অলপ অলপ মৌ বিলাই দিয়ে আৰু সকলো কর্ম্মী মৌ-মাখিয়েই ৰাণীক প্রশংসা কৰে। কিন্তু ৰাণীয়ে দিয়া মৌ-ৰস তেনেই নগণ্যহে আছিল।

‘’মৌ-ৰস বোৰ কোনে চুৰ কৰিছে?’’- এদিন এটা সাহসী কর্ম্মী মৌয়ে সুধিলে। চৰকাৰে লক্ষ্য কৰিলে যে এই সাহসী মৌটো ক’লা ৰঙৰ। গতিকে চৰকাৰে ক’লে, ‘মূগা বৰণৰ মৌ বিলাকে কৰিছে।’ তাৰ পিছত চৰকাৰে মূগা ৰঙৰ মৌ বিলাকক মাতি আনি ক’লে, ‘আমি ভাবিছো ক’লা বৰণৰ মৌ বিলাকে তোমালোকৰ কষ্টৰ ফল বোৰ চুৰ কৰি নিছে।’

ভাগৰুৱা আৰু ভোকাতুৰ ক’লা আৰু মূগা ৰঙৰ কর্ম্মী মৌ বিলাকে খঙতে জ্বলি-পকি উঠিল। সিহঁতে পৰস্পৰৰ বিৰূদ্ধে যুদ্ধ আৰম্ভ কৰিলে। চৰকাৰী মৌ বিলাকে এই বিভ্রান্ত যুদ্ধবোৰ উপভোগ কৰি আৰু মৌ-ৰস চুৰ কৰিলে। যেতিয়া এই ক’লা আৰু মূগা ৰঙৰ কর্ম্মী মৌ বিলাকৰ কিছুমান মৰিল আৰু কিছুমান ৰূগীয়া হ’ল, তেতিয়া ৰাণী মৌয়ে সিহঁতক আকৌ মৌৰ ক্ষুদ্র টোপোলা আগবঢ়াই দিলে আৰু কর্ম্মী মৌ বিলাকেও ৰাণী মৌক প্রশংসা কৰাত লাগিল।

সেই সময়তে খৰাং বতৰ আৰম্ভ হ’ল আৰু ফুলৰ সংখ্যাও কমি আহিল। এতিয়া সিহঁতে বছৰ-বছৰ ধৰি জমা কৰা সেই মৌ-ৰসৰ দ্বাৰাই চলিব লগীয়া হ’ল। কিন্তু ভৰাঁলত জমা মৌ অলপো নেদেখি সকলো আচৰিত হ’ল! সাধাৰণতে চৰকাৰক বিশ্বাস কৰা কর্ম্মী মৌ-মাখি বিলাকে চৰকাৰী আৰু সিহঁতৰ সম্বন্ধীয় মৌ-মাখি বিলাকৰ ঘৰত তালাচী চলালেহি আৰু কর্ম্মী মৌ-মাখি বিলাকে দেখিলে যে, সিহঁতৰ গোটেই বিলাক শকত, নোদোকাটো হৈ আছে আৰু নিজৰ নিজৰ ব্যক্তিগত ভর্তি মৌ-ৰসৰ ভৰাঁলত বহি আছে।
আৰু কি? কর্ম্মী মৌ-মাখি বিলাকে আন বহুতো নতুন নতুন বাগিছাৰ মানচিত্র দেখা পালে যি বোৰৰ কথা কর্ম্মী মৌ-মাখি বিলাকক জনোৱা নাছিল।

হতাশ কর্ম্মী মৌ-মাখি বিলাক নিজৰ নিজৰ দূখীয়া পঁজালৈ ঘূৰি আহিলে। ক’লা আৰু মূগা বৰণীয়া কর্ম্মী মৌ-মাখি বিলাকে পৰস্পৰৰ চকুলৈ চালে। সিহঁতে উপলব্ধি কৰিলে যে সিহঁতক আচলতে মূর্খহে সজালে! সিহঁতে পৰস্পৰে ক্ষমা খুজি আলিংগন কৰিলে।

‘আমি সিহঁতক এটা ভাল শিক্ষা দিম’– ক’লা আৰু মূগা বৰণীয়া কর্ম্মী মৌ-মাখি বিলাকে সমস্বৰত চিঞৰি উঠিল। সিহঁতে অনুভব কৰিলে যে সিহঁতৰ জোঙা শুং বোৰ কামত লগোৱাৰ সময় আহিলে। কিন্তু সিহঁতৰ মাজত নহয়, বৰঞ্চ সেই জাকৰ বিৰূদ্ধেহে, যিয়েই সিহঁতক প্রবঞ্চনা কৰিলে!!

সেই সময়তে ৰাণী মৌৰ মনলৈ বেলেগ এটা চিন্তাহে আহিল। ৰাণীয়ে তেওঁৰ সুন্দৰ ডেকা পুতেকক দেখুৱাই ক’লে, ‘মই যেনেদৰে তোমালোকক বছৰ বছৰ ধৰি ৰক্ষা কৰি আহিছিলো, এতিয়াৰ পৰা ই তোমালোকক ৰক্ষা কৰিব।’

কিন্তু এইবাৰ কর্ম্মী মৌ বিলাকে বৰ বিৰক্তি অনুভব কৰিলে। সিহঁতে এটা জাকত গোট খালে আৰু জোঙা শুং বোৰে, চৰকাৰী আৰু সিহঁতৰ নোদোকা বন্ধু-বর্গক আক্রমণ কৰিলে। চৰকাৰী মৌ-মাখি বিলাকে একো টলকিবই নোৱাৰিলে আৰু যিয়ে যেনি পাই তাৰ পৰা পলাই গুছি গ’ল!

তাৰ পিছত ক’লা আৰু মূগা বৰণীয়া কর্ম্মী মৌ-মাখি বিলাকে সিহঁতৰ মাজৰ পৰাই শ্রেষ্ঠ জনক সিহঁতৰ নেতা পাতিবলৈ সিদ্ধান্ত কৰিলে। তাৰ লগে লগে এইটোও সিদ্ধান্ত ল’লে যে অন্ধ ভাবে এইবাৰ সিহঁতে একোকে বিশ্বাস নকৰে, আৰু সকলো বোৰ কামেই পর্যবেক্ষণ কৰিব।

মৌ বাহটোৰ পুনৰুদ্ধাৰ হ’ল আৰু নবপ্রজন্মৰ মৌ-মাখিবিলাকে সেই জমা মৌৰ উচ্চতা বঢ়াবলৈ অশেষ কষ্ট কৰিলে।
নতুন উদ্যমেৰে নতুন নতুন বাগিছাৰ অনুসন্ধান কৰা হ’ল আৰু এই বাহটো বিশ্বৰ ভিতৰতেই আটাইতকৈ সফলতম মৌ-বাহ হিচাপে জনাজাত হৈ পৰিল।

কেইবছৰ মানৰ পাছত এদিন ৰাতি এজনী বুঢ়ী মৌ-মাখিয়ে তাইৰ নাতিৰ লগত কথা পাতি আছিল আৰু তাক সুধিলে, ‘তুমি জানানে বাৰু, এসময়ত আমাৰ এজনী ৰাণী মৌ আছিল?’

‘উম, গম পাওঁ। কিন্তু আমাৰ আৰু ৰাণী মৌ-ৰ প্রয়োজনো নাই! কাৰণ আমাৰ সকলোৰে মাজত এটা সৰু ৰজাই বাস কৰি আছে।’ সৰু মৌ-মাখি টোৱে উত্তৰ দিলে!!

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Hriday Hazarika
7 years ago

Nice…kulendu da…

Anonymous
1 year ago

সুন্দৰ অনুবাদ | পঢ়ি ভাল লাগিল | — তিলো সেণোৱাল |

Anonymous
1 year ago

সুন্দৰ অনুবাদ | পঢ়ি ভাল লাগিল | — তিলো সেণোৱাল |