এসময়ৰ ৰং-ধেমালিবোৰ [মূল: আইজাক এছিম’ভ] অনুবাদ -ৰিয়ান ৰাগিনী

ডেইছাই আনকি সেইনিশা তাইৰ ডায়েৰীখনতো কথাটো লিখি থলে৷ ডায়েৰীৰ পাত এখিলাৰ শিৰোনামস্বৰূপে থকা ১৭ মে’, ২১৫৭ চনৰ তলত ডেইছাই লিখিলে:

“আজি ডেনিছে সঁচা অৰ্থত এখন প্ৰকৃত কিতাপ বিচাৰি পাইছে৷”

ডেনিছে বিচাৰি পোৱা কিতাপখন বৰ পুৰণি আছিল৷ ডেইছাৰ ককাকৰ মতে তেখেতৰ শৈশৱত তেওঁক তেখেতৰ ককাকে কৈছিল যে এসময়ত সকলোবোৰ সাধুকথা বা কাহিনী আদি কাগজত ছপা ৰূপত প্ৰকাশিত হৈছিল, যিবোৰক ’কিতাপ’ নামেৰে জনা গৈছিল৷ শতিকাজোৰা সময়ৰ আঁচোৰত ইতিমধ্যেই হালধীয়া হৈ পৰা আৰু কেইবাঠাইতো ভাঁজ খোৱা পৃষ্ঠাৰে কিতাপখনৰ পাতবোৰ সিহঁতে অতি আগ্ৰহেৰে লুটিয়াব ধৰিলে৷ কম্পিউটাৰৰ পৰ্দাত চলন্ত ৰূপত থকা শব্দবোৰৰ সৈতে অভ্যস্ত ডেইছা আৰু ডেনিছৰ বাবে সেই কিতাপখনত স্থিৰ হৈ থকা শব্দবোৰ পঢ়াটো চাৰ্কাছৰ বহুৱাৰ বহুৱালিৰ দৰে মনোৰঞ্জক হৈ উঠিছিল৷ আৰু আটাইতকৈ মজাৰ কথাটো আছিল যে যেতিয়াই কিতাপখনৰ দুখিলামান পাত লুটিওৱাৰ পাছত পুনৰ আগৰ ঠাইলৈ অহা হৈছিল তেতিয়াও আগৰ কোনোবা এঠাইত এৰি যোৱা শব্দ এটা একে ঠাইতে একেটা ৰূপতে ৰৈ আছিল৷

হঠাত ডেনিছে কৈ উঠিল, “চোৱাচোন চিচু, কি যে অপব্যয় কিতাপৰ নামত৷ নহয়নে? মই ভাবো কিতাপ এখন পঢ়ি শেষ কৰাৰ পাছত তাক ধোঁৱাচাঙত তুলি থোৱাৰ বাহিৰে বা পেলাই দিয়াৰ বাহিৰে কৰিবলগীয়া একো নাথাকেই৷ কিন্তু আমাৰ কম্পিউটাৰটোত নিশ্চয় নিযুতৰ ঘৰত কিতাপ আছে আৰু বহু কিতাপৰ বাবে ঠাই আছেই৷ ইয়াৰ পাছতো আমি ইয়াক পেলাই নিদিওঁ না৷”

“তাকেইতো ব্ৰ’৷” – এঘাৰ বছৰীয়া ডেইছাই তেৰ বছৰীয়া ডেনিছৰ কথাত হয়ভৰ দি সুধিলে,-
“তুমি এইখন ক’ত পালা?” (ডেনিছে ভনীয়েকক চিচু বুলি মাতে৷)

“ঘৰতেই পালো৷” অতি ব্যস্ততাৰে কিতাপখনত চকু ফুৰাই থকা ডেনিছে তাইৰ ফালে নোচোৱাকৈয়ে আঙুলিৰে সঠিক ঠাই টুকুৰা দেখুৱাই ক’লে, “সেই ঘৰৰ চালৰ তলত থকা চিলিংখনৰ ভিতৰত৷”

’অ৷ ’ ডেইছাই পুনৰ সুধিলে, “কিহৰ বিষয়ে লিখা আছে কিতাপখনত? “

উত্তৰত ডেনিছে মাথোঁ এটা শব্দ প্ৰক্ষেপ কৰিলে মুখেৰে, “স্কুল! “

’স্কুল’ শব্দটো শুনিয়েই ডেইছাৰ ঘূণাত নাক কোঁচ খাই আহিল৷ স্কুলৰ প্ৰতি সকলো সময়তে মনত এক প্ৰচণ্ড বিদ্বেষৰ ভাব কঢ়িয়াই ফুৰা এঘাৰ বছৰীয়া ছোৱালীজনীয়ে অতি আশ্চৰ্যচকিত হৈ স্বগতোক্তি কৰিলে, “স্কুলৰ বিষয়ে কিতাপ? ? কি আচৰিত! স্কুলৰ বিষয়ে লিখিবলৈনো কি কথা থাকিব পাৰে? মই আটাইতকৈ বেছি বেয়া পোৱা ঠাইখনৰ বিষয়ে লিখা কিতাপখন নিশ্চয় অনৰ্থক হ’ব৷”

ডেইছাই জীৱনত আটাইতকৈ বেয়া পোৱা স্কুলখনৰ প্ৰতি ক্ৰমান্বয়ে অধিক বিৰূপ মনোভাৱ গঢ়ি উঠিছিল৷ তাই স্কুলখনক আগতকৈও অধিক বেয়া পোৱা হৈছিল৷ কাৰণ তাইৰ স্কুলৰ যান্ত্ৰিক শিক্ষকজনে তাইক একেৰাহে এটাৰ পাচত এটাকৈ ভূগোল বিষয়ৰ পৰীক্ষাবোৰ ল’বলৈ আৰম্ভ কৰিছিল আৰু তাই ক্ৰমান্বয়ে ইটোৰ পাচত সিটো পৰীক্ষাত বৰ পুতৌজনক ফলাফল দেখুৱাইছিল৷ অৱশেষত তাইৰ মাকে হতাশাগ্ৰস্ত আৰু দুখ বেজাৰত মৰ্মাহত হৈ তাইক চুলি জোকৰা দি, সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান ল’বলৈ তথা সঠিক মূল্যায়নৰ জৰিয়তে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ স্কুলসমূহ চোৱা-চিতা কৰা জিলা পৰিদৰ্শকজনক ঘৰলৈ মাতি পঠিয়াইছিল৷

তেজগোৰা মুখমণ্ডলৰে সৰুফুটীয়া গোল গাল চেহেৰাৰ জিলা পৰিদৰ্শকজনে নিজৰ সৈতে এবাকচ সা-সৰঞ্জাম, ডায়েল আৰু বিজুলী পৰিবাহী তাঁৰ এসোপা লৈ আগতীয়াকৈ ঠিক কৰি থোৱা নিৰ্দিষ্ট সময়ত আহি ডেইছাৰ ঘৰত উপস্থিত হ’ল৷ তেওঁ আহিয়েই ডেইছাক মাতি পঠিয়ালে আৰু তাইলৈ মিচিকিয়াই সৰু মোনাটোৰ পৰা আপেল এটা উলিয়াই তাইক দিলে৷ তাৰ পাচত তেওঁ যান্ত্ৰিক শিক্ষকজনক একাষৰীয়াকৈ লৈ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ ধৰিলে৷ ডেইছাৰ মনত তেতিয়া এটাই আশা আছিল যে পৰিদৰ্শকজনে যান্ত্ৰিক শিক্ষকজনক মেৰামতিৰ জৰিয়তে পুনৰ আগৰ অৱস্থালৈ আনিব নোৱাৰিব বা একেবাৰে আঁতৰাই লৈ যাব, কাৰণ এবাৰ ডেনিছৰ যান্ত্ৰিক শিক্ষকজনৰ ইতিহাসৰ বিষয়টো উকা হৈ যাওঁতে তেওঁলোকে যন্ত্ৰটোক প্ৰায় এমাহৰ বাবে আঁতৰাই লৈ গৈছিল৷ কিন্তু ডেইছাৰ আশাত চেঁচাপানী ঢালি পৰিদৰ্শকজনে প্ৰায় এঘণ্টাৰ ভিতৰত প্ৰকাণ্ড ক’লা বৰণীয়া বাকচৰ কুৎসিত ৰূপৰ যান্ত্ৰিক শিক্ষকজনক পুনৰ আগৰ অৱস্থালৈ লৈ আহিল৷ সেই বাকচটোৰ দেহত এখন ডাঙৰ পৰ্দা আছিল য’ত মেৰামতি সঠিকভাৱে হৈছে নে নাই জানিবলৈ অনুশীলনৰ বাবে কিছুমান পাঠ প্ৰদৰ্শন কৰাৰ লগতে কিছু প্ৰশ্নও সোধা হ’ল৷ যান্ত্ৰিক শিক্ষকজনৰ এই অংশটোতকৈ ডেইছাই হোমৱৰ্ক আৰু প্ৰশ্নোত্তৰবোৰ দিবলগীয়া অংশটোৰ প্ৰতি অধিক বিৰক্ত হৈছিল৷ তাইক ছয়বছৰ বয়সতে শিকাই দিয়া এক ধৰণৰ পাঞ্চ ক’ডৰ জৰিয়তে তাই স্কুলৰ এই প্ৰয়োজনীয় কাৰ্যবোৰ সমাধা কৰিছিল আৰু যান্ত্ৰিক শিক্ষকজনে তাইৰ প্ৰশ্নোত্তৰবোৰ তৎক্ষণাত পৰীক্ষা কৰি নম্বৰ হিচাপ কৰি দিছিল যিটোয়ে তাইক অধিক আমনি কৰিছিল৷ এক কথাত এঘাৰ বছৰীয়া কণমাণিজনীয়ে তাইৰ হৃদয়হীন যান্ত্ৰিক স্কুলৰ সমগ্ৰ প্ৰক্ৰিয়াটোকেই ঘৃণা কৰিছিল৷

যান্ত্ৰিক শিক্ষকজনক সম্পূৰ্ণৰূপে ঠিক কৰাৰ পাছত পৰিদৰ্শকজনে পুনৰ এবাৰ মিচিকিয়াই হাঁহি ডেইছাৰ মূৰত হাত বুলাই তাইৰ মাকলৈ চাই ক’লে, “দোষটো কণমাণি ছোৱালীজনীৰ নহয় বুজিছে মিচেচ পৰাশৰ৷ মোৰ ধাৰণাত ডেইছাৰ যান্ত্ৰিক শিক্ষকজনৰ অভ্যন্তৰত থকা ভূগোলৰ বিভাগটো অলপ বেছি খৰকৈ স্থিৰ কৰা আছিল সেয়ে তাইৰ ভূগোলৰ পৰীক্ষাবোৰত ভাল ফলাফল দেখুৱাব পৰা নাছিল৷ কেতিয়াবা এনে হয় যদিও চিন্তা কৰিবলগীয়া বিশেষ একো নাই৷ মই ইয়াৰ গতিবেগ কমাই দহ বছৰৰ গড় হিচাপ এটালৈ আনিছো৷ প্ৰকৃতপক্ষে ডেইছাৰ সামগ্ৰিক অগ্ৰগতিৰ ধৰণ সন্তোষজনক৷” এইবুলি কৈ তেওঁ পুনৰবাৰ ডেইছাৰ পিঠিত মৰমেৰে হাত বুলাই তেওঁলোকৰ বিদায় লৈ তাৰপৰা আঁতৰি গ’ল৷

ডেনিছে কিতাপখন পোৱাৰ দুদিনমান আগৰ এই সমগ্ৰ ঘটনাটো ডেইছাই আশা কৰাৰ ধৰণে নহৈ, বিপৰীত হোৱা বাবে তাই যথেষ্ট হতাশ হৈ পৰিছিল আৰু সেয়ে তাইৰ মনত স্বাভাৱিকতে এক প্ৰশ্ন জাগি উঠাত তাই ডেনিছলৈ প্ৰশ্নবাণ এৰিছিল, “কোনোবাই স্কুলৰ বিষয়েনো কিয় লিখিব লাগে? স্কুলৰ দৰে একঘেয়ামী আৰু আমনিদায়ক প্ৰক্ৰিয়াৰ বিষয়েনো লিখিবলগীয়া কি থাকিব পাৰে? “

ডেইছাৰ প্ৰশ্নৰ উত্তৰস্বৰূপে মুখত এক বিৰক্তিৰ ছাপ প্ৰকট কৰি ডেনিছে বিজ্ঞলোকৰ দৰে বুজাই ক’লে, “তুমিও যে কি মূৰ্খ নহয় চিচু৷ এইখন কিতাপত লিখা থকা স্কুলখন আমাৰ স্কুলখনৰ দৰে নহয়৷ এইখন শ শ বছৰ আগৰ পুৰণি ধৰণৰ স্কুল৷” অভিজ্ঞ ব্যক্তিৰ দৰে ডেনিছে কোৱা কথাখিনিৰ সৈতে পুনৰ সংযোজন কৰিলে, “দুটা শতিকাৰো আগৰ৷ “এই বাক্যটো ডেনিছে আগতকৈও জোৰ দি তথা সাৱধানতাৰে স্পষ্টকৈ প্ৰক্ষেপ কৰিলে৷ ডেনিছৰ মুখত ডেইছাৰ প্ৰতি বিৰক্তি তথা অৱজ্ঞাৰ ভাৱ স্পষ্টকৈ ফুটি উঠিছিল যিটোয়ে তাইক মানসিকভাৱে আঘাত দিয়াত যথেষ্ট আছিল৷

“মই ভালদৰে নাজানো বুলিহে সুধিছো কিবা৷ আগৰ স্কুলবোৰ আমাৰ স্কুলতকৈ পৃথক আছিল বুলিও আজিহে গম পাইছো৷” ডেনিছৰ কান্ধৰ ওপৰেদি চাই তাই ওপৰে ওপৰেই কিতাপখনত এবাৰ চকু ফুৰাই পুনৰ ক’লে, “যা হওক, তেওঁলোকৰো অন্ততঃ এজন শিক্ষক আছিল৷ “

“নিশ্চিতভাৱে তেওঁলোকৰ এজন শিক্ষক আছিল মাই ডিয়েৰ চিচু৷ কিন্তু তেওঁ আমাৰ যান্ত্ৰিক শিক্ষকজনৰ দৰে স্বাভাৱিক শিক্ষক নাছিল বুজিছা৷ তেওঁলোকৰ শিক্ষকজনো মানুহেই আছিল৷”

ডেনিছে ইতিমধ্যেই স্কুল বিষয়ক পুৰণি কিতাপখন পঢ়ি লাভ কৰা তথ্যৰ আধাৰত তাইৰ কৌতূহল নিবাৰণৰ উদ্দ্যেশ্যৰে তেনেকৈ ক’লে৷

“এজন মানুহ? ? মানুহ এজন কিদৰে শিক্ষক হ’ব পাৰে? “ ডেইছাৰ মনত যেন অপাৰ বিস্ময়ৰহে সৃষ্টি কৰিলে ডেনিছৰ কথাই৷

“হয় অ মোৰ আজলী ভণ্টি৷ প্ৰতিজন শিক্ষকেই মানুহ আছিল বা কিছু মানুহে শিক্ষকৰ দায়িত্ব পালন কৰিছিল৷ তেওঁ ল’ৰা-ছোৱালীবোৰক কথাবোৰ কৈছিল, পাঠবোৰ বুজাই দিছিল, ঘৰত কৰি আনিবলৈ কাম দিছিল আৰু প্ৰশ্নও কৰিছিল৷” ডেনিছে কথাবোৰ কৈ যাওঁতে নিজকে যেন এজন মানৱ শিক্ষকৰ ৰূপতহে কল্পনা কৰি লৈছিল৷

“কিন্তু মানুহ এজনতো সিমান তীক্ষ্ণ বুদ্ধিৰ আৰু সুদক্ষ হ’ব নোৱাৰে৷” এইবাৰ ডেইছাৰ চকু যেন কপালতহে উঠিল৷

“হাঃহাঃহাঃ কি কি যে কোৱা নহয় তুমিও৷ মানৱ শিক্ষকজনো যথেষ্ট সুদক্ষ হয়৷ তুমি মন কৰা নাই নে যে আমাৰ দেউতাইও আমাৰ শিক্ষকৰ সমানেই কথাবোৰ জানে৷ মই বাজি মাৰি ক’ব পাৰো যে দেউতাই আমাৰ যান্ত্ৰিক শিক্ষকজনৰ সমানেই জানে৷ “ ডেনিছে তাইৰ যুক্তি খণ্ডন কৰিব বিচাৰিলে৷

ডেইছাই সেই বিষয়টো লৈ নতুনকৈ বাক-বিতণ্ডা কৰিব নিবিচাৰি ক’লে, “যিয়েই নহওক কিয়, মই পিছে মোক শিক্ষাদান কৰিবলৈ এজন অচিনাকি লোকক ঘৰৰ ভিতৰলৈ সোমাব দিব নিবিচাৰিম৷ “

এইবাৰ তাইৰ কথাত ডেনিছে হাঁহিত ফাটি পৰিল৷ সশব্দে হাঁহি হাঁহি সি একপ্ৰকাৰ চিঞৰিয়েই ক’লে, “তুমি এতিয়াও কথাবোৰ বৰ বেছি জনা বুজা হোৱাগৈ নাই৷ পুৰণি দিনৰ শিক্ষকজনে শিক্ষাদান কৰিবলৈ ঘৰলৈ অহা নাছিল অ বেঙী৷ তেওঁলোকৰ এটা নিৰ্দ্দিষ্ট ঘৰ বা অট্টালিকা আছিল আৰু আমাৰ দৰে কণ কণ ল’ৰা-ছোৱালীবোৰহে সেই ঘৰটোলৈ শিক্ষাগ্ৰহণৰ বাবে গৈছিল, যিটো ঘৰক স্কুল বুলি কোৱা হৈছিল৷ প্ৰকৃততে স্কুল এটা ইংৰাজী শব্দহে যাৰ অসমীয়া প্ৰতিশব্দ বিদ্যালয়৷ বিদ্যালয় শব্দটোও চাগে তুমি আজি প্ৰথমবাৰৰ বাবে শুনিছা৷ “

ইমানবোৰ কথাৰ পাছতো যেন ডেইছা আশ্বস্ত হ’ব পৰা নাছিল৷ তাই পুনৰ প্ৰশ্ন কৰিলে, “আৰু আটাইবোৰ ল’ৰা-ছোৱালীয়ে কি একেবোৰ কথাকেই শিকিছিলনে? “

“নিশ্চয়৷ যদি তেওঁলোক সমবয়সীয়া আছিল তেন্তে একে কথাকে শিকিছিল৷ “

“কিন্তু মায়ে যে কৈছে যান্ত্ৰিক শিক্ষকজনক প্ৰতিজন ল’ৰা-ছোৱালীৰ মানসিক বুদ্ধিমত্তা অথবা সক্ষমতা অনুসৰি সকলোৰে মনত খাপ খোৱা ধৰণে ঠিকঠাক কৰি দিয়াৰ লগতে প্ৰতিজন শিশুকে বেলেগ বেলেগ ধৰণে শিকাব লাগে৷ “

ডেইছাৰ উপৰ্যুপৰি প্ৰশ্নবাণত ডেনিছৰ ধৈৰ্যৰ সীমা চেৰাই গৈছিল৷ সেয়ে অৱশেষত সি অতিষ্ঠ হৈ কৈ উঠিল, “চোৱা চিচু৷ কথা একেটাই৷ তাহানিৰ দিনৰ শিক্ষকসকলে এতিয়াৰ যান্ত্ৰিক শিক্ষকৰ দৰে শিকোৱা নাছিল৷ আৰু তুমি যদি এই কথাটো মানি ল’ব নিবিচাৰা আৰু যদি ভাল পোৱা নাই, তেন্তে তুমি এই কিতাপখন পঢ়িব নালাগে৷ মিছাতে মোক আমনি কৰি নাথাকি নিজৰ কাম কৰাগৈ যোৱা৷”

ডেনিছৰ কথাত তাই কিবা এটা আশংকা কৰি টপৰাই ক’লে, “না না৷ মই ভাল নাই পোৱা বুলিতো কোৱা নাই৷” প্ৰকৃততে তাইৰ মনত পুৰণি দিনৰ সেই বিদ্যালয়সমূহৰ বিষয়ে এক জিজ্ঞাসাৰ সৃষ্টি হৈছিল আৰু তাই কিতাপখনত সেই বিষয়ে লিখা কথাখিনি পঢ়িব বিচাৰিছিল৷

সিহঁতৰ কথাবাৰ্তা শেষ নহওঁতেই ভিতৰৰ পৰা মিচেচ পৰাশৰে চিঞৰিলে, “ডেইছা৷ স্কুলৰ সময় হৈছে৷ “

ডেইছাই উত্তৰ দিলে, “এতিয়াই সময় নাই হোৱা মা৷ “

মাক গৰজি উঠিল, “কোনো কথা নোকোৱাকৈয়ে পোনেই স্কুললৈ যোৱা৷ এতিয়া সম্ভৱতঃ ডেনিছৰো স্কুলৰ সময় হৈছে৷ “

ডেইছাই জানে যে এই সময়ত মাকৰ সৈতে তৰ্ক কৰি কোনো লাভ নাই৷ সেয়ে তাই অনিচ্ছাসত্বেও স্কুললৈ যোৱাৰ আগমুহূৰ্ত্তত ডেনিছক অনুৰোধৰ সুৰত ক’লে, “স্কুলৰ শেষত তোমাৰ সৈতে এই কিতাপখনৰ আৰু কিছু অংশ পঢ়িব পাৰিমনে? “

“হয়তো পাৰিবা৷ “ তাইৰ কথাত বিশেষ আগ্ৰহ নেদেখুৱাই ধূলি-মাকতিৰে ঢাক খাই থকা পুৰণি কিতাপখন কাষলতিৰ তলতে চেপা মাৰি লৈ ডেনিছ সুঁহুৰিয়াই তাৰপৰা আঁতৰি গ’ল৷

ডেনিছ যোৱাৰ পাছত ডেইছাও তাইৰ শোৱনিকোঠাৰ লগতে লাগি থকা স্কুলৰূমটোলৈ সোমাই গ’ল য’ত যান্ত্ৰিক শিক্ষকজনে তাইৰ বাবে সক্ৰিয় অৱস্থাত অপেক্ষা কৰি আছিল৷ শনিবাৰ আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকীকেইটা দিন যান্ত্ৰিক শিক্ষকজন সদায়েই একে সময়তেই কাৰ্যক্ষম হয়৷ কাৰণ মিচেচ পৰাশৰৰ মতে নিৰ্দ্দিষ্ট তথা নিয়মীয়া শিক্ষাগ্ৰহণে শিশুৰ বৌদ্ধিক বিকাশত সহায় কৰে৷

তাই স্কুলৰূমটোত প্ৰবেশ কৰাৰ লগে লগেই যান্ত্ৰিক শিক্ষকজনৰ দেহত থকা পৰ্দাখন উজ্জ্বলি উঠাৰ লগতে এটা ক্ষীণ চিঁ-চিঁয়া ধাতৱ কণ্ঠস্বৰ কোঠাটোত বিয়পি পৰিল, “আজিৰ পাটীগণিতৰ পাঠ হৈছে প্ৰকৃত ভগ্নাংশৰ যোগ কৰা প্ৰণালী৷ কালি কৰিবলৈ দিয়া কামখিনি সঠিক অংশত ভৰ্তি কৰি দিয়া৷ “

দীঘল হুমুনিয়াহ এটা কাঢ়ি ডেইছাই যান্ত্ৰিক শিক্ষকজনৰ নিৰ্দেশমতে যন্ত্ৰৱতভাৱে কামখিনি কৰিবলৈ ধৰিলে যদিও তাইৰ নিচেই কুমলীয়া মনটো উৰিবলৈ ধৰিছিল তাইৰ পৰা কেইবাশতিকাৰ আঁতৰত থকা তাইৰ বাবে আচৰিতভাৱে এখন সুন্দৰ আৰু সেউজীয়া পৃথিৱীত৷

সম্পূৰ্ণ মন্ত্ৰমুগ্ধভাৱে তাই নিজৰ মনৰ পখীক এৰি দিলে তাহানিৰ আজোককাৰ দিনৰ পৃথিৱীত৷ তাইৰ আজোককাকহঁতৰ শৈশৱত থকা পুৰণি পঢ়াশালিবোৰৰ কথা তাই ভাবিবলৈ ধৰিলে৷ তাইৰ দুচকুত স্পষ্টৰূপত ভাঁহিবলৈ ধৰিলে কিদৰে একোটা অঞ্চলৰ আটাইবোৰ কণ কণ ল’ৰা-ছোৱালীয়ে একেলগে হাঁহি-মাতি, চিঞৰ-বাখৰ কৰি পঢ়াশালিৰ চোতাললৈ আহিছিল৷ একেলগে শ্ৰেণীকোঠাত বহিছিল৷ এজনে আনজনৰ সৈতে সুখ-দুখৰ কথাবোৰ ভাগবতৰা কৰিছিল৷ জিৰণি বা টিফিন ব্ৰেকৰ সময়ত কিমান যে খেল-ধেমালি কৰিছিল৷ আৰু স্কুলৰ শেষত একেলগে ঘৰমুৱা হৈছিল৷ তেওঁলোক আটায়ে একেলগে একেবোৰ কথাকে শিকিছিল বাবে হ’মৱৰ্কৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই, আলোচনাৰ জৰিয়তে পৰস্পৰে পৰস্পৰক সহায় কৰিব পাৰিছিল৷ আস! কি যে মধুৰ আছিল চাগে সেই সময়৷

আৰু আটাইতকৈ ভাললগা কথাটো আছিল যে তেওঁলোকক শিক্ষাদান কৰা শিক্ষকজন ৰক্ত-মাংসৰে গঢ়া একোজন হৃদয়বান ’মানুহ’ আছিল৷ যিয়ে প্ৰয়োজনত বন্ধু, পথ প্ৰদৰ্শক তথা অভিভাৱকৰ দায়িত্বও বহন কৰিছিল৷

তাই এনেবোৰ ভাবত বিভোৰ হৈ থকা অৱস্থাতে তাইৰ যান্ত্ৰিক শিক্ষকজনে পৰ্দাখনত নিৰ্দেশসহকাৰে দেখুৱাইছিলঃ “যেতিয়া আমি ১/২ আৰু ১/৪ যোগ কৰো তেতিয়া……………………“
“তাহানিৰ দিনত ল’ৰা-ছোৱালীবোৰে স্কুল, স্কুলৰ সৈতে জড়িত প্ৰতিটো কাৰ্য বা এই প্ৰকৃত ভগ্নাংশৰ যোগ কৰা পদ্ধতিটোও নিশ্চয় বহুত ভাল পাইছিল“, ডেইছা ক্ৰমে কল্পনাৰ সাগৰত বুৰ গৈছিল৷ তাই ভাবিবলৈ ধৰিছিল তেওঁলোকে উপভোগ কৰা ৰং-ধেমালি, ফূৰ্তি-আনন্দৰে পৰিপূৰ্ণ প্ৰতিটো সেউজীয়া জীপাল মুহূৰ্ত্তৰ কথাবোৰ৷

☆★☆
মূল: আইজাক এছিম’ভৰ গল্প ‘The Fun They Had’ ৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments