‘এয়াও এক অভিজ্ঞতা…….'(- দিগন্ত কুমাৰ ভট্টাচাৰ্য)

‘এয়াও এক অভিজ্ঞতা…….’

দিগন্ত কুমাৰ ভট্টাচাৰ্য
…………….

কিছুবছৰৰ আগৰ কথা। এবাৰ অ’ফিচৰ তেলেগু সহকৰ্মী এজনৰ লগত তাৰ বিশেষ কাম এটিৰ বাবে আহমদ নগৰ নামৰ ঠাই এখনলৈ যাবলগীয়া হৈছিল। আমি থকা পুণেৰ পৰা নগৰলৈ বাছেৰে গ’লে প্ৰায় তিনিঘন্টা লাগে। শনিবাৰে ৰাতিপুৱাতে ক’ৰবালৈ যাবলৈ অলপ অশান্তি পাওঁ, তথাপি বন্ধুৰ নেৰানেপেৰা অনুৰোধ উপেক্ষা কৰিবলৈ টান পালোঁ। ৰাতিপুৱা ঔৰংগাবাদলৈ যোৱা বাছ এখনত উঠিলোঁ। বাছত উঠাৰ কিছুদেৰিৰ পিছতে কণ্ডাক্টৰ আহিল টিকেট দিবলৈ। বন্ধুলৈ চাই দেখিলোঁ সি দেখোন টোপনিত লালকাল, এইমাত্ৰ উঠিছিলোঁ হে। দুটা টিকেট লৈ ভাড়া দি দিলোঁ মই।
এঘন্টামান পিছত বাছখন ৰ’ল। আমি কিবা এটা খাওঁ বুলি ওচৰৰে হোটেল এখনত সোমালোঁ। দুয়ো ইডলি খালোঁ। অলপ পিছত ৱেইটাৰজনে বিল লৈ অহাৰ সময়ত বন্ধু মোবাইলত কিবা ছিৰিয়াছ আলোচনাত ব্যস্ত। মই এশটকাৰ নোট দুখন উলিয়াই তাৰ ফালে চালোঁ -‘আৰু কিবা খাবি?’
‘ ওহ, তই দিলিয়েই নেকি বিল?…বাৰু, এখন মছালা দোছা, বাটাৰ দি আনিবাচোন, লগতে এটা ছিংগল ইডলি’ – সি ৱেইটাৰজনক ক’লে।
মোৰ ফালে চাই সি মিচিকিয়াই ক’লে -‘মই অলপ ‘হেভী ব্ৰেকফাষ্ট’ কৰি ভাল পাওঁ।…আৰু দুপৰীয়াৰ লান্স মোৰফালৰ পৰা কিন্তু’।
আহমদ নগৰত তাৰ কামটো সোনকালেই হৈ গ’ল। আমি একমান বজাত পুনৰ পুণেলৈ বুলি নাগপুৰৰ পৰা অহা বাছ এখনত উঠিলোঁ। প্ৰায় দহমিনিটমান পিছতে বাছখন ৰ’ল ‘ফুড ক’ৰ্ট’ এখনত। সকলো যাত্ৰী নামিল। লগৰজনৰ ফালে চাই চক্ খাই গ’লোঁ। সি পেটত খামোচ মাৰি ধৰি ‘উস: আস:’ কৰি বহি আছে।
‘ৰাতিপুৱা বেছিকৈ খোৱা হ’ল বাবেই নেকি পেটটো বিৰাট বিষাইছে। তই যা দোস্ত, লান্স কৰি আহ গৈ…’
‘মোৰ খুউব এটা ভোক লগা নাই। তই এনেকৈ পুণেলৈ যাব পাৰিবি জানো? ৰ’বি মই কিবা মেডিচিন পাওঁ নেকি চাই লওঁ’- মোৰ টেনশ্যন বাঢ়িল। মই ওচৰতে সুধি মেলি প্ৰায় দুশমিটাৰমান আঁতৰৰ ফাৰ্মাচী এখনৰপৰা তাৰ বাবে মেডিচিন আনিলোঁ। হোটেলত খাবলৈ সময় নহ’ব বুলি মই বিস্কুট এপেকেট আনিলোঁ বাছতে বহি খাম বুলি।
‘মই টয়লেটলৈ যাওঁ। টেবলেট দুটা সেই হোটেলখনতে খাই আহোঁ, ইয়াত পানীও নাই..তই বাছতে থাক, বেগটো চাবি’-বন্ধুৱে বেঁকা-বেকিকৈ পেটটোত ধৰি বাছৰপৰা নামিল।
কিছু সময় পাৰ হ’ল। গাড়ী ষ্টাৰ্ট দিলে ড্ৰাইভাৰে। মোৰ টেনশ্যন আকৌ বাঢ়িল। বন্ধুৰ টয়লেটতে কিবা হোৱা নাইতো! বেয়া চিন্তা কিছুমান আহিবলৈ ধৰিলে মনলৈ। মই দৌৰি গৈ হোটেলখনত সোমালোঁ। ইফালে সিফালে চাই বন্ধুক নেদেখিলোঁ। হঠাতে মোৰ হোটেলৰ ‘ৱাছ বেচিন’টোলৈ চকু গ’ল। বেচিন আৰু মূল ঠাইৰ মাজত অলপ বন্ধ ঠাই আছে। সেই চুকটোতে দেখোন সি ৰৈ আছে। অলপ আগবাঢ়ি গৈ দেখিলোঁ তাৰ এহাতত দুটা ডাঙৰ চিংৰা আৰু আনখন হাতত টেনিছ বলটোৰ দৰে এটি প্ৰকাণ্ড মিঠাই। দুয়োখন হাতেৰে মুখলৈ ভৰাইছে, এবাৰত চিংৰা…আনবাৰত মিঠাই। গো-গ্ৰাসে গিলোঁতে চাগে চিংৰাটোৰ ভিতৰৰ মটৰ দুই-এটা নাকৰ ভিতৰলৈও সোমাইছে, সি হাঁচিয়াইছে মাজে মাজে।
মই তাত ৰৈ থকাতকৈ উভতি আহি পুনৰ বাছত আহি বহিলোঁ। অলপ পিছত পেটটো পিহি পিহি মুখখন বেঁকা কৰি সিও আহি বহিল। মই একো নামাতিলোঁ।
কিছু দেৰিৰ পিছত কনডাক্টৰ আহিল ভাড়া খুজিবলৈ। বন্ধুলৈ চাই দেখো, সি গভীৰ নিদ্ৰাত! পুণে আহি পোৱাৰ পিছত সি মোক ক’লে – ‘মেডিচিন কিনোতে তোৰ খৰচ হ’ল ন’ আজি? তই বিলখন আনিছ যদি দিবিচোন। মই অ’ফিচত জমা দিলে ‘ৰিফাণ্ড’ পাম…তোক আধা পইচা দিম বাৰু, চিন্তা নকৰিবি’!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক