এয়াও বিদেশ! বুৰ্কিনা ফাচো – শিল্পী ভূঞা গোস্বামী

বিদেশ বুলিলেই বেছিকৈ চাক-চিক, অত্যাধুনিক, মনোমোহা দৃশ্যৰে ভৰপূৰ ঠাইবোৰৰ কথাই মনলৈ আহে। হয়তো উন্নত দেশবোৰৰ চালে চকু ৰোৱা ঠাইবোৰৰ ভ্ৰমণ অভিজ্ঞতাৰ ধুনীয়া ধুনীয়া কাহিনী কিছুমানেৰে ভৰা লিখনি আমি বেছিকৈ পঢ়িবলৈ পাওঁ বাবেই এনে ভাব আমাৰ মনলৈ আহে।

কিন্তু আজি যিখন ঠাইৰ বিষয়ে অলপ লিখিব খুজিছোঁ, সেইখনলৈ মি: গোস্বামী (হাজবেণ্ড) যোৱাৰ কথা ওলোৱাৰ আগলৈকে মই ঠাইখনৰ নামেই শুনা নাছিলোঁ। আফ্ৰিকা মহাদেশৰ অতি দুখীয়া দেশ বুৰ্কিনা ফাচো (Burkina Faso)। নিয়ম মতে তেওঁ গৈছে যেতিয়া তেওঁ লিখা হ’লে বেছি ভাল আছিল কিন্তু সেয়া হৈ নুঠিল। আজি কেইবা বছৰো হ’ল যেতিয়া ঠাইখনৰ তেওঁৰ ভাল লগা আৰু তেওঁৰ মুখেৰে শুনি মই অভিভূত হোৱা অভিজ্ঞতাবোৰৰ বিষয়ে ময়েই লিখি থওঁ বুলি ভাবিলোঁ।

তেতিয়া ইব’লা মহামাৰীৰ প্ৰকোপ চলি থকাৰ সময়। আফ্ৰিকা বুলিলেই (যদিও সমগ্ৰ আফ্ৰিকাতে ইব’লা হোৱা নাছিল) ভয় লাগি যোৱাৰ সময় আছিল।

সেই সময়তে আফ্ৰিকাৰ বিভিন্ন দেশৰ, বিশেষকৈ বুৰ্কিনা ফাচো, মাডাগাস্কাৰ, মৰিছিয়াছৰ দৰে ফ্ৰেন্স (ফৰাচী) ভাষা কোৱা ( এনে দেশক ইংৰাজীত Francophone বুলি কয়) দেশসমূহত চলি থকা ফ্ৰেন্স প্ৰচেচবোৰৰ দায়িত্বত আছিল বাবে, এওঁ কৰ্ম সংক্ৰান্তত আফ্ৰিকালৈ যাবলগীয়া হৈছিল। তেওঁ যোৱা দেশকেইখনত ইব’লা নাই বুলি জনা সত্বেও মই অলপ চিন্তিত হৈছিলোঁ; পিছে এওঁ অনাহকত চিন্তা কৰা মানুহ নহয়।

বুৰ্কিনা ফাচোৰ ৰাজধানী ৱাগাদুগুত (Ouagadougou) নামিবলৈ প্লেনখন অগ্ৰসৰ হওঁতে ওপৰৰ পৰা এওঁ দেখিছিল ৰঙা ৰঙা মাটিৰ কেঁচা শুকান ৰাস্তাৰে পৰিপূৰ্ণ, ওখ ওখ বিল্ডিং দেখা নোপোৱা এখন অগতানুগতিক ৰাজধানী। পকা বাট পথ নেদেখি প্লেনখন ক’ত নামিব সেই লৈ উৎসুক হৈ থাকোতেই প্লেন খনে মাটি চোৱাৰ ঠিক আগমুহূৰ্তত হে এয়াৰপৰ্টৰ ওচৰত পকা ৰাস্তা দেখিবলৈ পাইছিল। দেশখনৰ ৰাজধানীখনৰে সেই অৱস্থা, কিমান দুখীয়া দেশ সহজেই অনুমান কৰিব পৰা গৈছিল।

সাধাৰণতে ইংৰাজৰ শাসনত থকা দেশবোৰৰ কথাই আমি বেছিকৈ জানো কিন্তু বুৰ্কিনা ফাচোৰ দৰে বহু দেশ ফ্ৰান্সৰ অধীনতো আছিল। ১৯৬০ চনৰ পাঁচ আগষ্টত দেশখনে নিজৰ স্বাধীনতা ঘূৰাই পাইছিল। ফৰাচী এতিয়াও তাৰ চৰকাৰী ভাষা যদিও প্ৰায় ৪০% নাগৰিকে ম’চ্চি (Mossi) ভাষা ব্যৱহাৰ কৰে।

এদিন এওঁক তাতে থকা ভাৰতীয় বন্ধু এজনৰ ঘৰলৈ নিমন্ত্ৰণ কৰোঁতে, খাবলৈ উত্তৰ-ভাৰতীয় সোৱাদৰ সুন্দৰ ‘পুৰি-চ্চৌলে’ পৰিৱেশন কৰাৰ পাছত ৰান্ধনি দেখিহে আচৰিত হ’বলগীয়া হ’ল। তেওঁ তাৰেই এগৰাকী আদিবাসী মহিলা। বন্ধু পত্নীয়ে তাত ফুৰিবলৈ যাওঁতে ৰান্ধনীগৰাকীক উত্তৰ-ভাৰতীয় খোৱা ৰান্ধিবলৈ শিকাই পাকৈত কৰি থৈ আহিছিল যাতে গিৰিয়েকৰ খোৱা-বোৱাত অসুবিধা নহয়। এওঁ ফৰাচী ভাষাত খোৱাৰ সোৱাদ খুব ভাল হৈছে বুলি কোৱাত তেওঁ যেনে তেনে হে ফৰাচীত ধন্যবাদ (merci) বুলি কৈছিল। মহিলাগৰাকীয়ে স্থানীয় ভাষাহে ব্যৱহাৰ কৰে। অত্যন্ত দুখীয়া আৰু অতি বিনয়ী এই মানুহবোৰৰ বাবে জীৱিকাৰ উপায় উলিওৱা এই কোম্পানীবোৰ আশাৰ ৰেঙণিস্বৰূপ।

ভাৰতীয়ৰ (বিশেষকৈ উত্তৰ-ভাৰতীয়) পৃথিৱীৰ সকলো ঠাইতে প্ৰভুত্ব। বুৰ্কিনা ফাচোৰ দৰে নাম নুশুনা দেশতো আনকি বহুত ভাৰতীয়ই ব্যৱসায় কৰি আছে। এওঁ যোৱা সময়তে আনকি ধুম-ধামেৰে পালন কৰা নৱ ৰাত্ৰিৰ সুন্দৰ উৎসৱ উপভোগ কৰিবলৈও পালে। স্থানীয় লোকেও আহি উৎসৱ উপভোগ কৰিছিল।

চাৰিওফালে আন দেশে আগুৰা (যাক ইংৰাজীত কোৱা হয় Landlocked) দেশখন খনিজ পদাৰ্থ আন বহু বস্তুৰ উপৰি কাজু বাদামৰ বাবেও বিখ্যাত। শাক-পাচলি লগতে ৰাস্তাতে অতি সাধাৰণভাবে দীঘল দীঘল পেকেটত অতি সস্তাত কাজু বিক্ৰী কৰি থাকে। এওঁ ভালেমান কাজু লৈ আহিছিল। অতি সোৱাদযুক্ত আছিল। নিখুত ব্ৰ’ঞ্জৰ শিল্প কলায়ো দেশখনৰ পৰিচয় বহন কৰে। সেই শিল্পৰ এটা চানেকিয়ে বৰ্তমান আমাৰ ঘৰখনো শুৱনি কৰি থৈছে।

আফ্ৰিকাৰ Che Guevara বুলি বিখ্যাত বুৰ্কিনা ফাচোৰ পূৰ্ব ৰাষ্ট্ৰপতি Thomas Isidore Noël Sankaraই দেশখনৰ উন্নতিৰ হকে বহুত আঁচনি হাতত লৈছিল। দেশখনে এজন ব্যতিক্ৰমী নেতা পাইছিল। ১৯৮৩ ৰ পৰা ১৯৮৭ লৈকে চাৰি বছৰ ৰাষ্ট্ৰপতিৰ আসনত থকা প্ৰতাপী নেতা সংকাৰাক মাত্ৰ ৩৭ বছৰ বয়সত ষড়যন্ত্ৰ কৰি হত্যা কৰা হয়। তেওঁ জীৱিত থকা হ’লে হয়তো দেশখনৰ অৱস্থা ইমান শোচনীয় নহ’লহেঁতেন। ইংৰাজতকৈও ফ্ৰান্সে আধিপত্য কৰা দেশসমূহত স্থানীয় লোক বেছিকৈ শোষিত হৈছিল। দেশখনৰ বৰ্তমান অৱস্থায়ো দেশখনত চলি থকা ভ্ৰষ্টাচাৰৰ ছবিখন বাৰুকৈয়ে দাঙি ধৰে।

আফ্ৰিকাৰ বহুত চহৰত ৰাস্তাই-ঘাটে চুৰি-ডকাইতি আদিৰ বাবে সাৱধান হ’ব লাগে কিন্তু আচৰিতধৰণে বুৰ্কিনা ফাচো ইয়াৰ ব্যতিক্ৰম আছিল। মাজৰাতিও বোলে বাট-পথত অকলে ঘূৰি ফুৰিলে ভয় কৰিবলগীয়া নহয়। এওঁ অফিচ, এয়াৰপৰ্ট, হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিত অতি বিনয়ী আৰু ভদ্ৰ মানুহেই লগ পাইছিল। দুখীয়া অথচ এখন ভদ্ৰ দেশৰ ভাল লগা আৰু আপুৰুগীয়া অনুভৱ কিছুমান লৈ এওঁ আফ্ৰিকাৰ বেলেগ দেশলৈ ৰাওনা হৈছিল।

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments