এৰাতি মই, গেন্দুল আৰু চেংগিজ খান **** ( বিপ্লব বৰা )

Moi Gendul Aru Zengiz Khan

’’ভাইটি, ৰাখা হে৷ মই ইয়াতে নামিম৷ ’’ মোৰ কথাত বাছৰ কণ্ডাক্টৰে ড্ৰাইভাৰক বাছ ৰাখিবলৈ চিঞৰ দিলে৷ বাছখন ৰখাত মই বাছৰ পৰা নামি পৰিলোঁ আৰু বাছখনে পুনৰ গতি ল’লে৷

চাৰিআলিৰ এখনো দোকান খুলা অৱস্থাত নাই৷ ক’তো এটা লাইটো জ্বলি থকাৰো উমঘাম নাই৷ হয়তো কাৰেণ্ট নাই৷ ম’বাইলত সময় চাই দেখিলো নিশা বাৰ বাজিবলৈ পোন্ধৰ মিনিট বাকী৷ আকাশত অহৰহ খেল দেখাই থকা বিজুলীৰ পোহৰত ইফালে সিফালে চাই কেনিয়ো এটামানো জনপ্ৰাণীৰ অস্তিত্ব চকুত নপৰিল৷ ফিৰিফিৰিয়া বতাহ এজাক মাৰি আছে৷ যিকোনো মুহূৰ্ততে বৰষুণ নামি আহিব৷ পিঠিৰ বেগটোৱো যেন ভাৰী ভাৰী লাগিল এবাৰৰ কাৰণে৷ ভাৱিলো লগৰ কোনোবা এটালৈ ফ’ন কৰি দিও, বাইকেদি আহি মোক লৈ যাওকহি৷ আকৌ ভাৱিলো, নাই, বহুদিন দীঘলীয়াকৈ খোজ কাঢ়া নাই৷ বতাহজাক চেঁচা যদিও ভালেই লাগিছিল৷ অলপ অলপ নিচাৰ ভাৱ এটা লাগি আছিল, খোজকাঢ়ি গ’লে সেইটোৱো ঘৰ পোৱালৈকে নাইকিয়া হৈ যাব লাগে বুলি খোজ কাঢ়ি যোৱাৰেই সিদ্ধান্ত ললো৷

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটোত খোজ আৰম্ভ কৰিলোঁ৷ ৰাস্তাৰ দুয়োকাষে ধাননি পথাৰ৷ কোনোবা কোনোবাই নিজৰ ধান কাটি চপাই নিয়াৰ বাবে মাজে মাজে মুকলি যেন হৈ পৰিছে৷ বাকীখিনিত নকটা ধানৰ ওপৰত বতাহে ঢৌৰ সৃষ্টি কৰিছে৷

গান শুনি শুনি গ’লে ভাল লাগিব বুলি মনলৈ ভাৱ এটা অহাত কাণত ম’বাইলৰ হেডফ’নডাল গুজি দিলোঁ৷ কাণত বাজি উঠিল “ৰাতি মনে মনে গৈছিলোঁ তোৰ ঘৰলৈ/ মোৰ মাজনী তোকেনো আনো বুলি টানি/ চুৱা পাতনিতে জোপে লৈ মই থাকোতে/ মোৰ মাজনী মাৰেঐ মাৰিলে পানী….’’৷

এই ৰাতিখন ঘৰ আহি ওলোৱা দেখিলে মা কিমান আচৰিত হ’ব এবাৰ কল্পনা কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ গেন্দুলৰ বিয়ালৈয়ো আহিব নোৱাৰিম বুলি কোৱাত মা যেন সিমান এটা আচৰিত হোৱা নাছিল৷ অথচ গেন্দুল মোৰ সৰুকালৰে পৰা বন্ধু৷ ভাত খাওঁতে মোৰ ডিঙিত ভাত এটা লাগিলেও সি সেই খবৰ পাইছিল৷ অজলা মায়ে যেন আজিকালি মোৰ চাকৰিৰ ব্যস্ততা মোতকৈ বেছিকৈ বুজি উঠিবলৈ লৈছে আৰু মোক আগৰ দৰে ঘৰলৈ কেতিয়া আহিম, কেইদিনৰ কাৰণে আহিম, কি কি পিঠা, লাড়ু বনাই ৰাখিব লাগিব আদি প্ৰশ্নবোৰ কৰিবলৈ এৰি পেলাইছে৷ মায়ে এবাৰো শুধা নাছিল মই অফিচৰ পৰা চুটী নাপাম কাৰণে গেন্দুলৰ বিয়ালৈ আহিব নোৱাৰিম, নে মোৰ নিজৰে আহিবলৈ মন নাই৷

সেইদিনা দেওবাৰ আছিল কাৰণে অফিচ বন্ধ বুলি দেৰীলৈকে শুই আছিলোঁ৷ দুপৰীয়া গেন্দুলৰ ফ’ন পাইছিলো৷ মই নিজেই তেতিয়ালৈকে গেন্দুলক তাৰ বিয়ালৈ নাহিম বুলি কোৱা নাছিলোঁ যদিও মাৰ মুখত সি শুনিছিল মোৰ তাৰ বিয়ালৈ আহিব নোৱৰাৰ কথা৷ ভাল ক্লাছ লৈছিল সেইদিনা সি মোৰ৷ মই কেৱল এটা পইচা ঘটাৰ যন্ত্ৰ হ’লো, ৰবটৰ দৰে ভাৱ- অনুভূতিহীন হ’লো আদিৰ পৰা আৰম্ভ কৰি আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱৰ খবৰ ৰখা বাদেই, যোৱা আঢ়ৈ বছৰে গাঁৱৰ ঘৰত মোৰ বিধৱা মা অকলে কেনেকৈ আছে, এবাৰো চাই আহিবলৈ সময় মিলাব নোৱৰাৰ কথা কৈ এপাতৰ পিছত এপাত কথাৰ শেল মোক বহুৱাই গৈছিল৷ প্ৰথমতে এবাৰ তাৰ ফ’ন কাটি দিবলৈ মন গৈছিল যদিও কিবা কাৰণত কাটি দিব পৰা নাছিলোঁ৷ তাৰ ফ’নটোৰ পিছত সেইদিনা দিনটো নিজৰ জীৱনৰ কথাই ভাৱিছিলো বিছনাত পৰি পৰি৷ সঁচাকৈয়ে এটা ভাৱলেশহীন যন্ত্ৰ হৈ যোৱা নাইতো মই! ! সপ্তাহত পাঁচটা দিন ৰাতিপুৱা শুই উঠি অফিচ, সন্ধিয়া অফিচৰ পৰা আহি নিজৰ ৰুম পাই আকৌ বিছনাত পৰালৈকে টি.ভি.ত চিনেমা বা ইণ্টাৰনেটত এটাত ভাৰ্চুৱেল জীৱন আৰু সপ্তাহৰ বাকী দুদিন চুটীৰ অৱসৰ বিনোদনৰ নামত সন্ধিয়াৰ পৰা মাজনিশালৈকে ক্লাৱত সহকৰ্মীৰ লগত নাচবাগ আৰু সুৰাপান৷ এইবোৰতেই আজি চাৰিবছৰৰ বেছি দিন ধৰি জীৱনটো খৰচ কৰি আছোঁ৷ দিনটো সেইবোৰেই ভাৱি ভাৱি শেষত গেন্দুলৰ বিয়ালৈ অহাৰ সিদ্ধান্ত লৈ তালৈ সেইদিনা ৰাতিয়েই ফ’ন কৰি কৈছিলো তাৰ বিয়াৰ আগদিনা আহি পাম বুলি৷ আৰু কৈছিলোঁ মাক এইবিষয়ে একো নজনাবলৈ৷ পিছদিনা অফিচত দহদিনৰ বাবে চুটী বিচাৰিলোঁ আৰু চুটী নাপালে চাকৰি এৰি যাম বুলিয়েই মেনেজাৰক জনাই দিছিলো৷

হঠাত চিন্তাত যতি পৰিল৷ পিঠিত কিবা এটাই কোবাই থৈ যোৱা যেন অনুভৱ কৰিলোঁ৷ কাণৰ পৰা হেডফ’নডাল গুচাই ইফালে সিফালে চালো যদিও আন্ধাৰত একোৱেই দেখা নাপালোঁ৷ হয়তো কিবা নৈশ চৰাইয়ে কিবা বিজুটিত কোবাই থৈ গ’ল বুলি পুনৰ খোজ আৰম্ভ কৰিলোঁ৷ হঠাতে এচাটি বিজুলীৰ পোহৰত মোৰ পৰা অলপ দুৰত ধাননিৰ মাজত দুটা মানুহে দবৰা দবৰি কৰি থকা যেন লাগিল যদিও পিছমুহূৰ্ততে আকৌ চাৰিওফালে আন্ধাৰ হোৱাত একো খাটাং হ’ব নোৱাৰিলোঁ৷ এই ৰাতিখন ধাননিৰ মাজত কোন হ’ব পাৰে বুলি ভাৱি ভাৱি কিবা মনিব পাৰো নেকি চাবলৈ চেষ্টা কৰি থাকোতেই পুনৰ এচাটি বিজুলীৰ পোহৰে সেইখিনি ঠাই পোহৰাই তুলিলে যদিয়ো কাকো দেখি নাপালো৷ নিচাৰ আবেশতে কিবা ভ্ৰম দেখিলোঁ বুলি পুনৰ খোজ আৰম্ভ কৰিলোঁ৷ পথাৰৰ মাজৰ ট্ৰেইনৰ আলি সাৰি আহিছোহে মাত্ৰ, আৰু দুই কিলোমিটাৰ মানেই আছে ঘৰ পাবলৈ৷ বতাহৰ গতিয়ো তীব্ৰ হৈ আহিছে৷ কাণত পুনৰ হেডফ’নডাল গুজি দিলোঁ৷ কাণত বাজি উঠিল, “পুকাৰতা চলা হুঁ মে/ গলি গলি বাহাৰ কি/ বচ ইক চাঁও জুল্ফ কি/ বচ ইক নিগাহ প্যাৰ কি/ পুকাৰতা চলা হুঁ মে…..’’

এসপ্তাহৰ চুটী মঞ্জুৰ হৈছিল মোৰ৷ লগে লগেই প্লেন বনালো যাওঁতে টেইনত যাম, বহুদিন ট্ৰেইনত উঠা নাই৷ নতুন দিল্লী ৰেইলৱে ষ্টেচনৰ পৰা নৰ্থইষ্ট এক্সপ্ৰেছৰ চেকেন্দ ক্লাছ স্লীপাৰত মুমফলি, ছ’লে-চানা, চাপাটি, পুৰী-ছবজি, সকলো দগৰা খাৱন দি দি বায়ুত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰি কৰি গুৱাহাটী ৰেইলৱে ষ্টেচন পাম৷ পল্টন বজাৰৰ কোনোবা এখন বাৰত ৰকেট গতিত দুবটল বীয়েৰেৰে ডিঙিৰ তৃষ্ণা মৰীষণ আৰু তাৰপিছত পল্টন বজাৰৰ পৰা উজনি অসমলৈ যোৱা যিকোনো এখন নাইট চুপাৰত ড্ৰাইভাৰৰ কেবিনত হ’লেও বহি গৈ আমাৰ গাঁৱলৈ যোৱা চাৰিআলিত অৱতৰণ আৰু তাৰপৰা ঘৰলৈকে খোজকাঢ়ি নিজৰ শাৰীৰিক সক্ষমতা প্ৰদৰ্শন৷ মুঠতে একদম দিল্লী ইউনিভাৰ্চিটিত ডিগ্ৰী পঢ়ি থকাৰ দিনৰ ভাওনাখনৰ পুনৰাবৃত্তি৷ আৰু সেই হিচাপেই সকলো হৈ আহি আহি এতিয়া মই এই মুহূৰ্তত আমাৰ ঘৰলৈ যোৱা ৰাস্তাত এই ৰাতিখন খোজকাঢ়ি আছোঁ৷ ভাৰতীয় ৰেইলৰ ইন্দিয়ান ষ্টেণ্ডাৰ্ড টাইম অনুসৰি ট্ৰেইন তিনি ঘণ্টা পলম নোহোৱা হ’লে মই ইমান সময়ে ঘৰত বিছনাত বাগৰ দিলোঁ হয় চাগে৷ কাইলৈৰ পৰা গেন্দুলৰ বিয়া হিলাই দিয়াৰ লগতে গাঁৱত এই আঢ়ৈ বছৰত কি কি সলনি হ’ল সকলো খবৰ কৰি তিনিদিন পিছত ফ্লাইটত দিল্লীলৈ পুনৰ উভটনি যাত্ৰা৷

আহি আহি আমতলৰ তিনিআলিয়ে পালোঁহি৷ সিফালৰ পৰা এই ৰাতিখন কোনো অহাৰ সম্ভাৱনা নাই যদিও এবাৰ চালো, কাৰোবাক দেখোৱেই নেকি৷ নাই, কোনো নাই৷ পিঠিৰ বেগটো সন্মুখলৈ অলপ বেকা কৰি চাইড পকেটৰ পৰা চিগাৰেটৰ পেকেট আৰু লাইটাৰটো উলিয়াই আনি চিগাৰেট এডাল জ্বলাই লৈ সন্মুখলৈ চাওতেই উচপ খাই উঠিলোঁ৷ লাইটাৰৰ পোহৰত দেখিলো সন্মুখত দেখোন সেইটো গেন্দুল৷

“আবে চন, তই এই ৰাতিখন ইয়াত ক’ৰ পৰা ওলালিহি বে? মইতো কাকো একো কোৱা নাই, মই আজি আহি আছোঁ বুলি৷ আৰু বিয়াৰ কামকাজ কি চলি আছে বে? ৰভা দিলি? আৰু তই ওলালিহি কোন ফালৰ পৰা অ’! মই দেখোন সেইফালেও জাষ্ট চাইছিলোহে, কোনো আহি থকা দেখা নাছিলোঁ? ’’

“নাই বে, বিয়াৰ যোগাৰতে সেইফালে গৈছিলোঁ অ’ হাঁহখোৱা দাইটিৰ ঘৰলৈ৷ লাইফত সব কৰিবি, বিয়া নাপাতিবি বে! যোৱা এমাহ ধৰি চকৰিত ঘুৰা দি ঘূৰিয়েই আছোঁ বিয়াৰ নামত৷ সন্ধিয়া খবৰ পাইছিলো হাঁহখোৱা দাইটিৰ ঘৰত ডাঙৰ টৌ এটা আছে বোলে৷ সেইটোকে নিবলৈকে আহিছিলো ৰিচেপচনৰ দিনা লাগিব বুলি৷ আহোতেই দেৰী হৈছিল৷ কোন কুফাৰ সাউ লাগিল জানো, বাটতে আকৌ চাইকেলৰ পিছৰ চকাটোৱে ফুটি থাকিল৷ এতিয়া টৌৱো অনা নহল, চাইকেলো দাইটিৰ ঘৰতে পেলাই থৈ আহিছো৷ ব’ল শুনকালে খোজ দে৷ বৰষুণ পৰিবই এতিয়া আৰু৷ আৰু মাৰে গম পালে নেকি তই আহি আছ বুলি? আৰু ইমান দেৰী হ’ল যে? মানুহটোৱো মলমলাই আহিছ একেবাৰে! ! কেনেকৈ দেখিবি কোনফালৰ পৰা কোন আহি আছে, এনেই আন্ধাৰ, তাতে টেটুলৈকে শান্তিপানী দি আহিছ! ’’

“তই যদি একো কোৱা নাই, তেন্তে মায়ে মই তোৰ বিয়ালৈ আহিম বুলি গম নাপাই এতিয়ালৈকে৷ ট্ৰেইনত আহিছো বে, তিনি ঘণ্টাই লেইট মাৰিলে সেইখনে, সেয়ে দেৰী হ’ল৷ আহোতে পল্টন বজাৰত বাৰত বহি দুটা ভালুক বধিলো, গাড়ীত বহিয়ো দুটা কেন বধিলো৷ গাড়ীত জোকাৰণি খাই অলপমান গাতে পৰি চোলা ভিজিছিল, সেইয়াই মলমলাই আছে এতিয়াও৷ তই এই বতাহতো গোন্ধ পাইছ, মাৰ নাক যিহে দীঘল, মায়ে গোন্ধ পালে কাইলৈ এষাৰ শুনাবই৷ আৰু আজিকালি অসমত টিউবৰ্গতো ভেজাল আহে নেকি বে! মাথা টিনটিনাই গৈছে৷ জাৰ্ণী বুলি ভাগৰুৱা হৈ আছোঁ কাৰণে নে মালেই বটলা ভগৱানে জানে আৰু বে৷ আৰু ক’, বিয়া পাতি হনীমুন ক’ত যাবি? হনীমুন বুলি যে কিবা এটা বস্তু আছে শুনিছনে কেতিয়াবা?”

“হ’ব থ বে, বাহিৰত থকাৰ লেভেল নাফালিবি৷ গাঁৱত থাকো বুলি হনীমুনৰ নামো নুশুনিম নে! সেইবোৰ বাদ দে, তইতো কাইলৈহে আহি পোৱাৰ কথা আছিল, এদিন আগতেই ওলালিহি যে? আজি কি দিন মনত নাই?’’

“আবে চন, চুটী যেনেকৈ পালো, সেইমতেই মিলাই মেলি এদিন আগতেই আহি গ’লো আৰু৷ ট্ৰেইনত উঠি তোলৈ ফ’ন ট্ৰাই কৰিছিলো যদিও তোক আউত অৱ কভাৰেজ এৰিয়া বুলিলে৷ পিছত ফ’ন নকৰিলো আৰু৷ ভাৱিলো তোকো ছাৰপ্ৰাইজাই দিওঁ৷ কিয় বে, আজি আহিনো কৌনচা গুনাহ কৰিলোঁ?’’

“এই কেইবছৰে ঘৰ নাহি নাহি সকলো পাহৰিলি তেন্তে৷ মনত নাই ডিচেম্বৰ মাহৰ অমাৱস্যাৰ ৰাতি মোৰ আইতাৰ আত্মা পথাৰত ঘুৰে৷ কিমানে দেখিলে আজিলৈ, কিমানৰ ভয়ত আধামৰা গতি হ’ল, সব পাহৰিলি নেকি বে? ’’

“মনত আছে বে৷ কিন্তু কোনদিনা পূৰ্ণিমা, কোনদিনা অমাৱস্যা, সেইবোৰৰ হিচাপ আজিকালি লাইফৰ ইকুৱেশ্যনৰ পৰা আউতেই হৈ গ’ল বে৷ কেতিয়াবা কেনেবাকৈ পূৰ্ণিমা, অমাৱস্যাৰ ৰাতি মুকলি আকাশৰ তলত থাকিলে আৰু আকাশলৈ চকু গ’লেহে গ’ম পাওঁ আৰু, কথা সিমানেই৷ আৰু তোৰ আইতাৰৰ ভুত-চুত কিবা ওলাই বুলি মই নামানো বে৷ অ’, সৰুতে ভয় খাইছিলো সেইটো ঠিক, কিন্তু আজিকালিৰ দিনত কিহৰ ভুত অ’৷ আমাৰ গাঁৱৰ যিকেইটাই তোৰ আইতাৰৰ ভুত দেখিছিল, সেইকেইটাৰ দিনতে ধাতু কিমান, গোটেই গাঁৱৰ ৰাইজে জানেই৷ অ’, যদিহে ভুত টাইপ কিবা প্ৰাণী থাকে, আৰু তোৰ আইতা যদি সঁচাই তেনেকুৱা ভুত হ’ল, তেন্তে তোৰ আইতাৰ যি দাকু চীজ আছিল, মানুহক যে অতপালি কৰিবই কৰিব, সেইটো খাটাং৷ মই দিল্লী যোৱাৰ আগতেই দেখোন তোৰ আইতাৰক কোনোবাই দেখা বুলি কেইছ শুনিবলৈ নোপোৱা হৈছিলোঁ৷ আজিকালিয়ো কোনোবাই দেখে নেকি তোৰ আইতাৰক? ’’

“নাই, এই দুবছৰমান কোনোবাই আইতাক দেখিছে বুলি শুনিবলৈ পোৱা নাই৷ আমাৰ গাঁৱৰ মানুহনো আজিৰ দিনটোত ক’ত পথাৰলৈ আহে অ’ সন্ধিয়াৰ পিছত? লাষ্ট টাইম ধৰণী দাইটিৰ ঘৰত আলহী খাবলৈ আহি ৰাতি মৰসাহ দেখুৱাই উভতি যোৱা এটাৰ বাইকৰ আগত ট্ৰেইন আলিৰ কাষত আইতা ওলাইছিল বোলে৷ বাইক চাইক তাতে পেলাই আকৌ দৌৰি দৌৰি উভতি আহি ধৰণী দাইটিৰ ঘৰ ওলাইছিল৷ পিছদিনা তাৰ ঘৰৰ মানুহ আহি তাক লৈ গৈছিলহি৷ দুদিনলৈকে এৰি দে মোক, এৰি দে মোক বুলি ভ্ৰম বকি আছিল বোলে৷ আজি তোকো পালেহেঁতেন হিৰো৷ আইতাক বাকী মানুহে যিমানেই দাংকাতি আছিল নোবোলক, মোক কিন্তু বহুত মৰম কৰিছিল৷ সেয়ে এতিয়া মই লগত আছো কাৰণে তোক দেখা দিয়া নাই, বুজিলি৷ ’’

“হব থ, যি ৰোমাণ্টিক বতৰ আজি, তোৰ আইতাৰে এতিয়া বেলেগ কোনোবা ভুতৰ লগত লাইন মাৰি আছে চাগে৷ নহলে তোৰ আইতাৰে মোক দেখিবই নোৱাৰিছিল বে, তোৰ আইতাৰৰ যতৰটো সেইবাৰ ভাঙি পেলোৱাৰ পিছৰ পৰা৷ কি ফুলন দেৱী আছিল অ’, সৰু পোৱালি এটাই যতৰ এটাত নাজানি উঠি দিয়াত যতৰটো ভাঙিলেই যেনিবা, সেইবুলিয়েনো সৰু পোৱালি এটাকো জানী দুছমন টাইপ দেখিলেই কেটেৰা-জেঙেৰা মাৰি থাকিব লাগিছিল নে! তোৰ আইতাৰ সঁচাই ভুত হোৱা হ’লে আজি মোক হামলা দিলেই হয়, সেইটো খাটাং বাৰু৷ আৰু তোৰ আইতাৰ টাইপ কামোৰ মানুহবোৰেই ভুত হয় চাগে!’’

“নহয় বে, তই কেইছটো জানই দেখোন৷ নে পাহৰিলি! সেইদিনা আমাৰ গৰু এজনী সন্ধিয়ালৈকে ঘৰলৈ উলটি নোযোৱাত আইতা গৰুজনীকে বিচাৰি আহি পথাৰ ওলাইছিলহি৷ গৰুজনী গাভিনী হৈ আছিল কাৰণে বোলে আইতাৰ চিন্তা বেছি হৈছিল৷ আইতায়ো ঘৰলৈ উভতি নোযোৱাত চিন্তা হৈছিল সকলোৰে৷ দেউতায়ো সেইদিনা টাউনলৈ গৈ কিবা কাৰণত দেৰী হৈছিল ঘূৰি অহা৷ পাছত সেইদিনা গোটেই ৰাতি বিচাৰিয়ো আইতাৰ খবৰ পোৱা নগল৷ সেইদিনায়ো ডিচেম্বৰ মাহৰ অমাৱস্যাই আছিল৷ পিছদিনা ট্ৰেইন আলিৰ কাষত আইতাৰ লাচ পোৱা গৈছিল৷ শিয়ালে কামুৰি কামুৰি নেফানেফ কৰি পেলোৱা আইতাৰ লাচ৷ তেতিয়াৰ দিনতনো কিহৰ প’ষ্টমৰ্টেম আৰু৷ আইতা এনেও হাৰ্টৰ বেমাৰী আছিল, মানুহে হাৰ্ট’ষ্ট্ৰোক হৈয়ে পথাৰত ট্ৰেইন আলিৰ কাষতে ক’ৰবাত আইতা মৰিছিল বুলি ধৰি লৈছিল৷ দেউতাহঁতেও তাকেই মানি লৈছিল আৰু৷ কিন্তু সেইদিনাৰ পৰা শুকুৰা বুঢ়াক আইতাই দেখা দিবলৈ লৈছিল৷ আমাৰ গৰুজনীয়ে তাৰ ধাননিত সোমাই খোৱাত সিয়েই গৰুজনী নি সিহঁতৰ ঘৰত বান্ধি থৈছিল৷ বিচাৰি গ’লে আমাক ভালকৈ এষাৰ শুনাবলৈ৷ কিন্তু সেইকথা নাজানি আইতাই গৰুজনী বিচাৰি গৈ পথাৰতে ঢুকাল৷ সেইদিনাৰ পৰাই আজিলৈকে সিহঁতৰ লগত আমাৰ মাতবোল নাই৷ সদায় ৰাতি আইতাক দেখিবলৈ লৈ শুকুৰা বুঢ়ায়ো দুসপ্তাহৰ পিছত এদিন ৰাতি তেজবমি কৰি মৰিল৷ তাৰপিছতো আজিৰ দিনটোত মানুহে পথাৰত আইতাক দেখিবলৈ লোৱাত দেউতাই এবাৰ মায়ংৰ পৰা ওজা এটা আনি মঙল চোৱাইছিল৷ ওজাই আইতা ঢুকুৱা ঠাইত বগৰী গছ এজোপা ৰুবলৈ দিছিল৷ দেউতাই আইতাৰ লাচটো পোৱা ঠাইত বগৰী পুলি কেইবাবাৰো ৰুলে যদিও গছবোৰ জীয়াই নাথাকিল এবাৰো৷ আৰু আইতা আচলতে ক’ত ঢুকাইছিল, সেইটো মিষ্ট্ৰী হৈয়ে থাকিল সেইঠাইত বগৰী ৰুবলৈ৷ শিয়ালে নি হে লাচ সেইখিনি পোৱাইছিলগৈ বুলি সকলোৱে ভাৱে৷ বগৰী এজোপা আইতা ঢুকুৱা ঠাইতে ৰুব পৰা হ’লে….৷’’

“আবে, হব থ৷ এই ধুনীয়া বতৰতো ক’বলৈ পাইছগৈ ট্ৰেজেডি কেইছ৷ তাকো খৌফনাক ট্ৰেজেডি৷ ’’

“নহয় অ’, আইতা ক’তনো ঢুকাইছিল আচলতে জনা হ’লে ভাল আছিল বে৷ এনেকৈ মানুহে আইতাক দেখি থকা কথাটো লৈ দেউতাইয়ো দুখ কৰি থাকে৷ একচুৱেল ঠাই টুকুৰা জনা হ’লে ….’’

“একদম চেংগিজ খানৰ কবৰ ক’ত টাইপ কেইছ হৈ গৈছে তাৰমানে তোৰ আইতাৰ ক’ত মৰিছিলটো তহঁতৰ কাৰণে৷ সেইবোৰ ট্ৰেজেডি ফালা বাদ দে এই ৰাতিখন৷ পাৰিলে তোৰ আইতাৰ আহিয়েই ওলাইছে বোলে৷ তাতে মোক এনেয়ো দেখিব নোৱাৰিছিল৷ আৰু ক’, তইটো মই লাষ্ট টাইম আহোঁতে বেলেগ এজনীক হে খেপাই দেৱদাস বনি আছিলি? এইজনীক পালি ক’ত? ’’

“আবে, সেইবোৰ বহুত কথা৷ ফেইচবুকত দেখাক দেখি এনেই লিলিমাই কৰিবলৈ গৈ ফঁচি গ’লো বুলিয়েই ধৰ আৰু৷ তোক কাইলৈ ডিটেইলচ কৈ আছোঁ বে৷ নেমুৱো কাইলৈ আগবেলা হাইড্ৰাবাদৰ পৰা আহি পাব৷ তাকো ক’বই লাগিব একেটা ষ্ট’ৰীয়েই৷ কাইলৈ সন্ধিয়া বালিগাঁৱত ৰহি খাবলৈ যাম দে তিনিয়োটা৷ বিয়াৰ আগত ভালকৈ এবাৰ খাই লওঁ৷ বিয়াৰ পিছত আকৌ কেতিয়াকে খাবলৈ পাম, নে নাপামেই আৰু ভগৱানেহে জানে৷ তেতিয়াই ক’ম দুয়োটাকে মোৰ কেইছটো৷ তই এতিয়া মোক চেংগিজ খানৰ কবৰৰ কেইছটো ক’চোন! ’’

“আবে তাৰমানে তই চেংগিজ খান বুলি যে কোনোবা এটা আছিল, জান তাৰমানে৷ নে এনেই কথা সলাইছ বে, তোৰ কেইছটো ক’ব লাগে বুলি? আৰু তই গঞাঁইয়ো ফেইচবুকত বৰশী মাৰি মাছ ফঁচাই দিছ, আই এম প্ৰাওড অৱ ইউ বে চন৷ আৰু ফঁচিলি বুলিযে ক’লি …? ’’

“আবে, কাইলৈ কৈ আছোঁ না৷ এতিয়া কামোৰ নিদি চেংগিজ খানৰ কেইছটো ক৷ এবাৰ শ্বাহৰুখ খানে কৈছিল হিষ্ট্ৰীত দুটাই কিং খান ওলাইছে বোলে৷ এটা চেংগিজ খান, এটা শ্বাহৰুখ খান৷ তেতিয়াৰে পৰা চেংগিজ খানৰ বিষয়ে জানিবলৈ মন এটা আছিল৷ এতিয়াই আমাৰ তিনিআলি পোৱালৈকে ক চেংগিজ খানৰ বিষয়ে কি জান তই৷ ’’

“আবে শুন তেন্তে, চেংগিজ খান কি বস্তু আছিল৷ হনীমুনত যাওঁতে ঘৈণীয়েৰৰ আগত চেংগিজৰ কাহিনী কৈ তইযে জি.কে.ত এটা তামাম মাল, লেবেল ফালিব পাৰিবি৷ এসময় মধ্য এচিয়াত, মধ্য এচিয়া মানে কি বুলি বুজাম এতিয়া তোক, মানে ধৰ আজিৰ মংগোলিয়াৰ পৰা একদম ইৰাক, ইৰাণ, এইবোৰ দেশলৈকে, কাইলৈ মেপত চাই লবি, আৰু হনীমুনত যাওঁতেই ঘৈণীয়েৰৰ আগত লেবেল ফালিবলৈ মেপ এখন, নহয় বে, গ্লোব এটাই বান্ধি….’’

“আবে তই এতিয়াও এটা ফক্কৰেই থাকিলি ন৷ নাজানো কাৰণে সুধিলো, আৰু তই লাই পালি৷”

“আবে কুল য়াৰ, শুন তেন্তে৷ এসময়ত চেণ্ট্ৰেল এচিয়াত টাটাৰ বুলি কিছুমান অঘৰী টাইপ মানুহে মুচাফিৰ টাইপ ইফালৰ পৰা সিফাললৈ পিয়াপি দি ফুৰিছিল৷ ঠিক অঘৰী নহয়, চেমি-অঘৰী টাইপ মাল৷ অলপদিন একজেগাত থাকে আৰু ৠতুৰ পৰিবৰ্তনৰ লগে লগে নিজৰ পোহনীয়া জন্তু-জানোৱাৰবোৰ লগত লৈ খাদ্যৰ সন্ধানত আৰু থাকিবলৈ কিমান গৰম, কিমান ঠাণ্ডা, মিলাই মেলি বেলেগ এঠাইলৈ যায়৷ লাহে লাহে সিহঁতৰ জনসংখ্যা বঢ়াত কিছুমান এলেহুৱা টাটাৰে অনবৰতে মুচাফিৰ হৈ থাকিবলৈ এৰি অ’ত ত’ত থাকিবলৈ ভাল ভাল জেগা কিছুমান বাছি বাছি স্থায়ীকৈ থকাৰ প্ৰেকটিছো আৰম্ভ কৰিলে৷ এইখিনিলৈকে সকলোৰে গ্ৰহণযোগ্য চন-তন বুলি কথা নাই, দহটা পণ্ডিতে দহটা তাৰিখ দিয়ে৷ গতিকে তোৰ মোৰ কাৰণে এইবোৰ সব ওৱানচ আপন এ টাইম বোলা সময়ৰ কথা আৰু৷ আমাৰ নগা মানুহবোৰৰ যেনেকৈ এগালমান ট্ৰাইব আছে, টাটাৰবোৰৰো এগালমান ট্ৰাইব আছিল৷ চাইনিজবোৰে এই টাটাৰ মানুহবোৰক বগা টাটাৰ, ক’লা টাটাৰ আৰু জংঘলী টাটাৰ বুলি তিনিটা ফাইলত ভগাইছিল৷ চাইনীজ ৱাল বুলি যে কয়, সেই চাইনীজ ৱালৰ আশে পাশে থকা টাটাৰবোৰে চাইনীজ তৌৰ-তৰিকাবোৰ অলপ চলপ জানিছিল আৰু সিহঁতক বগা টাটাৰ বুলিছিল৷ যিকেইটা টাটাৰ এতিয়াৰ মংগোলিয়াৰ একদম উত্তৰফালে থাকিছিল আৰু ৰাছিয়াৰ ফালে বেছি অহা-যোৱা কৰিছিল, সেইকেইটাক জংঘলী টাটাৰ বুলি কৈছিল৷ আৰু এই দুয়োটা ফাইলৰ মাজত যিকেইটা টাটাৰে গোবি মৰুভূমিৰ পশ্চিমফালৰ পৰা আৰম্ভ কৰি বাকী মধ্য এচিয়াত ভাওঁনা দেখাই ফুৰিছিল, সিহঁতক ক’লা টাটাৰ বুলিছিল৷ এই ক’লা টাটাৰবোৰৰ আকৌ বহুত গেং আছিল, যাৰ ভিতৰত হিষ্ট্ৰীত বক্স অফিচ হিলাই দিয়া গেং দুটা আছিল, এটা টুৰ্কী গেং আৰু আনটো মংগোল গেং৷ এই মংগোল গেংটো মেইনলি থাকিছিল এচিয়াৰ মাজত গোবি মৰুভূমিৰ আশে-পাশে আৰু এতিয়াৰ মংগোলিয়াত আৰু এইটো গেংৰ পশ্চিমত একদম কাস্পিয়ান হ্ৰদ, ইৰাক, ইৰাণ, এইবোৰলৈকে টুৰ্কী গেং৷ মেপত চালে ভালকে বুজি পাবি৷ এই মংগোল গেংৰে মাল আছিল চেংগিজ খান৷ অলপ ৰ, মূত্ৰদান এচাত দি লওঁ৷ ভালুক খালে এইটোৱেই কেচকাল বে! খাবি এবটল, উলিয়াবি দুবটল৷ ’’

পেছাব কৰাৰ উদ্দেশ্যৰে ৰাস্তাৰ দাঁতিলৈ নামি গ’লো৷ কামফেৰা আৰম্ভ কৰোতেই গেন্দুলে কাৰোবাৰ লগত কথা পতা যেন লাগিল৷ হয়তো হ’বলগীয়া ঘৈণীয়েকৰ লগত ফ’নত ইস্ক ফৰ্মাইছে চনে৷ আকাশত তেতিয়াও অহৰহ বিজুলীৰ খেল৷ দুটা বটল আৰু দুটা কেন বীয়েৰৰ কৃপাত পেটত সৃষ্টি হোৱা এক আবদ্ধ জলৰাশিক এক জলপ্ৰপাতৰ ৰূপ দি দিলো৷ তিনিমিনিটমান সময়ৰ অন্তত জলপ্ৰপাতটোৰ মৃত্যুত আকৌ ৰাস্তালৈ উঠি দেখো গেন্দুলে যেন কাৰোবাক ঘূৰি যাবলৈ ইংগিত দি আছে হাতেৰে৷ কিন্তু বিজুলীৰ পোহৰতো একো দেখি নাপালোঁ৷

“কোন বে, কাক ঘূৰি যাবলৈ ইছাৰা দি আছ?’’

“আইতা বে, তোক মাত এষাৰ লগাই বোলে৷’’

“কামোৰ নিদিবি অ’৷ কোন হয়? আৰু কাৰ লগত কথা পাতিছিলি?’’

“নাই অ’৷ কোনো নহয়৷ তোৰ কলিজা চাইছিলো৷ কাকো ইংগিত দিয়া নাই৷ মাজতে তামোল পাৰিবলৈ গছত উঠোতে পৰিছিলোঁ৷ লাক ভাল আছিল কাৰণে তামোলজোপাৰ চাইডতে পৰি থকা কাটি নিয়া ধানৰ ডাঙৰি এটাত পৰাত একেবাৰে চিলিমেই নিচিঙিল আৰু৷ কিন্তু কান্ধত বিষ এটা এতিয়াও আছে৷ সেয়ে মাজে মাজে হাতখন অলপ ওপৰ তল কৰি থাকিলে আৰাম পাওঁ৷ কাকো একো চিগনেল দিয়া নাই৷’’

“কথা কাৰ লগত পাতিছিলি? ঘৈণীয়ে ফ’ন কৰিছিল নেকি? গুড নাইট কিছ তাৰমানে? এতিয়াই ফ’নতে মোৰ কি, ক’ত, কিয় বিখ্যাতটো দি দিব পাৰিলো হয় বে৷’’

“অ’, তাইয়ে ফ’ন কৰিছিল৷ নাই, বতৰৰ কাৰণে নেইটৱৰ্ক বেয়া৷ মাত খেৰখেৰাই আছিল কাৰণে কাটি দিলোঁ, কথা বুজিবই নোৱাৰি৷ তই চেংগিজৰ কাহিনী ষ্টাৰ্ট দে৷ মংগোল গেংৰ কথা কৈ আছিলি৷’’

“অ’.কে. বছ, শুন তেন্তে৷ এই মংগোল গেংটোৱে মাৰ্কেট হিলাই দিবলৈ আৰম্ভ কৰিলে চেংগিজ খান সিহঁতৰ বছ হোৱাৰ পিছত৷ আগতে সিহঁত এগালমান সৰু-ডাঙৰ টাটাৰ গ্ৰুপৰে এটা সাধাৰণ গ্ৰুপ আছিল, ডেঞ্জাৰাছ বুলি সিমান এটা ৰেপুটেশ্যন ফালি দিব পৰা নাছিল৷ কিছুমান পণ্ডিতৰ মতে সিহঁতৰ কোনোবা এটা ফাইটাৰ টাইপ পূৰ্বপুৰুষৰ নাম আছিল মংগোল খান আৰু সেইকাৰণে সিহঁত মংগোল বুলিয়েই জনা গৈছিল৷ তেতিয়া সিহঁতে মুছলীম ধৰ্ম গ্ৰহণ কৰা নাছিল, চেংগিজ খানৰ টাইমতো সিহঁত মুছলীম হোৱা নাছিল৷ তেতিয়া সিহঁতে চমনিজম বুলি ধৰ্ম এটা মানিছিল৷ এই চমনিজম বোলা মালটো আছিল আকৌ আমাৰ ইন্দিয়াত প্ৰডাক্টচন হোৱা বৌদ্ধ ধৰ্মৰ এটা এক্সপৰ্টেড ভেৰাইটি, উইথ মংগোলিয়ান ল’কেল ফ্লেভাৰ৷ চেংগিজ খান ভগৱানকৌ প্যাৰে হোৱাৰ ১২৫ বছৰ মান পিছতহে চেংগিজৰ বংশৰে এটা লীডাৰে মুছলীম ধৰ্ম লয় আৰু তেতিয়াৰে মংগোলবোৰক মোগল বুলিও কবলৈয়ো লোৱা হয়৷ আমাৰ ইন্দিয়াত বাবৰে যে ষ্টাৰ্ট কৰিছিল মোগল সাম্ৰাজ্য, আকবৰ, ছাহজাহান, ঔৰংগজেৱৰ মোগল সাম্ৰাজ্য, এই মোগলবোৰ আছিল মংগোলবোৰে মুছলীম ধৰ্ম লৈ পাৰ্ছীয়ান, মানে ইৰাণীয়ান তৌৰ-তৰীকা অপনোৱাৰ পিছৰ এপিচ’ড …..৷ ’’

“আবে, মোগলৰ ষ্ট’ৰি বাদ দে বে৷ চেংগিজৰ কেইছটোলৈ আহ৷ মোগলৰ ষ্ট’ৰি মইয়ো জানো বে৷’’

“ৰ’ বে চন৷ মুখ শুকাই গৈছে৷’’ বেগৰ পৰা পানীৰ বটলতো উলিয়াই বটলত থকা পানীকন খাই বটলটোত ফুটবলৰ দৰে এটা কিক মাৰি পথাৰত পেলাই দিলোঁ৷

“স্বচ্ছ ভাৰত অভিযান মানে দিল্লীত এনেকৈয়ে চলাই আছ৷ এডুকেটেড ইন্দিয়ান৷’’

“লেকচাৰ নাজাৰ৷ ষ্ট’ৰি শুন মনে মনে৷ এতিয়া বিয়ায়ো পাতিবি যেতিয়া তলমুৰ কৰি আনৰ কথাৰ ৰিপ্লাই নিদিয়াকৈ শুনাৰ অভ্যাস আৰম্ভ কৰি দে আৰু৷ চেংগিজৰ বাপেক সেই মংগোলবোৰৰে এটা ফৈদৰ চৰ্দাৰ আছিল৷ চেংগিজৰ অৰিজিনেল নাম আছিল টিমুজিন৷ পোৱালিৰ পৰাই সি বৰি হি খটৰনাক চীজ আছিল৷ ১২০০ চনৰ আশে-পাশে চল্লিচ মান বছৰ বয়সত টিমুজিন গোটেইবোৰ মংগোল ফৈদৰ বছ বনিল আৰু চেংগিজ খান নাম পালে৷ তাৰ পিছত খেল নাই আৰু, চেংগিজ খানৰ আন্দাৰত মংগোলবোৰে গোটেই এছিয়া আৰু পূৱ ইউৰোপৰো ভালেখিনি এৰিয়া হিলাই ৰাখিবলৈ ল’লে৷ পশ্চিমে প্ৰশান্ত মহাসাগৰৰ পৰা পূৱে পূৱ ইউৰোপলৈকে চেংগিজক টক্কৰ দিব পৰা বেলেগ কোনো মাই-কা-লাল সেইসময়ত পেইদা হোৱা নাছিল৷ বুজিলি চন?’’

“বুজিলো৷ কিন্তু মোৰ আইতাৰ ষ্ট’ৰিৰ লগত চেংগিজৰ ষ্ট’ৰিৰ কি কানেকচন বে? চেংগিজৰ আত্মা এতিয়াও অমাৱস্যাৰ নিশা গুমনাম হে ক’য়ি টাইপ ঘূৰি ফুৰে নেকি বে?’’

“আবে নহয় বে৷ চেংগিজৰ আত্মাই তোৰ আইতাৰৰ টাইপ মৰাৰ পিছত একো কয়ামত বৰচাই ফুৰা নাই, যি কয়ামত দেখাব আছিল মৰাৰ আগতেই দেখাই থৈ এতিয়া টিপটপ শুই আছে৷ সেইটো ছামাৰ অৱ টুৱেইলভ হাণ্ড্ৰেইড এণ্ড টুৱেইণ্টি চেভেনৰ কেইছ৷ চেংগিজ খান চাইনাৰ ফালে হামলা এটা দিবলৈ গ’ল আৰু কিবা কাৰণত চেংগিজৰ নিজৰে ৰাম নাম চইত্য হে হৈ গ’ল৷ তাৰপিছত চেংগিজৰ ডেডবডি মংগোলবিলাকৰ তেতিয়াৰ ৰাজধানীলৈ ৰিটাৰ্ণ অনা হয় আৰু বাটত যোনে যোনে চেংগিজৰ ডেডবডিৰ প্ৰচচন দেখিছিল, সেই সকলো দুইঠেঙিয়া প্ৰাণীৰে ওপৰলৈ টিকেট কাটি দিয়া হয় চেংগিজৰ পুতেকহঁতৰ আদেশত৷ আনকি ৰাজধানীত চেংগিজক ফাইনেল কবৰ দিয়া চাবলৈ অহা প্ৰায় দুহাজাৰ মান প্ৰজাৰো টিকেট কাটি দিয়া হয় আৰু সেই দুহাজাৰৰ টিকেট কাটা আঠশ মান সৈন্যৰো পিছত একেই গতি হয়৷ চেংগিজৰ ডেডবডি এটা নাম-ধাম নিলিখা, একো চিন নিদিয়া কবৰত ৰাখি দিয়া হয় যাতে ভৱিষ্যতে কোনেও চেংগিজৰ টোপনি ভাঙি ডিষ্টাৰ্ব কৰিব নোৱাৰে৷ আনকি কিছুমান ষ্ট’ৰি মতে এখন নদীৰো দিশ সলাই দিয়া হয় চেংগিজৰ কবৰৰ উপৰদি বৈ যোৱাকৈ৷ এক্সপাৰ্টবোৰে কয় চেংগিজৰ কবৰ মংগোলিয়াৰ এতিয়াৰ কেপিটেল উলান বটুৰৰ উত্তৰত থকা চেংগিজৰ জন্মস্থান খেণ্টি নামৰ ঠাইখনতে ক’ৰবাত আছে৷ চেংগিজ এতিয়া মংগোলিয়াৰ নেশ্যনেল হিৰো কাৰণে চেংগিজৰ কবৰ বিচাৰি বহুত বছৰ চাৰ্চ অপাৰেচন চলি থকাৰ পিছতো আজিও কোনেও চিউৰকৈ নাজানে চেংগিজৰ কবৰ ক’ত৷ ঠিক যেনেকৈ কোনেও নাজানে তোৰ আইতাৰৰ আখৰী চাঁচ ক’ত শেষ হৈছিল, তাতে বগৰী গছ এজোপা ৰুই তোৰ আইতাৰৰ আত্মাক মুক্তি দি দিবলৈ৷ বুজিলি এতিয়া তোৰ আইতাৰৰ ষ্ট’ৰিৰ লগত চেংগিজৰ কি সম্পৰ্ক৷’’

“ধেই, মই আকৌ চেংগিজ খানৰো আত্মা ওলাই বুলি ভাৱিছিলো তোৰ কথা শুনি প্ৰথমে৷ কোনোবাই কোনোবাই হোৱাইট হাওচত আব্ৰাহাম লিংকনৰ ভুত দেখাৰ টাইপ৷’’

“বৰি ভুতৰ চখ দেখোন তোৰ৷ মৰিলো তইয়ো ভুত হই চাবি বে৷ এনেও তোৰ জিনত আছেই ভুত হ’ব পৰা কেপাচিটি৷’’

“মই ভুত হ’লে তোকতো দেখা দিমেই দিম৷ কিন্তু কষ্ট নিদিওঁ, টেনশ্যন নলবি৷ তোৰ ভালৰ কাৰণেহে তোক দেখা দিম৷ আখিৰ তই মোৰ লংগৌটিয়া য়াৰ বে৷’’

“তিনিআলি পাবৰে হ’লহি আৰু৷ চেংগিজ ইন্দিয়া আহিছিলেই প্ৰায়৷ সেইকন কাহিনীয়ো শুন তিনিআলি পোৱালৈকে৷ তোক যে অথনি কৈছিলোঁ ক’লা টাটাৰবোৰৰ আৰু এটা গেং আছিল, টুৰ্কী গেং৷ মনত আছেনে পাহৰিলি বে?’’

“আছে মনত৷ কৈ যা৷ আৰু সোণকালে খোজ দে বে৷ বৰষুণ পৰিছেই দুটোপমান গাত৷ এই ঠাণ্ডাত বৰষুণত ঘৰলৈকে এইচোৱা তিতিলেয়ো নাকৰ পানী উজাই উজাই বিয়া পাতিব লাগিব মই৷’’

“আবে টেনশ্যন নলবি বে৷ দৰাই এনেও দেখোন নাকে-মুখে ৰুমাল এখন লৈয়ে থাকে কইনাৰ ঘৰত৷ কইনাৰ ঘৰলৈ যোৱাৰ আগতে তোক মই অ’ল্ড মংকৰ দুটা পাটিয়ালা পেগ মৰাই দিম, নাকৰ পানী-চানী সব বন্ধ হৈ যাব৷ কইনাঘৰত কোনোবাই গোন্ধ পাব বুলি একো টেনশ্যন নলবি৷ দৰা বুলি তোৰ গাত এবটলমান চেণ্ট ঘঁহিয়েই নিবচোন, হোমৰ জুইক সাক্ষী কৰি তোক লাইফলৈ এৰাল দিয়া গৰু বনাবলৈ৷ ক’ত আছিলোঁ মই? অ’, চেংগিজ খান ইন্দিয়া অহাৰ টপিকটোত৷ তেতিয়া আমাৰ ইন্দিয়াত দাসবংশৰ চুলতানসকলৰ হুকুমত আৰম্ভ হোৱাৰ পোন্ধৰ বছৰমান হৈছে আৰু, ৰাজত্ব মজবুত হোৱাই নাই৷ এই চুলতানসকল আকৌ সেই ক’লা টাটাৰবোৰৰ মাজৰ পৰা ওলাই হিষ্ট্ৰীত বক্স অফিচ ফালি দিয়া আনটো গেং- টুৰ্কী গেংৰ মানুহ আছিল৷ এওঁলোকে ইতিমধ্যে মুছলীম ধৰ্ম গ্ৰহণ কৰিছিল৷ এতিয়াৰ আফগানিস্তানত থকা ঘজনী নামৰ সৰু ৰাজ্য এখনৰ পৰা মহম্মদ ঘোৰীৰ লিডাৰশ্বিপত ইন্দিয়াত, তেতিয়া হিন্দুস্তান বুলি জনাজাত আৰু, এটেক দিবলৈ অহা টুৰ্কী গেংৰে এটা চৰ্দাৰ কুটুবুদ্দিন আইবাকে ইন্দিয়াত চুলতানৰ ৰাজত্ব আৰম্ভ কৰে৷ চেকেণ্ড চুলতান ইলতুৎমিছৰ টাইমৰ কথা৷ ১২২০-২১ মানত চেংগিজ খানে আলাউদ্দিন মহম্মদ বুলি মধ্য এচিয়াৰ পাৱাৰফুল মুছলীম ৰজা এটাক এটেক দিলে৷ আলাউদ্দিন কাস্পিয়ান হ্ৰদৰ ফালে পলাই যায় আৰু আলাউদ্দিনৰ ডাঙৰ পুতেক জালালুদ্দিন মংবৰ্ণি ভাৰতৰ ফালে পলাই আহি এতিয়াৰ পাকিস্তান পাইহি৷ জালালুদ্দিনৰ পাছে পাছে চেংগিজো ইন্দিয়াৰ ফালে আহে৷ জালালুদ্দিনে ইলুতুৎমিছক মুছলীম চেণ্টি দি চেংগিজৰ এগেইনষ্টত হেল্প খুজে৷ কিন্তু ইলতুৎমিছৰ নিজৰে তেতিয়া দিল্লীত ৰাজত্ব বুলন্দ হোৱা নাছিল আৰু চেংগিজৰ আকৌ নাম হি কাফি হে টাইপ কেইচ ভাল ভালৰ ৰাতৌ কি নীন্দ হাৰাম হ’বলৈ৷ ইলতুৎমিছে জালালুদ্দিনৰ দূতটোকো মাৰি পেলালে আৰু হিন্দুস্তান কি মৌচম তেৰে চেহৎ কে লিয়ে ঠিক নহী হৌগা, তু ইধৰ চে পতলি গলি পকৰ লে টাইপ উত্তৰ এটা দি ওলোটাই জালালুদ্দিনৰ লগত হে একচাট ফাইট কৰিবলৈহে ৰেডি হ’ল৷ জালালুদ্দিনে ইলতুৎমিছৰ পৰা একো হেল্প নাপাই পুনৰ নিজৰ দেশৰফালে ৰিটাৰ্ণ হয়৷ সেয়ে চেংগিজৰ ইন্দিয়া আহা নহয় আৰু৷ যদিহে ইলতুৎমিছে কেনেবাকৈ জালালুদ্দিনক ইন্দিয়াত আশ্ৰয় দিলে হয় বা জালালুদ্দিনৰ চেণ্টি খাই চেংগিজ খানৰ লগত ফাইটা ফাইটি কৰাৰ ডিচিশ্যন ল’লে হয়, তেন্তে ভাৰতৰ হিষ্ট্ৰি এতিয়াৰ নিচিনাযে নহল হয়, অলম’ষ্ট খাটাং আছিল৷ চেংগিজ খান যি খটৰনাক মাল আছিল, দিল্লীৰ চুলতানৰ সাম্ৰাজ্য চাফা কৰি দিলে হয় চেংগিজে৷ আৰু কি কি কয়ামত চে কয়ামত তক অৱস্থা কৰি দিলে হয় ইন্দিয়াত, একো ঠিক নাছিল৷ তেতিয়া আমাৰ ৰজনীকান্ত দায়ো নাছিল, য়ান্না ৰছকল্লা চেংগিজ, মাইণ্ড ইট টাইপ কিবা এটা কামাল দেখাবলৈ৷ বুজিলি৷ এইয়াই আছিল চেংগিজ খানৰ ষ্ট’ৰি৷ মুখ বিখোৱাই দিলি বে৷’’

‘হব দে তিনিআলি পালোহিয়েই৷ বৰষুণো আৰম্ভ হৈছে৷ তই যা ঘৰলৈ, এইকণ দৌৰ মাৰ৷ মইয়ো দৌৰ মাৰো৷ কাইলৈ লগ পাম৷ ৰাতিপুৱা সাৰ পাইয়ে আহি যাবি মোৰ ঘৰলৈ৷ তোক দুটামান কাম দিম৷’’

“হব দে৷ বৰষুণ ডাঙৰ হ’ল৷ দেৰটাই বাজিল৷ কাইলৈ কথা পাতিম৷’’ মই মোৰ ঘৰৰ ফালে দৌৰ দিলোঁ৷ গেন্দুলৰ ঘৰ তিনিআলিৰ পৰা আমাৰ ফালৰ বিপৰীত ফালে৷ তিনিআলিৰ পৰা সাতটা পদুলি সাৰিয়েই আমাৰ ঘৰ৷ পদুলিৰ পাই পুনৰ তিনিআলিৰ ফালে চাই বিজুলীৰ পোহৰত গেন্দুলক তেতিয়াও তিনিআলিতে ৰৈ মোৰ ফালে চাই থকাজন লাগিল৷ পাগলটো ঘৰলৈ নগৈ কিবা কৰি আছে এবাৰ ভাৱি ঘৰৰ চোতালত সোমালো৷

কেইবাবাৰো কলিং বেল বজোৱাৰ পিছতহে মা সাৰ পাই দুৱাৰ খুলি দিলে৷ মোক দেখি এখন্তেক আচৰিত হ’ল৷

“খবৰ এটা দি আহিব নোৱাৰ৷ আৰু সময় চিনি নাপালি আজিলৈকে, এই ৰাতিখন আহি ওলাইছহি, তাতে বৰষুণ! ! আৰু আজি কি দিন নাজান নেকি?’’

“হ’ব মা, গালি গালাজ কাইলৈয়ো কৰিবা৷ খাবলৈ কি আছে দিয়া, মই গা ধুই লওঁ৷ লেতেৰা লেতেৰা লাগিছে নিজকে৷’’ চিধাই বেগৰ পৰা কাপোৰ এযোৰ উলিয়াই বাথৰুমত সোমালো৷ মাৰ লগত কথা পাতি থাকিলে বীয়েৰৰ গোন্ধ পাব বুলি৷

বাথৰুমৰ পৰা গা ধুই ওলোৱালৈ মায়ে ডাইনিং টেবুলত ভাতৰ কাঁহী এখনত ভাত বাঢ়ি বহি আছিল৷

“একো নাই এতিয়া৷ ভাজি ভাতকে খা, খবৰ এটা দি আহিব পৰা নাই কিবা এটা বনাই ৰাখিবলৈয়ো৷ বাটত কালৰী বুঢ়ীয়ে যে নাপালে তোক৷’’

“ধেই, তোমালোকৰ যে কথা৷ এনেই কাহিনী এইবোৰ৷’’ নিজকে সাহিয়াল দেখাবলৈ মাক বাটত গেন্দুলক পাইছিলো বুলি নকলো৷

মাৰ লগত তাৰপিছত ধান কাটিবলৈ মানুহ পাইছেনে নাই, কুঁহিয়াৰ পেৰিবলৈ এইবাৰ কাক গোটাইছে আদি দুটামান কথা পাতি পাতি ভাতকেইটা খাই বিছনাত উঠিলোগৈ৷ বিছনাত পৰাৰ লগে লগেই টোপনি আহিছিল সেইদিনা৷

০০০ ০০০ ০০০ ০০০

‘অ’ই, উঠ৷ এঘাৰটা বাজিল৷ ’’ মাৰ মাতত টোপনি ভাঙিল৷ বেগৰ পৰা টুথব্ৰাছডাল উলিয়াই লৈ বাথৰুমৰ ফালে আহোতে মায়ো লগতে লাগি আহিল৷

“তোক কালি ৰাতি নকলো আৰু৷ পৰহি সন্ধিয়া গেন্দুলক পথাৰৰ আমতলৰ তিনিআলিত হাঁহখোৱাৰ ঘৰলৈ টৌ আনিবলৈ যাওঁতে ইটাভাটাৰ ট্ৰাকে কেনেকৈ কি জুতিত খুন্দিয়ালে খুন্দিয়ালে আৰু, টাউনৰ চিভিল হস্পিতালত ডাক্টৰে তাৰ জেগাতে মৃত্যু হৈছিল বুলি ক’লে৷ তাৰ আৰ্মীত থকা ককায়েকটো আজিহে তাৰ বিয়া বুলি আহি পোৱাৰ কথা৷ আজিহে তাক খৰি দিব…..৷’’

মাৰ একো কথাই কাণত নুসুমাল আৰু৷ মুৰলৈ আহি থাকিল হাজাৰ চিন্তাৰ ঢৌ৷ তাৰমানে যোৱাৰাতি ট্ৰেইন আলিৰ কাষত সি মোক বচাবলৈকে তাৰ মৃত আইতাকৰ লগত দবৰা দবৰি কৰিছিল, আমতলত তাৰ মৃত্যু হোৱা ঠাইৰ পৰা মোক দেখা দি আইতাকৰ পৰা বচাই লৈ আনিছিল৷ তাৰ বিয়া খাবলৈ আহি এতিয়া মই তাক খৰি দিবলৈহে যাব লাগিব৷ মায়ে তেতিয়াও কিবাকিবি কৈ আছিল৷ আৰু মোৰ কাণত বাৰে বাৰে বাজি আছিল, “মই ভুত হ’লে তোকতো দেখা দিমেই দিম৷ কিন্তু কষ্ট নিদিওঁ, টেনশ্যন নলবি৷ তোৰ ভালৰ কাৰণেহে তোক দেখা দিম৷ আখিৰ তই মোৰ লংগৌটিয়া য়াৰ বে৷’’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments