এৰাসুঁতি: প্ৰতিম প্ৰতাপ বৰুৱা

এৰাসুঁতি

বিশাল গেটখন খুলি আল্পনা শইকীয়া ঘৰটোলৈ সোমাই গ’ল। বাৰাণ্ডাত ভৰি দিওঁতে তেওঁ অনুভৱ কৰিলে যেন এইমাত্ৰ হৃদ্‌পিণ্ড বন্ধ হৈ যাব। কলিংবে’লটোৰ ঠিক ওপৰত থকা সোণালী ৰঙৰ নামফলকত অসমীয়া আখৰেৰে লিখা আছে মানস চৌধুৰী। বে’লটোলৈ হাত নিওঁতেই দুৱাৰ খুলি ওলাই আহি এজন লৰাই সুধিলে– “কওকচোন।”
: তেখেতক লগ পাব লাগিছিল। – কোনোমতে সেপধুকি কথাষাৰ কৈ আল্পনাই তললৈ মূৰ কৰিল ।
: আগতে খবৰ দিয়া আছিলনে? চাৰে সময় দিছিল নেকি ?
: নাই – আল্পনাৰ চুটি উত্তৰ।
: চাৰক সুধিব লাগিব। আপোনাৰ কথা কি বুলি ক’ম?
: আল্পনা। – পুৰা নামটো কবলৈ আল্পনাৰ সাহস নহ’ল।
: ঠিক আছে। আপুনি ইয়াতে অলপ সময় বহক।

দুই মিনিটমানৰ পিছত ল’ৰাজনে ওলাই আহি আল্পনাক ভিতৰলৈ মাতি নি ড্ৰয়িং ৰূমত বহিবলৈ অনুৰোধ কৰিলে। এখন বিশাল চোফাৰ এমূৰে বহি লৈ আল্পনাই এফালৰ পৰা কোঠাটো চালে – মাজৰ টেবুলখনত এখন শৰাই, এমূৰত কিতাপেৰে ঠাহ খাই থকা এটা কাঠৰ আলমাৰী, বেৰত কি জানো গছ এজোপাৰ এটা শুকান ডালৰ ফটো এখন। আন এখন বেৰত এহাল ঢুলীয়া-নাচনীৰ ফটো। “কি সুন্দৰকৈ ঢোল বজাইছিল মানসে।” – বিজুলীৰ চমকনিৰ দৰে কথাষাৰে আল্পনাৰ সমগ্ৰ শৰীৰ কঁপাই তুলিলে।

মানস, মানস চৌধুৰী। ডেপুটি কমিচনাৰ মানস চৌধুৰী। হাহাকাৰ কৰি উঠিল আল্পনা। “অলপ পিছত যেতিয়া মানস সন্মুখলৈ আহিব কি কথা পাতিব তাই?” – এই চিন্তাটোৱে পুনৰ এবাৰ জোকাৰি দিলে আল্পনাক।

মানস। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ সন্তান। যোৰহাট ইঞ্জিনিয়াৰিং কলেজত চিভিল ইঞ্জিনিয়াৰিং পঢ়িছিল। দ্বিতীয় বাৰ্ষিকত থাকোতে কলেজৰ টীমৰ হৈ ক্ৰিকেট খেলিবলৈ আহিছিল আল্পনাহঁতৰ কলেজল । খেলখনত মানসহঁত হাৰিছিল। কিন্তু ব্যক্তিগতভাৱে সেইদিনা মানস জিকিছিল। আল্পনাই সেইদিনা মানসৰ চকুৰ মাজত নিজকে হেৰুৱাই পেলাইছিল। আল্পনাৰ চাৱনিটো বুকুত লুকুৱাই সেইদিনা মানস উভতি গৈছিল। আল্পনাক কথাষাৰ ক’বলৈ মানসৰ এবছৰ লাগিছিল। সেইবছৰ কিন্তু মানসহঁত খেলত জিকিছিল। তাৰ পিছৰ বছৰ মানসে অনাৰ্চ লৈ ইঞ্জিনিয়াৰিং পাছ কৰিছিল।
অএনজিচিত চাকৰিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈও ইন্টাৰভিউ নিদি মানসে দিল্লী কলেজ অৱ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ পঢ়াৰ বাবে ধাপলি মেলিলে। দিল্লীৰপৰা আল্পনালৈ চিঠি আহে। সেই চিঠিত মৰম আহে। মানসে ভবিষ্যত পৰিকল্পনাৰ কথা কয়। আল্পনাই উত্তৰ দিয়ে। তেনে এখন চিঠিতে আল্পনাই এদিন মানসক কৈছিল কিদৰে তাইৰ বান্ধৱী এজনীৰ ককায়েকে ইউনিভাৰ্চিটিত লগ ধৰি তাইক বিয়াৰ প্ৰস্তাব দিছিল। কিদৰে বাধ্যত পৰি আল্পনাই ৰমেন শইকীয়া নামৰ সেই এক্সাইজ ইন্সপেক্টৰজনৰ বিয়াৰ প্ৰস্তাৱ মানি লৈছে। কি বাধ্যবাধকতা আছিল বুলি সোধা তিনিখন চিঠিৰ এখনৰো উত্তৰ মানসে আল্পনাৰ পৰা নোপোৱা আজি তেৰবছৰ হ’ল।

অদ্ভুত এক অৱসাদে আৱৰি ধৰিলে আল্পনাক। আকৌ মনত পৰিল সেই দিনটো। ৰমেন শইকীয়াই ৰাতি উভতি অহি খবৰ কাগজেৰে মেৰিওৱা টোপোলা এটা দিছিল আল্পনাক– “দুই আছে । থৈ দিয়াচোন। কাইলৈ থৈ আহিমগৈ। চাল্লা মাত্ৰ দুই লাখ দি মোক ঠগিব আহিছে সি। কাইলৈ ৰেইড কৰিহে এৰিম ….।” প্ৰতিটো শব্দত উফৰি অহা মদৰ গোন্ধত থাকিব নোৱাৰি আল্পনা আঁতৰি গৈছিল। আনদিনাৰ দৰে আলমাৰীত টকাখিনি থৈ খবৰ কাগজখন সামৰিব খোজোঁতে তাৰ এচুকত এজন ল’ৰাৰ ফটো দেখি আল্পনা থৰ হৈ গৈছিল। মানসৰ ফটো। ৯৯তম স্থান অধিকাৰ কৰি মানসে আই এ এচ পাইছে।
“কি ক’ম মানসক ?” – এই কথাটো ভাবি আকৌ এবাৰ হৃদপিণ্ড বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল আল্পনাৰ। “সঁচাই, মহিলাই মহিলাৰ শত্ৰু। কিন্তু সেয়া সম্পূৰ্ণ সঁচা হয় জানো? কেতিয়াবা পুৰুষো হ’ব পাৰে মহিলাৰ শত্ৰু।” মনলৈ নানো বুলি ভবা কথাবোৰে আহি পুনৰ আল্পনাৰ মনত ভিৰ কৰিলেহি ।

শাশ্বতী ভূঞা। আল্পনাৰ শত্ৰু আছিল নেকি এই শাশ্বতী ভূঞা। নাছিল বোধহয়। কিন্তু ৰমেন শইকীয়াই এই শাশ্বতী ভূঞাৰ কাৰণে সকলো কৰিছিল। কিয় কৰিছিল? নাই, আল্পনাই নাজানে। তিনিবছৰীয়া কোৰ্চটোত ৫ বছৰ সময় দি অতি সাধাৰণ ৰিজাল্ট কৰি বি.এ. পাচ কৰাৰ পিছত শাশ্বতী ভূঞাই এম.এ. পঢ়িবলৈ অসমৰ এখনো বিশ্ববিদ্যালয়ত ছীট পোৱা নাছিল। কিন্তু দুবছৰ পিছত শাশ্বতী ভূঞাই এটা পৰীক্ষাত পাছ কৰি এটা ভাল চৰকাৰী চাকৰি পাইছিল। কেনেকৈ পাইছিল সেয়া এতিয়া আল্পনাৰ ওচৰত সাঁথৰ নহয়। তাৰ পিছত নিজতকৈ ১৫ বছৰমান ডাঙৰ এজন ধনী ব্যৱসায়ীৰ সৈতে বিয়াতো বহিছিল শাশ্বতীয়ে। সেই শাশ্বতীক আবকাৰী বিভাগলৈ বদলি কৰোৱাই অনা হৈছিল। এজন ব্যৱসায়ীৰ পৰা ঘোচ লওতে হাতে লোটে ধৰা পৰিছিল শাশ্বতী। আচলতে শাশ্বতীৰ মইমতালিত অতীষ্ঠ হৈ পৰা কেইজনমান ব্যৱসায়ীয়ে এই জালখন পেলাইছিল। ভিজিলেঞ্চ বিভাগৰ অনুসন্ধানত কেঁচু খান্দোতে সাপ ওলাইছিল। কেইবাজনো মুধাফুটা বিষয়া আৰু ব্যৱসায়ীৰ কাৰচাজীবোৰ ধৰা পৰিছিল। শাশ্বতী ভূঞাক তুৰন্তে নিলম্বিত কৰা হৈছিল। কাণ্ডবোৰ দেখি ৰাইজে নাক কোচাইছিল আৰু মিডিয়াৰ প্ৰচাৰত উপায় নোহোৱা হৈ চৰকাৰে অনুসন্ধানৰ ভাৰ চিবিআইৰ হাতত অৰ্পণ কৰিছিল। অনুসন্ধান আৰম্ভ কৰিয়েই দিল্লীৰ পৰা যোৱা চিবিআইৰ দলটোৱে যোৱাকালি ৰমেন শইকীয়াৰ ঘৰত ৰেইড কৰিছিল। ৩ লাখ নগধ টকা, সোণৰ অলংকাৰ, বেংকৰ কাগজ-পত্ৰ আৰু অঙহী-বঙহীৰ নামত লৈ থোৱা বিশাল সম্পত্তিৰ কাগজ-পাতিবোৰ জব্দ কৰি চিবিআইয়ে ৰমেন শইকীয়াক গেপ্তাৰ কৰিছিল। চিবিআইৰ বিষয়া এজনক ঘোচ দিবলৈ চেষ্টা কৰোঁতে বিষয়াজনে ৰমেন শইকীয়াক আল্পনাৰ সন্মুখতে এটা চৰ শোধাইছিল। চকুৰে অন্ধকাৰ দেখিছিল আল্পনাই। ৰমেন শইকীয়া এতিয়া ক’ত সেই কথা আল্পনাই সঠিককৈ নাজানে।

কথাবোৰ ভাবি থাকোঁতে কেতিয়া মানস আহি সন্মুখত বহিলহি আল্পনাই গম নাপালে। হঠাৎ‍ মানসক দেখি উচপ খাই উঠিল তেওঁ। একেই আছে মানস। ঋজু শৰীৰ, কোমল ভাৱ-ভঙ্গী ।

কিবা এষাৰ কবলৈ গৈ আকৌ হাহাকাৰ কৰি উঠিল আল্পনা। মানসে ভাৱলেশহীন ভাৱে সুধিলে– “তুমি আহিছা। কোৱাচোন।” একো কথা উচ্চাৰণ কৰিব নোৱাৰিলে আল্পনাই। আনকি চকুপানীখিনিও মচিবলৈ সাহস নহ’ল।
অলপ সময় ৰৈ মানসে ধীৰে ধীৰে ক’লে– “তুমি কিয় আহিছা মই জানো। সকলোৰে জীৱনত কিছুমান বাধ্যবাধকতা থাকে বা আহি পৰে। এসময়ত তোমাৰ আছিল। আজি মোৰ আছে।”

কিছু সময় নীৰৱ হৈ মানসে পুনৰ ক’লে – “আৰু এটা কথা । তুমি বাৰু ভাবিছানেকি যে মই অনিয়মৰ সমৰ্থনত মোৰ চাকৰিৰ ক্ষমতা প্ৰয়োগ কৰিম? যদি ভাবিছা তেন্তে তুমি সলনি হোৱা নাই।…. আচলতে জানা, মই অলপ পুৰণি ধ্যান-ধাৰণাৰ মানুহ যেন লাগে নিজকে। সেয়ে হয়তো আজিৰ পৃথিৱীখনত খাপ খাই পৰিবলৈ কেতিয়াবা অলপ কষ্ট হয়। সেইবুলি তুমি এইটো নাভাবিবা যে মই মোৰ অতীত জীৱনৰ ব্যথাখিনি লৈয়ে আছোঁ বুলি। আচলতে মানুহক অলপ দুখ, অলপ বিষাদ লাগে জীৱনত। নহ’লে মানুহে জীৱনক ভালকৈ বুজিব নোৱাৰে।”
অলপ সময় আকৌ মৌনতা। এজন ল’ৰাই আহি একাপ কফি আৰু কেইটামান কাজুবাদাম আনি মাজৰ টেবুলখনত থৈ গ’ল। আল্পনাই এবাৰ মূৰ তুলি চাইছিল মানসলৈ। মানসে পুনৰ ক’লে – “তুমি খোৱা। মই এইমাত্ৰ কফি খাইছিলোঁ। বেয়া নাপাবা, এতিয়া মই যাব লাগিব। এটা বিশেষ জৰুৰী কাম আছে অফিচত।”

কথাষাৰ কৈ লাহেকৈ মানস উঠি বাহিৰলৈ ওলাই গ’ল। আল্পনাই খপজপকৈ থিয় হবলৈ চেষ্টা কৰি আকৌ বহি পৰিল। একো কথাই কোৱা নহল আল্পনাৰ। একো সোধা নহ’ল। আল্পনাই এতিয়াও নাজানে মানসৰ এই বিশাল ঘৰটোত আৰু কোনোবা থাকেনে নাথাকে, যিদৰে তাই নাজানে ৰমেন শইকীয়া এতিয়া ক’ত আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments