“এ ফৰ এংগলফবিয়া” (ৰক্তিম গোস্বামী)

“এ ফৰ এংগলফবিয়া”

 

(১)

A for???

A..pp..le

B for???

B..a..ll

…….

O for??

O for… কমলা…

কি????- এই বুলি কণমানি মইনাৰ পিঠিত দুটা ধেৰা চাপৰ সোধাই দিলে লতায়ে।

“সদাই সদাই একে সোপাকে কিমান পঢ়াম তোক? মুৰত কিবা আছেনে নাই তোৰ? O for Orange, কমলা নহয়। সদায় ইংৰাজীত কবি, অসমীয়াত নহয়। আকৌ এবাৰ যদি ভুল ক’ৰ তোক কি কৰিম চাই ল’বি। ক এতিয়া O for??”

থোকাথোকি মাতেৰে মইনাই এইবাৰ শুদ্ধকৈ উত্তৰ দিলে – “Orange মা”

…P for…..

-সন্ধিয়াৰ এটা নিত্য নৈমত্তিক ঘটনা এইটো। লতাৰ নাম প্রকৃততে কনকলতা। মাকে শ্বহীদ কনকলতাৰ নামেৰেই নামটো ৰাখিছিল কিন্তু মানুহে কনকলতা নামটো দীঘল বাবে ‘লতা’ বুলি মাতি মাতি নামটো শেষত লতায়ে কৰি পেলালে। খুউব কম মানুহেহে তাইক আজি কনকলতা বুলি জানে বা চিনি পায়। বাৰু নামটো যিয়েই নহওঁক কিন্তু লতায়ে নিজৰ মনত সদায়ে এটা দূখ পুহি ৰাখিছিল। ‘ইংলীচ মিডিয়াম স্কুল’ত পঢ়িব নোৱাৰাৰ দুখ। পঢ়ে বা কেনেকৈ? সাতজনী ছোৱালীৰ তাই আছিল পেটমছা, নুমলীয়া। ল’ৰা সন্তানৰ আশাত ৭ জনীকৈ ছোৱালীৰ বাপেক হোৱা মানুহজন পেচাত এজন পিয়ন। ‘ইংলীচ মিডিয়াম স্কুল’ দূৰৈৰ কথা, ভালকৈ পৰিয়ালটোৱে খাই বৈ জীয়াই থকাই জটিল হৈ পৰিছিল। তাতে লতায়ে বাপেকৰ শেষ আশাটিকো নিঃশেষ কৰিছিল গতিকে লতাকলৈ বাপেক এনেও অলপ টিঙিৰি তোলা।

গুৱাহাটীৰ দাতিঁকাষৰীয়া এক অনগ্রসৰ অঞ্চললৈ আজি ৫ বছৰ পূৰ্বে লতাৰ বিয়া হ’ল। মইনাৰ ১৫ আগষ্টত ৪ বছৰ পুৰা হ’ব। তাইৰ কঁপালত ‘পিয়ন’ৰ মোহৰতো হয়তো চিৰস্থায়ী আছিল। দেউতাকৰ দৰে তাইৰ গৃহস্থয়ো এটি চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন যদিওঁ অশেষ চেষ্টাৰ পিছতো আজি ১২ বছৰে পদটিৰ স্থায়ীভাবে চৰকাৰীকৰণ হোৱা নাই। ২-৩ মাৰ মূৰে মূৰে দৰমহা পায় যদিওঁ ৩ জনীয়া পৰিয়ালটি সুখেৰেই জীয়াই আছে। লতাৰ আটাইতকৈ ডাঙৰ সন্তষ্টি এয়েই যে পাহাৰত হ’লেও নিজৰ বুলিবলৈ এটুকুৰা মাটি আছে, চালি দিয়া হ’লেওঁ নিজা বুলিবলৈ এটি ঘৰ আছে।

“হেৰা লতা, ছোৱালীজনীক একেদিনাই সকলো শিকাই পেলাবা নেকি? বয়সনো কিমান হৈছে তাইৰ?”- পেট মোঁহাৰি মোঁহাৰি বিচনাতে দীঘল দি পৰি থকা গিৰিয়েক বকুলে ক’লে।

লতাৰ খং যেন দুগুণে চৰিল কথাষাৰত…

“আপুনি মনে মনে থাকক। আজিলৈকে এটা শব্দও পঢ়াই পাইছেনে? মইনাৰ কিতাপত কাৰ বাপেকৰ মুৰ আছে কিবা জানে জানো? শুই শুই ফটা লেকচাৰ এগাল দি নাথাকিব…কৈ দিলো হ..”

গিৰিয়েক লতাৰ উত্তৰ দিয়া ধৰণ আৰু সুৰত অভ্যস্ত, সেয়ে শান্তভাবেই ক’লে-

“আৰে, তুমি দেখোন একেবাৰে উতলি উঠিলা। মই তাই সৰু হৈ আছে কাৰণেহে কৈছো? অলপ মৰমেৰে কম কমকৈ পঢ়ালে কিজানি তাই ভালকৈ শিকেই। তাতে আকৌ নিজৰ ভাষা হ’লেও বেলেগ কথা। তাইক আকৌ তুমি পঢ়াই আছা ইংৰাজী। দিছা ইংলীচ মিডিয়ামত। গতিকে তাই অলপ অসুবিধা পাবই।”- বকুলে জীয়েকৰ অসুবিধাটি সঠিককৈ বুজিছিল কিন্তু বুজিলে কি হ’ব? ক’লে কথা লাগে লেঠা। বকুলৰ কথাত লতা ফেনাইল চটিওৱা সাপটিৰ দৰে চটফটাই উঠিল-

“ইংলীচ মিডিয়ামত ধৰি কথা ন’কব আপুনি। অসমীয়া ভাষা পঢ়ি আপুনি-মই যি ফালিলো ফালিলো। মইনাৰ লগত মই একেটা ভুল নকৰো আৰু আপোনাকো কৰিবলৈ  নিদিওঁ। তাইক মই ‘স্মাৰ্ট’ বনাম। ইংৰাজী ভাষাটি শিকিবলৈ টান বুলি মাক-বাপেকে ল’ৰা-ছোৱালীক ইংলীচ মিডিয়াম স্কুলত নিদিয়াকৈ আছেনে? যাওঁক, গৈ চাই আহকগৈ অসমীয়া স্কুলবোৰৰ অৱস্থাবোৰ। গুৱাহাটীৰ গাতে লাগি থাকিও ইমান আউটডেটেড এই মানুহটো। মই কৈ দিলো ঘৰ-বাৰী বন্ধকত দি হ’লেও মোৰ ছোৱালীক মই ইংলীচ মিডিয়ামতে পঢ়াম আৰু আপোনাকো ইয়াত হকা-বন্ধা কৰিবলৈ নিদিও।”

লতায়ে তাৰসপ্তকত কৈ যোৱা কথাবোৰ বকুলে নিৰাবেগভাবে শুনি এটি দীঘল প্রশ্বাস এৰিলে আৰু এটি ক্লান্ত হাহিঁ মাৰি ক’লে-

“তোমাৰ ভুল নাই লতা। মই তোমাৰ কথাবোৰ বুজিছো কিন্তু মই কি ক’ব খুজিছিলো সেইটোও তুমি এদিন নিশ্চয় বুজিবা।”

মাক-দেউতাকৰ সৰু যুঁজখনৰ চলি থাকোতেই মইনাই টোপনীত লাল-কাল দিলে।

(২)

বাৰিষা আহিলেই লতাহঁতৰ অলপ ভয় লাগে। পাহাৰৰ ওপৰত যোৱাবছৰ খহনীয়াত কেইবাটাওঁ অঘটন ঘটিছে। পাহাৰৰ ওপৰৰ পৰা প্রচণ্ড কোবত বৈ অহা বোকাপানীয়ে ঘৰটোৰ অনিষ্ট কৰে। কিন্তু ভুতৰ ওপৰত দানহৰ নিচিনাকৈ আচল বিপদ তেতিয়াহে হয় যেতিয়া গজৰাজৰ দ’লে বা বাঘে ক’ৰবাৰ পৰা আহি সন্ত্রাস চলাইহি। এইবাৰো বাৰিষাৰ ঘটনা-পৰিঘটনাৰ ব্যতিক্রম ন’হল, বৰং এইবাৰ মাত্রা চৰিলহে। আজি তিনিদিনযোৰা বৰষুণৰ ফলত হোৱা খঁহনীয়াত পাহাৰৰ ওপৰফালে থকা কেইবাটাও ঘৰ বিনষ্ট হোৱাৰ লগতে চিনাকী নেপালী মানুহ এজনৰ প্রাণো গ’ল। লতাহঁতৰ অঞ্চলটোৰ পৰিবেশ একেবাৰে গোমা। শুনিছে কৰবাত হাতী, বাঘো ওলাইছে। মুঠতে লতাহঁতৰ দিন নাযায় নুপুৱায়।

“হেৰি, শুনিচেনে? শুলে নেকি?”- লতাই মাত দিলে

“নাই, নাই। কোৱা।”

“এই কেইদিন পাৰিলে সোনকালে আহিবচোন। সন্ধিয়া হ’লেইচোন ভয় ভয় লাগে। কিবা এটা যেন অঘটন ঘটিব…”

“চিন্তা নকৰিবা। একো অঘটন নঘটে। মই বাৰু কাইলৈৰ পৰা যিমান পাৰো সোনকালে আহিম। এতিয়া টোপনি যোৱা।”

পিছদিনা কথা দিয়া ধৰণে বকুল পোহৰে পোহৰে আহি ঘৰ পালেহি। সন্ধিয়ালৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ বুলি লতাহঁতৰ ঘৰত কাষৰে দুই এজন মানুহ গোট খালেহি। সদায় যোৱাৰ ধৰণে সন্ধিয়া বিদ্যুত যোগান ব্যাহত হোৱাত মমবাতিৰ ধিমিক-ধামাক পোহৰতে সকলোৱে কথা বতৰাবোৰ আগবঢ়াই গ’ল। কিন্তু এনেতে ঘটিল অঘটনটি। বাহিৰৰ কেচা মজিয়াখনতে কিবাকিবি খেলি থকা মইনাই থৰকাচুটি হেৰুৱাই দৌৰি আহি মাকক সম্বোন্ধি চিঞৰি উঠিল-

“মা, Elephant….মা, Elephant…মস্ত Elephant ওলাইছে মা আমাৰ ঘৰত”।

– পলকতে হুৱা-দুৱা লাগি এটা হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ’ল। লতাহঁতৰ ঘৰত থকা গোটেইজাক মানুহে ‘হাতী হাতী’ বুলি চিঞৰিব ধৰিলে, অঞ্চলটিত পলকতে এক উত্তজনাময় পৰিবেশৰ সৃষ্টি হ’ল। সকলোৰে প্রাণবায়ু আহি ডিঙি পালেহি। এই চিঞৰ বাখৰৰ মাজতে বকুলে মৰসাহ কৰি এখোজ দুখোজকৈ ঘৰৰ চোতাললৈ বুলি ওলাই আহিল, বকুলৰ পিছে পিছে মৰণক শৰণ কৰি লাহে লাহে ওলাই আহিল লতাকে ধৰি ঘৰৰ বাকীজাক মানুহ। কিন্তু এইয়া কি??? ঘৰৰ সমুখতচোন এইটো হাতী নহয়, বৰং কেতিয়াও নেদেখা ক’ৰবাৰ ক’লা দমৰা এটাইহে আহি এই অসময়ত মুৰ জোঁকাৰি জোঁকাৰি ঘাহঁ খায় আছেহি। লতায়ে একো নুবুজি মইনাক খঙেৰে সুধিলে –

“মইনা, তুমি ক’ত Elephant দেখিলা? মিছা কথা কিয় কৈছিলা? এইটো গৰু-হে”

“মা, গৰু মানে Elephant নহয় নেকি? তুমিহে সদায় ইংৰাজীত ক’বলৈ দিয়া”…

মইনাৰ কথা শুনি গোটেইজাক মানুহে স্বস্তিৰে প্রাণখুলি হাঁহিৰ গিৰ্জনি তুলিলে।

বকুলে লতাৰফালে জোকোৱাৰ চলেৰে চাই হাঁহি হাঁহি ক’লে-

“লতা, তুমি এক মিনিট ৰোৱা। মই Elephant টো খেদাই আহোঁগৈ।”

বকুলৰ কথাত ঘৰখনত পুনৰ হাঁহিৰ ৰোল উঠিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments