“এ ব্ৰিফ হিষ্ট্ৰি অব টাইম” (বি জে ৰঞ্জন)

পাপু অলপ ‘বুদ্ধু টাইপ’ৰ।
কথাটো সিওঁ জানে, কিন্তু কৰিব কি বেচেৰাই ! নিজেও সি মানি লয় যে তাৰ মুণ্ডটোত এপোৱামান মছলা কম আছে বুলি।তাৰ লগৰকেইটাই তাক নগুৰ-নাগতি কৰি মাৰে, তথাপিও তাহাঁতক সি বেয়া নাপায়। পোৱা নাই কোনোদিন। পাবই বা কেনেকৈ, তাহাঁতৰ চলন-ফুৰণ, কথা-বতৰা আদি সি খুউব ভাল পায়, পেটে পেটে তাহাঁতকেইজনৰ দৰে হ’বলৈ তাৰ বৰ মন গৈ থাকে।
পাপুৱে কিতাপৰ দোকানত কাম কৰে। বিশ্বাসী হোৱা বাবে মালিকে দোকানখন তাৰ হাতত এৰি দিছে বুলিব পাৰি। ফাঁকি-ফুকা নিদিয়াকৈ সি কাম কৰে বাবে মালিকে তাক ভাল পায়, মৰমো কৰে। তাৰ লগ হোৱা আটাইকেইটা কাষৰে কলেজ এখনৰ ছাত্ৰ। মালিক কাচিৎহে দোকানলৈ আহে বাবে ল’ৰাকেইটাৰ দোকানখনত অবাধ বিচৰণ চলে। সিহঁতকেইটাৰ টকা-পইচাৰ দৰকাৰ পৰিলে সি যিমান পাৰে সহায় কৰে, চিনেমা চাবলৈও কেতিয়াবা জনম-বাকী দিয়ে, হোষ্টেলত থকা কেইটাক মেচ-দিউজ আদিৰ পইচাও মাজে মাজে ধাৰলৈকে দিয়ে।
দোকানৰ লগতে থকা পিছপিনৰ পুৰণি কিতাপ-আলোচনী আদি ৰখা সৰু কোঠাটো বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ হৈ আহিছে। কোঠাটোত এখন সৰু বিচনা, এখন চকী আছে, বাকী চাৰিওফাল কিতাপ-আলোচনী, পেপাৰ আদিৰে ভৰ্তি। ল’ৰাহঁতে কেতিয়াবা কোঠাটো ‘মেইখানা’ হিচাবে, কেতিয়াবা গানৰ মেহফিল জমাবলৈ, কেতিয়াবা পৰীক্ষাৰ নকল লিখা ‘ৱৰ্কশ্ব’প’ হিচাবে, কেতিয়াবা জিৰণি-কোঠা, বা কেতিয়াবা ‘প্ৰেম-কোঠা(?)’ হিচাবে নিশ্চিন্তমনে ব্যৱহাৰ কৰি আহিছে। পাপুৰ এই সৰু কোঠালিটোৰ ৰং-বিৰঙিয়া এক মায়া আছে ; এই মায়াৰ বাবে বন্ধুকেইটাৰ ওচৰত পাপুৰ বৰ ডিমাণ্ড।
শেষৰ হিচাবটোত কোনোবাই নিজৰ হিয়াৰ পখিলাজনীক চিধাই কলেজৰ পৰা ক্লাচ ‘বাংক’ কৰোৱাই আনি ভিতৰত সোমোৱাই লৈ ঘন্টাই-ঘন্টাই প্ৰেম-প্ৰীতিৰ নিভাঁজ আদান-প্ৰদানৰ কাৰবাৰটো চলায়। একেবাৰে নিৰ্ভেজাল স্থানত, নিৰ্ভেজালভাৱে সিহঁতে মৰম-নৈত সাতুঁৰি-বাগৰি থাকে। পাপুৱে বাহিৰত পিৰিক-পাৰাক চাৱনিৰে ভিতৰত চলি থকা খেলখনৰ মনে মনে উমান লৈ চঞ্চলচিত্তে ইফাল-সিফাল কৰি থাকে। সময়ে সময়ে সি ভিতৰৰ বন্ধু, বন্ধুৰ বান্ধৱীক চাহ, পাণ, চেন্টাৰফ্ৰেচ আদি অতি আগ্ৰহেৰে যোগান ধৰি যায়। এইটো এটা দায়িত্বৰ নিচিনাকৈয়ে সি পালন কৰে। কোনোবা বন্ধুৱে দোকানলৈ বান্ধৱী ফুৰাবলৈ আনিলে তাৰ লচপচ বা উত্তেজনা বন্ধুজনতকৈ বেছিহে হয়।
তাৰো যে মন যায়… এনেকৈ কাৰোবাৰ সৈতে অন্তৰংগ মুহূৰ্ত্ত কটাবলৈ ! কৰিব, দস্তুৰমত সিওঁ কাৰোবাৰ সৈতে হিয়া-দিয়া-নিয়া কৰিব, শিকি লওঁকচোন বাৰু প্ৰথমে সিহঁতৰ পৰা, এইবোৰ কেনেকৈ কৰে-সি ভাবে।
অন্তৰংগ আলাপ-আলোচনাৰ অন্তত বন্ধু-বান্ধৱীহাল এটা সময়ত বাহিৰ ওলায়। বান্ধৱীৰ যেন বহুত দেৰি হৈ গৈছে, ওলায়ে তেনেকুৱা ভাৱেৰে খৰখেদা লগায়। পাপুৰ চকুকেইটাই শিয়ালৰ দৰে ধূৰ্ত্ত হৈ পৰে, বান্ধৱীক বিভিন্ন কোণেৰে নিৰীক্ষণ কৰি সি কিবাকিবি মনতে অনুমান লগায়, আৰু টেঙৰ বেপাৰীৰ দৰে লেনিয়াই মাত উলিয়াই-“দেৰী হ’ল নেকি মাইনা, ৰ’বাচোন কথা পাতো অলপ।  তোমাৰ সৈতে ভালদৰে চিনাকিয়ে নাই হোৱা।”
বেচেৰা !  তাৰো যে প্ৰেম কৰিবৰ কিমান দুৰ্দান্ত ইচ্ছা গৈ থাকে।বান্ধৱীবোৰৰ কোনোৱাজনীয়ে তাৰ লগত কথা পাতে, কোনোবাই আকৌ মুখৰ ভিতৰতে কয় -“কি লেকেটিয়া চেনী ঐ এইটো, এক নম্বৰ কামোৰ।”
সি বেয়া নাপায়, সিহঁতে যি কলেও সি বেয়া নাপায়, শিকিহে আছে সি। সিওঁ কৰিব এদিন, সিও অবিৰাম প্ৰেম কৰিব এদিন, তাহাঁতৰ দৰে নিভৃতভাৱে কোঠাৰ এচুকত।
জেকৰ গাৰ্ল-ফ্ৰেইণ্ডজনী, নামটো জিল, তাৰ লগত চিনাকি হৈ একদম ঘৰুৱা হৈয়ে পৰিছে। দুদিনৰ মূৰে মূৰে জেকে তাইক বাইকেৰে ক’ৰবাৰ পৰা তুলি আনে। সিহঁত দুয়োটা দোকানৰ ভিতৰ কোঠাত বহে। বন্ধুবোৰৰ ভিতৰত জেককে সি আটাইতকে বেছি ভাল পায়। ভাল পাই মানে জেকৰ একপ্ৰকাৰ অনুগামীয়ে হৈ পৰিছে বুলিব পাৰি। ওখ, চুটি চুলি, সুঠাম দেহৰ জেকক সি চিনেমাৰ কোনোবা এজন এক্টৰৰ সৈতে মিল পায়।
আৰু জিল? তাইক সমুখত দেখিলে তাৰ কলিজাৰ ঢপ্ঢপনিটো তিনি গুণ বাঢ়ি যায়। ‘দিমাক-খাৰাব’ হৈ যায় তাৰ, যেতিয়া জিলে তালৈ চাই হাঁহি মাৰে! কাজলসনা চলচলিয়া চকুযুৰিৰে, ওঁঠৰ হাঁহিটোৱে কি ধৰণে যে তাইৰ মুখখনি চঞ্চল কৰি তোলে; মুগ্ধ হৈ, বেঙা হৈ সি চাই ৰয়! ভাল-ভাল, দুয়োটায়ে বিৰাটেই ভাল বন্ধু তাৰ, সিহঁতৰ কাৰণে দোকানৰ কোঠালী কিয়, জান-প্ৰাণ সকলো দি দিব পাৰে সি !
জেকহঁত কোঠাৰ পৰা ওলোৱাৰ পিছত সি কোঠাটোত সোমায়। জিলে কোঠাত এৰি যোৱা হেনা-হেনা গোন্ধটো নাকত লৈ তাইৰ চিধা, দীঘল বৈ পৰা ৰঙচুৱা পিছল চুলিখিনিৰ কথা ভাবে। ৰঙা নেইলপলিচ লগোৱা দীঘল নখেৰে তাইৰ বগা লাহী আঙুলীকেইটাই কোনখন মেগাজিন চুই চাইছিল তাক আণ্ডাজ লগায়, একোণত তাইলৈ বুলি স্পেচিয়েলি ৰাখি থৈ দিয়া ফেচনৰ ইংৰাজী মেগাজিনকেইখন সি এবাৰ হাতত লৈ কিছুপৰ কিবা ভাবে….।
-“পাপু, সৌ বুকখন দিয়ানা, মই লৈ ল’ম হা।” জিলে আঙুলিয়াই কিতাপ এখন দেখুৱায়।
-“আৰে লোৱা লোৱা, উপহাৰেই দিলো যোৱা এইখন, মইনো আৰু কি দিব পাৰো! ”- বুলি পাপুৱে আনন্দমনে “এ ব্ৰিফ হিষ্ট্ৰি অৱ টাইম” খন তাইৰ হাতত দিয়ে। কিতাপখন দিবলৈ লওঁতে তাইৰ হাতৰ আঙুলিয়ে তাৰ হাতৰ তলুৱা স্পৰ্শ কৰে। দেহটো তাৰ বিজুলীয়ে কোবোৱা দি কোবাই যায়। দোকানত বহি বহি তাৰ হাতৰ কোনখিনিত জিলৰ আঙুলিকেইটাই স্পৰ্শ কৰিছিল তাক বিচাৰি হাতখন চকুৰ আগলৈ আনি চায়, তলুৱাখন আলফুলে নিজৰ গালে-মুখে ফুৰাই দিয়ে। তাৰ মনত পৰে অংকু বোলা ল’ৰাজনে কোৱা কথাষাৰি –
-“আব্বে কি জিনিচ বে এই জিলজনী, এনেকা ছোৱালীৰ কাষত থাকিলে একো নকৰাকৈয়ে ৰোমাঞ্চ লৈ থাকিব পাৰি বে জীন্দেগীভৰ।”
ঠিকেই কৈছে অংকুৱে, হ’লেও জিলক লৈ কিবা ক’লে পাপুৰ সহ্য নহয়। সি কয়-“দূৰৰৰ বেটা, যা-তা নবকিবি, শুনিলে তাই চৰিয়াব, গম পাবি।”
-“সঁচাই কৈছো ৰে, বাহ্ কি খদ্দৰ হয়।”
-“খদ্দৰ?”
-“পিওৰ, দেছি বস্তু বে।”
পৰীক্ষা আহে। পৰীক্ষাৰ মাজত ল’ৰাবোৰৰ দোকানত আড্ডাৰ মাত্ৰাটো কমি যায়। পৰীক্ষাৰ পিছত ৰিজাল্ট ওলোৱালৈ ল’ৰাবোৰ কিছুদিনলৈ নোহোৱা হৈ থাকে।পাপুৰ মনটো অলপ বেয়া।
ৰিজাল্টৰ পিছত জেক দিল্লীলৈ পঢ়িবলৈ গুছি গ’ল। সি দিল্লীলৈ যোৱাৰ বাবে জিলকো দেখা নোপোৱা হ’ল। ক’ত বা আছে তাই, বহু দিন দেখা নাই তাইক! তাইক নেদেখি তাৰ মনটো উদাস উদাস লাগিছে।
দুপৰীয়া।সমুখৰ ৰাষ্টালৈ চাই পাপু দোকানত বহি আছে।মানুহ অহা যোৱা কৰি আছে। হঠাৎ সি জাঁপ মাৰি উঠিল। জিল!!!বাইক এখনৰ পিছফালে বহি জিল দোকানৰ আগেৰে পাৰ হৈ গৈছে।
দৌৰা-দৌৰি কৈ সি দোকানৰ পৰা ওলাই আহিল। ওলায়ে দেখিলে বাইকখন অলপ আতঁৰৰ বাস্কিন-ৰবিঞ্চৰ আইচ-ক্ৰিমৰ দোকানৰ সমুখত; বাইকৰ কাষত জিল, হয় জিলেই হয়, জিনচ, টি-চাৰ্ট পিন্ধি বাইকখনত ভেজা দি বহি আছে।
সি বেগাবেগি কৈ তাইৰ কাষলৈ আগবাঢ়িল।
-“ৱাহ্, কি খবৰ, ইমানদিন ক’ত আছিলা ?”, ওচৰলৈ সি হাঁহি হাঁহি গৈ সুধিলে। জিলে মূৰটো ঘুৰাই তালৈ চালে। তাইৰ চকুত এযোৰ প্ৰকাণ্ড চান-গ্লাচ। বহুত দিনৰ মূৰত জিলক দেখি তাৰ মনটো কিবা-কিবি লাগি গৈছে।
কি হ’ল, আৰে, তাই দেখোন একো নকয় ! এনেতে হাতত পেকেট এটা লৈ ল’ৰা এজন আইচ-ক্ৰিমৰ দোকানৰ পৰা ওলাই আহিল। ল’ৰাজনে জিলক সুধিলে-“কোন এয়া?”
তাই ক’লে-“নাজানো অ’, ক’ৰ পাগলেই নে কি, কাষলৈ আহি কি বকিব ধৰিছে।”
ল’ৰাটোৰ চকুৱে তাক ওপৰৰ পৰা তললৈ নিৰীক্ষণ কৰি আহি ভৰিৰ ওপৰত থমকি ৰ’ল, সিও তললৈ চালে- ভৰিত চেণ্ডেল নাই। জিলক দেখি উত্তেজনাত গমেই নাপালে যে সি খালি ভৰিৰে বাহিৰলৈ ওলাই আহিছিল।
ল’ৰাটো জেকৰ সমানেই ওখ-পাখ, দেখাত তাকো চিনেমাৰ কোনোবা হিৰো যেনেই লাগে।
ল’ৰাটোৰ মুখত হাঁহি এটা বিয়পিল, ক’লে-“জান, ইয়াক দেখি ভাবিলো তোমাৰে কোনোৱা এক্স-টেক্স নেকি।”
পাপুই কোনোমতে সেহালে -“ব্ৰি..ব্ৰিফ হি..হিষ্ট্ৰি অ অ..”
ল’ৰাটোৱে এইবাৰ খেকখেকাই হাঁহি দিলে। জিলৰ খং উঠিল, পাপুলৈ চাই হাতখন দাঙি ক’লে-“এইপাত দেখিছ, যা আঁতৰ হ’ ভালে ভালে।” পাপুৰ এখন হাত নিজে নিজে তাৰ গাললৈ উঠি গ’ল, ভৰিৰ খোজ কেইটামান পিছুৱাই আহিল, তাৰ পিছত সি সাউত কৈ ঘুৰি পাগলৰ দৰে উধাই-মুধাই তাৰ দোকানলৈ লৰ ধৰিলে।
—-
মূৰে-কপালে হাত দি পাপু দোকানত বহি আছে।অথনি জিলৰ কথাটোকে ভাবি আছে। তালৈ দঙা তাইৰ হাতখন মনত পৰিছে। হাতৰ আঙুলিকেইটা…দীঘল লাহী আঙুলি, একেই আছে; কেৱল নেইল-পলিচৰ বৰণটো সলনি হৈছে- নীলা।
মোবাইলটো বাজিল। চালে, অচিনাকি নম্বৰ।
-“হেল্লো।”
-“ঐ পাপু, জেকে কৈছোঁ, শুনিছনে?”
-“শুনিছোঁ, তুমি ক’ত?”
-“ক’ত বাদ দে, ঐ শুন, অলপ পিছত তোৰ দোকানলৈ ছোৱালী এজনী যাব, শুন তাইৰ নামটো হ’ল ‘জান’, কিতাপ এখন বিচাৰিব, তই দি দিবি হা, তোৰ দোকানলৈ মই কালি গৈ আছো, লগ পাম।”
-“কি কিতাপ?”
-“কি আছিল….অ’, কিবা ব্ৰিফ হিষ্ট্ৰি অৱ টাইম নে কি, চাচোন আছেনে?”
-“ৰ’বা, চাইছো।”
পাপু ইতিমধ্যে ঠিয় হৈছিল। ‘ৰেক’ত থকা একমাত্ৰ “ব্ৰিফ হিষ্ট্ৰি অব টাইম”খন সি টানি বাহিৰ কৰিলে, তাৰ পিছত ভিতৰৰ কোঠাটোলৈ সোমাই গ’ল আৰু জেকক ক’লে-“কিতাপখন নাই নহয়, আছিল, খটম হৈ গ’ল।”- কৈয়ে সি কিতাপখন বিচনাৰ তলৰ এলান্ধু আৰু পুৰণি কাকতেৰে ভৰা এন্ধাৰ কোণ এটিলৈ দলি মাৰি দিলে।
প্ৰথমবাৰৰ বাবে পাপুৱে নিজকে অলপ চালাক হোৱা যেন অনুমান কৰিলে!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক