ঐককেন্দ্রিক (আদিত্য ৰঞ্জন দত্ত)

ঐককেন্দ্রিক


আদিত্য ৰঞ্জন দত্ত


খিড়িকীখন লাহেকৈ হেচুকি খুলি দিলে সি।  অলপ ঠাণ্ডা বতাহ সোমাই অহা যেন লাগিল।  যোৱাকালিৰে পৰা জ্বৰ তাৰ।  এই ডিচেম্বৰ মাহৰ ঠাণ্ডাটো যে!হঠাতেই বেমাৰী কৰি তুলিব পাৰে মানুহক।
চিগাৰেট বাকী আছেগৈনে বাৰু!পৰহিয়েই আনিছিল পেকেটটো। কালি নীলা আহোঁতেই লুকুৱাই থৈ গৈছিল। তাৰ জ্বৰ কাৰণে বাৰে বাৰে খাবলৈ মানা কৰি গৈছিল তাই। সি আজি পুৱাহে দর্জাৰ চুক এটাত সেইটো বিচাৰি পাইছেগৈ।
খিড়িকীৰ কাষলৈ চকীখন টানি আনি বহি ল’লে। অলপ আৰাম কৰিবৰ বাবে ভৰি দুটা খিড়িকীৰ তলৰফালৰ চৌকাঠটোত উঠাই দিলে। চকীখনে কেৰমেৰাই উঠিল। পুৰণা হৈছে চকীখন,সি ভাবিলে মনতে। লাহে লাহে ঘৰটোৰ চাৰিওফালে চালে সি। ওপৰৰ ফালে মকৰাই জালেৰে জঁট বান্ধিছেগৈ। খিড়িকীখনৰ কাষতেই ফ্রিজটো। খুলি চালে তাত দেখিবলৈ পোৱা যাব এসপ্তাহ আগতেই নীলাই ৰান্ধি থৈ যোৱা ডাইলখনৰ এৰেহাখিনি আৰু পচি যোৱা বিলাহী দুটামান। তাৰ বিচনাখনতেই তাৰ সমস্ত পিন্ধা কাপোৰবোৰ। শোৱাৰ সময়ত সি এতিয়া বহি থকা চকীখনতে লাহেকৈ উঠাই থৈ দিয়ে কাপোৰখিনি। মজিয়াত পৰি আছে আধাখোৱা অসংখ্য চিগাৰেটৰ টুকুৰা। এক কথাত ক’বলৈ গ’লে এক পুতিগন্ধময় পৰিবেশ।
আনদিনা হোৱা হ’লে নীলায়েই চাফা কৰি থৈ গ’লহেঁতেন তাৰ কোঠাটো। কিন্তু যোৱাকালি তাইৰ কিবা কথাত মন বেয়া হৈ আছিল। মাক-দেউতাকৰ মাজত কিবা কাজিয়া লাগিছিল। তাই খঙতে তাৰ কোঠালৈ গুচি আহিছিল। বহুত দেৰীলৈকে কান্দি আছিল তাই।
নীলাৰ দেউতাক অনিৰূদ্ধ ফুকনৰ তলতেই সি কাম কৰে। অনিৰূদ্ধ ফুকনৰ ডাঙৰ ব্যৱসায়,বগাৰ পৰা ক’লালৈকে। কোনো কোনোৱে কয় চহৰৰ আন এজন ডাঙৰ ব্যৱসায়ী মুকুট হাজৰিকাৰ পত্নীৰ হত্যাকাণ্ডত এই অনিৰূদ্ধ ফুকনৰেই হাত আছে। বহুতে আকৌ কয় অনিৰূদ্ধ ফুকন আৰু মুকুট হাজৰিকাৰ পত্নীৰ মাজত পৰকীয়া প্রেম আছিল যাৰ ফলতেই মিচেছ হাজৰিকাই আত্মহত্যা কৰিলে।

সি মাথো শুনি যায় কথাবোৰ। হাঁহি উঠি যায় কেতিয়াবা। সি অৱশ্যে মানুহবোৰৰ ধাৰণাবোৰ নুবুজাওঁ নহয়। সাধাৰণ মানুহবোৰে এইখন ক’লা দুনিয়াৰ কথা ভুকে নাপায়। অনিৰূদ্ধ ফুকনৰ কাৰণে কেইবাটাও হত্যাকাণ্ড কৰিছে। জীতেন মহন্ত চাৰলৈ গুলীটো মাৰোতে তাৰ প্রথমবাৰৰ বাবে হাত কপিছিল। দুখ নে হুমুনিয়াহৰ ভৰ আছিল সেয়া সি নাজানে। বাৰু থাকক সেইবোৰ। কিছুমান সেউজীয়া বসন্ত হৈয়েই থাকি যাওঁক।
হঠাতে তাৰ কোঠাৰ কলিং বেলটো বাজি উঠিল। তেতিয়াহে যেন তাৰ তন্ময়তা ভাগিল। বাওঁহাতেৰে বাওঁপকেটত খেপিয়াই ৯মিঃমিঃ টো উলিয়াই আনিলে।
-আব্বে দর্জা খোল।
ৰফিকৰ মাত সিফালৰ পৰা। তেতিয়াহে সি শান্তি পালে। দর্জাখন খুলি দি সি তাক সোমাই আহিবলৈ দিলে।
-আজি সন্ধিয়া এটা টার্গেত আছে। অনিৰূদ্ধ ফুকনে সম্পূৰ্ণ বিৱৰণ দিব। আবেলি মাতি পঠাইছে তোক।
ৰফিক অনিৰূদ্ধ ফুকনৰ সোঁহাত বুলিব পাৰি। ৰফিক নহ’লে অনিৰূদ্ধ ফুকনৰ ব্যৱসায় অচল। ৰফিক বেছি সময় নৰ’ল। ৰফিকক সি বৰ এটা ভাল নাপায়। নীলাৰ ওপৰত ৰফিকৰো মাজে মাজে চকু,যিটো কথা সি একেবাৰে পচন্দ নকৰে। নীলা তাৰ কোঠালৈ আহি থকা কথাটো ৰফিকে এতিয়ালৈকে গম পোৱা নাই। তাক গম দিব নোৱাৰিও,সি মনতে ভাবিলে।

*************************************************

সময় দহমান বাজিছে।
নীলাহঁতৰ ঘৰত আজি সত্যনাৰায়ণ পুজা। সোনাকলে পুজাখন সামৰি পুজাৰীজন কেতিয়ালৈ ওলাই যায় মিচেছ ফুকনে তাকেহে বাট চাই আছিল। এজন দুজনকৈ মানুহবোৰ লাহে লাহে আহিছেগৈ। মৃদু সংগীতৰ তালে তালে নাচি আছে সত্যনাৰায়ণ।
কটা হাতৰ ব্লাউজটোৰে মিচেছ ফুকনক অপুর্ব লাগিছে আজি। বীৰেণ কলিতা,গুনীন বৰুৱাৰ দৰে কেইবাজনৰো লোলুপ দৃষ্টি যেন তেখেতৰ কটা হাতৰ ব্লাউজত বিলীন হৈহে যাব। পিছে মিচেছ ফুকনৰ তালৈ অকনো ভ্রূক্ষেপ নাই। তেওঁ যেন আজি পখিলাৰ দৰেহে উৰিব। হয়তো কোনেও বিশ্বাস নকৰে যে তেওঁৰ বয়সে চল্লিশটা বসন্ত গৰকিলে।
বীৰেণ কলিতাই লাহেকৈ লেনিয়াই লেনিয়াই মিচেছ ফুকনৰ কাষ পালহি। তেওঁৰ যে নিচা ভালকৈয়ে লাগি আছে ধৰিব পাৰি। উচাত মাৰি আতঁৰি গ’ল মিচেছ ফুকন।
-উফ,কিমান আৰু জলাই মাৰে মিচেছ ফুকন!এদিন আমাকো চগা হৈ মৰিবলৈ সুবিধাকন দিয়ক।
-আপোনাৰ নিচা ধৰিছে কলিতা দা। ঘৰলৈ যাওক। কাইলৈ নহ’লে জলা মুখখনহে আইনাত চাব লাগিব।
ৰিপুণে বহুত দেৰি কৰিছে দেখোন!মিচেছ ফুকনৰ উচ-পিচ লাগিছে। এতিয়ালৈকে সকলো আগতে ঠিক কৰি থোৱামতেই হৈ গৈ আছে। শেষ কামটোহে বাকী আছেগৈ। ৰিপুণৰ লগত কালিয়েই সকলো ঠিক কৰি থৈছে তেওঁ। গোটেই আচনিখন মিচেছ ফুকনেই বনাইছে বুলি ক’ব পাৰি। ৰিপুণে মাত্র শেষ কামটো কৰিব পাৰিলেই হ’ল।
অনিৰূদ্ধ ফুকনৰ গালি শপনি শুনি শুনি অতিষ্ঠ হৈ গৈছে মানুহজনী। সন্দেহেই কৰি ফুৰে অকল। কামৰ অচিলা লৈ চিংগাপুৰত অনিৰূদ্ধ ফুকনে প্রেমলীলা কৰি ফুৰা ফ’ট’ মিচেছ ফুকনে নিজেই দেখা পাইছে। কিমান সহ্য কৰিব আৰু।
কালিয়েই কথা পাতি থোৱা মতে ৰিপুণ আহি কোনোবা এটা পাকত অনিৰূদ্ধ ফুকনৰ পানীয়ৰ গিলাচত বিষখিনি মিহলাই দিব। অনিৰূদ্ধ ফুকনে বেছি কষ্ট খাব নালাগে। খুব বেছি দুই মিনিট। তাৰপাছতে সকলো শেষ। এটা কুটিল হাঁহি ফুতি উঠিল মিচেছ ফুকনৰ মুখত।
বাহিৰলৈ জুমি চাই মিচেছ ফুকনে দেখিলে ৰিপুণ সোমাই আহিছে। ধুনীয়া লাগিছে তাক। ৰঙা কামিজটো আৰু তেৱেঁই তাক উপহাৰ দিয়া ক’লা জিনছ্ পেন্টটো। পেন্টটোৰ পকেটটেই আছে চাগে বিষৰ সেই সৰু টেবলেটটো।

*************************************************
একেদিনাই আবেলি তিনিমান বজাৰ কথা।
অনিৰূদ্ধ ফুকনৰ নিজৰ অফিচৰ কোঠা। চহৰখনৰ বিখ্যাত বিল্ডিং এইচ্.বি.এচ. টাৱাৰৰ সাত নম্বৰ মহলাৰ শীত-তাপ নিয়ন্ত্রিত কোঠা।
বৰ চিন্তাত আছে যেন লাগিচে তেওঁক আজি। মনটো গধুৰ হৈ আছে সেই ফটোবোৰ দেখাৰ পৰাই। ঠিক যেন মুকুট হাজৰিকাই প্রতিশোধ ল’লে তেওঁৰ ওপৰত। মিচেছ ফুকন আৰু হাজৰিকাৰ অশ্লীল ফ’টোবোৰ দেখাৰ পাছৰে পৰাই তেওঁ যেন খঙত ফাটি পৰিব।
কাচঁৰ দুৱাৰৰ ফাঁকেৰে অনিৰূদ্ধ ফুকনে তাক দেখি কলিং বেল বজাই মতাই অনালে। সি দুৱাৰখন খুলি সোমাই আহিল। অনিৰূদ্ধ ফুকনে সন্মুখৰ চকীখনতে তাক বহিবলৈ দিলে আৰু লাহে লাহে ক’লে,
-তোমালৈকে ৰৈ আছিলো। আজি তুমি তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কামটো কৰিব লাগিব। টার্গেট ইজ ভেৰী ডেলিকেট। এইটো লোৱা নাইন মিঃমিঃ,মে’দ ইন জাপান। চাউণ্ডলেছ। জাষ্ট বেং অন দা টার্গেট।
-টার্গেট কোন?
-নান আদাৰ দেন মাই ৱাইফ মিচেছ অৰূণিমা ফুকন।
-কিন্তু চাৰ!
-তুমি নুবুজিবা। তাইৰ পৰকীয়া প্রেমৰ বদনাম আৰু কিমান শুনিম!মই আৰু নোৱাৰো তাইৰ লগত। তুমি ভাগ্যবান। নীলাৰ দৰে এজনী ছোৱালীয়ে পছন্দ কৰিছে তোমাক। জাষ্ট ফিনিছ দা ৱর্ক এণ্ড কাম বেক চেফ।

*************************************************
আকৌ অনিৰূদ্ধ ফুকনৰ ঘৰত।
নীলাই উচ-পিচ লগাই আছে। সি এতিয়াও আহি পোৱা নাই। কালিয়েই তাই তাক কৈ আহিছিল সোনকালে আহিবলৈ। তাই তালৈ এবাৰ মবাইলত ডায়েল কৰিও চালে। বন্ধ কৰি থৈছে দেখোন।
পুজাৰ নামত মাক-দেউতাকৰ এইবোৰ বহুৱালী নীলাৰ লাহে লাহে অসহ্য লগা হৈছেগৈ আৰু। তাই যেন তাক লৈ কোনোবা এটা নিশা উৰি গুচিহে যাবগৈ কৰবালৈ। মাক-দেউতাকৰ দৰে জীৱন এটা তাই কেতিয়াও নিবিচাৰে। সি তাইক আশ্বাস দিছে সি কিবা এটা কৰিব বুলি। সি মাত্র দুদিনমান সময় বিচাৰিছে।
এইবোৰকে ভাবি ভাবি তাই ঘৰৰ আগফাল পালেহি। মানুহ এতিয়াও এটা দুটাকৈ আহিয়েই আছে। পুজা বুলি অহা নাই অৱশ্যে,মদিৰা উৎসৱ বুলিহে আহিছে।
তেনেকুৱাতে তাই ৰিপুণক আহি থকা দেখা পালে।
-ৰিপুণদা আঁহা। আমি তোমালৈ বাট চাইয়েই আছিলো। মায়েও বিচাৰি আছিল তোমাক।
এইবুলি তাই ৰিপুণক সাবটি ধৰি আদৰণি আলিংগন এটা জনালে।
ৰিপুণক ভিতৰলৈ পঠিয়াই নীলা বাহিৰতে থিয় দি থাকিল। তাইৰ ইচ্ছা নগ’ল ভিতৰৰ দৃশ্যবোৰ চাবলৈ। ৰিপুণৰ ক’লা জিনছৰ বাওঁপকেটৰ বিষৰ টেবলেট আৰু সোঁ পকেটৰ জাপানী পিচ্টলৰ স্পর্শত তাইৰ বুকুৰ ধপধপনি বাঢ়ি গ’ল। সি তাইক বুজাই দিয়া মতেই সকলো হ’ব এতিয়া। অনিৰূদ্ধ ফুকনৰ অফিচৰ পৰা ফোন কৰিয়েই নীলাক সি গোটেই আচনিখন কৈছিল। অলপ পাছতে বাৰটা বাজিব।
ভিতৰত হুৱা-দুৱা লাগিছে। অনিৰূদ্ধ ফুকন অচেতন হৈ পৰি গ’ল। মানু্বোৰে প্রথমতে নিচাতে পৰা বুলি ভাবিছিল। পিছত মুখেৰে ফেন ওলোৱা দেখিহে সম্বিত আহিল সকলোৰে।
তেনেতে নীলাই শুনিলে ভিতৰত কোনোবাই চিঞৰিছে, “ মিচেছ ফুকনক কোনোবাই গুলিয়াইছে”।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments