ঐক্য-সংহতি ৰক্ষাত বিহুৰ ভূমিকা (সন্ধ্যা বেজবৰুৱা)

সন্ধ্যা বেজবৰুৱা
(বিহুৰ তাৎপৰ্য বিচাৰ কৰিলেও জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰা শব্দবোৰতো সুসমন্বয় ঘটা দেখা পাম। দেউৰী, চুতীয়াসকলৰ ‘বিচু’ অৰ্থাৎ কৃষিভিত্তিক আনন্দ উৎসৱ । বড়োসকলৰ ‘বি’ মানে খোজা (আশীৰ্বাদ অৰ্থত), ‘হু’ মানে দিয়া। ডিমাচাসকলৰ ‘বিষু’ৰ অৰ্থ হৈছে আনন্দ উৎসৱ। অসমীয়াৰ বাপতি সাহোন কৃষিভিত্তিক আনন্দ উৎসৱ ‘বিহু’ সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰাই উৎপত্তি হ’ল বুলি আমি ইতিহাসৰ পাত মেলিলেই পাওঁ।)

ঐক্য-সংহতি ৰক্ষাত বিহুৰ ভূমিকা

বিহু অসমীয়া জাতিৰ বাবে বাপতি সাহোন জাতীয় উৎসৱ । আহোম, চুতীয়া, কোচ, বড়ো, কাৰ্বি, মিচিং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম। বিহু হৈছে সম্প্ৰদায়, গোষ্ঠী, বৰ্ণ নিৰ্বিশেষে উচ্চ-নীচৰ ভেদাভেদ নোহোৱাকৈ পালন কৰা এক আনন্দ উৎসৱ।পৃথিৱীৰ যিমান জনগোষ্ঠী আছে, তেওঁলোকৰ প্ৰত্যেকেৰে নিজ সংস্কৃতিও আছে । প্ৰত্যেক জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ উৎস কেৱল জীৱিকা ।
ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা ভাৰতৰ পূৱ প্ৰান্তলৈ প্ৰব্ৰজন হৈ স্থায়ীভাবে থাকিবলৈ লোৱা জনগোষ্ঠীসমূহৰ ৰীতি-নীতিৰ সমন্বয়তে সৃষ্টি হৈছিল অসমৰ বিহুটি । জীৱিকা নিৰ্বাহৰ উপায় হিচাবে কৃষি উৎপাদনত কঠোৰ শ্ৰম আৰু শ্ৰমৰ শেষত জিৰণিৰ সময়ত আনন্দ উৎসৱ পালনৰ পৰম্পৰাৰ পৰাই ধৰ্মীয় নীতি-নিয়মকে ধৰি বহু লোকাচাৰ বিহুত সোমাই পৰিল । এইক্ষেত্ৰত আৰ্য সংস্কৃতিৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। বিহু বৰ্ণাঢ্য সংস্কৃতি। অসমৰ বুকুৱেদি বৈ যোৱা বিশাল বৰলুইত, ইয়াৰ নদী-উপনদী, জান-জুৰিক সাবটি সমুদ্ৰলৈ ঢাপলি মেলাৰ নিচিনাকৈ অসমৰ পৰ্বত-ভৈয়ামত বসবাস কৰা নানা জাতি-উপজাতিয়ে সংহতিৰ উৎস হিচাবে লৈ ৰঙালী বিহুটিকো সুকীয়া আসন দি আহিছে ।
বিহু নামবিলাকৰ মাজত প্ৰতিফলিত অসমীয়া গাঁৱলীয়া চহা জীৱনৰ সহজ-সৰল ছবিখনে একতাৰ এনাজৰীডাল ধৰি ৰাখিছে। সুখ-দুখ, বিৰহ-বেদনাৰ মাজতেই জীয়াই আছে সম্প্ৰীতি। ব’হাগ বিহুত ৰাতিপুৱা একেলগে নদীত গৰুক গা-ধুওৱা, মাঘৰ বিহুত ওচৰ-চুবুৰীয়া মিলি একেলগে উৰুকাৰ ভোজভাত খোৱা, পুৱা মেজিত অগ্নি সেৱা কৰা, কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই নাম-কীৰ্তন কৰা, পুৱা একেলগে বিহুৰ দিনা ইঘৰে সিঘৰলৈ যোৱা, জা-জলপান, পিঠা-পনা আদি খোৱা-লোৱাত সম্প্ৰীতিৰ বান্ধোন আছে। বিহুৰ তাৎপৰ্য বিচাৰ কৰিলেও জনগোষ্ঠীসমূহে ব্যৱহাৰ কৰা শব্দবোৰতো সুসমন্বয় ঘটা দেখা পাম। দেউৰী, চুতীয়াসকলৰ ‘বিচু’ অৰ্থাৎ কৃষিভিত্তিক আনন্দ উৎসৱ । বড়োসকলৰ ‘বি’ মানে খোজা (আশীৰ্বাদ অৰ্থত), ‘হু’ মানে দিয়া। ডিমাচাসকলৰ ‘বিষু’ৰ অৰ্থ হৈছে আনন্দ উৎসৱ। অসমীয়াৰ বাপতি সাহোন কৃষিভিত্তিক আনন্দ উৎসৱ ‘বিহু’ সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰাই উৎপত্তি হ’ল বুলি আমি ইতিহাসৰ পাত মেলিলেই পাওঁ। অসমীয়া সংস্কৃতিৰ নীতি-নিয়মবোৰে কেৱল সামাজিক শৃংখলাকেই নুবুজায়, ই সমন্বয় আৰু একাত্মবোধৰো চাবি-কাঠি । অকল বিহুৱেই নহয় , বিভিন্ন সময়ত পালিত অন্যান্য উৎসৱসমূহেও আমাক একতাৰ ডোলেৰে বান্ধি সম্প্ৰীতি জীয়াই ৰাখিছে । কৃষি -কৰ্মৰ লগত জড়িত লখিমী সবাহ, তিথি, উৎসৱ-পাৰ্বন ইত্যাদিৰ নিচিনা কৰ্ম পালন আৰু সম্পাদনেও ঐক্য আৰু সংহতিৰ স্বাক্ষৰ বহন কৰিছে। আমাৰ অসমীয়া বাপতি সাহোন বিহুতেই আছে মহামিলনৰ মহাআনন্দ । প্ৰকৃতিৰ নিয়মৰ লগত সংহতি ৰাখি পালন কৰা ৰঙালী, ভোগালী আৰু কঙালী উৎসৱে অসম তথা বিশ্ব দৰবাৰত সুকীয়া আসন লাভ কৰি বিভিন্ন জাতি-উপ-জাতিক একেডাল এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে। বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত গীত-বাদ্যই একে মঞ্চতে থিয় হৈ গীত নৃত্যৰ সমাবেশেও ঐক্য আৰু সংহতিৰ বাট মুকলি কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments