ঐতিহ্যৰ পৃথিবীত ভাৰত (ভাস্কৰজ্যোতি দাস)

বআলসাৰ দাা

আগকথা:-

বিশ্ব ঐতিহ্য ক্ষেত্ৰ(UNESCO-World Heritage Site) হিচাবে তালিকাভুক্ত হোৱা ভাৰতৰ ঐতিহ্যক্ষেত্ৰসমুহৰ বিষয়ে অকবত লিখা এইটো তৃতীয়টো লেখা। আগৰ লেখা দুটাত আমি গুজৰাটৰ “ৰাণী কী ভাৱ” আৰু বিহাৰৰ “নালন্দা বিশ্ববিদ্যালয়” নামৰ ক্ষেত্ৰদুখনৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিছিলোঁ। এই খন্ডটোত আমি শেষ হিন্দু সাম্ৰাজ্য বিজয়ানগৰৰ ৰাজধানী হাম্পী চহৰৰ ঐতিহ্যৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। ভাৰতৰ এই ক্ষেত্ৰখন ১৯৮৬ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুল তালিকাৰ “সাংস্কৃতিক-স্পৰ্শনীয়” শ্ৰেণীত লিপিবদ্ধ হয়।

খন্ড-৩
হাম্পীৰ ধ্বংসাৱশেষ

তপস্যা, শান্তি আৰু বৈভৱৰ পীঠস্থলী হাম্পী ক্ষেত্ৰ হিন্দুৰ শেষ সাম্ৰাজ্য বিজয়নগৰৰ ৰাজধানী আছিল। খৃষ্টীয় ১৪শৰ পৰা ১৬শ শতিকালৈকে ইয়াৰ মন্দিৰ, ৰাজপ্ৰসাদ তথা ইয়াৰ কাৰুকাৰ্যসমূহ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। ১৫৬৫ চনত ডেক্কান মুচলিম সংঘই (Deccan Muslim Confederancy) তালিক’টাৰ যুদ্ধত (The battle of Talikota) সুদীৰ্ঘ সাতমাহ ধৰি বিজয়নগৰ আক্ৰমণ কৰি এই ক্ষেত্ৰখনৰ স্থাৱৰ ঐতিহ্যৰ বহুখিনি অধ্যায় মচি পেলায়। কণাৰ্টক ৰাজ্যৰ বেল্লাৰী জিলাত অৱস্থিত এই ক্ষেত্ৰখনে ৪১৮৭২৪ হেক্টৰ এলেকা সাঙুৰি আছে। হাম্পী চহৰখন ১৫০৯ৰ পৰা ১৫৩০ লৈকে ২১ বছৰজুৰি মহাৰজা কৃষ্না দেৱ ৰাইৰ সময়ছোৱাত পুৰ্ণৰূপত বিকশিত হয়৷ ১৪০০ শতিকাৰ পৰা ১৬০০ শতিকালৈকে বিশ্বৰ বিভিন্ন ঠাইৰ বুজনসংখ্যক পৰিব্ৰাজকে হাম্পী চহৰ পৰিভ্ৰমণ কৰাৰ লগতে ইয়াৰ দ্ৰাৱিড়ীয় আধ্যত্মিক দৰ্শনৰ সৈতে একাত্ম হোৱাৰ তথ্য পোৱা যায়৷

ইয়াৰ সিংহভাগ অৱশেষ যদিও বিয়ানগৰ সাম্ৰাজ্যৰে হয়, তথাপিও বহুখিনি ইয়াৰ পূৰ্বৰেপৰা ইয়াত আছে৷ হেমাকুটা পাহাৰৰ জৈন মন্দিৰ, বিৰুপাক্সা মন্দিৰৰ দেৱীৰ বিগ্ৰহ ইত্যাদিবোৰ ইয়াৰ আগৰ বুলি প্ৰমাণিত হৈছে৷ এই ক্ষেত্ৰত অৱস্থিত চালুক্য(Chalukya)ৰ সময়ৰ পিৰামিডৰ আকাৰৰ বাহন নৱম-দশম শতিকাৰে হ’ব বুলি অনুমান কৰা যায়|

ক্ষেত্ৰখনৰ সংৰক্ষণৰ হেতু কৰ্ণাটক চৰকাৰে ইয়াৰ লগত সংলগ্ন ৪৬.৮ বৰ্গকিলোমিটাৰ এলেকা এটা সংৰক্ষিত কৰি ৰাখিছে৷ কণাৰ্টকৰ বেল্লাৰী জিলাত টুংগভদ্ৰা নদীৰ দক্ষিণপাৰত আৰু ৰাজধানী বাঙ্গালুৰুৰ পৰা ৩৫৬ কি.মি. দুৰত এই ক্ষেত্ৰখন অৱস্থিত৷ তথ্য অনুযায়ী ১৩৫৩ ত নগৰখন গঢ়াৰ কাম আৰম্ভ হৈছিল হৈছিল৷

বআসকককাৰ দা

ক্ষেত্ৰখনত এতিয়া অৱশেষসমূহৰ ভিতৰত প্ৰায় ১৬০০ অৱশেষ চিহ্নিত হৈছে। এইসমুহৰ ভিতৰত দুৰ্গ, আৱাসগৃহ, ৰাজকীয় প্ৰসাদৰ অৱশেষ, শিলাগৃহ, মন্ডপ, স্মৃতিসৌধ, বাটচ’ৰা, বিভিন্নজন উপাস্য দেৱতাৰ মন্দিৰ, জলব্যৱস্থাপ্ৰণালী ইত্যাদিসমুহ আছে যিবোৰত দ্ৰাবিড়ীয় কলা তথা বাস্তুশাস্ত্ৰৰ প্ৰভাৱ সততে দেখা পোৱা যায়। এই হাম্পী ক্ষেত্ৰখন সাঁতটা দুৰ্গৰ মাজত অৱস্থিত৷ একেবাৰে ভিতৰৰ সপ্তম গঢ়টোৰ ভিতৰত থকা মুল অৱশেষেই (মন্দিৰ, জলশয় ইত্যাদিসমূহ) বিশেষভাৱে সংৰক্ষিত হৈ আছে যদিও বাহিৰৰ চিপাহীৰ আৱাসগৃহ, মন্দিৰ ইত্যাদিসমূহৰ সৰহভাগেই এতিয়ালৈ ধ্বংসস্তুপত পৰিণত হৈছে৷ যিখিনি অক্ষত অৱস্থাত আছে সেইখিনি ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে সুন্দৰভাৱে সংৰক্ষণ কৰি আছে৷

এই সকলোবোৰ অৱশেষৰ ভিতৰত ভগৱান শ্ৰী কৃষ্নৰ (ভিত্থল) মন্দিৰটোৰ কাৰুকাৰ্য অতিকে চকুতলগা যি সেই সময়ৰ কলা-দৰ্শনৰো এক উৎকৃষ্ট নিদৰ্শন। এই মন্দিৰটোৰ নিৰ্মানশৈলী যথেষ্ঠ উন্নত হোৱাৰ লগতে ইয়াৰ ব্যৱস্থাপনাও খুব সুন্দৰভাৱে সংৰক্ষিত হৈ আছে। এই মন্দিৰ পৰিসৰত বসন্তোৎসৱ মন্ডপ, কল্যাণ মন্ডপ আৰু উৎসৱ মন্ডপ নামেৰে তিনিটা মন্ডপ আছে আৰু মন্দিৰৰ পৰিসৰলৈ সোমোৱা তিনিখন প্ৰৱেশদ্বাৰ (গ’পুৰম) আছে। মন্দিৰ পৰিসৰত থকা এখন গ্ৰেণাইড শিলত কটা ৰথে সেই সময়ৰ কলা-দৰ্শনৰ চিন্তাশীলতাৰ ধ্বজা বহন কৰে। এই মন্দিৰ পৰিসৰটোৰ ভিতৰত থকা পুখুৰী আৰু জলসংযোগ প্ৰণালী এতিয়াও অক্ষত অৱস্থাতে আছে।

বআসকাৰ দা

হাম্পীৰ মন্দিৰ, আৱাসগৃহৰপৰা আৰম্ভ কৰি সকলোবোৰতে থলুৱা গ্ৰেণাইড শিল, জ্বলোৱা ইটা আৰু চুণশিল ব্যৱহাৰ হৈছিল৷ এই কাৰুকাৰ্যৰ ভিতৰৰ বিজয়নগৰৰ কিছু স্থাপত্যত বিশেষকৈ ৰাণীৰ স্নানগৃহ আদিত হিন্দু-ইচলামিক সমলৰ সংযোজন ঘটোৱাও দেখা যায়৷ তেতিয়াৰ বিজয়নগৰৰ এই স্থাপত্য-ভাস্কৰ্যবোৰ সমলবোৰৰ বিকাশৰ লগে লগে দক্ষিণ ভাৰতৰ দিশে থকা আন আন দ্ৰাবিড়ীয় স্থাপত্যতো ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে৷

ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে এই ক্ষেত্ৰখনৰ খননকাৰ্য এতিয়াও চলাই আছে আৰু হাম্পীৰ বহু নতুন তথ্য পোহৰলৈ আহিছে৷ কিন্তু ক্ষেত্ৰখনৰ ওচৰত থকা লোৰ আকৰ, মেংগানিজ ইত্যাদিবোৰৰ খনিসমুহ সক্ৰিয় হৈ থকাৰ বাবেই এই ক্ষেত্ৰখনৰ লগতে টুংগভদ্ৰা নদীখন ধ্বংসৰ মুখলৈ গৈছে৷

ক্ষেত্ৰখনৰ অচ্যুতাৰাই মন্দিৰ, ভুমিগত বাদাৱী লিংগ, চন্দ্ৰমৌলেশ্বৰা মন্দিৰ ইত্যাদিবোৰ এতিয়াও জাগ্ৰত বুলি বিস্বাস কৰা হয় আৰু এইসমুহত এতিয়াও পুজা-পাতল নিয়মীয়াকৈ চলি আছে৷

(ছবিত হাম্পীৰ অচ্যুতাৰাই মন্দিৰ, চন্দ্ৰমৌলেশ্বৰা মন্দিৰ আৰু শিলৰ ৰথখনৰ সৈতে এটা গ’পুৰমৰ ধ্বংসাৱশেষ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক