ঐতিহ্যৰ পৃথিৱীত ভাৰত (ভাস্কৰজ্যোতি দাস)

argheology+bhaskar

য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ (UNESCO-World Heritage Sites)ৰ যিখন তালিকা এতিয়ালৈকে প্ৰস্তুত কৰা হৈছে সেই তালিকাত বিশ্বৰ ১৬১ খন দেশৰ ১০০৭ খন ক্ষেত্ৰ আছে। এই ক্ষেত্ৰসমুহৰ মনোনয়ন মুলত: তিনিটা শ্ৰেণীত কৰা হয় আৰু সেইকেইটা হ’ল সাংস্কৃতিক (Cultural), প্ৰাকৃতিক (Natural) আৰু মিশ্ৰিত(Mixed)। ইয়াৰে সাংস্কৃতিক শ্ৰেণীৰ ভিতৰত স্পৰ্শনীয় (Tangible) আৰু অস্পৰ্শনীয় (Intangible) বুলি দুটা উপশ্ৰেণী আছে।

এতিয়ালৈকে স্বীকৃত বিশ্বৰ ১০০৭ খন ক্ষেত্ৰৰ ভিতৰত ৭৭৯ খন সাংস্কৃতিক শ্ৰেণীত, ১৯৭ খন প্ৰাকৃতিক আৰু ৩১ খন মিশ্ৰিত শ্ৰেণীত লিপিবদ্ধ হৈ আছে। এইসমুহৰ মনোনয়নৰ বিষয়টো চোৱা-চিতা কৰাৰ বাবে সমগ্ৰ পৃথিবীৰ বাবে পাঁচটা খন্ড (Zone) আছে। এইকেইটা হ’ল – (১) উত্তৰ আমেৰিকা আৰু ইউৰোপ,
(২) এচিয়া আৰু ওচেনিয়া,
(৩) লেটিন আমেৰিকা আৰু কেৰিবিয়ান,
(৪) আফ্ৰিকা আৰু
(৫) আৰব দেশসমূহ।
১৯৭২ চনৰ বিশ্ব ঐতিহ্য বুজাবুজি চুক্তি (World Heritage Convention’1972) ৰ ভিত্তিত এইসমূহ চিহ্নিত কৰা হয়।

এই ক্ষেত্ৰসমুহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’বলৈ হ’লে এইসমুহৰ বিশ্বৰ সম্পদ হোৱাৰ মুল্য থাকিব লাগিব যি মুল্যক ইংৰাজীত Outstanding Universal Value বুলি কোৱা হয়। মনোনয়নৰ এই প্ৰক্ৰিয়াটো দুটা পৰ্যায়ত কৰা হয়। ইয়াৰে প্ৰথম পৰ্যায়টো হ’ল সাম্ভাব্য তালিকা (Tentative list)ত অন্তৰ্ভুক্তি। ইয়াৰ বাবে সাম্ভাব্য তালিকা ৰাষ্ট্ৰসমুহৰ পৰা বিচৰা হয়। এই তালিকাত ৰাষ্ট্ৰসমুহে তেনে তালিকাৰ লগতে ক্ষেত্ৰসমুহৰ বিষয়ে কিছু বিষদভাৱে তথ্য প্ৰদান কৰিব লাগে। এইসমুহ য়ুনেস্ক’ৰ খন্ড পৰ্যায়ত (Zonal level) বিষ্লেষণ কৰি তথ্য আৰু যুক্তিযুক্ততাৰ ভিত্তিত সাম্ভাব্য তালিকাৰ বাবে মনোনয়ন কৰা হয়। সাম্ভাব্য তালিকাৰ পৰা মুল তালিকালৈ উন্নীত নোহোৱালৈকে এই সম্পদসমুহ এই তালিকাতে লিপিবদ্ধ হৈ থাকে। ২০১৪ বৰ্ষলৈকে ভাৰতৰ মুঠ ৫১ খন ক্ষেত্ৰ এই সাম্ভাব্য তালিকাত অন্তৰ্ভূক্ত হৈ আছে।

মুল তালিকালৈ উন্নীত হ’বলৈ হ’লে প্ৰথমেই এইসমুহ ক্ষেত্ৰ বিশ্বৰ সম্পদ হোৱাৰ মুল্য থকাটো প্ৰমাণ কৰাটো প্ৰয়োজন। এই প্ৰক্ৰিয়াটো অলপ দিঘলীয়া হয় আৰু ইয়াত তথ্য-প্ৰমাণৰ পৰা আৰম্ভ কৰি আগন্তুক পাঁচ বছৰৰ বাবে ব্যৱস্থাপনা প্ৰণালী (Maintenance/Management Plan), তথ্যভান্ডাৰ (Dossier), বিভিন্ন ধৰণৰ মেপ ইত্যাদিসমুহ দাখিল কৰিব লাগে। এই সকলোবোৰ অধ্যায়ন তথা বিবেচনা কৰাৰ পাছত সেই ক্ষেত্ৰখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে অন্তৰ্ভূক্ত হ’ব নে নহয় সেই সিদ্ধান্ত য়ুনেস্ক’ৰ কেন্দ্ৰীয় সমিতি আৰু খন্ড পৰ্যায়ৰ কেন্দ্ৰৰ।

ভাৰতৰ ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত এতিয়ালৈকে মুঠ ৩২খন ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃত হৈছে। ইয়াৰে ২৫ খন ক্ষেত্ৰ সাংস্কৃতিক শ্ৰেণীত আছে আৰু বাকী সাতখন ক্ষেত্ৰ প্ৰাকৃতিক শ্ৰেণীত লিপিবদ্ধ হৈ আছে। ১৯৮৩ চনত মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা গোহা আৰু উত্তৰ প্ৰদেশৰ আগ্ৰা দুৰ্গ আৰু তাজমহল এই চাৰিখন ঐতিহ্যক্ষেত্ৰক য়ুনেস্ক’ই দুটা পৰ্যায়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে চিহ্নিত কৰাৰ পাছৰেপৰা উক্ত তালিকাত ভাৰতৰ অন্তৰ্ভুক্তিৰ যাত্ৰা আৰম্ভ হয়। শেহতীয়াকৈ ২০১৪ চনত হিমাচল প্ৰদেশৰ “গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক” আৰু গুজৰাটৰ “ৰাণী কী ভাৱ” নামৰ ক্ষেত্ৰ দুখন উক্ত তালিকাত সন্নিবিস্ত হৈছে ক্ৰমে প্ৰাকৃতিক আৰু সাংস্কৃতিক শ্ৰেণীত।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুল তালিকাত অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানদুখন ১৯৮৫ চনতে প্ৰাকৃতিক শ্ৰেণীত লিপিবদ্ধ হৈছে। ইয়াৰোপৰি ২০০৪ চনত সাংস্কৃতিক-স্পৰ্শনীয় (Cultural-tangible) শ্ৰেণীত অসমৰ মাজুলী সাম্ভাব্য তালিকাত লিপিবদ্ধ হয় যদিও ভুল শ্ৰেণীত আবেদন কৰাৰ বাবেই এই প্ৰস্তাব ইউনেস্ক’ই অগ্ৰাহ্য কৰিছে আৰু মাজুলীৰ ক্ষেত্ৰত নতুনকৈ অস্পৰ্শনীয় (Intangible) শ্ৰেণীত আৱেদন কৰিবলৈ জনাইছে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাম্ভাব্য তালিকাত ২০১৪ চনত অন্তৰ্ভুক্ত হোৱা “চৰাইদেউ মৈদাম ক্ষেত্ৰ” হ’ল উত্তৰ-পুৰ্বাঞ্চলৰ পৰা “সাংস্কৃতিক-স্পৰ্শনীয়” তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰথমখন ঐতিহাসিক ক্ষেত্ৰ। এই ক্ষেত্ৰখন বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হ’লে অসমৰ পৰ্যটন উদ্যোগটোৱে এক মাত্ৰা লাভ কৰাৰ লগতে অসমলৈ বিদেশী পৰ্যটকৰ সংখ্যাটো চকুত লগাকৈ বাঢ়িব। সমান্তৰালভাৱে ইয়াৰ সংৰক্ষণৰ বাবে বহু পৰিমাণৰ অৰ্থ আহিব আৰু ৰাজহ বৃদ্ধি পাব।

(চৰাইদেউ মৈদাম অঞ্চলটো বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মুল তালিকাৰ মনোনয়নৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ হেতু গঠন কৰা জিলা পৰ্যায়ৰ মুল সমিতিখনৰ এজন কাৰ্যবাহী সদস্য হিচাবে একমাহমানৰ পৰা বিষয়টোৰ সৈতে জড়িত হৈ পৰিছোঁ। খচৰা তথ্যভান্ডাৰ প্ৰস্তুতিৰ বাবে ভাৰতত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমুহৰ বিভিন্ন বিষয় অধ্যায়ন কৰিবলগীয়া হৈছে। এইসমুহৰ বিষয়ে অকবৰ ৰাইজেও কিছু তথ্য লাভ কৰাৰ চিন্তা কৰিয়েই ভাৰতত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমুহৰ বিষয়ে ধাৰাবাহিকভাৱে লিখাৰ কথা ভাবিছোঁ। প্ৰথম খন্ডটোৰ বাবে ২০১৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুল তালিকাত অন্তৰ্ভূক্ত হোৱা গুজৰাটৰ ৰাণী কী ভাৱ (Queen’s step well) ৰ বিষয়ে কিছু তথ্য পাঠকসমাজলৈ আগবঢ়োৱা হ’ল।)

খন্ড-১
ৰাণী কী ভাৱ (Queen’s step well)
—————————————–

চোলাংকী সাম্ৰাজ্যৰ বিভিন্ন ঐতিহাসিক ক্ষেত্ৰৰ ভিতৰত এখন লেখত ল’বলগীয়া ক্ষেত্ৰ হ’ল ৰানী কী ভাৱ। গুজৰাটৰ মধ্যযুগৰ ৰাজধানী পাটনত এই ক্ষেত্ৰখন অৱস্থিত। এই ক্ষেত্ৰখনৰ মুলত: কেন্দ্ৰবিন্দু হ’ল এটা বৃহৎ আকাৰৰ কুঁৱা। চোলাংকী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা মুলাৰজাৰ পুত্ৰ ভীমদেৱৰ স্মৃতিত তেওঁৰ পত্নী উদয়মতীয়ে ১১০০ শতিকাত এই বৃহদাকাৰ কুঁৱাটো নিৰ্মান কৰা বুলি অনুমান কৰা হয়।

কুঁৱাটোৰ ওচৰৰ সৰস্বতী নদীৰ বাণপানীৰ ফলত এই কুঁৱাটো কেইবাটাও শতিকাজুৰি মাটিত পোত গৈ থাকে। ১৯৮০ চনত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে (Archaeological Survey of India) খনন কৰি এই কুঁৱা তথা ইয়াৰ লগত জড়িত বিষয়সমুহ পোহৰলৈ আনে।

এই ক্ষেত্ৰখন ৬৪ মিটাৰ দীঘল, ২০ মিটাৰ বহল আৰু ২৭ মিটাৰ দ। ক্ষেত্ৰখনৰ পশ্চিমফালে মুল কুঁৱাটো অৱস্থিত। পুৱফালৰ খটখটিয়েদি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰি। প্ৰৱেশদ্বাৰৰ পৰা তললৈ বহুকেইটা মহল আটকধুনীয়া চিৰিৰে সংলগ্ন হৈ আছে। কুঁৱাটোৰ বেৰ, ক্ষেত্ৰখনৰ প্ৰতিখন দেৱাল, খুটা ইত্যাদিবোৰ অজস্ৰ দেৱ-দেৱতাৰ মুৰ্তি শিলত খোদিত হৈ আছে। এইধৰণৰ কুঁৱা ব্যৱস্থাবোৰৰ ভিতৰত এই ক্ষেত্ৰখন অতুলনীয়। ক্ষেত্ৰখনৰ কাৰুকাৰ্যৰ পৰাই চোলাংকী সাম্ৰাজ্যৰ নিপুণতাৰ উমান পাব পৰা যায়। ইয়াৰ একেবাৰে তলৰ মহলাত ৩০ কিল’মিটাৰ আঁতৰৰ চিধপুৰ সংযোগী এটা সুৰংগ আছে। যুদ্ধৰ সময়ত প্ৰাণ বচাবলৈ এইটো ব্যৱহাৰ কৰা হৈছিল বুলি জনশ্ৰোতিত উল্লেখ আছে। বৰ্তমান এই সুৰংগটো বন্ধ কৰি দিয়া হৈছে। কাৰিকৰী নিপুণতাৰে আশ্চৰ্যকৰ এই কুঁৱাটোক বহুতেই ৰাণীৰ কুঁৱা বুলি নকৈ কুঁৱাৰ ৰাণী বুলিহে অভিহিত কৰে।

ভগৱান বিষ্নুৰ দহটা অৱতাৰেই হ’ল এই ক্ষেত্ৰখনৰ কাৰুৰাৰ্যৰ মুল বিষয়। ইয়াৰোপৰি নাগকণ্যা, যোগিনী, অপ্সৰা ইত্যাদিসমুহৰো অজস্ৰ প্ৰতিকৃতি এই শিলাসমুহত খোদিত হৈ আছে। এই ক্ষেত্ৰখনৰ একেবাৰে তলৰ মহলাত ভগৱান বিষ্নুৰ অনন্তশয্যা খোদিত হৈ আছে।
এই ৰাণী কী ভাৱ যে কেৱল এটা কুঁৱা বা সভ্যতাৰ ধ্বজাবাহক এক ক্ষেত্ৰয়েই হয় তেনে নহয়। ইয়াৰ আধ্যাত্মিক তাৎপৰ্যও আছে। বহুতে ইয়াক ভুমিগত মন্দিৰ (subterranean temple) হিচাবে গণ্য কৰে।

খণ্ড-২

নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ:

খৃষ্টীয় পঞ্চম শতিকাত মগধ ক্ষেত্ৰৰ নালন্দা নামৰ ঠাইত (এতিয়াৰ নালন্দা জিলা, বিহাৰ) নিৰ্মাণ কৰা নালন্দা বিশ্ববিদ্যালয়খন এখন উচ্চশিক্ষাৰ বিশ্ববিখ্যাত বিদ্যালয় আছিল। বুৰঞ্জীবিদসকলে ইয়াক বিশ্ববিদ্যালয় হিচাবে গণ্য কৰে। নালন্দা চহৰখনৰ নামেৰেই এই বিশ্ববিদ্যালয়খনৰ নামকৰণ কৰা হ’ল বুলি জনা যায়। খৃষ্টীয় ৪২৭ চনৰ পৰা ১১৯৭ চনলৈকে এই বিশ্ববিদ্যালয়খনত পাঠদান, অধ্যয়ন আৰু গৱেষণা চলিছিল য’ত বৌদ্ধ-দৰ্শণৰ উপৰি চাৰু-কাৰু কলা, চিকিৎসা, গণিত, সৌৰজগত, ৰাজনৈতিক আৰু সমৰ-কলাৰ পাঠদান চলিছিল। বৰ্তমানৰ বিহাৰ জিলাৰ ৰাজধানী পাটনাৰ দক্ষিণ-পূৱত ৯৫ কি.মি. আঁতৰত এই ক্ষেত্ৰখন অৱস্থিত। ৰঙা বৰণৰ ইটাৰে নিৰ্মিত এই ক্ষেত্ৰখনৰ বৰ্তমানে থকা অৱশেষখিনি ১৪ হেক্টৰ (৪৮৮ মিটাৰ দীঘল আৰু ২৪৪ মিটাৰ বহল) এলেকা সাঙুৰি আছে। গুপ্ত সাম্ৰাজ্যৰ ৰজা কুমাৰগুপ্ত-১-এ প্ৰতিষ্ঠা কৰা বিদ্যালয়খন অতি কম সময়তে বিশ্ববিখ্যাত হয় আৰু পালা সাম্ৰাজ্যতো বিদ্যালয়খনিৰ উত্তৰণৰ যাত্ৰা অব্যাহত থাকে। কিছু প্ৰচলিত জনশ্ৰুতি অনুযায়ী এই বিদ্যালয়খন বিশ্বমুখী কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল পুশ্যভুতি সাম্ৰাজ্যৰ(Pushyabhuti Dynasty) সম্ৰাট হৰ্ষবৰ্ধন আৰু এই বিশ্ববিদ্যালয়ৰ বাবে হৰ্ষবৰ্ধনে এলেকাটোৰ ওচৰৰ ২০০ খন গাঁও বিশ্ববিদ্যালয়খনক দান হিচাবে দিছিল।

এই ক্ষেত্ৰখনত আদিতে ৮টা পৃথক পৰিসৰ আছিল। এই আঠোটা পৰিসৰৰ লগত মুঠ দহোটাকৈ মন্দিৰ, ধ্যানকক্ষ আৰু শ্ৰেণীকোঠা সংলগ্ন হৈ আছিল। লগতে আছিল এটা হ্ৰদ আৰু এটা বিনোদন চৰ্চা কেন্দ্ৰ। এই বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন হৈ এটা ৯ মহলীয়া ধৰ্মগঞ্জা(গ্ৰন্থাগাৰ) আছিল য’ত ব্যাকৰণ,যুক্তিবাদ ৰ পৰা আৰম্ভ কৰি চিকিৎসাশাস্ত্ৰ,দৰ্শন আদি বিষয়ৰ বহু পাণ্ডুলিপি আছিল আৰু এইসমূহৰ সিংহভাগেই এই গ্ৰন্থাগাৰতে লিখা হৈছিল। এই বিশ্ববিদ্যালয়খনত ১০,০০০ আৱাসী থাকিবপৰা ছাত্ৰাবাস আৰু ২,০০০ শিক্ষাগুৰু থাকিব পৰা গুৰু আৱাসো আছিল। কোৰিয়া, জাপান, চীন, তিব্বত, ইন্দোনেচীয়া, পাৰস্য, তুৰ্কী ইত্যাদি ঠাইৰ হাজাৰ হাজাৰ ছাত্ৰই ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল।

নালন্দা নামৰ ঠাইখন খৃষ্টীয় প্ৰথম শতিকাৰে পৰা মূলতঃ এখন তীৰ্থস্থানহে আছিল। এই ঠাইৰ লগত গৌতম বুদ্ধৰ প্ৰত্যক্ষ যোগাযোগ আছিল আৰু ম’গাল্লানা (Mogallana) নামৰ তেওঁৰে এজন শিষ্যৰ সৈতে প্ৰায়ে নালন্দা ক্ষেত্ৰলৈ আহিছিল। নালন্দালৈ অহাৰ সময়খিনিত তেওঁ তেওঁৰ শিষ্য চাৰিপুত্ৰ(Sariputra)-ৰ সৈতে নালন্দাৰ ধৰ্মালোচনা সভাবোৰত অংশগ্ৰহণ কৰিছিল। নালন্দা ঠাইখন চাৰিপুত্ৰৰ জন্মস্থান আছিল আৰু এই নালন্দা বিশ্ববিদ্যালয়ত তেওঁ বৌদ্ধ দৰ্শনৰ বাটকটীয়া আছিল। এই বিশ্ববিদ্যালয় পৰিসৰত থকা সকলোতকৈ ডাঙৰ স্তুপটোৱে তেওঁৰেই স্মৃতি বহন কৰে। এইসকলৰ উপৰিও জৈন তীৰ্থাংকৰ মহাবীৰেও জীৱনৰ ১৪টাকৈ বছৰ ইয়াত পাৰ কৰাৰ তথ্য পোৱা যায়।

এই ক্ষেত্ৰখন কিছুমান সৰু সৰু বৌদ্ধ বিহাৰো আছিল য’ত সাধুসকল থাকি অধ্যায়ন আৰু চৰ্চা চলাইছিল। ইয়াৰে এটা বুদ্ধ বিহাৰ নৰূপা(Naropa)ৰ আছিল যি এই নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তীৰ্ব্বতলৈ বুদ্ধ ধৰ্মৰ সম্প্ৰসাৰণ ঘটাইছিল। পঞ্চমৰ পৰা বাৰশ শতিকালৈকে নালন্দা বিশ্ববিদ্যালয়খনে বুদ্ধৰ আদৰ্শ আৰু দৰ্শনচৰ্চাৰ কেন্দ্ৰ হিচাবে বিশ্বৰ প্ৰথমখন অনুষ্ঠান হিচাবে খ্যাত আছিল। চীনৰ পৰিব্ৰাজক হিওৱেন চাং ইয়ালৈ সপ্তম শতিকাতে আহিছিল আৰু সুদীৰ্ঘ ৫ বছৰ ইয়াত শিক্ষাগ্ৰহণ কৰিছিল। সেই সময়তো ইয়াত ১০,০০০ ছাত্ৰ আৰু ৩,০০০ শিক্ষাগুৰু থকাৰ তথ্য পোৱা যায়।

নালন্দা বিশ্ববিদ্যালয়ৰ এই উত্তৰণে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বুদ্ধ দৰ্শনক বিশ্বমুখী কৰা এই স্বৰ্ণীল সময়তে ১১৯৭ চনত তুৰ্কীৰ মামলুক সাম্ৰাজ্য (Mamluk dynasty)ৰ বখটিয়াৰ খিলজিয়ে বিশ্ববিদ্যালয়খন আক্ৰমণ কৰে আৰু ইয়াৰ পুথিভঁৰালত অগ্নিসংযোগ কৰে। এই ভয়াবহ অগ্নিকাণ্ডত প্ৰায় ৯০ লাখ পাণ্ডুলিপি (Menuscripts) ভস্মীভূত হয়। তথ্য অনুযায়ী এই জুই তিনিমাহমানলৈকে জ্বলি আছিল। খিলজিৰ এই আক্ৰমণত বিশ্ববিদ্যালয়খনৰ শতকৰা ৮০ % ধ্বংসস্তুপত পৰিণত হৈছিল আৰু এই সময়ছোৱাত কেইবাহাজাৰজন বুদ্ধ ভিক্ষুক জীৱন্তে জ্বলাই দিয়া হৈছিল।

১৮৬০ চনত বৃটিছ পুৰাতত্ববিদ আলেক্সেণ্ডাৰ কুনিংহামে (Alexander Cunningham) পৰিত্যক্ত ঠাইখিনি নালন্দা বিশ্ববিদ্যালয়ৰে অৱশেষ বুলি প্ৰমাণ কৰে আৰু ১৯১৫-১৬ চনত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে খনন কৰি বৰ্তমানে দৃশ্যমান হোৱা অৱশেষখিনি উদ্ধাৰ কৰে আৰু সেই সময়ৰে পৰা বৰ্তমানলৈকে এই এশটা বছৰত বহুখিনি নতুন তথ্য খননৰ যোগে পোহৰলৈ আনে। বিশ্ববিদ্যালৰ বহুখিনি ঐতিহ্য এতিয়াও সংলগ্ন গাঁওসমূহত গুপুতে আছে। যিখিনি অৱশিষ্ট এতিয়া মূল ক্ষেত্ৰত আছে সেইখিনি যথেষ্ট সাৱধানেৰে সংৰক্ষণ কৰা হৈছে। বৰ্তমানৰ অৱশেষৰ ভিতৰত নৰূপাৰ ধ্যানকক্ষ, মূল ধ্যানকক্ষৰ প্ৰৱেশদ্বাৰ, চাৰিপুত্ৰৰ স্তুপ আৰু ইয়াৰে সংলগ্ন চিৰিসমূহ, গ্ৰন্থাগাৰৰ অৱশেষ, মূল পৰিসৰৰ অৱশেষ ইত্যাদিসমূহ আছে।

(আজিৰ নালন্দা বিশ্ববিদ্যালয়)

আৰ্যভট্টৰ পৰা হিউৱেন চাঙলৈকে শ শ বিশ্ববিখ্যাত মণিষীৰ নাম জড়িত হৈ থকা এইবিশ্ববিদ্যালয়ৰ হৃত ঐতিহ্য ঘূৰাই আনিবলৈ আৰু এই বিশ্ববিদ্যালয়খন সঞ্জীৱিত কৰাৰ মানসেৰে ২০০৬ চনত তদানীন্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে.আব্দুল কালামে বিহিত কাৰ্যব্যৱস্থাৰ হেতু চৰকাৰক পৰামৰ্শ আগবঢ়ায় আৰু চৰকাৰেও এখন আইনৰ অধীনত নতুনকৈ নালন্দা বিশ্ববিদ্যালয়ৰ নামেৰেই বিশ্ববিদ্যালয়খন পুনৰ প্ৰতিষ্ঠা কৰে। বৰ্তমানে এই বিশ্ববিদ্যালয়ত পৰিস্থিতিতন্ত্ৰ, পৰিৱেশবিজ্ঞান আৰু বুৰঞ্জী বিষয়েৰে শ্ৰেণীসমূহ ১ চেপ্টেম্বৰ২০১৪ৰ পৰা মূল ক্ষেত্ৰৰ ওচৰৰ ৰাজগীৰত ১৫ জন ছাত্ৰৰে আৰম্ভ হৈছে। এই বিশ্ববিদ্যালয়খনৰ প্ৰশাসনীয় সমিতিৰ সভাপতি তথা আচাৰ্য হিচাবে ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ, দাৰ্শনিক ড°অমৰ্ত সেনক দায়িত্ব দিয়া হৈছে। বিহাৰ চৰকাৰে ইয়াৰ বাবে ৪৫৫ একৰ ভূমি দিয়াৰ লগতে ভাৰত চৰকাৰেও আন্তগাঁঠনি উন্নয়নৰ বাবে ২৭২৭ কোটি টকা ধাৰ্য্য কৰিছে। ইয়াৰোপৰি চীন, চিংগাপুৰ, অষ্ট্ৰেলিয়া, থাইলেণ্ডকে আদি কৰি বিভিন্ন দেশে ভাৰতৰ এই মহৎ প্ৰকল্পলৈ অনুদান আগবঢ়াইছে। মূল ক্ষেত্ৰ নালন্দাৰপৰা ৰাজগীৰলৈ বাছত গ’লে আধাঘণ্টামান সময় লাগে।

(ছবিত চাৰিপুত্ৰৰ স্তুপ, বিশ্ববিদ্যালয়খনৰ পৰিসৰ আৰু বিশ্ববিদ্যালয়খনৰ মুল নক্সা)

(আগলৈ……..)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক