ঐনিতম : মিলন আৰু বিষাদ গাঁথা (ৰঞ্জিত পেগু)

ঐনিতম হ’ল মিচিং জনগোষ্ঠীৰ ডেকা গাভৰুৰ প্ৰেম বিৰহৰ গীত৷ বিহু গীতৰ দৰে এই গীত সমুহৰো কোনো লেখক নাথাকে৷ এই গীত সমূহ অতীজৰে পৰা পৰম্পৰাগতভাৱে মুখ বাগৰি মিচিং সমাজত প্ৰচলিত হৈ আছে৷ পূৰ্বতে এই গীত সমূহৰ এটা নিভাঁজ সাঁচ আছিল৷ পিছে সম্প্ৰতি এই গীতসমূহত বহু নতুন আধুনিক শব্দ দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ ফলত এই গীতসমূহৰ মাধুৰ্য্যতা বহু লোপ পোৱা পৰিলক্ষিত হয়৷ বৰ্তমান যুগত ঐনিতমৰ ক্ষেত্ৰত পশ্চিমীয়া আৰু অনা মিচিং গীতৰ সুৰৰ ধাৰাও ইয়াত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়৷

ঐনিতমত সাধৰণতে ডেকা গাভৰুৰ মিলন আৰু বিষাদগাঁথা প্ৰতিফলিত হয়৷ আহুতলি, আলি আয়ে লৃগাঙত লগ পোৱা প্ৰতিশ্ৰুতি, ঘৰৰ বাধা প্ৰদান আৰু মিলনৰ পৰা বঞ্চিত প্ৰেমিক-প্ৰেমিকাৰ বিষাদ ভৰা নিনাদৰ এই গীতসমূহৰ যোগেদি প্ৰকাশ ঘটে৷ গতিকে এই মৰ্মন্তুদ প্ৰেম আৰু বিষাদৰ মালিতাসমূহো এই ঐনিতমৰ মাধ্যমেৰে প্ৰকাশ কৰা দেখা যায়৷ তেনেদৰে কোনো নতুন ডেকা গাভৰুৰ চাৰি চকুৰ মিলন ঘটিলেও, সেই মধুৰ সময়চোৱাৰ মনৰ ভাৱ ঐনিতমৰ জৰিয়তে প্ৰকাশ কৰা হয়৷ এই ক্ষেত্ৰত ডেকাহঁতে এই গীতেৰে মনৰ ভাৱ প্ৰকাশ কৰে৷

চৱ আলেম লাগিমাঙ মেনজেক আলেম লাগিমাঙ
মেনাম অইনম পামিল’ কুয়াপ তাকলে দবয়ে ৷

(গৰুৰ হাল নালাগে, ম’হৰ হালো নালাগে,
মৰমী তোমাক পালে, কোৰ মাৰি খুৱাম)

আজ্জনে অল্লুদে আনে কঙ্ক বনানে
আজ্জদক মেনামে ওকুম বমনা দনানে ৷

( সৰু নাওঁৰে নদী পাৰ হ’ব পাৰি,
সৰুৰে পৰা প্ৰেম ভালপোৱাই সংসাৰ পাতি খাব পাৰি)

ঘৰৰ তীব্ৰ বাধা প্ৰদানৰ বাবে যেতিয়া ডেকা গাভৰুৰ মিলনৰ হেঙাৰ হয় তেতিয়া উভয়ে এইদৰে গীত জুৰে –

ইপুৰিছ’ পামাঙগম, সিপুৰিছ পাংকুপে,
তাবিজনম দৰিলা, অইনম ৰিকচুকুপে৷

(ইহজনমত নাপালেও পৰজনমত পামগৈ,
সাপৰ জনম লৈয়ো তোমাক লগ পামগৈ৷)

আচ্ছে জিলি জিলিক’ মিকছি জিলি জিলিক’
আচ্ছে জিলি পিনয়েপে মিকছি জিলি পিনপেমাঙ

(পানীৰ জিলিও জিলি, চকুপানীৰ জিলিও জিলি,
নদীৰ পানী শুকাব, কিন্তু চকুৰ পানী নুশুকাব)

এইদৰে ঐনিতমত মিচিং ডেকা –গাভৰুৰ প্ৰেম আৰু বিৰহৰ সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়৷ আনহাতে এই ঐনিতমে মিচিং সংস্কৃতিৰ ভঁৰাল অধিক চহকী কৰি জাতীয় সংস্কৃতিৰ মেটমৰা সম্ভাৰ সৃষ্টি কৰিছে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক