ঐ মাধুৰী, কাক ধৰি আনিছোঁ চোৱাহি- সদানন্দ দত্ত

পৰীক্ষা কোঠালৈ সোমাবলৈ কিছু সময় থকা অৱস্থাতে ওখ-পাখ ডেকা এজনে আহি মোক ক’লে, “মই হাজৰিকা, পৱন হাজৰিকা৷ চুকাফা ভৱনৰ ওচৰতে ঘৰ৷”
পঢ়ি থকা নোটখিনিৰপৰা মূৰ তুলি তেওঁৰ ফালে চাই মূৰ দুপিয়াই শলাগ ললোঁ৷ কথা পাতিবলৈ অকনো মন নাছিল৷ আকৌ পঢ়াত লাগিলোঁ৷ তেওঁ আকৌ ক’বলৈ ধৰিলে, “আপুনি যোৱা দুদিন খুব লিখিছে৷ মই চাইছোঁ, আপোনাৰ পৰীক্ষা ভাল হৈছে নিশ্চয়৷”
এইবাৰ মই মাত লগালোঁ, “সিমান ভাল হোৱা নাই, বেয়াও হোৱা নাই৷”

হাজৰিকা: মই গম পাইছোঁ৷ আপোনাৰ ভাল হ’বই৷ পিছে আপুনি অংক পাৰে নে? এলজেব্ৰা? এইবোৰ জাবৰ মোৰ মূৰত নোসোমায়৷

তেওঁৰ ফালে চালোঁ, তেওঁ দেখোন মই কি কওঁ অতি আগ্ৰহেৰে মোৰ মুখলৈ চাই আছে৷ মই কিবা কোৱাৰ আগতে তেওঁ আকৌ সুধিলে, “আপুনি অংক পাৰে নে? এলজেব্ৰাবোৰ!”
মই তেওঁলৈ চাই কলোঁ, “পাৰোঁ অলপ; এলজেব্ৰাবোৰ বৰ ভাল পাওঁ৷

হাজৰিকা: হে হৰি! মোৰ কি ভাগ্য! হেৰি, আপুনি পঢ়ক৷ বেষ্ট অৱ লাক্৷ পৰীক্ষাৰ পাছত লগ কৰিম৷ এতিয়া মই যাওঁ, আপুনি পঢ়ক৷

তেওঁ তেনেকৈ কৈ আঁতৰি গ’লগৈ৷ কিনো মতলব ধৰিব নোৱাৰি ময়ো পঢ়িবলৈ ধৰিলোঁ৷ পৰীক্ষা সুকলমে হৈ গ’ল৷ পৰীক্ষাগৃহৰপৰা ওলোৱাৰ লগে লগে হাজৰিকাই আহি মোৰ লগ ল’লে৷ তেওঁ পৰীক্ষাৰ প্ৰশ্নখনৰ ওপৰতেই কথা পতাত ময়ো ক’বলগীয়া বুলি ভবাখিনি কলোঁ৷ তেওঁ এখন হোটেলত বহি একাপ চাহ খাই কথা পাতোঁ বুলি প্ৰস্তাৱ দিলে৷ মই ভোক লগাৰ বাবে ঘৰলৈহে যাওঁ বুলি কোৱাত তেওঁ ক’লে যে হোটেলত দুয়ো ভোক গুচাবলৈও কিবা খাব৷ অগত্যা তেওঁৰ মতে লগত যাবলৈ বাধ্য হ’লোঁ৷ পৰঠা, মিঠাই আদি পেট ভৰাই খুৱালে, নিজেও বহুখিনি খালে৷ পইচা তেওঁ দিলে৷ এইবোৰ খাই থাকোঁতে তেওঁ মোক কোন স্কুলত পঢ়োঁ আৰু ক’ত থাকি পৰীক্ষা দিছোঁ তাকো সুধিলে৷ মই ক’লোঁ যে আচলতে গাঁৱলীয়া ভেনচাৰ স্কুলত পঢ়া, আৰু স্কুলত অংক শিক্ষক নাছিল৷ দাদাহঁত কলেজখনত পঢ়ে বাবেই টাউনীয়া ঠাইত পৰীক্ষা দিবলৈ পাইছোঁ৷
এইবাৰ ক্ষণ চাই হাজৰিকাই ক’লে, “চাওক, মই একেটা পৰীক্ষা তিনিবাৰ দিলোঁ৷ এইবাৰ চাৰি নম্বৰবাৰ দি আছোঁ৷ বৰ দুখ জানে৷ প্ৰতিবাৰেই ফেইল হওঁ৷ অংক মোৰ মূৰত নোসোমায়৷ কেৱল অংকতে ফেইল কৰোঁ৷ বাকীবোৰ বিষয়ত পাছ কৰোঁ৷ কিমান বেয়া লাগে চাওকচোন৷ লগৰবোৰ কলেজত পঢ়ি আছে, মই পৰীক্ষাত ফেইল মাৰি একেটাকে দি আছোঁ৷ আপুনি অংক পাৰে যেতিয়া মোক দেখুৱাব৷ মোক দয়া কৰক৷” তেওঁৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিল৷ মই তেওঁক ক’লোঁ, “ঠিক আছে বাৰু৷ কি চায় চাব৷” তেওঁ মোলৈ চালে আৰু পৰম আন্তৰিকতাৰে সাবটি ধৰি ক’লে, “আপুনি মোক যদি এই বিষয়টোত পাছ কৰাই দিয়ে মই মেট্ৰিকত পাছ কৰিম যেন লাগিছে৷ মই জীয়াই থকাৰ আশা দেখিছোঁ৷”
মই ক’লোঁ, “চাব কি চায়৷ মোক মাতি থাকিব নালাগিব৷ আৰু গাত খুচি থাকিব নালাগিব৷ মোৰ গাত খুচিলে বৰ পি- পিয়ায়৷”

সকলো বিষয়ৰ পৰীক্ষা হৈ গ’ল৷ হাজৰিকাই প্ৰতি দিনে মোক পৰঠা, চিংৰা, নিমকি আৰু ৰসগোল্লা খুৱায়, ময়ো পেট ভৰাই খাওঁ৷ সদায় হাজৰিকাই পইচা দিয়ে আৰু মই টকালি পাৰি খাওঁ৷ হাজৰিকাই “অংক দেখুৱাই দিব দেই” বুলি সদায় কয় আৰু ময়ো খাই উঠি অংক দেখুৱাই থাকিম বুলি কথা দিওঁ৷ শেষদিনা অংকৰ পৰীক্ষা আছিল, হাজৰিকাই মোক অনুৰোধ কৰি ক’লে, “আপোনাৰ বাওঁ হাতখন অলপ আঁতৰাই থ’ব৷ মই দূৰৰপৰা চাব লাগিব, নহলে অসুবিধা হ’ব৷”
ময়ো “হ’ব বাৰু, আঁতৰাই থ’ম” বুলি ডাঠি ক’লোঁ৷
বহু প্ৰতীক্ষা তথা জল্পনা-কল্পনাৰ অন্তত অংকৰ পৰীক্ষাটো পালেহি৷ সেইদিনা তেওঁ আন্তৰিকতাৰে অনুৰোধ কৰিলে মই যেন তেওক অংকবোৰ বাওঁ হাতখন আঁতৰাই ৰাখি দেখুৱাই যাওঁ৷ ইমান দিনে মিঠাই খাই ময়ো কৃতজ্ঞ হৈ পৰিছিলোঁ, তেওঁৰ সুবিধা হোৱাকৈ বহীখন ৰখাৰ প্ৰতিশ্ৰুতি দিলোঁ৷ সেইমতে পৰীক্ষা দিলোঁ৷ হাজৰিকাৰ ফালে মই একেবাৰে নাচালোঁ, তেওঁ কি কৰিছে তাৰ অংশীদাৰ মই যেন নহয়েই! অনেকখিনি অসুবিধাৰ অন্তত পৰীক্ষাটো শেষ হ’ল৷ বৃহৎ ডাঙৰ চাজেচ্ছনখন নকল কৰা ল’ৰাহঁতৰ হাঁহি- খিকি‌ন্দালি মাৰ নৌ যাওঁতেই হাজৰিকা মোৰ ওচৰলৈ আহিল৷ দুয়ো একাষৰীয়া হ’লোঁ৷ হাজৰিকাই মোক সুধিলে, “আপুনি যে কিবাকিবি বহুত লিখিলে সেইবোৰ হৈছে নে! আপুনি অংকত পাছ কৰিব নে?”
তেওঁৰ কথা শুনি মোৰ অলপমান হাঁহি উঠিল৷ তাৰপিছত কলোঁ, “পাছ কৰিম৷ সকলো হৈছে নে নাই পাছত চালেহে গম পাম৷”
:আপুনি হিচাপ কেনেকৈ কৰিব? পৰীক্ষকে চালেহে গম পাব৷ কিমান নম্বৰ পাব শুদ্ধ হ’লেহে জানিব৷
:কথাটো হয়৷ একে কথা৷ আপুনি অসমীয়াত পাছ কৰিব নে?
:অসমীয়াত! অসমীয়াত পাছ কৰিমেই৷ মই অংকতহে ফেইল কৰোঁ৷

:এতিয়া বুজিলে নে! একে কথা৷ মই অংকত পাছ কৰিম৷ মোৰ কাৰণে অসমীয়া বিষয়ৰ দৰে উজু৷

:তাৰমানে আপোনাৰ অংকবোৰ হৈছে! আপুনি কিমান পাম বুলি ভাবিছে?

:পাব লাগে ষাঠি মান৷

:কি ক’লে? ষাঠিমান! বাপৰে! ষাঠিমান পাব!
সঁচাকৈয়ে পাব নেকি!

:হ’ব চাগৈ৷

:নহয়, আপুনি ভালকৈ কওক৷ আপুনি যদি ষাঠি পায় ময়ো পাম দেখোন!

:মোৰপৰা কিমান চালে৷?
:কিমান মানে! যিমানখিনি লিখিলোঁ সকলোবোৰ আপোনাৰ চায়েই লিখিলোঁ৷ কিছুমানহে আংবাং দেখি লিখিলোঁ৷ কিছুমান এৰি দিলোঁ৷
:অ’ হয় নেকি? মুঠতে মই ষাঠিৰ ওপৰত পাম৷
:হে হৰি! এইবাৰ তেনেহলে পাছ কৰিম৷ মোক ত্ৰিশ নম্বৰহে লাগে! ব’লক আজি ঠিকমতে হোটেলত খাম, আজি চিনেমাও চাম ব’লক৷ পইচা মই দিম৷

আমি হোটেলতে পেট ভৰাই খালোঁ, মোৰ থকা কোঠালিলৈ গৈ খিড়িকীৰে নোটখিনি আৰু লিখাৰ সঁজুলিবোৰ বিছনাখনত পৰাকৈ দলি মাৰি দি মেটিনি চিনেমা চাবলৈ ৰিক্সাত উঠিলোঁ৷ চিনেমাখন চালোঁ৷ আকৌ হোটেল এখনত বহি পেট ভৰাই খালোঁ৷ বিদায় মুহূৰ্তৰ আগে- আগে মোক পঢ়াৰ বাবে শুভেচ্ছা যাচি ক’লে, “আপুনি কলেজত পঢ়িব, মই আৰু নপঢ়োঁ৷ মিলিটেৰীত নিৰ্বাচিত হৈ আছোঁ৷ মেট্ৰিকত পাছ কৰিলে ওপৰলৈ প্ৰমোচন হ’ব৷ আৰু পাঁচদিন পাছতে যোগদান কৰিবলৈ ডেৰাডুনলৈ যামগৈ৷ মই পাছ কৰিম যেন লাগিছে৷ যদি কৰোঁ আপোনাৰ বাবেহে কৰিম৷”

হাজৰিকাৰ লগত হেণ্ডচেক কৰি এৰাএৰি হোৱাৰ পিছত সোতৰ বছৰ পাৰ হৈ গ’ল৷ ৰোল নম্বৰ ল’বলৈকে নহ’ল৷ একেলগে পৰীক্ষা দিলোঁ, মিঠাই বহুত খালোঁ তেওঁৰ পইচাৰে৷ কোন স্কুলৰ আছিল, কি ৰোল নম্বৰ আছিল একোৱেই নজনাকৈয়ে সময় গ’ল৷ পৰীক্ষা দিলোঁ, কথা পাতিলোঁ, পেট ভৰাই খালোঁ আৰু একেলগে চিনেমা চালোঁ৷ স্মৃতিৰ গহ্বৰত সোমাই থাকিল হাজৰিকা নামৰ সেই পৰীক্ষাৰ্থীজন!
চাকৰি কৰা ঠাইখনত থকা চিনেমাঘৰত আমি চিনেমা নাচাওঁ৷ সাগৰৰ পানীত উটি ভাঁহি থকা নাওখনৰ যাত্ৰীয়ে সাগৰৰ পানী খাব নোৱাৰে, খালেই নিশ্চিত অসুখ হয়৷ তেনেকৈ আমাৰ ভোগ- বিলাসৰ সামগ্ৰীয়ে উপচি থাকিলেও চাকৰি কৰা ঠাইতে সেইবোৰৰপৰা আঁতৰি থাকিব লাগে৷ তেনে এটি ধাৰণাৰে অতীতৰ চিনাকি ৰংঘৰ চিনেমাগৃহত বিনোদনৰ বাবে সোমালোঁগৈ৷ আগতীয়াকৈ যোগাযোগ কৰি বন্ধু এজনৰ লগত চোৱা কথা আছিল৷ পিছে, উপায়ুক্তজনে তেওঁক বিশেষ কাম এটাৰ দায়িত্ব দিয়াত তেওঁ মোক তিনিঘণ্টাৰ পাছতহে লগ দিব বুলি জনালে৷ মোবাইল যুগ অহাৰ আগতে এনে তৎকালীন খবৰ পাবলৈ অসুবিধা৷ গতিকে অকলেই চিনেমাখন চাই ওপৰৰপৰা খটখটিৰে আনসকল চিনেমা চোৱা মানুহৰ ভিৰৰ মাজে মাজে নামি আহিলোঁ৷ এটা মহলাৰপৰা নামি অহা খটখটিটোৰ ঘূৰখোৱা পাকটোত ওপৰলৈ চাওঁতে দেখিলোঁ এজন থুলন্তৰ পুৰুষে মোৰফালে বৰ তীক্ষ্ণ দৃষ্টিৰে চাইছে৷ তেওঁৰ সেই চাৱনি বুজিবলৈ চেষ্টা কৰি মই ভাবিবলৈ ধৰিলোঁ সি কোন হয়, কিয় তেনেকৈ চালে৷
আকৌ এবাৰ চকুৱে চকুৱে পৰিল৷ তেওঁৰ চাৱনিত মোৰ থত্- মত্ খোৱা অৱস্থা৷ ভাৱত বিভোৰ হৈ খোজ দি আহি থাকোতেই তৃতীয়টো কোণত তেওঁ মোৰ পথত আগভেটা দি ধৰিলে৷ ঘটনাৰ আকস্মিক পট পৰিৱৰ্তনত মোৰ খংটো উঠিল৷ হাতেৰে আঁতৰাই ঠেলি ক’লোঁ, “কিহৰ অসভ্যালি৷ আঁতৰক আগৰপৰা৷
” তেওঁৰ আচৰণ ৰুক্ষ নাছিল, বৰঞ্চ অতি মাৰ্জিত আছিল, “নহয় নহয়, মানে আপুনি কোন বাৰু!”
:মই কোন কিয় লাগে?

:নহয় মানে আপুনি কানৈ কলেজত পৰীক্ষা দিছিল নেকি
?
:পৰীক্ষা! কানৈ কলেজত? দিছিলোঁ, ঢেৰ পৰীক্ষা দিলোঁ৷ তাকে কিয় লাগে৷?
:হেৰি, পৰীক্ষা মানে মেট্ৰিক পৰীক্ষাটো৷

:মেট্ৰিক পৰীক্ষাটো৷ অঁ দিছিলোঁ৷

:সাত নম্বৰ কোঠাত
?
:অঁ৷
:প্ৰথম বেঞ্চৰ মাজত?
:অঁ হয়, মাজত

:এ হয়, আপুনিয়েই হয়! মোক চিনি পোৱা নাই আপুনি৷ কেলেই, সেইযে আপোনাৰ পৰা অংক চাই লিখা হাজৰিকা৷

:অ’ আপুনিয়েই হাজৰিকা!

মই হাতখন আগবঢ়াই দিলোঁ৷ তেওঁ মোক হাতখন মিলাই বুকুৰ মাজলৈ টানি নিলে৷ বহুদিনৰ মূৰত যেন দুজন অন্তৰংগ বন্ধুৰ মিলন হ’ল৷ তেওঁ মোৰ হাতখন এৰিয়েই নিদিলে৷ ওচৰতে থকা হোটেলখনলৈ মোক একপ্ৰকাৰ টানি নিলে৷
:
আপোনাৰ মনত আছে নে সোতৰ বছৰ আগতে এইখন হোটেলৰ এইখিনিতেই আমি বহিছিলোঁ৷ দুয়ো খাইছিলোঁ আৰু বিদায় লৈ গুচি গৈছিলোঁ৷ আজি লগ হৈছোঁ৷ আজি এৰাএৰি নহওঁ৷ আজি মোৰ ঘৰত থাকিবলৈ যাব লাগিব৷

তেওঁৰ এনে প্ৰস্তাৱ পাই মই কিদৰে বন্ধুজন এৰি চিনেমা চাবলগীয়া হ’ল ক’লোঁ৷ তেওঁ যে মোৰ বাবে ৰৈ থাকিব আৰু মই আন ঠাইলৈ গুচি গ’লে তেওঁৰ যে শোৱন- খাৱন নহ’ব তাকে ক’লোঁ৷ তেতিয়া তেওঁ ক’লে, “হব বাৰু৷” তেওঁ ক’লে যে তেওঁৰ বাইকেৰে গৈ বৰবৰুৱাত থকা ঘৰত দেখা দি তেওঁৰ পৰিবাৰৰ হাতৰ একাপ চাহ খাব লাগিব৷ তাৰপাছত তেওঁ পুনৰ মোক লৈ আহি বন্ধুজনৰ ঘৰত থৈ যাব৷ তেওঁ আন্তৰিকতাৰে দিয়া এই প্ৰস্তাৱত সন্মতি দিলোঁ৷ দুয়ো পেট ভৰাই খালোঁ৷ বহুত জোৰ কৰিও হোটেলৰ খৰচ মই দিব নোৱাৰিলোঁ৷ মই দিয়া পইচা মোৰ পকেটত জোৰ কৰি ভৰাই দি দোকানীজনক তেওঁহে পইচা দিলে৷
হোটেলত বেছি সময় নাথাকি তেওঁৰ বাইকেৰে তেওঁৰ ঘৰলৈ ঢাপলি মেলিলোঁ৷

অলপ সময়ৰ পিছতে আমি হাজৰিকাৰ ঘৰ পালোঁগৈ৷ মূল ৰাস্তাতে তেওঁ বাইকখন থ’লে৷ তেওঁ নিজৰ ঘৰৰ গেটখন খুলিলে৷ ঘপহকৈ মোৰ হাতত ধৰিলে আৰু ক’লে, “এইটোৱেই মোৰ ঘৰ৷ দেউতা মা ঢুকাল৷ এতিয়া ঘৰত মাধুৰী আৰু ল’ৰা- ছোৱালী এহাল৷ ছেঃ, আজি থাকি যোৱা হ’লে৷ একেলগে এসাঁজ খালোহেঁতেন৷”

মোৰ একো সঁহাৰি নাপায় তেওঁ নিজৰ ঘৰৰ ফালে চাই চিঞৰিলে, “ঐ মাধুৰী, মাধুৰী৷ শুনিছানে নাই৷ কাক ধৰি আনিছোঁ চোৱাহি৷”
এনেতে দেখিলোঁ এগৰাকী মহিলা খপজপকৈ বাহিৰলৈ ওলাই আহিল৷ মহিলা গৰাকীয়ে সুধিলে, “কোন নো এখেত? আহক বহক ইয়াতে৷” হাজৰিকাই বীৰদৰ্পে কলে, “হুহ, কোননো! কি বুলি ভাবিছা৷ এখেতৰ কথাই তোমাক সদায় কৈ থাকোঁ৷ অংক চাইছিলোঁ বুলি কওঁ যে!”
:অ’ আপুনি! অংক চাই চাই বোলে লিখিলে আৰু শূন্যৰ ঠাইত বিৰাল্লিশ নম্বৰ পালে৷

:হেই! অকল সিমানেই নে? তোমাৰ দেউতাৰে মাতি নি এদিন যি দম দিলে! বাহ্ ৰে বাহ্! মোৰ ছোৱালী মাধুৰীক লাগে তোমাক৷ আগতে মেট্ৰিক পাছ কৰা, তাৰপিছত মাধুৰীলৈ চকু দিবা৷ মেট্ৰিক পাছ, কি ডাঙৰ কথা৷ এখেতক ভগৱানে পঠালে৷ মই একো অন্যায় কৰা নাছিলোঁ অ’ মাধুৰী৷ মাধুৰী ঐ ভাল গামোচা এখন আনা৷ দুয়োটাই এনে ঈশ্বৰক সেৱা কৰি আশীৰ্বাদ লওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক