ওন্দোলা – সমীৰণ হাজৰিকা

বহুত গৰম পৰিছে৷ কালিৰপৰা কিবা লাগি আছে৷ ক’তো মনেই বহা নাই৷ দেখিছে বিশ্বদা আহিছে৷ তেখেত আগতে তাৰ কাষৰ ৰুমত পল্লৱদাৰ লগতে আছিলে৷ আজি দুমাহেই হ’ল পিছে তেখেতে বেলেগ এফালে ৰুম লোৱা৷

তাৰ যে মনটো ভাল নাই৷ কলেজৰ ক্লাছতো অশান্তি লাগি আছে৷ সোনকালে গুছি আহিল৷ দাদাক ক’লে৷
আজি ময়ো স্কুলৰপৰা সোনকালেই আহিলো৷ এইকেইদিন কিবা লাগি আছে৷ বেয়া-বেয়া সপোন কিছুমান দেখি আছো৷ তেখেতে ক’লে৷

তেখেতে অলপ বৰষুণৰ অনুভৱতো আনিবলৈ জুবিনদাৰ টোপাল টোপাল গানটো লগাইছে৷ তেনেতে মালিকনী বৰমায়ে নেমুপানী দুগিলাছ লৈ ওলালহি৷
ই কালি কিবা-কিবি কৈ আছিলে কিয়? বিশ্বলৈ চাই পল্লৱৰ কথা ক’লে৷
কি ক’লে বৰমা?
নাই কিবা পইছা নাটনি হৈছে! মাজু বায়েকৰ দৰৱ কিনিব পৰা নাই হেনো? মই ক’লো মোৰ পৰাই লৈ লোৱা ৰুমৰ ভাৰা লগত দি দিবা৷
সি নালাগে কৈ গুছি গ’ল৷ বহুত চিন্তাতেই আছে সি৷
এইবোৰ একো নাই৷ ঠিক হৈ যাব৷ বিশ্বদায়ে ক’লে৷
বাৰু ঠিক আছে বুলি কৈ তেখেত গুছি গ’ল৷
চিনাকি চুজুকী চামুৰাইখনৰ শব্দ৷ পল্লৱদা আহিল৷ হাতত বৰালি মাছ এটা৷
পল্লৱদাহতৰ আৰু তাৰ ৰুম বেলেগ বেলেগেই হয়৷ সিহঁত চাকৰি আৰু ব্যৱসায় কৰা মানুহ৷ সি ডিগ্ৰী প্ৰথম বৰ্ষত পঢ়ি আছে৷ তাৰ ৰুমমেট যিজন আছিলে বায়ুসেনাত চাকৰি পালে৷ বায়ুসেনাত পৰীক্ষা দিবলৈ একেলগেই গৈছিল৷ পৰীক্ষাত ভালকৈ পাছো হৈছিল খালি ওখ চাই ওজন কম হোৱাত নাকচ হ’ল৷ পিছত তিনিমাহ সময় দিছিলে মেডিকেলত পাছ হ’বলৈ তাৰ পিছে বিপদাশঙ্কা ল’বলৈ মন নগ’ল৷ মানে যিদিনা মেডিকেলৰ পৰীক্ষা আছিলে তাৰ পিছদিনা ডিগ্ৰীৰ মেজৰৰ ফাইনেল পৰীক্ষা আৰম্ভ৷ সেয়ে বাদ দিলে৷ ৰুমমেটে পোৱাৰ বাবে ভালো লাগিছে বেয়াও লাগিছে৷ তাক সিয়ে বলেৰে লৈ গৈছিল৷ তাৰ যাবৰ একদমেই মন নাছিল৷ প্ৰায়বোৰেৰে এনেকুৱাই হয়৷ বহুক্ষেত্ৰত পৰীক্ষাত যেনেকৈ যিজনে দেখুৱাই সি কম নম্বৰ পাই, যিজনে কপি কৰে তাৰ বেছি নম্বৰ হয়৷

এই বৰুৱাই বাটতে পাই চিঞৰিলে ঐ বামুণ, বৰালি এটা আছে লৈ যা, পইচা দিব নালাগে৷ জবৰদস্তি দি পঠাইছে৷ য’তে দেখে বামুণ বুলিয়েই চিঞৰে৷ এবাৰ দোকানত বিশ্বকৰ্মা পূজা পাতোতে ময়ে নাম-মন্ত্ৰ এইবোৰৰ কাম কৰিছিলো সেই তেতিয়াৰ পৰাই বামুণেই নাম হৈ গ’ল৷ পল্লৱদাই হাঁহি হাঁহি কৈ গ’ল৷
শাক-পাছলি আৰু মাছৰ টোপোলাটো বিশ্বদা আৰু তাক দি বৰমাৰ চাৰি বছৰীয়া নাতিয়েকক দেখা এটা কৰিব গ’ল৷ পল্লৱদাৰ বাইকৰ মাত শুনা লগে লগে সিয়ো ওলাই আহে৷ পল, পল বুলি নুফুটা ভগা-ভগা মাতেৰে মাতিব ধৰে৷

সিহঁত তিনিটাই দুমাহৰ মুৰত ৰাতিসাজতো একেলগেই খালে৷ খোৱাৰ মাজতে বিশ্বদাই পল্লবদাক ক’লে-তই পাৰিলে মদ খোৱাতো অলপ কমাই দিবি৷ জোখতকৈ বেছি খাৱ৷ কেতিয়াবা অঘটন ঘটিব৷ দিনত ঠিকেই থাক কিন্তু সন্ধিয়া হোৱা লগে লগে সেই একেই৷ পইছা ধাৰ দিয়া কাৰোবাৰবোৰ বন্ধ কৰ৷ পইছা ঘূৰাই পাইছ’ জানো? সুতটো বাদেই দিলো? ঘৰখনৰ কথা চিন্তা কৰিবি৷ পিছে, এই বেৰত লাগি থকা ফটোখন মোক দিবি৷ মোৰ লগত এই পিকনিকৰ ফটোখন নাই৷

নাই নাই৷ সেইখন দিব নোৱাৰো৷ মোৰ লগত বেলেগ একপি আছে সেইকপি বন্ধাই ল’বি৷

কথা, আড্ডা চলিয়েই থাকিল৷ সেইদিনা শোওঁতেই দুটা বাজিল৷ বিশ্বদা সিহঁতৰ তাতেই থাকিল৷ টোপনি নাহিল৷ ৰাতিটো পিছে সি চাটি-ফুটি কৰিয়েই থাকিল৷

পিছদিনা ৰাতিপুৱা বৰষুণ হৈছিল যদিও পিছবেলালৈ বহুত ৰ’দ৷ পাছলি বজাৰ কৰিব গ’ল৷ আহি দেখিছে ভাৰাঘৰত মানুহ অলপ গোট খাই আছে৷ সি একো বুজি পোৱা নাই৷ গেটখন খুলি সোমাই আহোঁতেই বিশ্বদাই ক’লে-পল্লবৰ দুৰ্ঘটনা এটা হৈছে৷ মিছন হস্পিতালত ভৰ্তি হৈছে৷ মই এইমাত্ৰ খবৰতো পাইছো৷ বল, মোৰ বাইকত উঠ৷

তাৰ বুকুখন চিৰিংকৈ মাৰিছে৷ হাত-ভৰি কঁপিছে৷

মিছনত গৈ হে গম পাইছো বাইক দুৰ্ঘটনা নহয় জুয়ে পোৰা গা৷ নিজেই নিজক জুই লগাই দিলে৷ দেখিয়েই গা জিকাৰ খাই উঠিল৷

ডাক্তৰ আহি ক’লে পৰিস্থিতি অলপ জটিল৷ ডিব্ৰুগড়লৈ লৈ যাওক৷ পল্লৱদাৰ লগৰ চাৰি-পাঁচজন বন্ধু আহিল৷ এম্বুলেঞ্চ এখন ঠিক হ’ল৷ এতিয়া পল্লৱদাৰ কাষত কোনো নবহে৷ দুজন আগত বহিল, দুজন পিছত৷ সি চাই আছে একো কোৱা নাই৷ সিয়েই বহিল৷ চেলাইনৰ বটলতো ধৰি লৈ গৈছে৷ তেখেতে মাজে মাজে চিঞৰে-অ মা বিষাইছে, পুৰিছে৷

ধৈৰ্য ধৰক৷ মেডিকেল পামগৈ৷ আপুনি চিন্তা কৰিব নালাগে৷ ঠিক হৈ যাব৷ সি কয়৷

জীৱনত প্ৰথম এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ৰাতিৰপৰা ৰাতিপুৱা ধোঁৱা-কোঁৱা দেখি গৈছে৷ চিকিৎসা মহাবিদ্যালয় পালেগৈ৷ তাত কিবা অনুষ্ঠান চলি আছে৷ এইবাৰ ভৰ্তি কৰোঁতে কাউণ্টাৰত কোনেও চাইন নকৰে৷ পল্লৱদাৰ বন্ধু কেইজন ইফালে-সিফালে পলাইছে৷ সিয়েই চাইন কৰিল৷ ডাক্তৰে সুধিলে কেনেকৈ হ’ল? সি ভালকৈ জনাই নাই৷ বিশ্বদাই ক’লে,“চিলিণ্ডাৰ ফুটি হ’ল৷ সি একো নক’লে৷ ৱাৰ্ডটো লৈ গ’ল৷ দেখিলে মানুহবোৰে কেকাই আছে৷ পোৰা মাংস গোন্ধ৷ বমি আহো আহো লাগিছে৷ ওলাই আহিল৷ ডাক্তৰে কোৱা দৰৱবোৰ তাকে আনিব পঠাইছে৷ উন্নৈশ বছৰীয়া সি একো পাট্টা পোৱা নাই৷ দেখিছে পল্লৱদাৰ লগৰকেইজনে চাহ-তামোল খোৱাত ব্যস্ত৷ ৰাতি আহোঁতে পিছফালে পেপছিৰ লগত মদ মিলাই খাই আহিছে৷ সিহঁত যেন পিকনিকতহে আহিছে৷

কালিয়েই বিশ্বদাই পল্লৱদাৰ ডাঙৰ বাইদেউ আৰু ভিনীহিয়েকক ফোন কৰিছিল৷ আজি আঠমান বজাত পাবহি৷
বিশ্বদাই তাক বলেৰে চাহ একাপ খাবলৈ লৈ গ’ল৷ ক’লে-কালিৰপৰা তয়ে-ময়েহে ভালকৈ একো খোৱা নাই৷ নাখালে গাটো বেয়া লাগিব৷ ব’ল চাহ একাপ খাই লও৷ তেনেতে পল্লৱদাৰ লগতে ব্যৱসায় কৰা দাদা এজনে তাক মনে মনে মাতি মোক সুধিলে- পল্লৱে কিবা কৈছিলেনে তোমাক? কোনোবা ছোৱালীৰ কথা?

একো নাজানো? বৰমাই কৈছিল, তাৰ হাতত মাজুবাৰ দৰৱ কিনিবলৈ পইছা নাছিল৷ বচ্ ইমানেই জানো৷ সি ক’লে৷

তেখেতৰ মুখৰপৰা মদৰ গোন্ধতো আহি তাৰ মুখত লাগিলেহি৷ সি চাহ খাবলৈ গুছি গ’ল৷ অলপ সময় পিছত তেখেত আহি আকৌ একেখিনি কথাকে অকাই-পকাই সুধি আছে৷ তাৰ এপাকত খং উঠি গ’ল৷ আপুনি তেখেতৰ নিকট বন্ধু নে মই? আপোনালোক দুইজনে একেলগেই ব্যৱসায় কৰে, দিনটো একেলগে থাকে তেখেতৰ বিষয়ে আপুনি বেছিকৈ জানিব লাগেনে মই?

তাৰ মনৰ কথা আজিলৈকে মোক কোৱাই নাই? দুখৰ কাহিনী আছে যদিও নাজানো!
যদি আপুনিয়েই নাজানে মই কেনেকৈ জানিম? তেখেত মনে মনে থাকিলে৷

বায়েক-ভিনীহিয়েক পালেহি৷ ডাক্তৰজনে আহি ক’লে আশী শতাংশয়ে জ্বলি শেষ৷ তাৰ বুকুখন আকৌ চিৰিংকৈ মাৰিলে৷ বায়েকে কান্দিছে৷ সি চাবপৰা নাই৷ পল্লৱদাৰ ওচৰত গ’ল৷ তেখেতে ক’লে-ভাইটি, তই কিয় এনেকুৱা কৰিলি?
পল্লৱদা: জানবা, মোৰ একো নহয়৷ মাজুবাক দৰৱ কিনিবলৈ পইছা দিব নোৱাৰিলো৷ সেইকণো সামৰ্থ নাছিল কালি৷ বেছিয়েই আবেগিক হৈ গ’লো৷ পাবলগীয়া পইছাকেইটাও ধাৰলোৱা কেইজনে নিদিয়া হৈছে৷ বিচাৰি গ’লে ধমকি দিয়ে৷

তিনি-চাৰিবাৰ পইছা দিব নোৱাৰা কথাটোকে কৈ থাকিল৷ সি শুনি থাকিব নোৱাৰিলে৷ ওলাই আহিল৷ ভিনীহিয়েক ওলাই আহি ক’লে- তোমালোক কালিৰপৰাই আছা৷ শোৱা-খোৱা ভালকৈ হোৱাই নাই৷ পাৰিলে গুছি যোৱা৷ বাকী আমি সম্ভালিম৷ ডাক্তৰ কৈ দিছে বচাৰ আশা এক শতাংশহে আছে৷ ভগৱানে যি কৰে!
বিশ্বদাই ক’লে -মই আজি থাকি যাওঁ৷ তই পাৰিলে যা৷ তোৰ ঘৰৰপৰা ফোন আহি আছে৷

সি হা-না একো কোৱাই নাই৷ প্ৰকৃততে কালিৰপৰা কি হৈ আছে একোৱেই বুজি পোৱা নাই৷ অৱেশ্য ঘৰৰ মানুহে চিন্তা কৰিবই পুলিছ, ক’ৰ্ট-কাছাৰী এইবোৰ ঝামালা৷ জীৱনত প্ৰথম এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে৷ পিছত ভাবিলে হয়, সি যোৱাতোৱেই ভাল হ’ব৷

ভাৰাঘৰলৈ আহিল৷ নিমাওমাও পৰিৱেশ৷ বৰমাই পুলিছক মাতিলে৷ পুলিছেনো কি কৰিব? একো নায়েই৷ তেখেতে নিজেই কৈছে অতি আৱেগিক হৈ মদৰ নিচাতেই নিজেই কৰিছিলো বুলি৷ মদেই শেষ কৰিলে৷ যিমান গম পাওঁ তেখেতে জীৱনৰ প্ৰতিটো মুহূৰ্ততে সংগ্ৰাম কৰিছে৷ কিন্তু সংগ্ৰামৰ অৰ্থ এইটো নহয় যে তুমি মদেৰেই জীৱনটো শেষ কৰিবা৷

লাহে লাহে সি কলেজ যোৱা আৰম্ভ কৰিলে৷ এই দুৰ্ঘটনাতো হোৱাৰ পিছৰপৰাই নিজৰ ৰুমত থকাই নাই৷ বিশ্বদা ৰুমতেই আছে৷ ঘৰৰপৰাও মানুহ আহিলে৷ ঘৰৰ মানুহে ভাৰাঘৰটো এৰি দিবলৈ ক’লে৷ পিছে, সিয়ো কথাটো নভবা নহয়৷ ইয়াত থাকিলে মনবোৰ এনেয়ে বেয়া লাগি থাকিব৷

চাৰি-পাঁচদিনমানৰ পিছত বৰমাই চাহ একাপ খাবলৈ মাতিলে৷ বিশ্বদা মেডিকেলতেই আছে৷ বিশ্বদাৰ ফোনকল আহিল৷ পল্লৱদাই কথা পাতিব বিচাৰিছে৷ ফোনতেই তেখেতে বৰমাৰ নাতিয়েকক ক’লে- সোণটো, মই সোনকালে ভাল হৈ যাম৷ এইবাৰ একেলগে পূজা চাবলৈ যাম৷

সি দেখিছে সত্তৰ বছৰীয়া বৰমাৰ চকু চলচলীয়া হৈছে৷ সি গুছি আহিল৷ নোৱাৰে এইবোৰ চাই থাকিব৷ আহি থাকোঁতে দেখিলে বতৰটো গোমা হৈ আহিছে৷ ধুমুহা-বৰষুণ আহিব যেন লাগিছে৷ ৰুম পাওঁতেই কাৰেণ্ট গ’ল৷ বাহিৰৰ চকীখনতে বহিল৷ বিশ্বদাৰ আকৌ ফোন৷ পল্লৱদা আৰু নাই৷ ফোনটো কাটি দিলে৷

সি কঁপিছে৷ নিজৰ বাহিৰে কাক দোষ দিব? মদ আৰু ধাৰ এই দুইটাই শেষ কৰিলে৷ মদপী নোহোৱা হ’লে চাগৈ এনেকুৱা গতি নহ’লে হয়৷ বিশ্বদাইও জীৱনত বহুত সংগ্ৰাম কৰিছে৷ সেইবুলি হাৰি যোৱা নাই৷ কাপুৰুষৰ দৰে জীৱনৰপৰা পলায়ন কৰা নাই৷ কিবা লাগিছে৷ চাই থাকোঁতেই জীৱন এটা শেষ হৈ গ’ল৷ আজিৰপৰা সেই চুজুকী চামুৰাইখনৰ শব্দ নাই৷ কাৰেণ্ট আহিল৷ ভিতৰলৈ গ’ল৷ বেৰখনত আৰি থোৱা ফটোখনলৈ চালে৷ ফটোখন সেই সিহঁতকেইটাই একেলগে ৰাতি সাজটো খোৱা দিনা বিশ্বদাই পল্লৱদাৰ পৰায়ে খুজি আনিছিল৷ মনত বহু কথায়েই আহি আছে৷ খিৰিকীৰে দেখিলে ধুমুহা-বৰষুণ আহিছে৷ খিৰিকীৰে পানী সোমাইছে৷ এইবাৰ সি উঠি গ’ল৷ খিৰিকীখন বন্ধ নকৰি সি মাথোঁ উভতি চালে৷ দেখিলে ফটোখনৰ কাষতে থকা ঘড়ীটোত সময় তেতিয়া কানিমুনি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments