ওলোম -(ৰাজীব শৰ্মা)

ওলোম

-ৰাজীব শৰ্মা

পদুলি মূৰত চাইকেলৰ পৰা নামি চোঁতাল পোৱালৈকে মহেন্দ্ৰ মাষ্টৰে নতুনকৈ গঁথা ইটাৰ বেৰখনলৈ চাই চাই ঘৰৰ ভিতৰ সোমাল৷ আজি আৰু তেওঁ আন দিনাৰ দৰে কাম কৰি থকা মিস্ত্ৰীকেইজনক মাত দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলে৷ চাকৰি শেষ হ’বলৈ মাথোন দুটা বছৰ বাকী থকাৰ সময়ত মাষ্টৰে হঠাতে সিদ্ধান্ত লৈ পেলালে বোলে তেওঁ এটা পকা ঘৰ বন্ধাব৷ আজি অলপ দিনৰ পৰা পৰিবাৰে এটা পকা ঘৰৰ কথা কৈয়ে আছে৷ ইয়াকে লৈ ল’ৰা-ছোৱালী দুটাৰটো আপচোচৰ সীমা নাই৷ এটা শুভ দিন চাই মাষ্টৰে গাঁৱৰে মুহি মিস্ত্ৰীক ঘৰ সজা কাম আৰম্ভ

কৰিবলৈ দিলে৷ কিন্তু ঘৰ সজা আৰম্ভ কৰা দিনাৰ পৰাই মাষ্টৰৰ যেন অশুভ দিনৰ আৰম্ভহে হ’ল৷ আবেলি স্কুলৰ পৰা আহিয়েই তেওঁ মিস্ত্ৰীয়ে কৰা কামবোৰ নিৰীক্ষণ কৰি সিহঁতৰ ভুলবোৰ এফালৰ পৰা দেখুৱাই যায়৷ কেতিয়াবা সিহঁতৰ ওপৰত মাষ্টৰৰ খঙো উঠে৷ যদি প্ৰত্যেকটো কামেই দেখুৱাব লগীয়া হয় তেন্তে সিহঁত কিমানৰ মিস্ত্ৰী৷ তেওঁৰ মতে প্ৰত্যেকটো কামেই নিয়াৰিকৈ কৰিব লাগে৷ যিকোনো কামত খুত থাকি যোৱা তেওঁৰ সহ্য নহয়৷ তেওঁ নিজেও কোনো কামতে খুত ৰাখি কৰা মানুহ নহয়৷ মাষ্টৰ কামত যেনে নিৰহ-নিপানী সেইদৰে ঘৰ চলোৱাত, ল’ৰা-ছোৱালীক শাসন কৰাত সমানেই সিদ্ধহস্ত৷ মাষ্টৰৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁ যি ধৰণেৰে ল’ৰা-ছোৱালীৰ তদাৰক কৰে সি তাহাঁতক সমাজত মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট৷ মাষ্টৰৰ মুহি মিস্ত্ৰীৰ ওপৰত আটাইতকৈ বেছি খঙ উঠিল সেইদিনা যিদিনা তেওঁ কামৰ পৰা আহি দেখিলে যে সেইদিনা নতুনকৈ গঁথা বেৰখন অলপ বেকা হ’ল৷ তেওঁ পোনছাটেই মুহিক মাতি তাৰ কাৰণ সুধিলে৷ মুহিৰ হাতত থকা ওলোমটোলৈ আঙুলিয়াই তেওঁ কৈ গ’ল- ইয়াৰ প্ৰয়োজন কি যদি বেৰখন গাঁথোতে বেকাই হয়৷ বেকা হোৱাটো ওলোমটোৰ নে বেৰখন গঁথা মানুহটোৰ ভুলৰ পৰিণতি৷ সেইদিন ধৰি মাষ্টৰে পদুলি মূৰৰ পৰা ঘৰৰ ভিতৰ সোমোৱালৈকে নিৰ্মীয়মান ঘৰটোলৈ চাই অহাতো নিয়মেই হৈ পৰিল৷ মুহি মিস্ত্ৰীও এইখিনি সময়ত মাষ্টৰৰ কথা শুনিবলৈ সাজু হৈ থকা হ’ল৷ কিন্তু আজি হ’ল কি? মাষ্টৰে মুহিক একো নোকোৱাকৈ ভিতৰ সোমাল৷ হয়, আজি মাষ্টৰ খুব ভাগৰুৱা, চিন্তাশীল৷ সদায় আনৰ কামত খুট বিচাৰিফুৰা মানুহজনে আজি নিজৰ কামৰ খুট বিচৰাত ব্যস্ত৷ কাৰণ ইমান আপদালৰ মাজত ৰখা, কোনো বস্তুৰ অভাব অনুভৱ কৰিবলৈ নিদিয়া তেওঁৰ একমাত্ৰ ল’ৰাটোৱে কিয় এনে কৰিলে৷ কিহৰ তাড়নাত সি বেংক লুটৰ দৰে ঘটনাত জড়িত হৈ পুলিচৰ হাতত ধৰা পৰিল৷ মাষ্টৰে ভাবি পাৰ পোৱা নাই তেওঁৰ ক’ত এনে ভুল হৈ গ’ল যাৰ বাবে ইমান সযতনে লালন-পালন কৰা পুতেকৰ চৰিত্ৰ তেওঁৰ আদৰ্শৰ বিপৰীতে গ’ল৷ মাষ্টৰে নিজকে মুহি মিস্ত্ৰীৰ লগত তুলনা কৰি চালে৷ আজি তেওঁৰো এনে লাগিল যেন তেওঁ যিটো ওলোমেৰে জোখ লৈ লৈ পুতেকৰ জীৱন গঢ়িছিল সি যেন সঠিক নাছিল৷ কৰবাত ওলোমটো ধৰাত নিশ্চয় ভুল হৈছিল৷ এদিন মুহিক ওলোম ধৰিব নাজানে বুলি কোৱা মানুহজনে আজি নিজেও তাৰেই প্ৰমাণ দিলে৷ মাষ্টৰ ভাবি ভাবি ঘৰৰ বাহিৰলৈ ওলায় আহিল৷ দেখি তেওঁ সুখী হ’ল যে মুহিয়ে একান্তমনে ওলোম ধৰি ধৰি ইটা গাঁথি আছে৷ আজিৰ পৰা যদি সি গঁথা বেৰ বেকাও হয় একো নোকোৱাৰ সিদ্ধান্তৰে তেওঁ তাৰ কামকে চাই থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments