‘ওৱান ফ্লিউ অভাৰ দা কুকু’ছ নেষ্ট’ : ছবিজগতৰ এক কবিতা – দেৱ প্ৰতীম


কথাছবি এখন সফল বুলি কেতিয়া ক’ম? বাণিজ্যিক ভাৱে সফল হ’লে নে দৰ্শকৰ মানসপটত কাহিনী তথা ছবিৰ চৰিত্ৰৰ অভিনয়ৰ লগতে আন আন উপাদান সমূহ বহুদিনলৈ ভাঁহি থাকিলে ছবি এখনক সফল বুলিম? হয়তো এই কথাৰ উত্তৰ দিয়া কঠিন৷ অৱশ্য়ে এখন ছবিৰ ক্ষেত্ৰত এই দুয়োবিধ ঘটিব পাৰে, তেতিয়া হয়তো কথাছবিখনক আমি ক’ম ব্লকব্লাষ্টাৰ৷ কিন্তুু এখন কথাছবিয়ে যদি মুক্তি হোৱাৰ বহু বছৰৰ পাছতো আপোনক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে, তেন্তে সেইখন কথাছবিক আমি কি ক’ম? যুগান্তকাৰী নে আন কিবা? তেনে বহু ছবি আমাৰ মাজত উপলব্ধ, যেনে: গন উইথ দা ৱিণ্ড, ছাইকো, বাইচাইকেল থিভছ্, টেক্সি ড্ৰাইভাৰ, গডফাডাৰ ইত্যাদি তেনেধৰণৰ কিছুমান ছবি, যি মুক্তিৰ ইমান বছৰৰ পাছতো আমাক এতিয়াও মোহাচ্ছন্ন কৰে৷ তেনে এখন ছবি হ’ল মিল’ছ ফৰমানৰ ১৯৭৫ চনৰ ‘ওৱান ফ্লিউ অভাৰ দা কুকু’ছ নেষ্ট’৷

কথাছবি হিচাপে তথা অভিনেতা-অভিনেত্ৰীৰ অভিনয়, নিৰ্দেশনা আৰু চিত্ৰনাট্যৰ ফালৰ পৰা ছবিখন আছিল অদ্বিতীয়৷ সেয়ে হয়তো ছবিখনে লাভ কৰিছিল অস্কাৰৰ শীৰ্ষ পাঁচটাকৈ বঁটা৷ অস্কাৰৰ শ্ৰেষ্ঠ কথাছবি, মুখ্য অভিনেতা তথা অভিনেত্ৰী, শ্ৰেষ্ঠ নিৰ্দেশক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল এই ছবিখনে৷ এই পাঁচটা বঁটা লাভ কৰিবলৈ আজিলৈকে মাত্ৰ তিনিখন ছবিহে সক্ষম হৈছে৷ আন দুখন হ’ল ‘ইট হেপেণ্ড ওৱান নাইট’(১৯৩৪) আৰু ‘চাইলেঞ্চ অৱ দা লেম্বছ্’(১৯৯১)৷

ছবিখন এজন মানসিক ৰোগী ৰেণ্ডল পেট্ৰিক ‘মেক’ মেকমাৰ্ফী (জেক নিকলছন)ক লৈ আৰম্ভ৷ মেকমাৰ্ফীক এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ এগৰাকী ১৫ বছৰীয়া কিশোৰীক নিৰ্য্যাতন চলোৱাৰ অপৰাধত ছমাহৰ কাৰাবাস দিছিল তেওঁক৷ দুমাহ কাৰাবাস খটাৰ পাছত মানসিক চিকিৎসালয়লৈ পঠিওৱা হৈছিল মেকমাৰ্ফীক৷ মেকমাৰ্ফীয়ে কাৰাবাসৰ কষ্টৰ পৰা বাচিবলৈ সেই পথ বাচি লৈছিল, যাতে জেইলতকৈ চিকিৎসালয়ত আৰামত কাৰাবাসৰ বাকী দিনকেইটা কটাব পাৰে৷ কিন্তু ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ সেই য়াৰ্ডৰ দায়িত্বত আছিল মিলড্ৰেড ৰেটছড্ (লইছ ফ্লেটছাৰ) নামৰ এগৰাকী নাৰ্ছ, যাৰ ৰোগীক চিকিৎসা কৰাৰ ধৰণ আনতকৈ আছিল বেলেগ৷ যাৰ ফলত মেকমাৰ্ফীৰ জীৱন হৈ পৰিছিল জেইলতকৈও ভয়ানক৷ দুয়োৰে চৰিত্ৰ আছিল বিপৰীত, মেকমাৰ্ফী আছিল এটা মুক্ত মনৰ অধিকাৰী, বেছি নিয়ম-নীতি নমনা এজন লোক আনহাতে মিলট্ৰেড আছিল কৰ্তব্যৰ প্ৰতি দায়িত্বশীল তথা নিয়ম-নীতিৰ মাজত চলা এগৰাকী কঠোৰ নাৰ্ছ৷

আমাৰ সমাজত এই দুই ধৰণৰ মানুহেই দেখা যায়৷ নিয়ম-নীতি নমনা, সদায় নিজৰ ইচ্ছামতে কাম কৰিব খোজা মেকমাৰ্ফীৰ দৰে লোকো আছে তথা নিজ দায়িত্বৰ প্ৰতি সদা-সচেতন, জীৱনটো কিছুমান নিয়ম-নীতিৰ মাজত আৱদ্ধ কৰি ৰখা ৰেটছডৰ দৰে লোকো আছে৷ ছবিখনত ৰেটছডক এটা ব্যৱস্থাৰ দৰে দেখাব বিচৰা হৈছে যাক ভাঙিব বিচাৰিছে মেকমাৰ্ফীয়ে৷

চিকিৎসালয়ত কেইদিনমান থকাৰ পাছতেই মেকমাৰ্ফীয়ে বুজি উঠিছিল তাত তেওঁ ভবাৰ দৰে আৰামত থাকিব নোৱাৰিব৷ সেয়েহে লাহে লাহে তেওঁ তাৰ অন্য মানসিক ৰোগীসকলৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ ধৰে আৰু অলপ দিনৰ ভিতৰতে মেকমাৰ্ফী হৈ পৰে সিহঁতৰ মুখ্য নেতা৷ এই ছবিখনৰ সকলোতকৈ উল্লেখনীয় দিশটি হ’ল ইয়াৰ সমাপ্তি৷ ছবিজগতৰ এটা অন্যতম সমাপ্তি বুলিলে এই ছবিখনৰ মনলৈ অহাটো স্বাভাৱিক, কাৰণ সমাপ্তিটো যিদৰে কৰুণ সেইদৰে আছিল অনুপ্ৰেৰণাদায়কো৷

মেকমাৰ্ফীৰ চৰিত্ৰত অভিনয় কৰা জেক নিকলছন আছিল ছবিখনৰ এটা অন্যতম মুখ্য চালিকা শক্তি৷ এজন কয়দীৰ পৰা তেওঁ হৈ পৰিছিল এটা ব্যৱস্থা ভাঙিব খোজা এজন বিদ্ৰোহী যি শেষত হৈ পৰিছিল এজন উদাস ব্যক্তি৷ নিকলছনৰ এই চৰিত্ৰটো আছিল তেওঁ অভিনয় জীৱনৰ অন্যতম এটা চৰিত্ৰ৷ নিজৰ মনপৰশা অভিনয়েৰে তেওঁ প্ৰাণ ঢালিছিল এই চৰিত্ৰটোত৷

আনহাতে ছবিখনৰ আনটো মুখ্য চালিকা শক্তি আছিল নাৰ্ছ ৰেটছডৰ ৰূপত লইছ ফ্লেটছাৰ৷ ছবিখন যি সকলে চাইছে তেওঁলোকে বুজিব ‘নাৰ্ছ ৰেটছড্’ হ’ল এটা ত্ৰাসৰ নাম৷ ত্ৰাস সৃষ্টিকাৰী কঠোৰ নাৰ্ছৰ ৰূপত ফ্লেটছাৰৰ অভিনয় আছিল সাংঘাতিক৷ সেয়ে হয়তো ছবিজগতৰ অন্যতম খলনায়কৰ চৰিত্ৰ বুলিলে ‘নাৰ্ছ ৰেটছড্’ৰ প্ৰায়ে লোৱা হয়৷

ছবিখনত আমি দেখা পাম উইলিয়াম ৰেডফিল্ড, ক্ৰিষ্টোফাৰ লয়ড্, ডেনী ডেভিট’, ছিডনী লেছিক, ব্ৰেড ড’ৰিফ তথা ৱিল ছেম্পছনক৷ পুৰুষত্ত্বৰ লগত যুঁজি থকা বেবিট’ৰ ৰূপত ড’ৰিফৰ অভিনয় আছিল মনপৰশা৷ লয়ডে অভিনয় কৰিছিল সদায়ে ভয় খাই থকা টেবাৰ বুলি এজন মানসিক ৰোগীৰ চৰিত্ৰত, যি মেকমাৰ্ফীৰে বন্ধুত্বৰ স্থাপন কৰাৰ পাছত হৈ পৰিছিল শান্ত৷ কোলাহলৰ পৰা আঁতৰি থাকিবলৈ নিজকে বোবা তথা কলা বুলি কৈ দেখুৱাই অহা ছীফ ব্ৰমডেনৰ ৰূপত ৱিল ছেম্পছনৰ অভিনয় আছিল দুৰ্দান্ত৷ নিজৰ যৌনতাৰ সৈতে যুঁজি থকা ৰেডফিল্ড, অদ্ভুৎ পাগলৰ ৰূপত ডেভিটো তথা শান্ত লেছিকৰ অভিনয় আছিল মন পৰশা৷ এইসকলে নিজ নিজ চৰিত্ৰৰ মাজেৰে আনন্দ, হতাশা আদিৰ সংমিশ্ৰণ ঘটাইছিল ছবিখনত৷

ছবিখনৰ সফলতাৰ বাবে যিমান আমি অভিনেতা সকলক প্ৰশংসা কৰিছো সিমানেই প্ৰশংসা কৰিব লাগিব ছবিখনৰ চিত্ৰনাট্য তথা চিনেমাট’গ্ৰাফীক৷ কেন কেছিৰ ১৯৬২ চনৰ একে নামৰে উপন্য়াস খনৰ আধাৰত নিৰ্মিত হৈছিল ছবিখন৷ ল’ৰেঞ্চ হউবেন তথা ব’ গ’ল্ডমেনৰ দ্বাৰা ৰচিত চিত্ৰনাট্যই অস্কাৰৰ শ্ৰেষ্ঠত্বৰ বঁটা বুটলিছিল৷ ছবিখনৰ বেছিভাগ দৃশাংশই সীমাবদ্ধ আছিল হস্পিতেলৰ মাজত, বেছিকৈ দেখুওৱা হৈছিল চৰিত্ৰৰ চেহেৰা সমূহ৷ কিন্তুু সেই চেহেৰাই যেন কথা কৈছিল৷ ছবিখনত এনে বহুকেইটা দৃশ্য আছে যি আপোনাক মোহাচ্ছন্ন কৰিব, আপোনাক ভবাই তুলিব৷

চেক্ নিৰ্দেশক মিল’ছ ফৰমানৰ নিৰ্দেশক হিচাপে ‘ওৱান ফ্লিউ অভাৰ দা কুকু’ছ নেষ্ট’ আছিল সাত নম্বৰ কথাছবি৷ প্ৰযোজক মাইকেল ডগলাছে নিৰ্দেশক গৰাকীৰ আগৰ ছবি কেইখন চাই সন্তুষ্ট হৈছিল আৰু ফৰমানক দায়িত্ব দিছিল এই ছবিৰ নিৰ্দেশনাৰ৷ এই দায়িত্ব তেওঁ সঠিক ভাৱেই পালন কৰিছিল৷ ডগলাছে আন কাকোৱেই এই কামৰ বাবে বিচৰা নাছিল৷ তেওঁৰ সেই আস্থা আৰু বিশ্বাসৰ ফলতেই ফৰমানে কিজানি ডগলাছে আশা কৰাতকৈ বেছি সুন্দৰ কাম কৰিছিল এই ছবিখনত৷ যাৰ ফলতেই তেওঁ লাভ কৰিছিল অস্কাৰৰ ‘শ্ৰেষ্ঠ নিৰ্দেশক’ৰ বঁটা৷

ছবিখন মুক্তি পোৱা প্ৰায় ৪২ বছৰ হ’ল৷ কিন্তু ছবিখনৰ পাত্ৰবিলাক এতিয়াও বুঢ়া হোৱা নাই, ঠিক তেনেদৰে বুঢ়া হোৱা নাই ছবিখনৰ বিষয়বস্তু৷ সেয়েহে ছবিখনক ছবিজগতৰ অন্যতম শ্ৰেষ্ঠ কথাছবিৰ এখন বুলি ধৰা হয়৷ ১৯৯৩ চনত ‘ইউনাইটেড ষ্টেট্ছ লাইব্ৰেৰী অৱ কংগ্ৰেছে’ এই কথাছবিখনক “সাংস্কৃতিক, ঐতিহাসিক তথা নান্দনিক ভাৱে গুৰুত্বপূৰ্ণ” (culturally, historically or aesthetically significant) বুলি কয় আৰু ছবিখনক অনুষ্ঠানটোৰ ‘নেচনেল ফ্লীম ৰেজিষ্টেৰী’ (National Film Registry)ত অন্তৰ্ভুক্ত কৰে৷ সকলো ফালৰে পৰাই প্ৰায় সম্পূৰ্ণ ছবি সদায় চাবলৈ সুবিধা পোৱা নাযায়, তদুপৰি ছবিখনত আছে দুটা যুগান্তকাৰী চৰিত্ৰ৷ সেয়ে প্ৰায় ৪২ বছৰৰ পাছতো এতিয়াও দৰ্শকৰ মন ভোলাবলৈ সক্ষম এই ছবিখন৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক