ঔৰ প্যাৰ হো গেয়া (-নীলাঞ্জন গোহাঁই)

মই তেতিয়া বিহাৰৰ (বৰ্ত্তমান ঝাৰখাণ্ড) কোনোবা একেবাৰে ভিতৰুৱা ঠাই এখনত চাকৰি কৰো। বোকাৰো থাৰমেল পাৱাৰ প্লেণ্টটো, সৰু গাওঁ এখন, বজাৰ দুখন আৰু ক’লনীটোৰ বাহিৰে তাত চিনেমা হল এটাও নাছিল। এবাৰ খবৰ পালো যে ওচৰৰ “কাথাৰা” বুলি আন এখন ঠাইৰ একমাত্ৰ চিনেমা হলটোত হেনো নতুন চিনেমা আহিছে। ঐশ্বৰ্য ৰায়ে অভিনয় কৰা চিনেমাখন আছিল “ঔৰ প্যাৰ হ’ গয়া”। নবাগতা ঐশ্বৰ্যৰ চেহেৰা-পাতি, কথা-বতৰা আদিকে লৈ সকলোখিনি গুণেই মোক মোক বৰ বেয়াকে মোহি পেলাইছিল। চিনেমাখন চাই আহি মই পিছদিনা ভালকে ভাত-পানীও খাব নোৱৰা হৈ পৰিলো। এক কথাত মোৰ এক প্ৰকাৰ প্ৰেমেই হৈ গৈছিল। দিনৰ দিনটো তেওঁৰ মুখখনকে য’তে ত’তে ভাহি থাকিল।

মনে মনে ভাবিলো ঐশ্বৰ্য ৰায়কতো হাচিল কৰা অসম্ভৱ কাৰবাৰ। অন্তত: তেওঁৰ ফ’টো কেইখনমান পালে হয়তো মনৰ বিৰহ বেদনাটো কিছু পৰিমাণে হ’লেও পাতলাব পৰা যাব। কিন্তু তেতিয়া ঐশ্বৰ্য ৰায় বৰ এটা পপুলাৰ হোৱাই নাছিল। মিচ্ ৱৰ্লড্ হোৱাৰ বাহিৰে তেওঁ দুই এটা মডেলিং হে কৰিছিল। লেকমে’ জাতীয় দুই এক প্ৰডাক্টৰ বিজ্ঞাপনৰ বাদে তেওঁৰ ফ’টো দেখাই নগৈছিল। লাগিল নহয় লেঠা। ফ’টো এখনৰ বাবেও মনটো একেবাৰে দহি গ’ল বুজিছেনে? মনত ধুমুহা বুকুত জ্বুই লৈ দিনটো কোনোমতেহে পাৰ হ’ল।

সন্ধিয়ালৈ সিদ্ধান্ত এটা লৈয়ে পেলালো। ফটাফট এটা চিক্ৰেট্ প্লেন তৈয়াৰ কৰি পেলালো। লগৰ ক’লিগ্ কেইজনক ক’লো যে মোৰ বিশেষ কাম এটা আছে কাৰণে CISFত কাম কৰা অসমীয়া বন্ধুকেইজনক লগ কৰিব লাগিব। গতিকে যাওঁ। বাহানা মাৰি 5 / 6 মান বজাত ওলাই গ’লো। অ’ফিচৰ পৰা ওলাইছোহে মাত্ৰ, তেনেতে ড্ৰাইভাৰজন ওলালহিয়ে নহয়। মানে কোম্পানীয়ে আমাৰ বাবে গাড়ী এখন ভাড়াত লৈ ৰাখিছিল। গাড়ীখন বেছিভাগ ময়ে ব্যৱহাৰ কৰিছিলো কাৰণ ড্ৰাইভাৰজন প্ৰায়ে ভাঙৰ নিচাত মতলিয়া হৈ থাকিছিল। ই বেটা আজিহে হুচত থাকিব পায় নে। ইফালে চিক্ৰেট্ প্লেনটো লাজতে কাকো ক’বও নোৱাৰি। ইয়াক ক’লেতো গোটেইখন ফাটা-ফাটি হৈ পৰিব। গতিকে ড্ৰাইভাৰজনক ক’লো যে মই পান খাবলৈহে যাওঁ, এতিয়া কাম বহুত বাকী।

কিবাকৈ সাৰি আহি কোবত খোজ দিছো আৰু। লাহে লাহে আন্ধাৰো নামি আহিছে যেতিয়া কোনেও গম নাপাব। ধাণ্ডা হৈছে কাথাৰা যোৱা। মাজতে পোৱা দলংখন ধৰি ৩ কি 4 কিল’মিটাৰ বাট বৰ বেছি নাছিল। কিন্তু ৰাস্তাৰ ইপাৰে পান দোকানলৈ গ’লেও গাড়ী লৈ যোৱাৰ বদভ্যাস আছিল মোৰ। গতিকে ইমান দুৰ খোজ কাঢ়ি যোৱা বৰ এটা সহজো নাছিল। তাতে আন্ধাৰত চোৰ ডকাইতৰো ৰাজত্ব আছিল সেই ঠাইবিলাকত। কিন্তু মোৰ মনত প্ৰেমৰ শক্তি। প্লেন আছিল চিনেমা হললৈ গৈ ঐশ্বৰ্যৰ দুই এখন প’ষ্টাৰ হামলা দিয়া।

হল আহি পাওঁতে সন্ধিয়াৰ প্ৰদৰ্শনী চলি আছে। গতিকে বাহিৰত মানুহ নাই। বিচাৰি বিচাৰি হলৰ গাৰ্ডজন পালো। পোনেই মোৰ বিশেষ অনুৰোধ – “অ’ ভায়া, মুঝে জেইচে ভী হ’, এক ঐশ্বৰ্য ৰায় কা প’ষ্টাৰ দিজিয়ে না। হল মেই ত’ বহুত লাগা হ্যায়।” গাৰ্ড ভায়াৰ চিধাই নিগেটিভ উত্তৰ – “য়ে চব ত’ দেনা বহুত দিক্কত্ হ্যায়। চবকা হিচাপ হ্যায় না। অগলা হল মেই ভী লাগনে ৱালা হ্যায়। আপকো কেইচে দেঁ।” ময়ো আকোৰগোজ, সিয়ো নামানে। অৱশেষত দিল ফাইনেল হ’ল যেনিবা। শুক্ৰবাৰে চিনেমাখন বদলি কৰা হ’ব। তেতিয়াই তেওঁ মোৰ বাবে প’ষ্টাৰ এখন ৰাখি থ’ব। টকা এশ দিয়ে আহিলো ফূৰ্ত্তিতে।

সেইকেইদিন বজাৰলৈ যাওঁতে কেচেটৰ দোকান এখনত “ঔৰ প্যাৰ হ’ গয়া” চিনেমাখনৰে প’ষ্টাৰ এখনো দেখিছিলো। সেইখনো বিচাৰিছিলো কিন্তু দোকানীজনে নিদিয়ে হেনো। কিন্তু ময়ো ক’ম নে। সদায়ে দোকানিখনলৈ গৈ প’ষ্টাৰখন এপাক চাওঁগৈ। তেখেতে শুধে – “ক্যা হুৱা ভাইচাহাব?” মই কওঁ – “কুচ্ নেহী, এইচেহি য়াদ আয়া ত’ দেখনে আ যাতা হুঁ।” অৱশেষত দোকানীজনৰ মন গলিল। তেখেতে মোক সেইখন উপহাৰ দিলে। এতিয়া পুনৰ ওভতি যাওঁ কাহিনীলৈ।

ফাইনেলী শুক্ৰবাৰ আহিল। আকৌ কাকো নোকোৱাকৈ গোপনে চিনেমা হল পালোগৈ। কামটো নহ’ল হেনো কিন্তু চিন্তা নাই। আন এদিন কিবা এটা মেনেজ কৰি দিব বুলি আশ্বাস দিলে। গতিকে মই চিক্ৰেট প্লেন চলায়ে থাকিলো। লগৰ বিলাকেও গম নাপালে। এনেকৈয়ে এসপ্তাহমান পাৰ হ’ল। দুদিনমানৰ মুৰে মুৰে চিনেমা হল পাওঁগৈ। গাৰ্ড ভায়া পৰেশান। পইচাও ল’লে, কামটোও কৰি দিব পৰা নাই।

অৱশেষত ভাল দিন আহিল। সেইদিনা আকৌ গাৰ্ড ভায়া একেবাৰে ব্যস্ত হৈ আছে। মোক ৰ’বলৈ দি বহুপৰ মানুহ গায়ব। এটা সময়ত ফোঁ-ফোঁৱাই আহি ৰ’লহি। মোৰ হাতত নুৰিয়াই থোৱা চিনেমা প’ষ্টাৰ এখন গুজি দি ক’লে – “আপ মেৰা নৌকৰী খা লেগা। অভী কিচিক’ না দিখায়ে চলে যাইয়ে।” ময়ো ততাতৈয়াকৈ প’ষ্টাৰসহ তাৰপৰা অন্তৰ্ধ্যান হ’লো। ঘৰ আহি কোনে পায় মোক। লগে লগেই প’ষ্টাৰখন দেৱালস্থ কৰিব লাগিব। সুখ কুলাই পাচিয়ে নধৰা অৱস্থা।

পিছে খুলি চাই ই কি!! মই শিলপৰা কপৌ হৈ পৰিলো। হাহিঁমেই নে কান্দিম ভাবি নোপোৱা হ’লো। প’ষ্টাৰখনত ঐশ্বৰ্য ৰায় নাই চোন। সেইখন কোনোবা ইংৰাজী চিনেমাৰ হিন্দী সংস্কৰণ। তাত কি আছিল জানেনে? সমগ্ৰ প’ষ্টাৰখন দখল কৰি এটা প্ৰকাণ্ড বান্দৰ আৰু চিনেমাখনৰ নাম – “এক বান্দৰ হোটেল কে আণ্ডাৰ।” (Dunston Checks In)

(বি: দ্ৰ: বোকাৰো থাৰ্মেলৰ এজন ফ’টো ষ্টুডিঅ’ৰ ফ’টোগ্ৰাফাৰে মোক এখন ফ’টো বনাই দিছিল। ঔৰ প্যাৰ হ’ গয়াৰ প’ষ্টাৰত ববি দেউলৰ ঠাইত মই। প্ৰফাইল পিকচাৰ হিচাপে আছে। পাব্লিক কৰি লিংকটো দি দিছো।)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nilanjon Gohain
7 years ago

লিখনিটো তেনেই সাধাৰণ আছিল। কিন্তু ইয়াত পোষ্ট হোৱা দেখি নথৈ আনন্দিত হৈছো তথা ধন্যবাদ জনাইছো। পিছে মোৰ নামৰ বানান হৈছে – নীলাঞ্জন গোহাঁই।