কঁঠালগুটি বৃত্তান্ত‌‌ – -কাশ্যপ পৰশমনি

কাহিনীটো আমাৰ জেঠুৰ। আমাৰ জেঠু মানে মনবাহঁতৰ দেউতাক কমলা জেঠুৰ। কমলা জেঠু আমাৰ গাঁৱৰ সকলো ল’ৰা-ছোৱালীৰে সামূহিক জেঠু। জেঠুৰ আচল ঘৰ আছিল কেন্দুৰতলত। বানে খেদাৰ পিছত জেঠু সপৰিবাৰে আহি আমাৰ গাঁৱত থিতাপি লৈছিল। আদিতে মা-খুৰীহঁতে জেঠুৰ ঘৈণীয়েক যশোদা জেঠীক বাই বুলি সম্বোধন কৰাৰ লেঠু ধৰিয়েই চাগে জেঠু গাঁৱখনৰে সামূহিক জেঠু হৈ পৰিছিল। জেঠুৱে হেনো পুলিচৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সেই সূত্ৰে সেই সময়ৰ অবিভক্ত অসমৰ বিভিন্ন ঠাইত কাৰ্য্যনিৰ্বাহ কৰিছিল। যেতিয়া তেওঁ আমাৰ গাঁৱলৈ নিগাজীকৈ থাকিবলৈ আহিছিল¸ তেতিয়া ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ লৈছিল। জেঠুৱে নিজৰ জীয়েকৰ ল’ৰালিকালটো দেখা নাছিল। সেয়েহে গাঁৱৰ ল’ৰা-ছোৱালীবোৰক বৰ মৰম কৰিছিল। যি সময়ত আমাৰ অঘাইটংবোৰক বদমাছি কৰাৰ বাবে ঘৰত চেকনিৰে কোবাইছিল¸ সেই সময়তো জেঠুৱে আমাক মাতি মনে-মনে খুৱাইছিল। সেয়েহে জেঠু আমাৰ বুকুৰ আপোন হৈ পৰিছিল। ক্ৰমশঃ সময়বোৰ গৈ থাকিল। আমিও ডাঙৰ হৈ আহিলো। এদিন পঢ়া সাং কৰি সকলোৱে কামে-কাজে লাগিলো। ঘৰতো দায়িত্বশীল সদস্য হৈ পৰিলো। তথাপিও জেঠুৰ মনত আমি তাহানিৰ সেই তেৰ-চৈধ্য বছৰীয়া কিশোৰটোৱেই হৈ থাকিলো। আজিও তেওঁ আমাক মাতিলে অঘাইটঙৰ পিছতহে ঘৰত মতা নামটো যোগ কৰি মাতে। ওচৰে পাঁজৰে থকা শুনোতা আচৰিত হৈ ৰ’ লাগি চায়। আমিও বেয়া নাপাওঁ। জেঠুৰ মৰমবোৰ বুজো।
হঠাতে লকডাউন হৈ যোৱা বাবে বহুদিন ঘৰলৈ আহিব পৰা নাছিলো। কৰ্মভূমিতেই বহুদিন আবদ্ধ হৈ থাকিবলগা হ’ল। হঠাতে আনলক ৱান হৈ যোৱা সময়তে ঘৰলৈ অহাৰ পিছত আকৌ পৰিস্থিতি ভয়াবহ হৈ পৰাত স্বাভাৱিকতে ক’লৈকো ওলাব নোৱাৰা হৈ পৰিলো। পৰিৱেশ পৰিস্থিতিৰ বাবে দুমাহমান জেঠুক লগ পোৱা নাছিলো। হঠাতে এদিন সন্ধিয়া জেঠুৱে দুখমনে ফোন কৰি ক’লে বোলে¸ অঘাইটঙহঁত¸ তহঁত ঘৰতে আছ’¸ অথচ কোনেও মোৰ খবৰেই নোলোৱা হ’লি! আচলতে কথাটো শুদ্ধ নহয়। আমাৰ ঘৰৰ পৰা জেঠুৰ ঘৰলৈ বেছি দূৰ নহয়। ইচ্ছা কৰিলে গুচি যাব পাৰো কিন্তু জেঠুৰ বয়সৰ কথা ভাবিহে যোৱা নাছিলো। জেঠুৰ কথাখিনি শুনি বেয়া লাগিল। দৰাচলতে বেয়া সময়খিনিত ঘৰত সোমাই থাকি জেঠুৱে আমনি পাইছিল। বহি: ৰাজ্যত থকা জী-জোঁৱাইৰ মুখ ঘনাই নেদেখা জেঠুহঁতৰ বাবে আমিবোৰেই আপোন। ভবামতেই লগৰ দুটাকো কথাটো কৈ পিছদিনা দুপৰীয়া জেঠুৰ ঘৰ ওলালোগৈ। আমাক দেখি জেঠু আগবাঢ়ি আহিল।
‘আহিলি অঘাইটংকেইটা! আহ, ই বান্দৰ ওস্তাদ নাহিল নেকি? ‘
বিতু আৰু মোৰ লগত কমলক নেদেখি জেঠুৱে সুধিলে।
‘আহিছে জেঠু, তাৰ চাইকেলখনৰ ষ্টেণ্ডডাল নাই। থোৱাৰ সুবিধা বিচাৰি আছে। ‘
‘জেঠু এতিয়া দস্তুৰমত মাষ্টৰ হ’লো। এতিয়া অন্তত: বান্দৰ বুলি ক’বলৈ এৰকচোন। ‘
কৃত্ৰিম খঙেৰে কমলে ক’লে।
‘তই মাষ্টৰ নহয়¸ মিনিষ্টাৰ হলেও মই তোক বান্দৰ বুলিয়ে মাতিম, বান্দৰ মাষ্টৰ। ‘
হাঁহি হাঁহি কৈ জেঠুৱে এইবাৰ আমাৰ দুজনৰ ফালে ঘূৰি প্ৰথমে মোলৈ চাই কৈ উঠিল¸
‘তোক অঘাইটং বাবা¸ ইয়াক অঘাইটং বিতু বুলিয়েই মাতিম। ‘
‘আহিলি যেতিয়া প্ৰথমে কঁঠাল কেইটাই পাৰি দেচোন। ‘
জানো, জেঠুৰ ঘৰলৈ আহিলে জেঠুৱে কোনোদিন এনেয়ে ভাত নোখুৱায়। আগতে কাম আছিল¸ জেঠুৰ পকাচুলি উভালি দিয়া। ঘৰত দুদিন নিৰামিষ ভাত খাই আমনি লগাৰ পিছতে আমি জেঠুক কৈছিলো¸ ‘জেঠু¸ খানা এটা পাতকহে। বহুদিন মাংস খোৱা নাই। ‘ জেঠুৱে হাঁহি মাৰি কয়, ‘তঁহত অঘাইটং কেইটাই মোৰ পেঞ্চনৰ টকাকেইটা শেষ কৰিম বুলিহে ভাবিছ’ ন? ‘পিছদিনা আকৌ ডাঙৰ মুৰ্গী এটা আনি আমাক খাবলৈ মাতে। ভাত খোৱাৰ পিছত আমি জেঠুৰ পকা চুলি উভালিব লগা হয় আৰু তাৰ পিছত আৰামী চকীখনত ভৰি তুলি বহি জেঠুৱে পৰম তৃপ্তিত চকুদুটা আধামুদা কৰি চাকৰি জীৱনৰ ৰসাল কাহিনী এটা কয়। আমি শুনি বৰ ৰস পাওঁ। যদিও জানো¸ বেছিভাগ কাহিনীৰে স্ৰষ্টা জেঠু নিজে। সেইবোৰৰ একো বাস্তৱিক ভিত্তি নাই। তথাপিও এটাও শব্দ নকৰাকৈ আমি শুনি থাকো। জেঠুৰ ঘৰৰ ভাতসাঁজৰ সমানেই ৰসাল কাহিনীটোৱেও আমাক বৰকৈ আকৰ্ষণ কৰে। আজিও ভাতপানী খাই জেঠুৰ ওচৰত বহিলো।
‘জেঠু¸ কাহিনী এটা কওক। ‘
‘তহঁতৰ সেই ল’ৰালিৰ অভ্যাসটো নগ’ল নহয়। ‘
জেঠুৱে হাঁহিলে। আমিও হাঁহি দিলো। যিমানেই ডাঙৰ নহওঁ কিয় জেঠুৰ ওচৰত আমি তাহানিৰ উৎপতীয়া কিশোৰ কেইটা হৈ যাওঁ।
‘ৰহ¸ তহঁতক আজি কঁঠালৰ ঘটনা এটাই কওঁ। ‘ জেঠুৱে চকুদুটা আধা মুদি ক’বলৈ আৰম্ভ কৰিলে। আমিও পকা চুলি উভালিব এৰি দুয়ো কাষে বহি পৰিলো।
‘মোৰ তেতিয়া আইজ্বলত পোষ্টিং, ১৯৭৭ চন। আইজ্বলত তেতিয়া ডকাইতৰ বৰ উৎপাত। দিন দুপৰতে মানুহৰ পৰা লুটি লৈ যায়। এদিন অৰ্ডাৰ আহিল বোলে চৰকাৰী মানুহকেইজনমানৰ লগত শ্বিলঙলৈ যাব লাগে। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কিবা খাজানা সুৰক্ষা দি লৈ যাব লাগে। তেতিয়া মোৰ লগত আছিল মণিপুৰী দেৱবৰ্মা বুলি মণিপুৰী এজন আৰু ৰেংমা বুলি নগা পুলিচ এজন। মুঠতে আমি পুলিচ তিনিজন আৰু সেইটো অফিচৰ বঙালী ভদ্ৰলোক দুজন মিলি মুঠ পাঁচজন। আমাৰ হাতত থ্ৰি নট থ্ৰি ৰাইফলকেইটা দেখি বোধহয় ডকাইত কাষলৈ নাহিল। আমি বিঘিনি নোহোৱাকৈ মিজোৰাম পাৰ হ’লো।
তাৰ পৰাই যেন দুই বঙালী বাবুৰ ভয় নোহোৱা হৈ কথা আৰম্ভ হৈ গ’ল। আমিও হু-হা কৰি থাকিলো। সেইটো সময় আছিল আকৌ আমৰ বতৰ। এপাকত এজন বঙালী ভদ্ৰলোকে মোনাৰ পৰা তুলতুলীয়া মালদহ আম উলিয়াই আমাক দিলে। সেই খিনিলৈকে ঠিকেই আছিল। কিন্তু ইজনে আম খাবলৈ লোৱাৰ সময়তে জেং লগাই দিলে নহয়।
হয় হয় ক’লে বোলে¸
‘খাও খাও¸ আমাদেৰ বাৰীৰ আম। আম হ’লো ফলেৰ ৰাজা। কিং অব ফ্ৰুটছ। বেংগলেৰ আমেৰ এতো টেষ্টি যে ৰস খেতে বেমাৰী ঠিক হৈয়া যায়। এখানেৰ বাৰীতে কিচ্ছুই টেষ্টি পাৱা যায় নি। কিচ্ছুই আছে না। হয় কি না কমলা বাবু? ‘
কথাটো মোৰ মূৰত বেয়াকৈ লাগি গ’ল। চাল্লা¸ আমাৰ ইয়াত খাব¸ টকা ঘটিব কিন্তু একো নাই বুলি ডাউনো দিব। কৈ দিলো ঘপকৈ¸
‘বোলে আপোনালোকে ভুলকৈ কৈ আছে। হ’ব পাৰে বেংগলৰ আম বৰ সোৱাদ। হ’ব পাৰে আম ফলৰ ৰজা। কিন্তু আমাৰ ইয়াত ফলৰ সম্ৰাট থাকে। ইমানেই শক্তিশালী যে বেমাৰী বাদেই দিয়ক¸ চোৰ ডকাইতো ধৰি দিয়ে। ‘
মই কোৱাৰ লগে লগে সিহঁততো জাপ মাৰি উঠিল! ক’লে, ‘বোলো¸ এনে কিনো ফল আছে যে আমতকৈও শ্ৰেষ্ঠ দেখাওকচোন। ‘
কৈ দিলো বুজিছ¸
‘অসমৰ বাৰীৰ কঁঠাল ফলৰ সম্ৰাট। ইয়াৰ ফলতকৈও গুটি মূল্যবান। প্ৰটিন¸ ভিটামিনৰ কথাটো নকওঁৱেই। ই আমতকৈ বহু বেছি গুণী। ‘
‘ক’বহে পালো¸ সিহঁতে হাঁহিব ধৰিলে¸
বোলে¸ কঁঠালতো আমাৰ বাৰীতো আছে এনেনো কি খাচ আছে যে চোৰ ডকাইতো ধৰা পৰি যায়? ‘
মই বোলো¸ ৰহ বেটাহঁত¸ তহঁতক কচু দি আছো। ক’লো¸ ‘শ্বিলঙত অসমৰ কঁঠাল বহুত বিক্ৰী হয়। খালেই প্ৰমাণ পাব। ‘ কথাখিনি কৈ নামি গৈ প্ৰকাণ্ড কঁঠাল এটা কিনি আনিলো। ভাঙি সিহঁতক খাবলৈ দি বহা আসন দুখনত ঠিকচে কেঁচা আঠা ঘহি দিলো। সিহঁতেও গম নোপোৱাকৈয়ে বহি পৰিল। দুকোহ মান খাইয়ে ক’লে¸ আমাৰ দৰে একেই দেখোন। ‘ সিহঁতৰ মুখত তাচ্ছিল্যৰ ভাৱ। নহঁহাকৈয়ে ক’লো¸ ‘ঠিক আছে আহক¸ দেখুৱাই দিও। ‘ দুয়োটা যেতিয়া উঠি আহিল¸ বহা চকী দুখনো উঠি অহাত খোজ কাঢ়িব নোৱাৰা হ’ল। চিঞৰিলে বোলে¸
‘কমলা জী এয়া কি হ’ল। ‘

ময়ো মুখটিপি কলো¸ এয়াই ফলৰ সম্ৰাটৰ পাৱাৰ। চোৰ উঠি পলাব পাৰিব। কিয়া কম বস্তু ভাবতা হেই? ‘

হাঃ হাঃ হাঃ হাঃ
হো-হোৱাই হাঁহি দিলো আমি।
জেঠুয়ো হাঁহিলে। মই কিবা ক’বলৈ লওঁতে আকৌ বাধা দি কৈ উঠিল¸ ‘ৰ’চোন আৰু আছে।
‘মই তেতিয়া ডেকা ল’ৰা। জেঠীয়েৰক বিয়া কৰোৱাই নাই। চনটো পাহৰিলো। বহুত পুৰণি হ’ল। ডিমাপুৰত এছ পি চাহাবৰ লগত আছো। এনেকুৱা সময়েই আছিল। এদিনৰ কথা¸ ডিউটিলৈ যাবলৈ ওলোৱা নাই। পুৱাৰ সময়। হঠাতে চাহাবৰ ড্ৰাইভাৰটোৱে হেফাই ফেফাই ৰুমলৈ আহি ক’লে বোলে¸
‘কমলাভাই¸ বেগেতে আহক। চাহাবৰ ঘৰত চুৰি হৈছে। ‘
শুনি মোৰ মগজ বেয়া হৈ গ’ল। আমি তিনিজনে ইমান কাঢ়াকৈ পহৰা দিয়াৰ পিছত ক’ৰনো এইটো গভাইত চোৰে চাহাবৰ ঘৰত সোমাবলৈ সাহ কৰিলে। মোৰ মুখলৈ চায়েই হ’বলা ড্ৰাইভাৰজনে বুজি পাই ক’লে বোলে মানুহ চোৰ নহয়। ডাঙৰ মলুৱা বান্দৰ এটাইহে মেমচাহাবৰ জেকপট চুৰ কৰি নিলে।
‘হা…
লৰালৰিকৈ ইউনিফৰ্মযোৰ পিন্ধি ওলাই আহি দেখো হয়¸ প্ৰকাণ্ড মলুৱা এটাই কম্পাউণ্ডৰ গছ এজোপাত উঠি তললৈ চাই আছে। তলত মেমচাহাব¸ চাহাব, মালি¸ দাৰোৱান চবেই আতংকিত হৈ আছে। এপাকত চাহাবে গুলিয়াই মাৰিব খোজে বান্দৰটোক। মেমচাহাবে নিদিয়ে প্ৰাণী প্ৰেমী হিচাপে। মোক দেখি মেমচাহাবে চিঞৰি উঠিল¸ অৰেঞ্জ¸ জেইচে ভি কৰকে পকৰো বন্দৰকো। ৱ’ লেকে গয়া হ্যে।
মোৰ নামটো মনত নৰয় বাবে চাহাবেই কৈছিল ইংৰাজীত ক’বলৈ। মেমচাহাবৰো তেনেকৈ মনত ৰৈ গ’ল।
মই আগুৱাই গৈ দেখিলো যে হয়¸ বান্দৰটোৰ হাতত ডাঙৰ ষ্টিলৰ বাচন এটা। জীউ উৰি গ’ল। ধনী মানুহে গহণা-গাঁথৰিবোৰ এনেকুৱা পাত্ৰতে থৈ দিয়ে। বোধহয় সেইটোকে নিলে। মেমচাহাবৰ ৰান্ধনীটোক খুজি কল একাখি আনি অলপ দূৰত ৰাখি আঁতৰি আহিলো। কলৰ লোভত বান্দৰে টেমাটো পেলাই দি নামি আহিল। ওপৰৰ পৰা টেমাটো সৰি পৰাত ঢাকনিখন খুলি গৈ ভিতৰৰ অলংকাৰবোৰ ছিটিকি পৰিল। বুটলি দিবলৈ গৈ হাঁহিমেই নে কান্দিমেই লাগি গ’ল। টেমাৰ ভিতৰৰ পৰা কঁঠালগুটিবোৰ ছিটিকি অ’ত ত’ত সিঁচৰতি হৈ পৰিল।
মাই জেক ফ্ৰুইট চিদচ।
মেমচাহাবে লৰি গৈ নিজেই বুটলাত লাগিল। আমিও ধৰাধৰিকৈ তুলি দিলো। পিছতহে উৰহী গছৰ ওৰ ওলাল। মেমচাহাবে ভালপায় বাবে কাৰোবাৰ হতুৱাই কঁঠালগুটিকেইটা অনাইছিল। তাকেই এপাকত ওচৰতে থকা পাহাৰখনৰ পৰা নামি অহা মলুৱা বান্দৰটোৱে উঠাই লৈ গৈছিল। সেইদিনাই মেমচাহাবে মৰমতে সেইদিনাই মোক চাৰ্ট এটা পুৰস্কাৰ দিয়ালে। ‘
কৈ কৈ জেঠুই মিচিকিয়াই হাঁহিলে।
‘হাঃ হাঃ জেঠু¸ জেক ফ্ৰুইটৰ পৰা হৈ জেকপট
‘কি কৰিবি আৰু। উত্তৰ ভাৰতীয় মেমচাহাবৰ ইংৰাজী নুবুজি ড্ৰাইভাৰভায়ে তেনেকৈয়ে বুজিলে আৰু। ‘
হাঁহি এটা মাৰি জেঠুৱে আকৌ ক’লে, “আৰু এটা ঘটনা শুন,
সেইবাৰ ট্ৰেইনিং এটাত উত্তৰ প্ৰদেশলৈ গৈছো। ডিপাৰ্টমেণ্টৰ ট্ৰেইনিং। তেতিয়া আৰু ইয়াত সিমান সুবিধা হোৱা নাছিল। মাজে-মাজে ইউ.পি, দিল্লীত সেয়ে পঠিয়াই আছিল। আমাৰ গ্ৰুপটোত কাশ্মীৰি ল’ৰা এটাও আছিল। কিন্তু তাৰ বৰ বাহাদুৰি, কথাই প্ৰতি নিজক জহাব খোজে। স্বাভাৱিকতেই কাশ্মীৰৰ জলবায়ুৰ বাবে তাৰ মানুহৰ ছালখন বগা হয়। সেইটো লৈ তাৰ অহংকাৰৰ অন্ত নাই। ট্ৰেইনিঙত ব্ৰেকফাষ্টবোৰ আমাৰ ঘৰত খোৱাৰ দৰে নহয়। বয়ল কণী এটা¸ পাওৰুটি দুচকল আৰু কল বা আপেল এটুকুৰা দিয়ে। দেখি আমি অসমৰ পৰা যোৱা কেইটাৰ অলপ খং উঠে। ইয়াতে আমি পেটভৰাই গুড়াসান্দহ¸ চিৰা-মিঠৈ খোৱা মানুহ। সেইকণৰে কি হয়। এদিন আকৌ কলৰ সলনি দিলে আপেল। নিমজ কাশ্মীৰি আপেল। একামোৰ মাৰিছিলোহে¸ আৰম্ভ হৈ গ’ল নহয় কাশ্মীৰি বন্ধুৰ ওফাইদাং মৰা কথা। বোলে¸ কাশ্মীৰৰ আপেলৰ দৰে সোৱাদৰ ফল পৃথিৱীৰ ক’তো নাই। নৰ্থ-ইষ্টতনো কি পায় আপেলৰ লগত তুলনা কৰিব পৰাকৈ। ৰৈ থাকিব নোৱাৰিলো বুজিছনে! গোটেই দেশৰ আগতে ৰাজ্যৰ ইজ্জতৰ কথাও আছে দেচোন। দিলো নহয় বাপ্পেকে কৈ¸
বোলে¸ কি নো ওফাইদাং মৰা কথা কোৱাহে। মুৰ্খৰ দৰে কথা কিয় কোৱা। আমাৰ তাত পোৱা ডাঙৰ জাতৰ সোৱাদভৰা কঁঠালৰ সমান তোমাৰ আপেল হব পাৰিবনে?
মুখখন বিকটাই সি কৈ উঠিল¸ ‘কঁঠাল নামৰ ডাঙৰ কাঁইটৰ দৰে লগা ফলটো। ৱাক নাখাও¸ ভিতৰত ইমান আঠা। ‘
এইবাৰ ফেপেৰি পাতি ধৰিলো নহয়¸
‘তোমাৰ এই বলটোৰ মান আপেলটোৱে কি আমাৰ কঁঠালৰ কি পাত্তা পাবহে। তোমাৰ এই আপেলকটো মাথোঁ ফল হিচাপেই কামুৰি খাব লাগে। বৰ বেছি কেষ্টাৰ্ড নে কি সেইটো বনাই খাব পাৰা। কিন্তু আমাৰ কঁঠাল কিমান কিমান ধৰণেৰে খাব পাৰি শুনিলে বেহুচ হৈ যাবা। ফল হিচাপে খাবতো পাৰিয়েই, আনকি জুচ বনাই¸ তোমাৰ সেই কেষ্টাৰ্ড বনাই¸ পিঠা বনায়ো খাব পাৰি। এতিয়াও আমাৰ তাৰে বৈজ্ঞানিক সকলে ৰিচাৰ্ছ কৰি আছে আঠাৰ পৰা বোমা বনাবলৈ। দেখিলা আমাৰ কঁঠাল তোমাৰ আপেলতকৈ কিমান গুৰুত্বপূৰ্ণ? ‘
মোৰ কথা শুনি তাৰ চকু বহল হৈ গ’ল। আকৌ ক’লো¸
‘তুমি এই আপেলৰ এই গুটিবোৰ উলিয়াই ভাজি খাব পাৰিবা? তোমালোকে এইবোৰ গুটি সংগ্ৰহ কৰি শুকাই থৈ দিয়ানে? ‘আহে কিবা কামত গুটিবোৰ? ‘
এইবাৰ সেইজনে ভেকাহি মাৰি কৈ উঠিল¸
‘থোৱাহে। গুটিও কিবা কামত আহে নেকি? চটিয়াই দিলে অৱশ্যে দুই এটা গজে। ‘
হো হোৱাই হাঁহি কৈ উঠিলো¸
‘এবাৰ আমাৰ অসমলৈ আহিবা। আমাৰ কঁঠালৰ গুটিবোৰ মেইন ফলটোতকৈয়ো মূল্যবান। লোকে খোৱা ফলৰ গুটিবোৰ মানুহে টোপোলা বান্ধি ঘৰলৈ লৈ আহে। আমি তৰকাৰী বনাই খাওঁ। কি টেষ্টি লাগে। আনকি পুৰি ব্ৰেকফাষ্ট বনায়ো খাব পাৰি। আৰু কি জানা¸ এই দুমাহ আমাৰ কঁঠালগুটিৰ চিজনত আলুৰ প্ৰয়োজনেই নহয়। পাচলিৰ ৰজা আলু আৰু কঁঠালগুটি আলুৰো বাপেক। পাব তোমাৰ আপেলে আমাৰ কঁঠালৰ লগত পাত্তা! ‘
কথা শুনি কাশ্মীৰি বন্ধুৰ মুখ কেঁহেৰাজ বৰণীয়া হৈ গ’ল।
কথাখিনি কোৱাৰ লগে-লগে আমাৰ উত্তৰ পূবৰ পৰা যোৱা কেইজনে কিৰিলিয়াই উঠিল। বোলে ভাল দিলি বেটাক।
মইহে বোলো¸ আমাক ডাউন দিব পাৰিব!
জেঠুৰ কথা শুনি আমিও হো-হোৱাই হাঁহি দিলো।
‘চাব্বাছ জেঠু। আপুনি সৰ্বভাৰতীয় প্লেটফৰ্মত কঁঠালগুটিৰ নাম জিলিকাই থৈ আহিল। কঁঠালগুটি জিন্দাবাদ। ‘
জেঠুৱে মোৰ ফালে চাই লাহেকৈ
‘ৰহ¸ এইটো একোৱেই নহয়। স্বয়ং বৃটিচেই কঁঠালগুটিক ফলৰ গুটি শ্ৰেষ্ঠ মৰ্য্যদা দি গৈছে। কাহিনী এটা শুন¸ চনটো পাহৰিলো। এবাৰ গৱৰ্ণৰ ৰবিনচনে ঘোষণা কৰিলে বোলে¸ ‘‘যিয়ে এনেকুৱা গছৰ বীজ দেখুৱাব পাৰিব যিটো ফলটো খোৱাৰ পিছতো মূল্যবান। তাক এশটা সোণৰ মোহৰ দিয়া হ’ব। ‘’
ঘোষণাটো শুনি আমাৰ পলাশবাৰীৰ ডেকাকেইজনমান গ’ল প্ৰকাণ্ড কঁঠাল এটা লৈ। চাহাবে সুধিলে বোলে¸ ‘ইয়ে কিয়া হ্যায়? ‘
আমাৰ ডেকা কেইজনে বোলে¸ ‘চাহাব এইটোক কঁঠাল বুলি কওঁ হ্যায়। ‘
সিহঁতে চাহাবৰ আগতে কঁঠালটো ভাঙি খাই গুটি কেইটা ৰ’দত শুকাই তৰকাৰী বনাই চাহাবক চাহাবক খুৱালে। চাহাবে খাই বৰ সোৱাদ পাই ভাবিলে¸ বোলে এই গুটিটো সঁচাকৈয়ে বৰ সোৱাদ লগা¸ এইবোৰ খাদ্য ইংলেণ্ডৰ ভাই-কুটুম্ব সকলোলৈয়ো পঠিয়াব লাগিব। তাকে ভাবি তেওঁ ডেকাহঁতক সোণৰ মোহৰ কেইটা দি ক’লে বোলে¸ এনেকুৱা এশটা ফল আৰু আনি দিব লাগিব। ডেকাকেইটাই হাতযোৰ কৰি বোলে¸ হ’ব হুজুৰ। আনি দিম। এতিয়া হুজুৰে অনুমতি দিলে এই গুটিৰে খেলিব পৰা এবিধ বৰ মনোৰঞ্জনকাৰী খেলো দেখুৱাব পাৰো। চাহাবে বোলে দেখুৱাচোন। তেতিয়া আমাৰ বুধিয়ক ডেকাকেইটাই জুই একুৰা ধৰি বোলে সকলো জুইৰ কাষত বহিব লাগিব। কথা শুনি তাত থকা সকলো বৃটিছ জুইকুৰাৰ চাৰিওফালে উবুৰিখাই পৰিল। তেতিয়া ডেকাকেইটাই গোটেইবোৰ কঁঠালগুটি জুইলৈ দলিয়াই দি নিজে আঁতৰি আহি চাই থাকিল। অলপ পিছলৈ ধপধপকৈ কঁঠালগুটিবোৰ ফুটি বৃটিছকেইটাৰ চকু মুখ পুৰি গ’ল। দৰাচলতে সেই ডেকাকেইটা আছিল স্বাধীনতা সংগ্ৰামী। সেই চেগতে সিহঁতে ভঁৰালৰ ধন সোণ¸ গুলী-বাৰুদ যি পালে লৈ পলাই গ’ল। পিছত কথাটো বুজিব পাৰি ৰবিনচন চাহাবে মূৰে-কপালে হাত দি বহি কৈ উঠিল¸ “নেভাৰ আণ্ডাৰ এষ্টিমেট দ্য পাৱাৰ অৱ দ্য আছামিজ ভিলেজাৰ্ছ। ডে আৰ টু ডেঞ্জাৰেছ দেন আৱাৰ আৰ্মড ফ’ৰ্ছ।” লৰালৰিকৈ তেওঁ ওপৰলৈ লিখিলে বোলে¸ অসমৰ ঘৰে ঘৰে এবিধ বৰ খতৰনাক ব’ম আছে। সোনকালেই সেইবোৰ হস্তগত কৰিব লাগে। অৱশ্যে পিছত কি কৰিলে আৰু জনা নগ’ল।
দেখিলি আমাৰ কঁঠালগুটিৰ প্ৰকোপ। কৈ কৈ জেঠুৱে সোলা মুখখনেৰে হাঁহি এটা মাৰিলে। আমাৰ বুকুখন গৌৰৱত ফুলি উঠিল। আমীৰ খানৰ লগানৰ চম্পানেৰৰ কাহিনী ইতিহাসত নথকাৰ দৰে আমাৰ কঁঠালগুটিৰ আখ্যানো বাৰু সঁচাকৈয়ে অৱহেলিত হৈ ৰ’ল নেকি! জানো¸ হয়তো জেঠুৱে সাজি সাজি কৈছে। তথাপি কথাবোৰ কিয় জানো সঁচা বুলি মানিবলৈ মন গ’ল। বিতুৱে উৎসাহী হৈ চিঞৰি উঠিল¸ ‘জয় কঁঠালগুটিৰ জয়। ‘লগে লগে কমলেও সহযোগ কৰি চিঞৰিলে ‘জয় জয়।‘
জেঠুৱে লাহেকৈ হাঁহিলে। আমি যাবলৈ ওলালো। ডাঙৰ কঁঠাল এটা চাইকেলত লৈ আহিব লওঁতেই জেঠুৱে মাত দিলে¸
‘ঐ অঘাইটংহঁত¸ ইমানগাল কঁঠালগুটি অকলে শেষ কৰিব নোৱাৰিম বুজিছ! গতিকে সোনকালেই এদিন মোনা একোখনকৈ লৈ আহিবি। আকৌ মনটো ভৰি গ’ল। এনেকুৱাও নহয় যে আমাৰ ঘৰত কঁঠালৰ গছ নাই। তিনিওৰে ঘৰতো কঁঠাল গছো আছে। শলাগি ওলাই আহিলো। বাটতে এল.পি স্কুলৰ মাষ্টৰ কমলে ক’লে¸ ‘জেঠুৰ মৰমবোৰ অলপো সলনি নহল ন’। তেওঁৰ মনত আমি এতিয়াও সেই তাহানিৰ সৰু ল’ৰাকেইটাই।
হমম।
পুৰণি কথাবোৰ চকুত ভাঁহি উঠিল। হঠাতে আকৌ ল’ৰালিটো ঘূৰাই পাবলৈ মন গ’ল। চাইকেলখনৰ পৰা নামি এইবাৰ তলত চলাব চেষ্টা কৰি চিঞৰি উঠিলো।
‘কঁঠালগুটি জিন্দাবাদ। ‘
ইহঁত দুজনেও মোৰ দৰে তলত চাইকেল চলাই চলাই সঁহাৰি দি আহি থাকিল¸
‘জিন্দাবাদ জিন্দাবাদ। ‘
পদূলিমুখলৈ ওলাই দুই এগৰাকী মানুহে আমালৈ চাই কিবা ভাবি থাকিল¸ আমাৰ কিন্তু অলপো ভ্ৰূক্ষেপ নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments