কঁপি উঠা ৰামধেনুৰে মোহনীয় নায়েগ্ৰা (তিৰুজ্যোতি বৰা দাস)

জীৱনত আজিলৈকে দেখা পোৱা অনুপম আৰু আর্শ্চয্যকৰ প্ৰাকৃতিক সৌর্ন্দয্যৰ ভিতৰত নায়েগ্ৰা জলপ্ৰপাত অন্যতম।যিহেতু নায়েগ্ৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ সীমাত আছে সেয়েহে দুয়োখন দেশৰ পৰাই ইয়াৰ নয়নাভিৰাম প্ৰাকৃতিক সৌর্ন্দয্য উপভোগ কৰিব পাৰি । আমি নায়েগ্ৰা চাবৰ বাবে ব্যক্তিগত গাড়ীৰে নগৈ নিউর্য়ক চিটিৰ পৰা বাচেৰে যোৱাৰ সিদ্ধান্ত লৈছিলো। সেইয়া আছিল ২ জুলাই দুই হাজাৰ এঘাৰ চনৰ কথা । আমি থকা ঠাই নিউজার্চীৰ চমাৰভিলৰ পৰা প্ৰথমে গাড়ীৰে এডিচন (Edison) লৈকে গ’লো আৰু তাৰপিছত এডিচনৰ পৰা নিউর্য়ক চিটিৰ চাইনা টাউনলৈ বাচেৰে গৈ তাৰপৰাই নায়েগ্ৰা অভিমুখী বাচত উঠিলো ।আমাৰ বাচৰ গাইড আছিল ভিকি নামৰ এগৰাকী সুন্দৰী চীনা যুবতী। নিউয়র্ক চিটিৰ চাইনা টাউনখন দেখিলে বহুসময়ত মই অবাক হৈ যাওঁ। চাইনা টাউনখনত ঘুৰি ফুৰিলে চীনদেশত আছোনে আমেৰিকাত আছো বিবুধিত পৰা যায় ।দোকানবোৰৰ সন্মুখৰ ফলক, হোটেল,ঘৰ সকলোতে বৰ বৰ হৰফেৰে চাইনীজ ভাষাত নামবোৰ লিখা থাকে ,তাৰ তলতহে খুউব সৰু আখৰেৰে ইংৰাজী ভাষাত লিখা থাকে ।চীনদেশৰ খাদ্য,পোচাক,আচবাব আৰু সকলোধৰনৰ বস্তুৱেই চাইনা মার্কেটত পোৱা যায় ।চাইনা টাউন নেদেখাৰ আগতে মোৰ এনেধৰনৰ ধাৰনা আছিল যে চাইনা টাউন আমাৰ অসমৰ ভূটীয়া বজাৰৰ দৰেই এখন সৰু বৰ বজাৰ বা মেলা হ’ব ।  পিছে এই ধাৰনাৰ সম্পূর্ণ বিপৰীতমুখী ছবি এখনহে চকুৰ আগত ধৰা দিলে ।

যিয়েই নহওঁক নিউর্য়ক চিটিৰ চাইনা টাউনৰ পৰা গ’টু (Go to bus) বাচেৰে আমাৰ যাত্ৰা আৰম্ভ হ’ল নায়েগ্ৰালৈ ।ৰাস্তাৰ দুয়োকাষে আছিল সেউজীয়া অৰণ্য,সৰু বৰ সেউজ টিলা,বিস্তীর্ণ ঘাঁহনি ,নাম নজনা বনৰীয়া ফুল ।মাজে মাজে জনবসতিও আছিল কিন্ত খুউব সেৰেঙা ।গাইড ভিকিয়ে অনর্গল নায়েগ্ৰাৰ বিষয়ে কৈ গৈছিল ।মাজতে লটাৰী যোগে এখন প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰিছিল ।সেই প্ৰতিযোগিতাত বাচখনৰ সকলোতকৈ ভাগ্যৱান চিট নাম্বাৰ বুলি বিবেচিত হৈছিল আমি(শ্ৰীমান আৰু মই) বহা চিট দুটা ।আমি পুৰস্কাৰ হিচাপে
এখন বাৰেৰঙীঁ সুন্দৰ কাম কৰা চাইনীজ বিচনী পালো। আমাৰ বাচখন ভিন্নভাষী লোকৰ কথাবতৰাৰে মুখৰীত হৈ পৰিছিল ।যিহেতু বিভিন্ন বাচৰ বেলেগ বেলেগ গাইড আছিল আৰু প্ৰায়বোৰেই হালধীয়া ৰঙৰ পোচাক পৰিধান কৰিছিল সেয়েহে নিজৰ বাচৰ গাইডজন চিনাত অসুবিধাৰ সৃষ্টি হৈছিল ।এই বেমেজালীটো আতৰাবৰ বাবে গাইডসকলে প্ৰতেক্যেই বিভিন্ন ৰঙৰ চাটি লৈ ফুৰিছিল ।আমাৰ গাইড ভিকিৰ চাটিৰ ৰং আছিল সৰিয়হ ফুলৰ দৰে ।সৰিয়হ ফুলৰ চাটি বিচৰাত আমাৰ অলপো অসুবিধা হোৱা নাছিল ।

নায়েগ্ৰা জলপ্ৰপাত দেখা পোৱাৰ লগে লগেই মই অভিভূত হৈ পৰিছিলো । ঠিক সপোণপুৰীৰ দৰেই নায়েগ্ৰা জলপ্ৰপাত ।অবিৰাম পানীৰ গর্জন,সাতোৰঙী ৰামধেনুৰ খেলা,উচ্ছল পানীৰ ভংগীমা ,শ শ চিগাল চৰাইৰ কলৰৱেৰে মুখৰিত হৈ আছিল নায়েগ্ৰা জলপ্ৰপাত । নায়েগ্ৰাত দুই ধৰনে ইয়াক উপভোগ কৰিব পাৰি ।ইয়াত Mid of the Mist  আৰু Cave of the wind এই দুইধৰনৰ যাত্ৰা আছে ।এই দুয়োটা যাত্ৰাতে ৰেইনকোট পিন্ধি যাব লাগে ,cape of the wind ৰ বাবে হালধীয়া ৰঙৰ আৰু mid
of the mist ৰ বাবে নীঁলা ৰঙৰ ৰেইনকোট । Mid of the Mist  ৰ যাত্ৰাৰ বাবে মানুহৰ ভিৰ খুউব বেছি আছিল আৰু  আমি আধাঘন্টা সময় শাৰী পাতি থিয় দিব লগা হৈছিল । Mid of the Mist ত জাহাজেৰে জলপ্ৰপাতৰ
মাজলৈ আৰু ওচৰলৈ লৈ যোৱা হয়,জলপ্ৰপাতৰ একেবাৰে তললৈ গৈ পানী চুই ইয়াৰ আনন্দ উপভোগ কৰিব পাৰি  ।এই যাত্ৰাত বৰষুনৰ দৰে জলপ্ৰপাতৰ পানীৰ কণিকাৰে আমি তিতিবুৰি আনন্দ  লভিছিলো ।  জলপ্ৰপাতৰ উত্তাল পানীৰ ঢৌঁ ,পানীৰ গর্জন আৰু উফৰি আহি
আমাৰ গালে মুখে পৰা পানীৰ অনুভব খিনি বর্ণনা কৰিবলৈ লৈ মই অক্ষম হৈছো ।জলপ্ৰপাতৰ পানীৰ সেই গর্জন ভাল লাগেনে নে পানী চিটিকি আ্হি গালে মুখে পৰাৰ অনুভব খিনি ভাল লাগে সেই কথা কবলৈ মই অপৰাগ ।সেইয়া এক আর্শ্চয্যকৰ,ভাবিলেই ভাল লাগি উঠা অনুভব আছিল ।নায়েগ্ৰাত আচলতে তিনিটা জলপ্ৰপাত ওচৰা ওচৰিকৈ আছে ,সেইয়া হৈছে American falls,Bridal Veil falls আৰু Canadian falls ।Mid of the mist ৰ যাত্ৰাত এই তিনিওটা জলপ্ৰপাত ওচৰৰ
পৰা চাব পাৰি ,তাক অনুভব কৰিব পাৰি ।জাহাজেৰে কৰা এই যাত্ৰা সচাই মোহনীয়, সপোন সপোন যেন লগা ।ৰ’দৰ পোহৰত পানীৰ কণিকাবোৰ মুকুঁটাৰ দৰে জিলিকি উঠিছিল সেই যাত্ৰাত ।আকৌ চিগাল চৰাইবোৰযে চো মাৰি মাৰি উঁৰি ফুৰিছিল সেইয়াও অতি সুন্দৰ দৃশ্য আছিল ।জাহাজখন যেতিয়া তিনিওটা জলপ্ৰপাতৰ মাজঅংশ পাইছিলগৈ তেতিয়া পানীৰ কণিকাবোৰে আমাৰ চকু মুখত উফৰি পৰি চৌদিশে ধুঁৱলী কুঁৱলী অবস্থাৰ সৃষ্টি কৰিছিল ।অনুভব হৈছিল আমি যেন কুঁৱলীৰ মাজেৰে এক সপোনপুৰীলৈহে যাত্ৰা কৰিছিলো ।

cape of the wind ৰ যাত্ৰাত জলপ্ৰপাতৰ তললৈ সকলোকে খোজকঢ়াই লৈ যোৱা হয় ।এনেদৰে খোজকাঢ়ি যাওঁতে পিচলি নপৰিবৰ বাবে এক বিশেষ ধৰনৰ চেন্দেল পিন্ধিব লাগে ।এই যাত্ৰাত জলপ্ৰপাতৰ তলৰ নিৰাপদ দূৰত্বৰ পৰা  ইয়াক অনুভব কৰিব পাৰি ।তাত বতাহৰ গতিবেগ খুউব বেছি ।ঘূর্ণীবতাহৰ মাজত সোমাই থকাৰ দৰে অনুভব হয় এই যাত্ৰাত ।যি ঠাইত জলপ্ৰপাতৰ পানী আহি তলত উফৰি পৰিছেহি সেই ঠাইৰ নিৰাপদ অংশলৈ চিৰিৰে সকলোৱে  নামি যায় ।বতাহ আৰু পানীৰ ঢৌঁ উফৰি আহি চাটকৰে সকলোৰে শৰীৰত পৰেহি । খুউব ৰোমাঞ্চকৰ অভিজ্ঞতা সেইয়া ।

নায়েগ্ৰাৰ পানী ৰাতি কানাডাৰ ফালৰপৰা অহা নিয়নলাইটৰ পোহৰত বাৰেৰঙী হৈ পৰে ।ৰাতি সুন্দৰ আটচবাজীৰো খেলা হয় ।দিনত নায়েগ্ৰাৰ বুকুত সাতোৰঙী ৰামধেনু দেখা যায় ।জাহাজেৰে নায়েগ্ৰাৰ বুকুলৈ গৈ থকা সময়ত দূৰৰ পৰা সেই ৰামধেনু দেখা যায় ।আকৌ জলপ্ৰপাতৰ ওপৰৰ পৰাও  ৰামধেনু দেখা যায় ।জাহাজেৰে গৈ থাকোতে সাতোৰঙী ৰামধেনু খন কঁপি উঠাৰ দৰে লাগে ।সেই দৃশ্য দেখা পাই মোৰ কাঞ্চন বৰুৱাদেৱৰ “অসীঁমত যাৰ হেৰাল সীমা “ কিতাপখনৰ কপি উঠা ৰামধেনুৰ বর্ণনাখিনিলৈ মনত পৰি গৈছিল ।সেইয়া চাই চাই শেষ কৰিব নোৱাৰা শুৱণী দৃশ্য ।নায়েগ্ৰাৰ ওপৰৰ ফুলনীৰ মাটিত  আমাৰ মাণিমুনি আৰু মাটি কাদুৰী শাক দেখা পাইও মই অভিভূত হৈ পৰিছিলো ।মনটো উৰা মাৰি  আমাৰ অসমৰ পথাৰৰ মাটিত ফাগুণ মাহত মাণিমুনি বোটলাৰ দিনবোৰলৈ ধাপলি মেলিছিল ।পাহৰিব নোৱাৰা বহু সৰু বৰ স্মৃতিয়ে  নায়েগ্ৰাৰ যাত্ৰা আটকধুনীয়া হৈ ৰ’ব মোৰ মানসপটত ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক