কঁহুৱা বন মোৰ অশান্ত মন (মিতালী বৰ্মন)

প্রস্তাৱনা

 

চন ১৯৯৩, স্থান: নলবাৰী চহৰৰ গর্ডন স্কুলৰ খেল পথাৰ । ব’হাগ বিহুৰ সময় । নিশা নমান বজাৰ পৰা তালৈ মানুহৰ সোঁত এটি ব’বলৈ ল’লে । আমিও মা-দেউতাৰ লগত নির্দিষ্ট সময়ত গৈ উপস্থিত হ’লোঁ । মহিলাসকলৰ বাবে বহিবলৈ চকীৰ ব্যৱস্থা কৰা আছিল । মা-আইতাহঁত একেলগে বহিল । দেউতাহঁত পাচফালে থিয় হ’ল আৰু আমি এমা-ডিমাবোৰ মঞ্চৰ একেবাৰে ওচৰত মাটিতে পাৰি দিয়া ট্রিপলত বহিলোঁ । কাৰো অকণো আপত্তি নাই । যথাসময়ত মানুহজন মঞ্চলৈ আহিল আৰু বিলাই গ’ল কণ্ঠসুধা সহস্র শ্রোতাৰ মাজত । ৰেডিঅ’ত সদায় শুনিবলৈ পোৱা গীতবোৰ স্বনামধন্য শিল্পীয়ে নিজেই গাই যোৱা সেই মুহূর্ত্তটি মোৰ মানসপটত আজিও জলজল পটপট—- সৌ সেইখিনিতে মই বহিছিলোঁ আমাৰ বয়সৰবোৰৰ লগত, সৌ সেইখিনিতে শিল্পীক সম্বর্ধনা জনোৱা হৈছিল, সৌ সেইখিনিতে তেওঁৰ সহযোগীবোৰ আছিল, সৌ সেইখিনিতে তেওঁ হাৰমনিয়ামত সুৰৰ লহৰ তুলি মাইক্র’ফ’নটোৰ আগত ঠিয় হৈছিল । গুৰুগম্ভীৰ কণ্ঠেৰে তেওঁ নিগৰাই গৈছিল গীতৰ মালিতা… প্রিয় শিল্পীক চকুৰ আগত পাই মানুহবোৰ উত্রাৱল হৈ পৰিছিল । এটাৰ পাচত আনটো গীতৰ বাবে অনুৰোধ কৰি গৈছিল মানুহবোৰে বাৰে বাৰে । বাৰে বাৰে তেওঁলৈ দর্শকৰ মাজৰ পৰা উঠি অহা মানুহ কিছুমানে কাগজৰ টুকুৰাত নিজৰ প্রিয় গানটোৰ প্রথম শাৰীটো লিখি দিছিল আৰু তেওঁ বাকি গৈছিল অক্লান্ত কণ্ঠৰ নিজৰা… গুমগুমাই গ’ল চৌদিশ । এয়াই আমাৰ শ্রদ্ধাৰ ভূপেন হাজৰিকা…

 

চন ২০১০, স্থান : গুৱাহাটী । মোৰ মামাৰ ৪র্থমানত পঢ়া ছোৱালী মুনুৱে আহি মোক ক’লে “মাজনী বা, তুমি “অসম আমাৰ ৰূপহী” গাতটি গাব জানা নেকি ?” মই ওলোটাই তাইক প্রশ্ন কৰিলোঁ “তই জান নে নাজান ?” সেই প্রশ্নটোৰ বাবেই যেন তাই ৰৈ আছিল । লগেলগে তাই ক’লে “জানোঁ ।” আকৌ সুধিলোঁ “ক’ত পালি গীতটি?” একে উশাহতে তাই ক’লে “আমাৰ কিতাপত আছে আৰু কেছেটতো শুনোঁ মাজে মাজে । ভাল লাগে ।” তাইৰ কথাত মোৰ মনত এটা কথা স্পষ্ট হৈ পৰিল যে ভূপেন হাজৰিকাৰ কণ্ঠৰ যাদুৱে কোনো বয়সৰ সীমা নামানে । বুজন বয়সতহে গীতবোৰে অর্থৰ সাগৰত সাঁতোৰ মেলে যদিও বুজি নোপোৱাকৈয়ো তেওঁৰ গীতৰ প্রেমত পৰিব পাৰি, সুৰৰ প্রেমত পৰিব পাৰি । মুনুৰ মাজত যেন সিদিনা আকৌ ১৯৯৩ চনৰ ব’হাগ মাহৰ বিহু মঞ্চৰ ওচৰৰ ট্রিপ’লত বহি থকা মোক নিজক বিচাৰি পালোঁ ।

 

 

প্রৱাহ

যিমান বাৰেই শুনোঁ প্রতিবাৰেই হাজৰিকাৰ গীতৰ শব্দবোৰে ন-ন ৰূপত আহি খেলা কৰে , কেতিয়াবা আলাসতে উপঙি ফুৰে “এটুকুৰা আলসুৱা মেঘ”ৰ দৰে আকৌ কেতিয়াবা যেন শ্রাৱণী বাৰিষাৰ বৃষ্টি হৈ দুচকুৰ আগত ৰৈ জলক-তবক লগায় । শব্দৰ লগত খেলি খেলি তেওঁ হৈ পৰিছে নিপুণ খনিকৰ । শব্দৰ “সাগৰ সংগমত” ক্লান্তিবিহীনভাৱে সাঁতুৰি বাট পোনাই তেওঁ জনতাৰ হৃদয়লৈ । আনহাতে, গীতত শব্দৰ যথাযথ প্রতীকী প্রয়োগ আৰু স্পষ্ট উচ্চাৰণত মন্ত্রমুগ্ধৰ দৰে তেওঁৰ গীতৰ কাষ চাপে সহস্রজন । প্রত্যেকেই যেন কিবা নহয় কিবা প্রসংগত নিজক বিচাৰি পায় তেওঁৰ গীতৰ মাজত । শিল্পীৰ শিল্প যেতিয়া শিল্পীৰ লগতে ৰাইজৰো সম্পদ হৈ পৰে সেই শিল্পই লাভ কৰে জীৱনজোৰা সার্থকতা । হাজৰিকাৰ শিল্পই বিশ্বজনীন দৰবাৰত প্রস্তুত কৰে এমুঠি অন্নৰ বাবে সংগ্রাম কৰি থকা জনতাৰ হাহাকাৰ, ভোগ সর্বস্ব স্বার্থপৰ মানুহৰ নিস্পৃহ মনোভংগী আৰু স্ফুৰিত প্রেমৰ দলিল  । যেন কোনো যাদুখেলৰ যাদুকৰ— যিয়ে ঘণ্টাৰ পাচত ঘণ্টা  সন্মোহিনী বাণ মাৰি একেৰাহে দর্শক-শ্রোতাক লৈ যায় সীমাই ঢুকি নোপোৱা কোনো এক অসীমলৈ ।

প্রেমেই জগত ধুনীয়া কৰে । ভূপেন হাজৰিকাৰ গীতমালাতো প্রৱাহিত হৈছে প্রেমৰ অন্তঃসলিলা ফল্গুধাৰাৰ । কেতিয়াবা তেওঁৰ বাবে প্রেম হৈ পৰিছে অনন্ত সৃষ্টিৰ উৎস আকৌ কেতিয়াবা হৈ পৰিছে যুগজোৰা বিষাদৰ হুমুনিয়াহ । বিশ্বপ্রেমৰ আঁত ধৰি তেওঁ জীৱন নাৱৰ বঠা মেলিছিল যদিও যৌৱনৰ বলিয়া বা-ই আহি মুহূর্ত্তে মুহূর্ত্ত থকা-সৰকা কৰিছিল তেওঁৰ অনুভৱক আৰু তাৰ ফলতেই আমি হ’লোঁ সাক্ষী কিছুমান যুগজয়ী গীতৰ । প্রেম আৰু প্রেমৰ স্মৃতিৰে পৰিপূর্ণ তেওঁৰ হৃদয়ৰ মণিকোঠা । সমাজ আৰু সংস্কাৰত আৱদ্ধ প্রেয়সীক দিয়ে তেওঁ মুক্ত আহ্বান —

 

“গুপুতে গুপুতে কিমান খেলিম

আলিংগনৰ এই খেলা,

ছতিয়াও আহা আকাশে বতাহে

দুয়োৰে ৰঙৰে মেলা”

 

কাৰণ প্রেমিক হৃদয়ে বুজি পাইছিল যে যৌৱনত কোনো পাপ নাথাকে । পোহৰক যিদৰে ৰোধিব নোৱাৰে কোনোৱে কোনোদিনে, লহৰেও যিদৰে সাগৰক কৰিব নোৱাৰি অৱহেলা সেইদৰেই প্রেয়সীয়েও উপেক্ষা কৰিব নোৱাৰে এই প্রেমৰ জ্যোতিক । প্রেয়সীৰ চকুযুৰিৰ চাৱনি আৰু লাৱনী পৰশে তেওঁক সমাজৰ কৌটিকলীয়া সংস্কাৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহ দিয়ে । “বন্ধ ঘৰ” মানে হ’ল সমাজৰ নিয়মবোৰ অন্ধভাৱে অনুসৰণ কৰা আমাৰ মন আৰু “খিৰিকি দুৱাৰ” মানে সেই অৱৰুদ্ধ মনৰ ইন্দ্রীয়বোৰ । সেই বন্ধ ঘৰৰ খিৰিকি-দুৱাৰ খুলি ওলাই আহিবলৈ তেওঁ প্রিয়াক কয়—

 

“মৰমত জানো নিয়ম থাকে

ধুমুহাৰ জানো পৰিধি থাকে

প্রভাতক জানো ঢাকিব পাৰি

পিন্ধাই লাজৰ মালা”

 

কহুৱা কোমল তেওঁৰ অশান্ত মনক মুকুতা যেন অমূল্য সময় নষ্ট নকৰি আলফুল হাতেৰে আকোঁৱালি ল’বলৈ গীতিকাৰে প্রিয়াক অনুৰোধ কৰিছে । পুৱতি নিশাৰ সপোন হেনো ফলিয়ায় । কিন্তু চঞ্চল কোলাহ’লে ঘুমতি ভঙা বাবেই সকলো দেখিও সেই বিশেষ ক্ষণটিহে যেন তেওঁ নেদেখিলে । হ’লেও গীতিকাৰে বলিয়া মনটিক পতিয়ন নিয়াব বিচাৰে এইদৰে—

 

“বলিয়া মন মোৰ কিয় উচাতন

কালিৰ সুৰুযে আনি দিব পুৱাটি”

 

সকলোৰে অগোচৰে প্রষ্ফুটিত হোৱা সেই প্রেম যেন পৃথিৱীৰ গর্ভত গুপুতে সাঁচি থোৱা এক বহ্ণিশিখাৰ নামান্তৰ মাথোঁ । “কঁহুৱা কোমল” উশাহ, “শেৱালি কোমল হাঁহি”-ৰ গৰাকী প্রেয়সীৰ নাম সুধি কৰা সহস্রজনৰ প্রশ্নৰ উত্তৰ গীতিকাৰ হাজৰিকাই দিছে “অর্থপূর্ণভাৱে, ঈষৎ হাঁহিৰে” অতি কাব্যিকভাৱে “নামবিহীনতাই অনামিকা” বুলি ।

 

আমাৰ কবি-গীতিকাৰজন আশাবাদী । সেয়ে শাৰদীয় খিৰিকিমুখত ৰৈ থকা তেওঁক আকাশত আলাসতে উপঙি ফুৰা “এটুকুৰা আলসুৱা মেঘ”-এ যেন বুকুৱে বিচৰা বিশেষ কাৰোবালৈ মনত পেলাই দিয়ে । কৃপণৰ গৃধনুতাৰে তেওঁ সাঁচি ৰাখিব বিচাৰে প্রিয়াৰ মৰম যদিও জানে সি সত্য নহয় । কিন্তু তাৰেই স্মৃতিৰ মন্থনত তেওঁ বিভোৰ হৈ থাকিব বিচাৰে দিবা-নৈশ । কালিদাসৰ “মেঘদূত”ৰ দৰেই যেন “শৰৎ সন্ধ্যা” “মাদকতা সানি লিখা” চিঠিখন চঞ্চল মেঘে প্রেয়সীৰ ওচৰলৈ কঢ়িয়াই নিব আৰু বিলাই দিব তেওঁৰ মনৰ বার্তা ।

 

শৈশৱকালৰ প্রিয় সখীৰ লগত ওমলা দিনবোৰেই যৌৱনৰ কেনভাচত ৰং সানি দিয়ে বুজা-নুবুজাকৈ । তাকেই ৰোমন্থন কৰি গীতিকাৰ হাজৰিকাই গাঁঠি ল’লে শব্দৰ এলানি মালা ।

 

“শৈশৱতে ধেমালিতে

তোমাৰে ওমলা মনত আছে

ব’হাগ মাহৰ লুইতখনিত

দুয়ো সাঁতোৰা মনত আছে”

 

ফুলে-পাতে নৱৰূপ লোৱা “ব’হাগ মাহ” হ’ল যৌৱনৰ প্রতীক, “লুইত” হ’ল প্রেমৰ প্রতীকী ৰূপ । ব’হাগ মাহৰ লুইতখন যেনেকৈ পানীৰে চপচপীয়াকৈ ভৰি থাকে একেদৰে যৌৱন কালত গীতিকাৰৰ হৃদয়ো পৰিপূর্ণ হৈ উঠে প্রেমেৰে । যৌৱনৰ দুৱাৰদলিত প্রেমিকযুগলে দুয়ো দুয়োকে দিছিল নানা প্রতিশ্রুতি । কিন্তু ব’হাগ মাহৰ বৰদৈচিলা অহা দি অজান কোনোবা আহি প্রেয়সীক উৰুৱাই লৈ গ’ল প্রেমিকৰ ওচৰৰ পৰা । গীতিকাৰৰ আক্ষেপ এয়ে যে প্রেয়সীয়ে মনৰ গৰাকীক এৰি ধনৰ গৰাকীক বাচনি কৰি ল’লে । বহুদিনৰ অন্তত ধনৰ গৰাকী বাচি লোৱা তেওঁৰ এসময়ৰ প্রেয়সীক দেখা কথাটিও তেওঁৰ মনত আছে । ধন-সোণৰ ক্ষণস্থায়ী চমকত উটি যোৱা তেওঁৰ প্রেয়সীৰ দেহ স্বর্ণ গহণাই আভূষিত কৰি থৈছে । এসময়ত প্রেমৰ নামত শপত খোৱা তেওঁৰ প্রেয়সীয়ে প্রেমিক “অবিহনে চিপজৰী” ল’ব বুলি কোৱা কথাটোও গীতিকাৰৰ মনত আছে । কিন্তু গীতিকাৰ স্থিতপ্রজ্ঞ । সেয়ে কৈছে—

 

“তোমাৰ অবিহনে চিপজৰী ল’ম

বুলি যদি তুমি ভাৱিছা

ভুল কৰিছা সোণজনী মোৰ

অলীক-সপোন দেখিছা”

 

ইতিমধ্যে গীতিকাৰে বুজি উঠিছে সমাজৰ ভ্রান্ত ধাৰণা ভেটিত গঢ়ি উঠা ভ্রান্ত আলেখ্যৰ লেখ । সেইবাবেই তেওঁ প্রেয়সীৰ বিৰহত চিপজৰী লৈ কাপুৰুষালি নকৰে । বৰঞ্চ জীয়াই থাকিব বিচাৰে এখন নতুন সমাজ গঢ়াৰ মানসেৰে । তেওঁ নিজৰ ওচৰতে প্রতিজ্ঞাবদ্ধ —

 

“জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে

জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ পণ আছে

য’ত সোণতকৈয়ো মানুহৰ দাম অলপ হ’লেও বেছি আছে”

 

“মিঠা সপোনৰ বিলাস ঘৰ তোমাক লৈয়ে গঢ়াৰ সময় যে নাই” বুলি তেওঁ তেওঁৰ “অনামিকাক” বিদায় দিছে । কিন্তু “অনামিকা”ৰ অনুপস্থিতি তেওঁ বাৰুকৈয়ে অনুভৱ কৰিছে— যেন অনামিকা অবিহনে তেওঁৰ মনৰ আকাশলৈ নামি আহিছে আঁউসী ৰাতি । অকালতে সৰি পৰি ৰ’ল অনাকাংক্ষিত ধুমুহাত বিধ্বস্ত মনৰ প্রেমৰ পাপৰি… শেৱালিৰ সুবাসেও আমোলমোলাই নাযায় তেওঁৰ হৃদয়ৰ পদূলি… সেয়ে তেওঁ কৈছে—

 

“প্রেমৰ কবিতা বাৰু কিদৰে লিখো

সকলোতে হৈ গ’ল ভুল”

 

মানৱ-দৰদী গীতিকাৰ হাজৰিকাই কেতিয়াও আকাংক্ষা কৰা নাই কোনো আকাশী গংগাৰ । তেওঁ যে আমাৰ মাজৰে এজন । নিষ্ঠুৰ জীৱনৰ সংগ্রামত মাথোঁ মৰমৰ এষাৰি মাতেই তেওঁৰ বাবে সর্বস্ব । কিন্তু আচৰিত ধৰণে ভোগবাদী, স্বার্থান্বেষী মানৱ সমাজত স্বার্থহীনভাৱে মৰমৰ এষাৰি মাত লগাবলৈয়ো যেন কাৰো আহৰি নাই । সাত সাগৰ-তেৰ নদীৰ ইপাৰ-সিপাৰ হোৱা পৰিভ্রমী চৰাই ভূপেন হাজৰিকা । সাগৰ-মহাসাগৰৰ লহৰ লেখি, মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি তেওঁ পম খেদি ফুৰিছে নিস্বার্থ মৰমৰ । কিন্তু মৰমৰ উৎসৰ সন্ধান কৰি কৰি তেওঁ অৱশেষত ভাগৰি পৰিছে আৰু অজানিতে গুপুতে বৈ আহিছে দুধাৰি অশ্রুধাৰ মানৱৰ অৱক্ষয়ৰ দুঃখত । বহুজনৰ মাজত কণ্ঠসুধাৰে প্রেমৰ নিজৰা বোৱাই দিয়া শিল্পীজনে “হয়তো নিতৌ হেজাৰ জনৰ হেজাৰ শৰাই” পাব । তথাপিও তেওঁৰ অন্তৰে অহর্নিশে “বিশেষজনৰ” মৰম বিচাৰিহে ব্যাকুল হয় । হেজাৰজন শ্রোতাৰ মুখত হাঁহি বিৰিঙোৱা তেওঁৰ মৌন সময়ৰ দুঃখৰ ভাৰ ল’বনে কোনোৱে দুহাত মেলি, দিবনে কোনোবাই হৃদয়ৰ আঁচল বহলাই মেলি !!

 

“কোনে কয় মই অকলশৰীয়া…”

 

মৰম বিচাৰি হাবাথুৰি খোৱা গীতিকাৰ কিন্তু অকলশৰীয়া নহয় মূহুর্ত্ত মানৰ বাবেও । সকলোৱে তেওঁক এৰি থৈ গ’লেও, তেওঁৰ মৌন ওঁঠৰ দুঃখৰ ভাষা কোনোৱে নুবুজিলেও তেওঁৰ অতি বিশ্বস্ত্য বন্ধু “ছাঁ” তেওঁৰ অবিৰত যাত্রাৰ সংগী । সেয়ে “সংগীহীনতা মোৰে সংগী বুলি” পৃথিৱীয়ে উপহাস কৰা কথাটোত কোনো যুক্তি তেওঁ বিচাৰি পোৱা নাই । হাজৰিকাৰ যুক্তিবাদী মনে যুক্তি বিচাৰি পাইছে সেই কথাটিৰ বিৰোধ কৰিবলৈ —

 

“দূৰণিৰ বন্ধু সকলো মিছা

নিচেই কাষৰে

ছাঁহে সঁচা”

 

বিচাৰি পাইছে কবি-গীতিকাৰজনে জীৱনৰ নির্লোভ সত্য । আশাৰ বালিচৰত ঘৰ সাজিলেও ছায়াইহে তুলি তাক প্রতিৰূপ দিয়ে । আন্ধাৰ বাটতো যেন ছাঁয়াইহে বাট কাটি পোহৰৰ দিশ দেখুৱাই দিয়ে ।

 

আজান ফকীৰে কৈ গৈছিল—

 

“পানী মৰে পিয়াহত অগ্নি মৰে জাৰত

খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত”

 

অৱশেষত হাজৰিকাই বিচাৰি পালে অচল-অটল প্রেমৰ ঠিকনা ।

 

“প্রেম প্রেম বুলি জগতে ঘূৰিলোঁ

ঘৰতে আছিলে প্রেম

ধনে ধনে কৰি ঢাপলি মেলিলোঁ

হিয়াতে পৰমে ধন”

 

ঠিক যেন আজান ফকিৰৰ সুৰতে সুৰ মিলালে হাজৰিকাদেৱেও …

 

গংগা-যমুনা চানিলোঁ যতনে

গয়া-কাশী তীর্থ কৈলোঁ

হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে

ক’ৰবাত বিচাৰি মৈলোঁ”

এয়া যেন ভূমিৰ পৰা ভূমালৈ আৰম্ভ হোৱা এক অবিৰত যাত্রা ।

 

 

উপসংহাৰ

 

“সোণত কৈ মানুহৰ দাম অলপ হ’লেও” বেছি থকা সমাজ গঢ়িবলৈ মানুহৰ মাজত জীয়াই থাকিবলৈ বিচৰা শিল্পীয়ে গাইছে—

 

“মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে

গভীৰ আস্থাৰ গান”

 

—আৰু তেওঁ গোৱাৰ দৰেই তেওঁৰ গান হৈ পৰিছে “গভীৰ আস্থাৰ গান” । হাজৰিকা তেওঁৰ অজস্র গুণমুগ্ধৰ মনৰ আকাশত উজলি থকা ধ্রুৱতৰা । শব্দৰ পখীৰাজ ঘোঁৰাত উঠি চেঁকুৰ মেলা অক্লান্ত শিল্পী তেওঁ ।

 

চিৰ তৰুণ ভূপেন হাজৰিকাক কোনো সংঘাতে প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে । তেওঁৰ আছে প্রতিকূল প্রতিবন্ধকতাক ওফৰাই দিব পৰাকৈ প্রশান্ত সাগৰৰ দৰে স্থিৰতা, গভীৰতা আৰু সুৰৰ লহৰৰ অমোঘ শক্তি ।

 

“ধ্বংসৰ আঘাতক দিছে আজি সংঘাত

সৃষ্টিৰ সেনানী অনন্ত

সংঘাতে আনে মোৰ প্রশান্ত সাগৰত

প্রগতিৰ নতুন দিগন্ত

সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ

ঊর্মিমালাই অশান্ত”

 

জীৱন্ত কিংবদন্তীস্বৰূপ আমাৰ অতিকৈ আপোন শিল্পীজনাৰ জন্মদিনৰ এই শুভ মুহূর্ত্তত তেওঁৰ গীতৰ কলিৰেই তেওঁক যাচিছোঁ আন্তৰিক শুভ কামনা ।

 

“কোন সুন্দৰৰে শিল্পীয়ে

পদুম ফুলৰ নাৱেৰে

ময়ূৰ পংখী ৰহণবোৰ

দিয়ে ছতিয়ায়…

লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ

পদুমৰে পানচৈ চপোৱা এবাৰ

দেখিবা জীৱনৰে দিগন্ত অপাৰ…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments