কংথঙৰ কুৰুং (বিপাশা বৰা)

কাহিনীকাৰৰ টোকাবহীৰ এপৃষ্ঠা:

আমি উটি-ভাঁহি ফুৰা আভাসী পৃথিৱীখনৰপৰা বহুযোজন দূৰৈত আছিল সেই পৃথিৱী৷ অপূৰ্ব মেঘবৰ্ণ নৈসৰ্গিক শোভাৰে ভৰা, মৰমৰ মাত আৰু সৰল গছৰ দীঘল ছাঁবোৰে সজোৱা, দুখ আৰু শোকৰ জীয়া গাথাৰ এখন সুহুৰিৰ গাঁও৷
দুদিনৰ বাবে জুৰণি ল’বলৈ গৈছিলোঁ সেই গাঁৱলৈ, গৈছিলোঁ জীৱনৰপৰা খন্তেকীয়া সকাহ বিচাৰি৷ মৌখিক সাহিত্যৰ সমল বিচাৰি অতদিনে যাযাবৰ হৈ ঘূৰি ফুৰিছোঁ পাহাৰে-কন্দৰে৷ মই য’ৰপৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ এদিন, তালৈকে পুনৰ উভতি আহিছোঁ৷ যি সময়ে মোক সমৃদ্ধ কৰে, শিকনি দিয়ে, সেই সময়বোৰ টোপোলা বান্ধি ফুৰিছোঁ৷ বাৰে বাৰে পিছলি পৰিছোঁ নিজৰেই ভাৱনাত৷
আকৌ বিস্মৃতিৰ অটল তলিৰ পৰা নিজকে তুলি আনিছোঁ, ধূসৰ কুঁৱলীত বাৰে বাৰে বাট হেৰুৱাইছোঁ৷ আন্ধাৰত মোৰ বাবে টোঁৱাই পঠিওৱা অবিৰাম তীক্ষ্ণধাৰ কাঁড়ৰ বাবে পৰিধান কৰি লৈছোঁ কঠিনতকৈও কঠিনতৰ বৰ্ম৷ ভুৱা পৃথিৱীৰ জকমকনি চাই ভাগৰ লগা পৰত আৰু মাতবোৰ একোখন চুৰী বুলি ভাৱ হোৱাৰ সময়তে মোৰ সন্মুখত থিয় দিছেহি- কং কুৰুঙে অমাতৰ মাত এটি হৈ৷
ধৰাশায়ী হৈছো মই কং কুৰুঙৰ হিয়াভগা মাতত৷
তিতিছোঁ মই কং কুৰুঙৰ চকুপানীত৷

জীৱনে আঙুলিয়াই দেখুৱাইছে বুকুত শিলৰ ঘৰ সাজিব খোজা এনে অনেক কুৰুঙক৷ অনেক জেচনক৷ যাৰ হেৰুৱাবলৈ একো বাকী নাই অথবা নিজেই হেৰাই গৈছে৷
**********

সেইদিনা ডাৱৰ বেছিকৈ নামিছিল পাহাৰটোলৈ৷ দেৰিকৈ সাৰ পাইছিলোঁ৷ মই শুই উঠা দেখি আলহী হোৱা ঘৰৰ গিৰিহঁতে ইতিমধ্যেই খদমদম লগাইছিল৷ এবাতি মৌ আৰু তৰাপাতেৰে মেৰিওৱা পিঠাৰে চাহ পি থাকোঁতে তেখেতে খবৰ দিছিল- কঙ কুৰুঙৰ চাৰিবছৰীয়া ল’ৰাকণৰ আগৰাতিৰপৰাই তমোময় জ্বৰ৷
– কালি মোক গীত গাই শুনোৱা সেই মৰমলগা ছোৱালীজনী? মই সুধিছিলোঁ৷
– অ’ অ’ তায়েই৷ কি জানো হ’ল হঠাতে! সেইকাৰণেই আমি কোনেও কাৰো নাম কাঢ়ি নামাতোঁ৷ হাবিৰ অপদেৱতাই কাণ পাতি শুনি থাকে যে!
মই পুনৰায় সুধিছিলোঁ – কং কুৰুঙৰ ঘৰটো কোনখিনিত! খংছিটে মোক বুজাই দিছিল – পাহাৰটোৰপৰা পোনে পোনে নামি গৈ সোঁফালৰ কেঁকুৰিটোৰপৰা তিনিটা ঘৰ এৰিয়েই কং কুৰুঙৰ ঘৰ৷
খংছিটৰ ঘৰৰপৰা ওলায়েই দেখিলোঁ – গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীবোৰে কাঠেৰে সাজি লোৱা গাড়ীবোৰত উঠি পাহাৰৰ এঢলীয়া বাটটোৱেদি ঘৰঘৰাই নামি আহিছে৷
সেইদিনা বতৰ আছিল সেমেকা; লগতে ফেৰফেৰীয়া বতাহ৷ গাঁওখনৰ মানুহবোৰৰ বেছিভাগেই শুকুৱাই থোৱা দীঘল দীঘল ঝাড়ুবোৰ বান্ধিবলৈ লৈছিল৷ কোনো কোনোৱে অলস সময় কটাবলৈকে জুহালত সেকিবলৈ লৈছিল পাহাৰীয়া মিঠা আলু আৰু চাঙৰপৰা নমাই আনিছিল – জুয়ে শুকুৱা গাহৰি মঙহ৷ আক-তাক সুধি সুধি কঙ কুৰুঙৰ ঘৰ পালোঁগৈ৷
মাকে শিতানত বহি কণমানিটিৰ মূৰটো পিহি আছিল৷ মোক দেখিয়েই কুৰুঙৰ দুচকু চলচলীয়া হৈ গ’ল৷ তাইৰ মানুহজনে আথেবেথে মোক বাঁহৰ মূঢ়া এটা আগবঢ়াই দিলে৷ আশে পাশে আৰু দুই এজন মানুহো দেখিলোঁ৷
কণমানিটি কঁপি আছিল৷
– ডাক্তৰ?
– ডাক্তৰৰ ঘৰ দূৰৈত৷ ল’ৰা এটাক পঠাইছোঁ খবৰ দিবলৈ৷ বাহিৰত ইমান ঠাণ্ডাত জেচনক উলিয়াই নিব নোৱাৰি৷
কুৰুঙে আহি মোক খুউব জোৰেৰে সাবট মাৰি ধৰিছিল৷
– কালিলৈকে সকলো ঠিকে আছিল৷ দিনৰ দিনটো সি খেলি আছিল৷ ভালদৰে খোৱা-বোৱাও কৰিছিল৷ গধূলিৰপৰাহে কি জানো হ’ল! একো ধৰিবই পৰা নাই! ! ভঙা ভঙা ইংৰাজীৰে তাই মোক বুজাইছিল আৰু বাৰেপতি উচুপি উঠিছিল৷ সান্ত্বনা দিয়াৰ ভাষা মোৰ নাছিল৷
– এবাৰ মোলৈ চোৱা সোণটো মোৰ! মা বুলি মাতা! ! গান গোৱা মোৰ সোণ! ! !
জেচনে অশেষ কষ্টেৰে চকু মেলি আমালৈ চাইছিল আৰু থুনুক-থানাক, দুৰ্বল অথচ তীক্ষ্ণ মাতেৰে গাবলৈ চেষ্টা কৰিছিল৷
– উউউউউউউউউউউউউউউউ নে নে নে নে নে লে লে লে লে! ! !

সুহুৰিটি গীত হৈ উটি যায় বতাহত আৰু চৌপাশৰ ওখ ওখ পাহাৰবোৰত ঠেকা খাই উভতি আহে শিশুটিৰ ওচৰলৈকে৷ এনে লাগে যেন বাগৰি গ’ল বুকুৰ মাত – বুকুলৈকে!
কি ভাবি জানো মই সন্তপৰ্ণে ম’বাইল ফ’নত ৰেকৰ্ড কৰি পেলাইছিলোঁ তাৰ স্বৰ৷ এয়া যে জেচনৰ বাবে আয়েকে তাৰ জন্মৰ তৃতীয়ৰাতি উজাগৰে থাকি গুণগুনাই ৰচা গীত! যি গীতে পুৱাৰ পোহৰক আদৰণি জনাইছিল আৰু মচি নিছিল আয়েকৰ সকলো দুখ-যন্ত্ৰণা আৰু ক্লান্তি৷
সকলো মাতৃয়েই আলফুলে সাঁচি ৰাখে নিজ সন্তানৰ সৈতে প্ৰথম মুখামুখিৰ অমল স্মৃতি৷ সেই বুকু জুৰোৱা অনুভৱেৰেই শিশুটিক নিচুকাবলৈ ৰচনা কৰে – ক’ত যে বাৰেবিংকৰা গীত আৰু কবিতা৷ সময়ে তাৰেই চিন হিচাপে ৰাখি লয় আটাইতকৈ প্ৰিয় গীতটি৷ গীতটিয়েই এটি মিঠা সুহুৰি হৈ উঠে৷
গাঁওখনৰ প্ৰতিজনৰে আয়েকে দিয়া একোটিকৈ সুহুৰি আছে৷ কি যে মৰ্মস্পৰ্শী আছিল জেচনৰ গান! গাই গাইয়েই সি একোবাৰ জিকাৰ খাই উঠিছিল আৰু হঠাতে নিথৰ হৈ পৰিছিল৷

পৃথিৱীৰপৰা হেৰাই গ’ল এটি সুহুৰি৷
এটি নিষ্পাপ শিশু৷
কঙ কুৰুঙৰ হিয়াভঙা কান্দোন এটি ৰৈ গ’ল মাথোঁ৷

আমি সকলোৱেই বাকৰুদ্ধ হৈ পৰিছিলোঁ৷ সেই দৃশ্য বেছিপৰ চাই থাকিবও পৰা নাছিলোঁ৷ সেয়ে কাঠৰ জখলাদালেৰে ঘৰটোৰপৰা নামি আহিছিলোঁ৷
চোতালত ভৰি দি জীৱনৰ ক্ষণভংগুৰতাই জোকাৰি যোৱা সেই পৰত মই উদাস দৃষ্টিৰে দূৰৈৰ পাহাৰটোলৈ চাইছিলোঁ৷ অসাৱধানতাবশতঃ মোৰ হাতখন লাগি চোলাৰ জেপত এইমাত্ৰ ৰেকৰ্ড কৰি অনা শিশুটিৰ মাতটি বাজি উঠিল৷
উউউউউউউউউ নে নে নে নে নে লে লে লে লে! ! !
ইতিমধ্যে শিশুটিৰ মাতৃ কঙ কুৰুঙৰ বুকুভগা কান্দোনত কাষ চাপি আহিছিল অনেকজন গাঁওবাসী৷ তেওঁলোকে মোক ঘেৰি ধৰিছিল৷ মই দোষ কৰিছিলোঁ সেই সুহুৰিটো ৰেকৰ্ড কৰি৷ আচলতে কাৰোবাৰ মৃত্যুৰ লগে লগে সুহুৰিটোও মৰি যায়৷ জেচনৰ সুহুৰিটো শুনি সেয়ে সকলোৱেই সচকিত হৈ উঠিছিল৷
– নাপায়! নাপায়! ! আৰু নুশুনিবা৷ আৰু কাকো নুশুনাবা৷ জেচনৰ আত্মাই বৰকৈ কষ্ট পাব৷
গাঁওবাসীয়ে সমস্বৰে কৈ উঠিছিল৷ তেওঁলোকৰ ইচ্ছা আৰু অনুভূতিক সন্মান কৰিয়েই মই লগেলগেই দিলিট কৰি পেলাইছিলোঁ – সেই সুহুৰিটি৷

কিন্তু সেই কোমল মাত যে কুৰুকি কুৰুকি সোমাই গৈছিল মোৰ মনৰ মাজলৈ৷
কেনেকৈ আঁতৰাওঁ সেই মাত?
**********

একে একে দুই হৈছিলোঁ৷
ন-জীৱনৰ নিচাই মোহাৱিষ্ট কৰি ৰখা সময়৷ মোৰো বহেমিয়ান জীৱনটোৰ কিছু থানথিত লাগিছিল৷
তেনে এক ছায়াঘন গধূলি অলেখ গল্প- গুজৱৰ অন্তত, দুই-তিনিকাপ কফি শেষ কৰাৰ অন্তত, মই থিয় দিছিলোঁগৈ ঘৰৰ বেলকনিত৷ বতাহে কোবাই গৈছিল মোৰ অবাধ্য চুলিবোৰ৷ পাইন গছত বতাহে খুন্দিয়াই খুন্দিয়াই অনন্য এক শব্দৰ সৃষ্টি কৰিছিল৷ মই কাণ পাতি শুনিবলৈ লৈছিলোঁ সেই বতাহৰ সংগীত৷
– অতীজতে জানা, চৰাইবোৰে গছত খুঁটিয়াই খুঁটিয়াই কৰা বিন্ধা বিলাকত বতাহে আহি সুৰ দিছিল৷ তেনেকৈয়ে হেনো এদিন বাঁহীৰ জন্ম!
মোৰ কান্ধত অনিন্দ্যৰ মুখ৷ দুয়ো অবুজ ভাৱত বিভোৰ৷ আকৌ কিছু নিবিড় ক্ষণ! এনে কিছু পলৰ বাবেই বাৰে বাৰে জী উঠিব পাৰি৷ ’তোমাৰ উশাহ কহুৱা কোমল, শেৱালি কোমল পাহি’ গীতটি গুণগুনাই গুণগুনাই এসময়ত অনিন্দ্য গুচি গৈছিল ঘৰৰ ভিতৰলৈ৷
হঠাতে মোৰ কি হ’ল জানো! দুহাত মুখত দি আকাশলৈ চাই চিঞৰি উঠিলোঁ
– উউউউউউউউউউউউউউউউ নে নে নে নে নে লে লে লে লে! ! !

জেচনৰ সুহুৰি এইটো!
জেচনক হঠাতে কিয়বা মাতিলোঁ মই?
উচপ খাই উঠিলোঁ এইবাৰ সঁচাকৈয়ে৷ ইমানদিনে কেনেকৈ কঢ়িয়াই ফুৰিছোঁ বুকুৰ মাজত সেই স্বৰ, সেই মাত, সেই কণমানি শিশুটিৰ সুহুৰিটি? কঢ়িয়াই ফুৰিলোঁৱেই যেনিবা, কিন্তু এইমূহূৰ্তত স্বতঃস্ফূতভাৱে ওলাই আহিল কিয়? গাঁওবাসীয়ে কৈছিল, কাৰোবাৰ মৃত্যুৰ লগে লগেই তেওঁৰ সুহুৰিটোৰো মৃত্যু ঘটে৷ তেওঁলোকে আৰু সেই সুহুৰি কেতিয়াও ব্যৱহাৰ নকৰে৷ মৃতকৰ আত্মাই বৰকৈ কষ্ট পায়৷
মই আত্মা-প্ৰেতাত্মাৰ কথা বিশ্বাস নকৰোঁ৷ এয়া যে সেই গাওঁখনৰ বাসিন্দাসকলৰ সৰল আৰু অটল বিশ্বাস৷ আকাশলৈ চাই মই দুচকু মুদি দিলো অলেখ ভাৱৰ সমাহাৰত৷
– য’তে আছা ভালে থাকা, জেচন!
জেচন নামৰ ল’ৰাটিৰ কোমল মুখখন, তাৰ ঠৰঙা চুলিবোৰ, অসহায় চাৱনিটো – এইবিলাক মই একোৱেই পাহৰা নাই৷ ৰাতিৰ আহাৰৰ সময়ত মই অনিন্দ্যক আকৌ প্ৰস্তাৱ দিছিলোঁ – সেই গাঁওখনলৈ পুনৰ যোৱাৰ৷
– মইতো নাযাওঁৱেই, এই ভৰবাৰিষা থিয় থিয় পাহাৰৰ সেই দুৰ্গম আৰু পিছল বাটটোৱেদি তোমাকো যাবলৈ নিদিওঁ! শেষ কথা মোৰ! !
মানুহৰ বুকুত ঘৰ সজা বৰ কঠিন নহয়৷ এয়া সঁচা! মোৰ দুচকুৰ সন্মুখতে হোৱা কঙ কুৰুঙৰ কণমানি সন্তানৰ মৃত্যুৰ দৰে আজিলৈকে একোৱেই মোক জোকাৰি যোৱা নাই৷ ইমান ওচৰৰপৰা মৃত্যুক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ৷ সেয়ে তাৰ কথা ভাবিলেই মোৰ বুকুৰ কোনোবাখিনিত বিষাই উঠে৷ পাহাৰত কিজানি এতিয়াও কঙ কুৰুঙে চকুপানী টোকে৷ সেই কম বয়সীয়া মাতৃয়ে চম্ভালি লৈছেনে বাৰু নিজকে? আজিও তাই সেই গীত গাইনে বাৰু?
ৰাতি শোৱাৰ সময়লৈকে মোৰো সেই কোন কাহানিবাতে যোৱা পাহাৰীয়া গাঁওখনলৈ যোৱাৰ ইচ্ছাও স্তিমিত হৈ গ’ল৷ নালাগে, নাযাওঁ মই, আকৌ এবাৰ কং কুৰুঙক চাবলৈ! বুকুৰ মাজত যেনেদৰে ৰাখিছোঁ তাইক, তেনেদৰেই থাকক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments