কইনা কন্দা শিল –ৰিংকু সমাদ্দাৰ

আপুনি যদি কেতিয়াবা কল্পনাত ”অসীমত যাৰ হেৰাল সীমা”ৰ ১৩ শ বছৰ আগৰ চন্দন, চম্পা, গৌৰীহঁতক লগ পাবলৈ কাঞ্চনমতীৰ বুকুৱেদি উজাই গৈ “কমল নগৰ”লৈ যায়, কেনেকুৱা অনুভৱ হ’ব বাৰু? ঠিক তেনেকুৱাই এই অনুভৱ। সপোনত নহয়, বাস্তৱত। এয়া “অসীমত যাৰ হেৰাল সীমা”ৰ কাহিনী নহয়। এয়া মৰিগাঁও জিলাৰ “বঘৰা পাহাৰ”ৰ “কইনা কন্দা শিল”ৰ কাহিনী। বহু সময় ধৰি শিলকেইটাৰ ওচৰত থিয় হৈ মই বাকৰুদ্ধ হৈ পৰিছিলোঁ। বাৰে বাৰে সেই কিংবদন্তিমূলক অথচ অভিশপ্ত কাহিনীটো মনলৈ আহি আছিল। আমি সৰু থাকোঁতে Akashvani Guwahatiত এই শিলৰ জীৱন্ত কাহিনীটো নাটক আকাৰে শুনিছিলোঁ। অনুসন্ধিৎসু মনটোৱে আজি সেই অভীপ্সা পূৰণ কৰিলে।

চমুকৈ কাহিনীটো
এক মনোৰম অথচ শোকাৱহ কিংবদন্তি বঘৰা পাহাৰৰ কইনা কন্দা শিল। এই কইনা কন্দা শিলৰ প্ৰতিটো শিলেই যেন কথা কয় আৰু বুৰঞ্জীৰ বতৰা দিয়ে। সেউজ-সুন্দৰ মায়ঙৰ কোঁৱৰ আৰু বঘৰা কুঁৱৰী বিবাহপাশত আবদ্ধ হৈ ঘৰলৈ ওভতাৰ পথত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ পৰা ৰক্ষা পাবলৈ এটি উন্মুক্ত গুহাত আশ্ৰয় লোৱা সময়তে গুহাৰ বিৰাট শিলাখণ্ড বাগৰি পৰে আৰু ৰূপহী কইনাৰ গুহাতে জীৱন্ত সমাধি ঘটে। এই কৰুণ দুৰ্ঘটনাৰ সাক্ষীস্বৰূপে তেতিয়াৰ পৰা বহু যুগ ধৰি পতি বিৰহিনী অতি দুৰ্ভাগিনী অশৰীৰী কইনাৰ কান্দোনৰ ৰোল আৰু বিয়াত ব্যৱহৃত বাদ্যবাজে বুলি কিংবদন্তি চলি আহিছে। (কিংবদন্তিমূলক কাহিনীটোৰ উৎস: – Google)
সন্ধিয়া উভতি আহিবৰ পৰতো সেই একেই “অসীমত যাৰ হেৰাল সীমা”ৰ শেষৰ পৃষ্ঠাৰ দৰে লাগিল পৰিৱেশটো। তাত যে বি. এম য়ে কৈছিল
সন্ধিয়াৰ প্ৰথম পাতল আন্ধাৰৰ কোলাত লাহে লাহে ডুবি গৈছে চন্দন, চম্পা, গৌৰী, উমাহঁতৰ বিষাদ স্মৃতিৰে ভৰা সোণৰ দেশখন। মনত লাগিছে সেই অস্পষ্ট আন্ধাৰৰ মাজৰ পৰা সিহঁতে যেন আমাক হাত-বাউল দি মাতিছে। সিহঁতৰ ফালৰ পৰা উটি অহা গধূলিৰ চেঁচা বতাহজাকত শুনিবলৈ পাইছোঁ, কোনোবা দুৰ্ভগীয়া অসহায় গাভৰুৱে যেন কৰুণ সুৰত বিনাইছে সেই গীতটো_
“হেৰৌ বাটৰুৱা ৰচোন খন্তেক,
এষাৰি কথা কৈয়ে যা…।”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rinku Samadder
3 months ago

প্ৰিয় সম্পাদক, ধন্যবাদ আপোনাক।এই লেখাটো সাহিত্য ডট অৰ্গৰ মজিয়ালৈ নিৰ্বাচন কৰা বাবে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক