ককাইদেউলৈ চিঠি (- অঞ্জনা তামুলী)

মৰমৰ ককাইদেউ,

মৰম ল‘বি । তোলৈ চিঠি নিদিয়া এমাহেই হ‘লহি। কি কৰিবি, ঘৰুৱা তথা অফিচৰ কামৰ বোজা বৰ বাঢ়ি গৈছে । সেয়ে মন থাকিলেও কিবা ৰাতি হ‘লেই এলাহে আবৰি ধৰেহি। ঘৰত সকলোৰে ভালেই দে। তোলৈ চিঠি লিখা বুলি গম পাই মায়ে শুকুৱাই থোৱা শেৱালি ফুল অলপ, ভেদাইলতা+মানিমুনি+নৰসিংহ শুকুৱাই একেলগে খুণ্ডি তাৰো অলপ আৰু শুকান থেকেৰা অলপ বান্ধি দিছে । টোপোলাটো সৰু যদিও তাত সুমুৱাই দিয়া বস্তু কেইটা বৰ হেপাহেৰে পথোৱা । গোটেই কেইটা দ্ৰব্যই মাছৰ লগত বনাই খাব পাৰিবি ।

তোক আজি মই মোৰ বান্ধৱী অনামিকাৰ স্বামী ভাস্কৰ ঢুকুৱাৰ পিছত তাইৰ অৱস্থাৰ বিষয়ে জনাম । আমনি নাপাবি । মোৰ মনৰ কিছুমান কথা তোৰ আগতে কৈ পাতলাবলৈ চেষ্টা কৰিছো। কিয় জান ? কাৰণ মই তাইক একো সহায় কৰিব পৰা নাই আজি ছয় বছৰে। ভাস্কৰৰ মৃতদেহ যেতিয়া সৎকাৰৰ বাবে লৈ গৈছিল তায়ো লগত পোনাটোক লৈ শ্মশানলৈ গৈছিল । বহুত অনুৰোধ কৰাৰ পিছত তথা ওচৰ চুবুৰীয়াৰ কথামতে শাহুৱেকে তাইৰ সন্তানক তাৰ হতুৱাই পিতাকৰ মুখাগ্নি কৰিবলৈ দিছিল । তাই পোনাক লৈ মুখাগ্নিৰ পিছতে ঘৰলৈ ঘুৰি আহিছিল । কিন্তু কি জান ? যি গৰাকী মাতৃ পুত্ৰ শোকত জৰ্জৰিত হ‘ব লাগিছিল সেই গৰাকী মাতৃয়ে পুত্ৰৰ মৃত্যুত সামান্যও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল আৰু অনামিকাক দেখাৰ লগে লগেই ঘৰত প্ৰৱেশ কৰিবলৈ নিদি বাহিৰে বাহিৰে তাইক মাকৰ ঘৰলৈ ঘুৰাই পথোৱা হৈছিল। সেই যে তাই ঘুৰি আহিছিল তাৰ পিছত আৰু কোনো দিন শহুৰেকৰ ঘৰলৈ যাব পৰা নাছিল একমাত্ৰ শাহুৱেকৰ ককৰ্থনাৰ বাবে। উপায় নাপায় তাই মাক-দেউতাকৰ ঘৰতে ভাস্কৰৰ মৃত ক্ৰিয়া-কৰ্ম কৰিবলৈ বাধ্য হ‘ল ।

এমাহ দুমাহ কৰি বছৰ পাৰ হ‘ল । তাই যেনে তেনে ভাস্কৰে কাম কৰা অফিচটোতে বৰ মুৰীয়াৰ লগত আলোচনা কৰি চাকৰি এটাৰ যোগাৰ কৰি ল‘লে । পিছে আজি ৫ বছৰেই হ‘ল তাইক ৪০০০ টকা দৰমহাৰ পৰা যেনে-তেনে ৫০০০ টকা দিছেগৈ। ইতিমধ্যে তাইৰ একমাত্ৰ ভায়েকেও বিয়া পাতিলে । প্ৰথম অৱস্থাত ভাই বোৱাৰীয়েকে তাইক খুব আদৰ কৰিছিল যদিও যোৱা বছৰৰ পৰা তাইক চকু পাৰি দেখিব নোৱাৰা হ‘ল । কাৰণ কি জান, তাইৰ দেউতাক বৰ্তমান শয্যাগত । সেয়েহে সম্পত্তিৰ ভাগ বতৰাৰ কথা ওলোৱাৰ লগে লগে তাইকো দেউতাকে সম্পত্তিৰ চাৰি ভাগৰ এভাগ দিয়াৰ কথা ঘোষণা কৰিছিল। তাতেই লাগিল কেনা । ভাই বোৱাৰীয়েকে তাইক মানসিক ভাৱে নিৰ্যাতন চলাবলৈ ধৰিলে । উপাই নাপায় তাই পোনাক হোষ্টেলত থ‘বলৈ বাধ্য হ‘ল । তাই লাহে লাহে কামত মন বহাবলৈ ধৰিলে । কৰি থকা চাকৰিৰ ধনেৰে তাইৰ ল‘ৰাটোকে পঢ়ুৱাবলৈ নোযোৰে । তাই কিছুমান প্ৰাইভেট কোম্পানীৰ সামগ্ৰী বিক্ৰিকৰি নিজৰ ঘৰ চলোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হ‘ল । ভৱামতেই তাই তিনিটা প্ৰসাধন কোম্পানীৰ লগত চুক্তি কৰিলে বছৰি কমিচন হিচাপত কাম কৰিবৰ বাবে। এনেদৰে অফিচ আৰু তাৰ পিছত এজেন্ট হিচাপে দুমাহ কাম কৰি তাই নিজাকে এটা ঘৰ ভাৰা লৈ তাতে অকলশৰে থাকিবলৈ ল‘লে । তাতো চকু চৰহা ওচৰ চুবুৰীয়া বিলাকৰ চকুৰ পোৰণি উঠিল কাৰণ তাই ছয়মাহ মানত নিজৰ সামৰ্থৰে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ‘ল। সেয়ে কেইজনমান ওচৰ চুবুৰীয়াই আজি তিনি মাহ মানৰ আগতে তাইক সেই অঞ্চলৰ পৰা ঘৰ এৰি দিবলৈ দাবী জনালে । তাৰ কাৰণ কি জাননে ? শুনিলে আচৰিত হ‘বি । যি কেইজন মানুহে তাইক ঘৰ এৰি আহিবলৈ বাধ্য কৰিছিলে সেই তিনিওজন বিবাহিত পুৰুষ যদিও তাইৰ লগত সংগ সুখ বিচাৰিছিলে । সেই সুখ দিবলৈ অমান্য হোৱাৰ বাবেই তাই তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ‘ল । পিছে যি হ‘ল ভালেই হ‘ল বুজিছ ।এতিয়া তাই এটা হোষ্টলত থাকে। পোনাক দিবলৈ তাইৰ টকাৰ অভাৱ সিমান নোহোৱা হ‘ল । সি ঘৰলৈ আহিলে তাই তাক শ্বিলঙৰ ফালে ফুৰাবলৈ লৈ যায় । কেইদিনমান ফুৰাই হোষ্টেল কৰ্তৃপক্ষৰ অনুমতি মতে তাকো তাই লগতে ৰাখে। তাৰ স্কুল খুলিলে পুণৰ তাক হোষ্টেলত থৈ আহেগৈ । মই মাজে মাজে তাইৰ তালৈ যাওঁ । দুয়ো সুখ-দুখৰ বহুতো কথা পাতি আঁতৰি আহো । কেতিয়াবা ভাৱো কিয় যে তাইক আমাৰ ঘৰলৈকে লৈ নানিলো !

ধেৎতেৰি , চিঠিখন দীঘলীয়াই হ‘লগৈ । ঘৰুৱা কথা একো লিখাই ন‘হল । হ‘ব দে পিছৰ চিঠিখনত লিখিম বাৰু । বৌক মোৰ মৰম/শ্ৰদ্ধা তথা মাইনাহঁতক মোৰ হিয়া ভৰা মৰমৰ লগতে একোটাকৈ চুমা দিলো । ঘৰৰ বাবে চিন্তা নকৰিবি । সকলো ঠিকে আছে । পথাৰৰ ধান বিলাক পকিছে। মাঘ বিহুত আহিবৰ বাবে এতিয়াৰ পৰাই সাজু হ ।

ইতি,

তোৰ ভনী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments