ককাইদেউলৈ চিঠি (অঞ্জনা তামুলী)

ককাইদেউলৈ চিঠি :

অঞ্জনা তামুলী

মৰমৰ ককাইদেউ,

মৰম ল’বি। বৌক মোৰ মৰম দিবি। বাবু আৰু মাইনাৰ খবৰ নোপোৱা এমাহেই হ’ল। সিহঁতকো মোৰ মৰম জনাবি। আমি নেদেখাজনৰ কৃপাত ভালে আছো বুলিয়ে ধৰিবি। যদিও নেদেখাজনৰ ওপৰত আস্থা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। তথাপি বিশ্বাস হেৰুৱা নাই। তোৰ কামৰ বোজা কিছু কমিছেনে বাৰু? নে আগতকৈ বাঢ়িছেহে? কি কৰিবি কৰ্মই ধৰ্ম বুলি ধৰি লৈ কাম কৰি যাবি। কৃপণালি নকৰিবি।

কি লিখোঁ বাৰু! বহুত কথাই আছে লিখিবলৈ। আজি অলপ স্বাৰ্থপৰ হ’বলৈ মন গৈছে । মানে তোক মোৰ কিছুমান কথা কোৱাৰ হেঁপাহ জাগিছে।
মা আৰু পিতাইৰ কথা সংক্ষেপে ক’বলৈ হ’লে দুয়ো ভালে আছে। আজিকালি দুয়োকে মাজে মাজে ফুৰিবলৈ যাবলৈ দিওঁ। যোৱা সপ্তাহত কণখুড়াৰ ঘৰলৈ গৈছিল দুয়ো। মই মাজু আইতাৰ লগত থাকিবলৈ ভয় কৰিম বুলি দুৰাতি থাকিয়ে ঘুৰি আহিল। পিছে কি জান, খুড়াৰ ঘৰৰ পৰা অহাৰ পিছত মন কৰিলো মাৰ মনটো কিছু ফৰকাল। সেয়ে কালি আকৌ দক্ষিণপাৰত থকা মাহীহঁতৰ ঘৰলৈ পঠালো, মহাৰ খবৰ ল’বলৈ। মহাই কিছুদিন ধৰি বিছনাতে পৰি আছে। আজিও মাজু আইতাৰ লগতে আছো। মা-পিতা ঘৰত নাথাকিলে বেয়া লাগে যদিও ঘৰৰ পৰা বাহিৰলৈ পঠিয়াবলৈ পাই মোৰ মনত আনন্দও লাগে। আজি প্ৰায় ৫/৬ বছৰ মায়ে কাৰো ঘৰলৈ ফুৰিবলৈ যোৱা নাই। কাৰণ সকলোৱে তোৰ কথা সোধে। একেবোৰ কথাকে কিমান ক’ব। তই কিয় মেম বিয়া কৰালি? ঘৰলৈ একেবাৰে নাহ’ নেকি ইত্যাদি ইত্যাদি। পিছে সময় বাগৰা লগে লগে সকলোৱে পাহৰিবলৈ ধৰিলে তোৰ কথা। সেয়ে সেই অবান্তৰ প্ৰশ্নবাণৰ পৰাও মা-পিতাই মুক্তি পোৱাৰ দৰেই হোৱাত অলপ মুকলি মনেৰে ফুৰিব পৰা হ’ল । ধেৎতেৰি! তোকনো বাৰু এইবোৰ পঢ়িবলৈ দিব লাগেনে? আচলতে কি জান? তোলৈ চিঠি লিখিলে পাহৰি যাওঁ যে লিখিছোঁ নে তোৰ লগত কথা পাতি আছো। ঐ, আজি অলপ আমাৰ কথা শুনচোন । কিছু সময়ৰ বাবে বাদদে না সেই যান্ত্ৰিক জগতখনৰ কথা।

আজি মোৰ কি মনত পৰিছে জা’ন? সৰুতে আমি যে সোণ দাদাহঁতৰ পিছফালৰ চোতালৰ মূৰত থকা জলফাইজোপাৰ জলফাই খাবলৈ গৈছিলো। তোৰ বাৰু মনত আছে নে? সেইজোপা সিদিনা কাটি পেলালে । কাৰণ আমাৰ সেই বৰমাৰ একমাত্ৰ পুত্ৰ সোণদাদাই আমাক এৰি অকালতে গুচি গ’ল। সি জলফাই খাই বৰ ভাল পাইছিল। তাৰ অসুখটোৰ কথা মই তোক আগেয়েও জনাইছিলো । আঢ়ৈ বছৰে সি বেমাৰৰ লগত যুঁজি যুঁজি অৱশেষত সিদিনা মানে যোৱা ১৯ নৱেম্বৰত হাৰ মানি চিৰবিদায় ল’লে। যোৱা বছৰৰ এনে দিনত তাৰ খুব বেছি অসুখ হৈছিল। তেতিয়া মই তোৰ লগতো কথা পাতিছিলো। তাক অসমৰ বাহিৰৰ ক’ৰবাত দেখুৱাই অনাৰ ইচ্ছা ব্যক্ত কৰিছিলো। পিছে সি ক’লৈকেও যাবলৈ মান্তি নহৈছিল। কাৰণ সি কাকো দিগদাৰী দিব বিচৰা নাছিল। অকলশৰীয়া হোৱা বাবে সদায় বৰদেউতাই তাৰ লগত হাস্পতালত থাকিছিল। পিছে চাচোন, নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস—তাক তেনেকৈয়ে এৰি বৰদেউতায়েও আমাক এৰি গুচি গৈছিল । তাৰ পিছত সি একেবাৰে অলৰ হৈ পৰিছিল । ঘৰতে বহি ফোনৰ দ্বাৰাই ব্যৱসায়ৰ কাম-কাজ চলাই গৈছিল। আৰু তেনেদৰেই সুকলমে চলি আছিল সিহঁতৰ সৰু সংসাৰখন । যোৱা ৯ নবেম্বৰত বৰদেউতাৰ বছেৰেকীয়া সকাম পাতিবৰ বাবে যো-জা কৰি থাকোঁতেই ৬ নৱেম্বৰত সি অসুস্থ হৈ পৰিছিল । লগে লগে ডাঙৰ বৰদেউতাহঁতৰ চুৰেণদাদায়ে তাক মাজে মাজে আনি দেখুৱাই থকাৰ দৰেই তেজপুৰলৈ লৈ গৈছিল । পিছে তেজপুৰত ডাক্তৰে তাৰ পেটটো হানি-খুচি পানী এটুপিও উলিয়াব নোৱাৰি গুৱাহাটীলৈ পঠিয়াই দিলে ।
তেতিয়া সন্ধ্যা ৭ বাজিছে । মই সিহঁত আহি পোৱাৰ কিছু সময় পিছতে গৈ হাস্পতাল পালোগৈ । কানুনত যিখিনি কাম কৰিব লাগে সেইখিনি কৰি ৰাতি ৯-৩০ বজাত মই ঘৰলৈ ওভতি আহিলো । পিছদিনা পুৱা ৬-৩০ বজাতে গৈ আকৌহাস্পতাল পালোগৈ । ডাক্তৰক সাক্ষাৎ কৰি, আৱশ্যকীয় সকলোখিনি কৰাৰ বাবে প্ৰস্তুত হ‘লো, কাৰণ ডাক্তৰে মোক আৰু চুৰেণদাদাক সকলো খোলাকৈয়ে কৈ দিছিল। তাৰ আয়ুসৰ কথা কৈছিল। তাৰ জীৱনটো ইমান খন্তেকীয়া বুলি জানিব পাৰি মই দুখত ভাগি পৰিলোঁ । ঘৰত ছোৱালীজনীৰ বাবে খৰচ কৰা প্ৰয়োজনীয় সময়খিনি কমাই দি বেছি সময় তাক দিলোঁ । শুনি হয়তো বিশ্বাস কৰিবলৈ টান পাবি সেই ১৩ দিন অৰ্থাত ৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ মোৰ বাবে দিনটোত ২৪ ঘন্টা কিমান কম যেন লাগিছিল । পুৱা ৫-৩০ বজাৰপৰা ৬ টা বজালৈ প্ৰাতঃভ্ৰমণৰ পৰা আহি ঘৰত একাপ ৰঙা চাহ খাই তাৰ বাবে ৰুটি আৰু চাহৰ লগতে বৌৰ বাবে পুৱাৰ জলপান গোটাই ৭ বজাত গৈ হাস্পতাল । পুনৰ ৮ বজাত হাস্পতালৰ পৰা আহি মৌক ৮-৩০ বজাত স্কুললৈ লৈ যোৱা । ৯-৩০ত ঘৰৰ পৰা যাত্ৰা কৰোঁ অফিচলৈ বুলি। গধূলি ৬-৩০ত অফিচৰ পৰা ওলাই চিধাই হাস্পতাল। তাৰ পৰা ৮ বজাত ঘৰ পাওঁ। ঘৰত সোমায়েই ৮-৩০ ৰ পৰা ৯ টালৈকে মৌক পঢ়ুৱাওঁ। কাৰণ ১৯ নৱেম্বৰৰ পৰা তাইৰ বছৰেকীয়া পৰীক্ষা । ৯ বজাৰ পৰা ১০ বজালৈকে তাইক যিমান পাৰোঁ সময় দি মই তাইৰ পৰাও আঁতৰি আহো ফোনটোৰ বাবে। কাৰণ ঘৰৰ মানুহখিনিয়ে আগ্ৰহেৰে বাট চাই থাকে মোৰ ফোনৰ বাবে। এনেদৰে ১৩ দিন কেনেকৈ পাৰ হৈছিল মই গ‘মেই নাপালোঁ । লাহে লাহে মই তাক চাব নোৱাৰা হৈ আহিছিলোঁ । হঠাতে মোৰ মনত খেলালে সিটো বেছি দিন নাথাকেই, যিকেইদিন থাকে তাক ঘৰলৈকে পঠাই দিওঁ, বৰমা আৰু ছোৱালী দুজনীৰ লগত কিছু সময় থাকক। সেয়ে ১৮ নৱেম্বৰতআমি ৮ জন মানুহৰ সিদ্ধান্তমৰ্মে তাক হাস্পতালৰ পৰা উলিয়াই নিয়াৰ সিদ্ধান্ত লৈ দেওবাৰে তাকেই কৰিলোঁ। ।

১৮ নৱেম্বৰৰ দিনা দেওবাৰ । সেয়ে পুৱা ৮-৩০ বজাতে আমাৰ ঘৰলৈ সাতগাঁওত থকা নীলদাদা আহিল আৰু আমি দুয়ো একেলগে হাস্পতাললৈ ৰাওনা হ’লো । তাত গৈ পোৱাত সকলোৱে ক’লে সি মোক কেনেকৈ বিচাৰি আছে । ইফালে, ১২ বজাৰ আগেয়ে কোনো কাৰণতে আই চি ইউৰ ভিতৰত সোমাবলৈ নিদিয়ে। মোৰ কিবা মনটোৱে তাক সিদিনা চাব বিচৰা নাই দেখোন । এবাৰ আই চি ইউৰ পৰা কেবিনলৈ ফোন আহিল মোক বিচাৰি । পলম নকৰি লগে লগে আই চি ইউ পালোগৈ । মোক কাষত দেখিয়ে সি কান্দিবলৈ ধৰিলে – ক’লে মোক সোনকালে ইয়াৰ পৰা লৈ ব’ল । তোৰ বাদে মোক কোনেও নিব নোৱাৰে । মই অলপ অস্বস্তিবোধ কৰিলোঁ । কি হ’ল যিটো ল’ৰাই মোক প্ৰতিদিনে এষাৰেই কথা কয় – মই বাৰু ৫ বছৰ আৰু জীয়াই থাকিব পাৰিম নে ? তেতিয়া চুমকিয়ে মেট্ৰিক দিব আৰু চিতলীজনীয়ো অলপ ডাঙৰ হ’ব । সি আজি কিয় যাব বিচাৰিছে ? তাৰ চকুত চকু থৈ কথা ক’বলৈ মোৰ ভয় লাগিল । তাক হেৰুৱাৰ ভয় । তথাপি তাক সান্ত্বনা দিলো—তোক আমি এতিয়াই ইয়াৰ পৰা লৈ যাম । কথামতে কাম । সকলোৱে মিলিজুলি হাস্পতালৰ যাৱতীয় কামখিনি কৰি আবেলি ৩-৩০ বজাত তাক আমি গুৱাহাটীৰ পৰা বিদায় দিলোঁ । বিদায়ৰ মুহূৰ্তত সি মোক ক’লে ছোৱালীৰ পৰীক্ষা শেষ কৰি সোনকালে তই আহিবি। আমি বহুত কথা আলোচনা কৰিব লগীয়া আছে। আৰু জলফাইৰ মিঠা আচাৰো বনাব লাগিব । মই তাক হয়ভৰ দি ক’লো যা – মই ৩-৪ ডিচেম্বৰৰ ভিতৰত গৈ আছোঁ । তাক পঠিয়াই আহি ঘৰ পোৱাৰ লগে লগে ভন্টিয়ে কৈ উঠিল – সি হাস্পতালতে থাকিলে ভাল আছিল কিজানি। আৰু কিছুদিন বাছি থাকিলেহেঁতেন! আৰু কিবা কৈছিল তাই, মোৰ কাণত একো সোমোৱা নাছিল । একাপ চাহ খাই বিচনাখনত অলসভাৱে দেহাটো এৰি দিলো । কেতিয়া টোপনি আহিল গ’ম নাপালোঁ । সাৰ পাই দেখো মৌৱে কাষতে বহি পঢ়ি আছে । মনটো বৰ দোষী যেন অনুভৱ হ’ল । পিছদিনাৰ পৰা তাইৰ পৰীক্ষা । উঠি মুখ হাত ধুই তাইক পঢ়ুৱাবলৈ বহিলোঁ । ঠিক ৯ বজাৰ লগে লগে ভন্টিয়ে জনালে দাদাৰ গা বেয়া লাগিছে বোলে আৰু যাব নোৱাৰে । আকৌ বিমোৰত পৰিলোঁ কি কৰা যায় । সিহঁতে নগাঁৱতে হোটেল এখনত থকাৰ ব্যৱস্থা কৰিলে । ৰাতিটো শোৱা নহ’ল মোৰ । প্ৰতি আধাঘন্টাৰ মূৰে মূৰে বৌলৈ ফোন কৰি থাকিলোঁ । পিছদিনা মানে ১৯ তাৰিখে পুৱা ৩-৩০ বজাতে সিহঁতি যাত্ৰা আৰম্ভ কৰিলে । একো বিঘিনি নোহোৱাকৈ গৈ আছিল । ৭ বজাত বৌয়ে ফোন কৰি জনালে তেওঁলোক গৈ ভালে ভালে গহপুৰ পাইছেগৈ । তাতে দাদায়ে একাপ লাল চাহ খালে আৰু বৌক ক’লে সি শুৱ, ঘৰ পালেহে তাক যেন মাতে । ময়ো মৌক পৰীক্ষাৰ বাবে সাজু কৰি তাইক স্কুলত থৈ আহিলোঁ । ভাতকেইটা খাই অফিচলৈ যাহিবলৈ ধৰোতেই মোৰ দাদায়ে ফোনকৰি জনালে ঘৰত কন্দা-কটা লাগিছে, ফোন কৰিব লাগে। তাক কোনেও একো কোৱা নাই । মই লগত যোৱা দাদাক ফোন কৰিলোঁ সি কান্দি কান্দি জনালে সোনদাই চকু মেলিব বিচৰা নাই । কথাও কোৱা নাই । মই লগে লগে গাঁৱৰ দুজনমানক ক’লো তহঁতি সোনকালে তাক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰ। পিছে আমি আলোচনা কৰি থাকোঁতেই হুৱা-দুৱা বেছিকৈহে লাগিলে । ফোনত ব্যস্ত হৈ থাকোঁতেই এটা ফোন আহিলে সোণদাদাক বাহিৰলৈ উলিয়াইছে । মই লগে লগে বহি পৰিলোঁ । ফোনটো লাইনতে আছিল – কান্দোনৰ বিকট শব্দবোৰে মোক কান্দিবলৈ পাহৰাই পেলাইছিল । কিছু সময়ৰ বাবে মৌন হৈ বহি থাকিলোঁ । মনে মনে ভগৱানক গালি পাৰিলোঁ – ইমান নিষ্ঠুৰ কিয় তুমি ? কিয় তুমি বৰমাক দাদাৰ এষাৰ মাত নুশুনালা ? কিয় তুমি তাক ১২ বছৰীয়া আৰু ৭ বছৰীয়া ছোৱালী দুজনীক এষাৰ মাত মাতিবলৈও নিদিলা ? উত্তৰ একো নাই । এটা শূন্যৰ বাহিৰে একো দেখা নোপোৱা হ’লো । হঠাৎ মনত পৰিল এওঁলৈ । লগে লগে ফোন কৰি জনালোঁ সোণদাদাৰ কথাটো । সেইদিনা উজনি অসম বন্ধ আছিল বাবে এওঁৰ কাম বন্ধ আছিল । বাইকখন লৈ ৪৮ কিলোমিটাৰ পথ আহি এওঁ সোণদাদাৰ সৎকাৰত ভাগ ল’লেহি । মনত অলপ স্বস্তি পালো, মই নাথাকিলেও মোৰ জীৱনৰ এফালজনে অন্ততঃ বৰমা আৰু বৌক এষাৰ মাত দিব পাৰিলে ।

তাৰ পিছতে আকৌ মনত পৰিল সোণদাদাৰ ডাঙৰ ভনীয়েক আৰু জোৱাঁয়েক ইয়াতে গ্ল’বেল হাস্পতালত থকাৰ কথা । তাইৰ বা কি অৱস্থা হৈছে! আগদিনা ভিনদেউৰ গলব্লাডাৰ অপাৰেচন হৈ গৈছে । ভিনদেউৰো হাইপ্ৰেচাৰ আছে । সেয়ে অলপো পলম নকৰি যাত্ৰা কৰিলোঁ গ্ল’বেল নাৰ্ছিংহোমলৈ । তাত গৈ পোৱাৰ লগে লগে ভিনদেউৰ ভতিজীজনীয়ে ক’লে – আপুনিহে মাহী খুড়ীক উঠাব পাৰে নেকি ! তেতিয়াৰ পৰা একেৰাহে কান্দি কান্দি অৱশ হৈ পৰিছে, তথাপি কান্দিয়ে আছে । মই প্ৰত্যুত্তৰ নিদি ছেমি আই চি ইউৰ কোঠালৈ সোমাই গ’লো । মোক দেখাৰ লগে লগে তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ভতিজীয়ে মানা কৰিবলৈ আগবাঢ়ি যোৱা দেখি মই চকুৰে একো নক’বলৈ ইংগিত দিলোঁ । মই মাথোঁ ক’লো কান্দ হেঁপাহ পলুৱাই কান্দা তই । প্ৰায় আধাঘন্টা মোৰ কোলাতে মূৰ থৈ কান্দি কান্দি তাই শুই পৰিল । চকুৰে আৰু এটা শূন্য দেখিলোঁ । একমাত্ৰ ককায়েকক মৃত্যুৰ সময়ত বা মৃত্যুৰ পিচতো নেদেখা ভনীয়েকৰ দুখ কিমান হ’ব পাৰে উপলব্ধি কৰিলোঁ । এঘন্টাৰ মূৰত তাইক উঠাই মুখ-হাত ধুৱাই একাপ লাল চাহ জোৰ কৰি খুৱাই মই এটা ভাৰাক্ৰান্ত মন লৈ ঘৰ পালোহি । বেয়া লাগিছে কিয় জান ? ডিচেম্বৰৰ ৩/৪ তাৰিখে মই তাৰ লগত কি কথা পাতিম এতিয়া ? তাৰ দেখোন ৪ তাৰিখে শ্ৰাদ্ধহে । এতিয়া মই কৰ্মৰ খাতিৰত তাৰ শ্ৰাদ্ধতো ভাগ ল’ব নোৱাৰিম ।

আৰে ইমান কি লিখিছোঁ বাৰু মই ? তই জানো পঢ়িবলৈ সময় পাবি ? তহঁতৰ বিদেশৰ ব্যস্ততাবোৰে আমাৰ দৰে অন্তৰবোৰৰ বেদনাবোৰ জানো আজিকালি বুজিব পাৰে ? চেষ্টা কৰিবি বুজিবি । সোণদাক হেৰুৱাই যি মানসিক আঘাত পাইছো বুজি পাইছ কিজানি ! ঘৰলৈ নাহিলেও তোৰ নামত মা-পিতাৰ বাদেও মই সদায়ে পুৱা ধূপডাল জ্বলাই আহিছোঁ । মনত ৰাখিবি তই য’তেই নাথাক কিয় মোৰ আত্মাই সদায় তোৰ পিছে পিছে সাৰথি হৈ ঘুৰি ফুৰে । আৱেগিক হৈছো। নিলিখোঁ আৰু। মন গ’লে অহা মাহত লিখিম নগ’লে নিলিখোঁ । ইতি-

তোৰ ভনী

গুৱাহাটী
২৬/১১/২০১২

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments