ককাইদেউলৈ চিঠি (–অঞ্জনা তামূলী)

ককাইদেউলৈ চিঠি

অঞ্জনা তামূলী


মৰমৰ ককাইদেউ,
মৰম ল‘বি। বৌক মোৰ শ্ৰদ্ধা আৰু বাবু/মাইনাক মোৰ মৰম দিবি। আমাৰ ইয়াত সকলোৰে একপ্ৰকাৰ ভাল বুলিয়ে ধৰিবি।
ককাইদেউ, বহুত দিন বিৰতিৰ পিছত তোলৈ লিখিবলৈ বহিছো। কিছুমান কথাই মনটো খু-দুৱাই আছে অ। কাক ক‘ম কোনে শুনিব। সেয়ে তোকে ক‘ম বুলি লিখিছো। ধৈৰ্য্য সহকাৰে পঢ়িবি ৰসাল ন‘হলেওঁ তই জানিবই লাগিব এইখিনি কথা ন‘হলে যে মোৰ কথা শুনোতা কোনোৱে নাই।
জান ককাইদেউ, মোৰ লগৰ যে অনামিকা তোৰ বাৰু মনত আছে নে তাইক? তাই সিদিনা তোৰ কথা মোক সুধিছিলে। ময়ো তোৰ সবিশেষ তাইক জনালোঁ যি খিনি জানোঁ। বৰ্তমান তাইৰ অৱস্থা বৰ বেয়া অ’। ২০০২ চনত তাইৰ বিয়া হৈছিল এটা সম্ভ্ৰান্ত পৰিয়ালৰ বৰ পুত্ৰৰ লগত। নাম আছিল ল‘ৰাজনৰ ভাস্কৰ। পেছাত এজন ইঞ্জিনিয়াৰ এটা ব্যক্তিগত কোম্পানীৰ। বৰ সুখেৰে সিহঁতৰ সংসাৰ চলি আছিল। তাইও বিয়াৰ ঠিক ছমাহ মান পিছৰ পৰা ভাস্কৰৰ লগত কোৱাৰ্টাৰত থাকিবলৈ লৈছিল। গুৱাহাটীত থকা তাইৰ শহুৰেক, শাহুৱেক আৰু একমাত্ৰ দেওৰেক জনৰ খৱৰ-বাতৰি তাই টেলিফোন যোগে সদায়ে লৈ আছিল। শহুৰেকে তাইক অত্যন্ত মৰম কৰিছিল। পিছে কি হ‘ল জান- ভাস্কৰ আৰু তাই দুৰ্গাপুজাৰ বন্ধ বাবে ঘৰলৈ আহিলে। আহিয়ে তাই তাইৰ কোঠাৰ যি দৃশ্য দেখিছিলে সেয়া অতি অসহনীয় আছিল। তাইৰ কোঠাৰ চন্দন কাঠেৰে নিৰ্মিত বক্স পালেঙ খনৰ দৰ্জা ভাঙি তাত থকা সকলো বয়-বস্তু কোনোবাই উলিয়াই লৈ গৈছিল। আলমাৰিটোৰো লকাৰ ভঙা আছিল। কোনে কিয় তাইৰ বস্তুবোৰ লণ্ড-ভণ্ড কৰিলে তাই একো বুজিব নোৱাৰি শিল পৰা কপৌৰ দৰে থিয় হৈ থাকিল। কিছু সময়ৰ পিছত যেতিয়া ভাস্কৰ কোঠালৈ সোমাই আহিল তেতিয়াহে তাই সম্বিত ঘুৰাই পালে। লগে লগে তাই কান্দোনত ভাগি পাৰিছিল আৰু ভাস্কৰৰ বুকত মুখ গুজি হিয়া ধাকুৰি কান্দিছিল। তাই ভাস্কৰক কৈছিল মোৰ এই বস্তুবোৰে কাৰ কি অন্যায় কৰিলে যাৰ বাবে নতুনতে ভাঙিব লগীয়া হ‘ল? পালেঙৰ বক্সত থকা সকলো গিফ্টৰ পেকেট খালি হৈ আছিল আৰু ভিতৰৰ বস্তুবোৰ একো নাছিল। আলমাৰিৰ ভিতৰত থকা পাটৰ কাপোৰ কেইযোৰৰ পুৰণা কেইযোৰ আছিল কিন্তু বিয়াত দিয়া আৰু তাই নিজে লোৱা কেইযোৰ নাছিল। অলঙ্কাৰ বিশেষ নাছিল যদিও প্ৰায় দুই তোলামান সোনৰ গহনা আছিল। তাই ভাগৰুৱা দেহাতো আৰু অৱশ হৈ পৰিছিল। তেনেতে শাহুৱেকে তাইক মাত লগাইছিল ভাত খাবৰ বাবে। তাই কোনো প্ৰত্যুত্তৰ নিদি কাপোৰযোৰ সলাই মুখ-হাত ধুই ভাত খাবলৈ মন নাই বুলি কৈ শুই পৰিছিল। পিছদিনা পুৱাই তাই ভাস্কৰক লগ ল‘লে মাকৰ ঘৰলৈ যাবৰ বাবে। মাকৰ আগত তাই সকলো কথা বিবৰি কোৱাৰ পিছত মাকে তাইক শাহুৱেকক সুধিবলৈ ক‘লে কোনে কিয় তাইৰ বস্তুবোৰ লৈ গ‘ল বুলি। দিনটো মাক-দেউতাকৰ লগত থাকি গধুলি দুয়ো ঘৰলৈ উভতি আহিল আৰু নিজকে সহজ হ‘বলৈ চেষ্টা কৰি ঘৰুৱা ইটো-সিটো কাম শাহুৱেকৰ লগত কৰি থাকি তাই লাহেকৈ শাহুৱেকক মাত দিলে – মা, মোৰ কোঠাৰ বস্তুবোৰ কোনে, কিয় আৰু ক‘লৈ নিলে বাৰু? প্ৰত্যুত্তৰত মাকে যি উত্তৰ দিলে সেয়া শুনি মইতো হতবাক হৈ পৰিছিলোৱে তয়ো নহৈ নোৱাৰিবি। মাকে কি কৈছিল জান – তাইৰ নন্দেক ভাস্বতী অইলৰ এগৰাকী প্ৰশাসনিক বিষয়া। ভাস্বতীৰ বিয়া নিজ পচণ্ডৰ ল‘ৰাৰ লগতে হৈছিল। মাক -দেউতাকেও এজনী ছোৱালীক যিখিনি বস্তু দিব লাগে সেইখিনি সকলো দিছিল। হঠাতে তাই বৌৱেকৰ ওচৰত নিজক তেনেই সৰু যেন দেখুৱা অনুভৱ কৰিছিল। কাৰণ অনামিকাই নিজে চাকৰি কৰি মাক-দেউতাক দুয়োগৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ পেঞ্চনৰ এক পইচাও খৰচ কৰিবলৈ নিদিয়াকৈ নিজে সকলো ধৰণৰ বস্তু নিজৰ মতে বজাৰ কৰি লগত নিছিল। ভাস্বতীয়ে তেনে একো কৰিব পৰা নাছিল। সেয়ে তাই নবৌয়েকে লগত অনা বস্তুবোৰ দেখি জ্বলি-পুৰি মৰিছিল। এদিন ঘৰত দেউতাক নথকাৰ সুযোগতে আহি তাই নবৌৱেকৰ সকলো বস্তু মাকৰ অনিচ্ছা স্বত্তেই লৈ গুছি গৈছিল। মাকে তাইক মানসিক বিকাৰগ্ৰস্ত হোৱা বুলি কৈ অনামিকাক ভাস্বতীক একো ন‘কবৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ ভাস্কৰ-অনামিকাই ৰক্ষা কৰিছিল।
তাৰ পিছত কি হ‘ল জান – হঠাতে এদিন অনামিকাক শাহুৱেকে ক‘লে তুমি কেইদিন মানৰ বাবে মাৰাৰ ঘৰলৈ যোৱা তাতে থাকিবা আমি ঘৰটোত ৰঙ দিব খুজিছো। তাই একো প্ৰশ্ন নকৰি ভাস্কৰৰ লগত মাকৰ ঘৰলৈ বুলি গুছি গৈছিল। মাকৰ ঘৰত গৈ তাই গম পাইছিল তাই যে ইতিমধ্যে অন্তঃসত্বা হৈছে। তাই খৱৰটো ভাস্কৰক দিলে। ভাস্কৰেও আনন্দতে মাকক চিঞৰি উঠিল মা- তই আইতা হ‘বলৈ ওলাইছ। পিছে ভাস্কৰক আচৰিত কৰি মাকে কৈ উঠিছিল আৰু এটা গলগ্ৰহৰ আগমন হ‘বৰ হ‘লেই নে? ভাস্কৰে একো বুজিব পৰা নাছিল। পিছদিনা পুৱাই মাকে ভাস্কৰক ক‘লে তহঁতৰ বস্তুবোৰ পিছফালে থকা আসাম টাইপ ঘৰটোলৈকে লৈ যা তাতে ভালে থাকিব ইয়াত ৰঙ পৰি নষ্ট হে হ‘ব। সিও মাকৰ কথামতেই সকলো বস্তু সিহঁতৰ চাৰি মহলীয়া ঘৰটোৰ পিছফালে থকা সৰু আসাম টাইপৰ ঘৰটোলৈ স্থানান্তৰ কৰি পেলালে। গধুলি মাকে তাক ক‘লে পুৰণা ঘৰটোতে থাকিবলৈ ন‘হলে বস্তুবোৰ চুৰি হ‘বও পাৰে বুলি। সহজ-সৰল ভাস্কৰে বুজিবই নোৱাৰিলে মাকৰ অন্তৰৰ কুটিল বুদ্ধি বিলাকৰ কথা। সি তাৰ দুদিনৰ পিছতে নিজৰ কৰ্মস্থলীলৈ ৰাওনা হ‘ল। অনামিকা মাকৰ ঘৰতে থাকিল।
তাৰ পিছত সম্পূৰ্ণ আঠমাহৰ পিছত হঠাৎ অনামিকাৰ মাকৰ পৰা টেলিফোন পালে অনামিকাই অতি সংকটজনক অৱস্থাৰ মাজেৰে সময় পাৰ কৰিছে। তাৰ মাক দেউতাকক খৱৰ দি আছে যদিও দেউতাক মাজে মাজে আহে মাকে আহিম আহিম বুলি কৈ এদিনো নাহে। তাৰ মাকৰ প্ৰতি কিয় জানো অলপ কিবা সন্দেহ হ‘ল লগে লগে সি ছূটীৰ বাবে দৰ্খাস্ত এখন দি ঘৰলৈ বুলি গুছি আহিল। ইতিমধ্যে অনামিকাৰ মাক -দেউতাকে তাইক হস্পিতেলত ভৰ্তি কৰাইছিল। সি আহি পোৱাৰ দিনাই ডাক্তৰে অনামিকাৰ অপাৰেচন কৰি এটি পুত্ৰ সন্তান তাইৰ কোলালৈ আগবঢ়াই দিছিল। সি নথকাৰ সময়ত পোৱা সকলো-দুখ যান্ত্ৰণা তাই নিমিষতে তাক আৰু সদ্যোজাত কোলাৰ শিশুটিক দেখি পাহৰি পেলাইছিল। আকৌ আৰম্ভ হৈছিল সিহঁতৰ সুখৰ সংসাৰ। সি পুত্ৰ আৰু পত্নী অনামিকাক লৈ মাকে থাকিবলৈ কোৱা পুৰণা ঘৰটোতে থাকিবলৈ ধৰিলে। দুমাহ থাকি পুণৰ সি কামলৈ যাত্ৰা কৰিলে। মাজত মাথো যোগাযোগৰ মাধ্যম হিচাপে থাকি গ‘ল টেলিফোনটো।
ককাইদেউ, তই শুনি আচৰিত হ‘বি কি জান- এদিন অনামিকাই সন্তানটো চোৱা-চিতা কৰা ধাই জনীৰ হাতত কেঁচুৱাটি দি গা-ধুবলৈ গৈছিল। তেনেতে শাহুৱেক তাইৰ কোঠালৈ আহিছিল আৰু ধাইজনীৰ পৰা কেঁচুৱাটো লৈ গুছি গৈছিল নিজৰ ঘৰলৈ। অনামিকাই গা ধুই আহি কেঁচুৱাটোক নেদেখি ক‘ত বুলি সোধাত ধাই জনীয়ে ক‘লে আইতাকে নিয়া বুলি। অনামিকাৰ মনৰ মাজত ধুমুহা বলিছিল যি জনী আইতাকে নাতিয়েকক চাবলৈ যোৱা নাছিল সেই আইতাকে আজি কিয় তাক নিলে। তাইৰ কিবা অজান আশংকাত বুকু কঁপি উঠিছিল আৰু প্ৰায় এক প্ৰকাৰ দৌৰিয়ে তাই শাহুৱেকৰ কাষ পাইছিল গৈ। শাহুৱেকে তাক কোলাত লৈ যি কৈ আছিল তাই সকলো শুনা পাইছিল আৰু তাক থাপ মাৰি শাহুৱেকৰ কোলাৰ পৰা লৈ আনিছিল। কথাখিনি তাই ফোনযোগে ভাস্কৰক জনোৱাত সি পুণৰ ছূটী লৈ ঘৰলৈ গুছি আহিছিল।
ঘৰলৈ আহিয়ে প্ৰথমে ভাস্কৰে অনামিকা আৰু সন্তানটোক মাকৰ ঘৰত থৈ আহিলগৈ। সিওঁ অনামিকাহঁতৰ ঘৰতে প্ৰায়ে ভাত-পানী খাই আহি নিজৰ ঘৰত শুই থাকেহি। এদিন এনেদৰে শুই থাকোতে সি তাৰ মুৰৰ শিতানত কোনোবা ৰৈ থকা যেন অনুভৱ কৰিলে। মুৰটো ডাঙি চাই দেখে কোনো নাই। লাহে লাহে তাৰ মনত ভয় ভাৱ এটাই ঠাই ল‘বলৈ ধৰিলে। সি অনামিকাহঁতৰ ঘৰলৈও নোযোৱা হ‘ল। অনামিকাই ফোন কৰিলে কয় সদায় সদায় আহিবলৈ তাৰ এলাহ লাগে আৰু এনেদৰে থাকিলে তাৰ পুণৰ চাকৰিলৈ যাবলৈও মন নোযোৱা হ‘ব। সেয়ে সি যোৱাটো কমাই দিছে। এনেদৰে প্ৰায় পোন্ধৰ -বিশ দিন নোযোৱাকৈ আছিল সি অনামিকাহঁতৰ ওচৰলৈ। এদিন তাৰ তমোময় জ্বৰ হৈছিল। সি লগৰ এজনক ঔষধ আনিবলৈ দি শুই পৰিছিল। লগৰজনে আহি তাক ঔষধ খুৱাই বেছি জ্বৰ হৈ থকা দেখি আৰু এজনকমাতি পঠাইছিল। বন্ধু দুয়োজনে যিমান পাৰে সিমান শুশ্ৰষা কৰি ৰাতি গুছি গৈছিল। পিছদিনা তাৰ একো খৱৰ পোৱা নাছিল কোনেও। তাৰ পিছদিনা বন্ধু দুজনে তাৰ জ্বৰৰ খৱৰ ল‘বলৈ গৈ দেখে ঘৰৰ দৰ্জা বন্ধ হৈ আছে কিন্তু পিছফালৰ দৰ্জাখন খোলা আছিল। সিহঁতি লাহেকৈ সোমাই গৈছিল ভিতৰলৈ মনত ভাৱ তাৰ জ্বৰ হয়তো ভাল হোৱা নাই। ভিতৰত সোমাই গৈ সিহঁতি দেখা পালে দুদিন আগত সিহঁত যাওঁতে যিখন চকীত সি বহি আছিল সেই চকী খনতে সি বহি আছে। হঠাৎ সিহঁতৰ নাকত এটা বৃকৎ গোন্ধ লাগিল আৰু মন কৰিলে তাৰ দেহৰ পৰা ওলাই থকা পানী খিনিলৈ। হঠাতে এজনে তাক জোকাৰি দিওতে চকীখনত সৈতে ভাস্কৰ বাগৰি পৰিলে। লগে লগে দুয়ো চিঞৰি উঠিছিল এয়া কি বুলি!! ইতিমধ্যে ভাস্কৰৰ দুদিন আগতেই মৃত্যু ঘটিছিল। অনামিকাই সন্তানটো লৈ ভাস্কৰৰ কাষলৈ ঢপলিয়াই আহিছিল পিছে তাই তাৰ শ তোৰ কাষো চাপিব পৰা নাছিল কাৰণ তেতিয়া ভাস্কৰৰ শৰীৰৰ পৰা দুৰ্গন্ধ বিয়পিছিল।
ককাইদেউ, ইয়াৰ পিছৰ অনামিকাৰ কাহিনী মই তোক পিছত চিঠিত জনাম। বহুত আবেগিক হৈ পৰিছো আজি। আৰু কিবা জনোৱাৰ ভাষা হেৰাই গৈছে। ক্ষমা কৰিবি তোক জনাই আমনি দিয়া বাবে।
পুণৰ মৰমেৰে,
তোৰ ভনী
গুৱাহাটী
বি.দ্ৰ. ভাস্কৰৰ মাকে নাতিয়েকৰ আগত কোৱা কথাখিনি তোক পিছৰ চিঠি খনত জনাম দে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক