ককাইদেউ ( মলিন মজুমদাৰ )

kokaideu

সপোন।
অদ্ভুত সপোন।
কি অদ্ভুত সপোন!
একেৰাহে দুদিন ধৰি একেটা সপোনকেই দেখিছে মেৰিনাই।

এটা দীঘল পোন ৰাস্তা। দুয়োফালে বিস্তীৰ্ণ পথাৰ। ৰাস্তাটোৱেদি তাই অকলে গৈ আছে। সন্ধিয়া হও হও। কলৈ গৈছে মনত নাই। কেইজনমান দুষ্ট প্ৰকৃতিৰ ল’ৰা তাইৰ পিছ লৈছে। সিহঁ‌তৰ ভাব-ভংগীত তাই গম পাইছে সিহঁ‌তৰ মতলব ভাল নহ’য়। তাইৰ খোজ খৰ হ’য়, সিহঁ‌তৰো। তাই দৌৰিবলৈ ধৰে, পিছে পিছে সিহঁ‌তো।ক্ৰমান্বয়ে দূৰত্ব কমি আহে। ভয়ত তাইৰ অন্ঠ- কন্ঠ শুকাই যায়। বদমাচ কেইটাই কুৎসিঁ‌ৎ মাত কিছুমান মাতি তাইলৈ হাত মেলে। ভয়ত তাইৰ ভৰি দুখন জঠৰ হৈ যায়। মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰে। থিক তাই পৰি যাব, তেনেতেই হঠাৎ যেন সম্মুখৰ পৰা দুখন হাতে তাইক চম্ভালি তুলি ধৰিলে আৰু কাণে কাণে যেন ক’লে–ভয় নকৰিবি ভণ্টী, মই আছো নহ’য়। তাই যেন সাহস পালে। তাই থিয় হৈ ইফালে সিফালে চালে, কাকো নেদেখিলে।সেই দুষ্ট ল’ৰাকেইজনো নাই। এইখিনিতে, থিক এইখিনিতেই তাই সাৰ পাই যায়। আজিও সাৰ পালে। মনটো এক অবুজ বিষাদেৰে ভৰি পৰিল।ঘড়ী চাই দেখিলে চাৰি বজাই নাই।পোহৰ হ’বলৈ বহুত সময় আছে। সপোনটোৰ কথা ভাবিলে তাই। বিষাদৰ মাজতো কিবা বুজাব নোৱৰা জান-নেজান আনন্দৰ ৰেশ এটা আহিল মনলৈ। সপোনত তাইক অভয় দিয়া, ভণ্টী বুলি মতা হাত দুখনক, মাতটোক নিজৰ মানসপটত লৈ তাই ৰুপ দিব ধৰিলে, অবয়ব এটা দিব ধৰিলে আৰু সেই হাতদুখনত ধৰি তাই শৈশবলৈ গ’ল, একেলগে উমলিলে, একেলগে স্কুললৈ গ’ল, কলেজলৈ গ’ল——

“নেখেলো যা।” – এইবুলি কৈ ঘিলাগুটিটো ককালত পেণ্টৰ খোচনিত লৈ হাচিনাই ককায়েক চফিকুলক কলে–‘ককাইটি গাড়ীত উঠোৱা।’
মেৰিনাৰ খং উঠি গ’ল।ঘিলাখেলত হাৰিলেই হাচিনাই সদায় এনেকৈ আধাতে খেল বন্ধ কৰে। ঘৰত খেলিবলৈ লগ নাই। ৰাতিপুৱা উঠিয়েই সৰু নেওঁ‌তাখন এবাৰ মুখস্থ মাতি আৰু কুঁ‌হিপাঠৰ পৰা দুটা পাঠ ভুল নকৰাকৈ মাকক পঢ়ি শুনাই মেৰিনাই কাষৰ ঘৰৰ হাচিনাৰ লগত সিহঁ‌তৰ আহল-বহল পদূলিত ঘিলা খেলিছিলগৈ। দুখ মনেৰে এখোজ-দুখোজকৈ তাই ঘৰমুৱা হ’ল।

—টিহু,পাঠশালা,নলবাৰী–হু উ উ—
ককায়েক চফিকুলে তামোলৰ ঢকুৱা এখনৰ পৰা খেলিবলৈ তৈয়াৰ গাড়ীখনত বহি হাচিনাই চিঞৰি আছে। চফিকুলে ঢকুৱাৰ ঠাৰিডালত ধৰি তাইক টানি লৈ ফুৰিছে।পদূলিৰ পৰা চোতাল, চোতালৰ পৰা ভড়াল ঘৰ আৰু ঢেঁ‌কিঘৰৰ দোঘোৰাৰে পিছচোতাল আৰু পিছচোতালৰ পৰা মেৰিনাহঁ‌তৰ ঘৰলৈ যোৱা চমু বাটটোৱেদি মেৰিনাহঁ‌তৰ চোতালেদি সোমাই পদূলিৰে ওলাই সিহঁ‌তৰ পদূলি।এখোজ-দুখোজকৈ ঘৰলৈ আহি থকা মেৰিনাক পাৰ হৈ যাওঁ‌তে হাচিনাই বেছি জোৰেকৈ চিঞৰিলে–টিহু, পাঠশালা, নলবাৰী–হু উ উ–।মুখমণ্ডলত গৰ্বৰ ভাব।
থিক এনেকুৱা সময়তে মেৰিনাৰ বৰ দুখ লাগে।কিবা এটা অভাৱবোধে বুকুখনত খুন্দা মাৰি ধৰে।কান্দোন এটা ওলাই আহিব খোজে।

ঘৰলৈ আহি তাই পিৰালিত বহি কাম কৰি থকা মাকৰ কাষত থিয় হ’ল।
–“মা, মোৰ ককাইদেউ কিয় নাই? মোকো ককাইদেউ এজন লাগে, হাচিনাৰ নিচিনাকৈ।”
–“ধেত এইজনী! তয়েই প্ৰথমে হলি, ককায়েৰ ক’ত পাবি? ভাইটি বা ভণ্টী এটা আনিম বাৰু। হ’বনে? যা, এতিয়া খেলগৈ।”
–“নাই, মোক ককাইদেউহে লাগে।” মেৰিনাৰ দুচকু সজল হৈ আহিল। তাই গৈ বিচনাত উঠিল।

আবেলি তাই আকৌ হাচিনাৰ লগ হ’ল।হাচিনাই চফিকুলক কুতুৰি কুতুৰি নদীৰ পাৰত থকা বগৰী পাৰি দিবলৈ মান্তি কৰালে।চফিকুলে গছত উঠি পাৰি আনিলে। তাই হাচিনাৰ হাতত দিয়া পকা তুলতুলীয়া বগৰীকেইটা দেখি তাইলৈ আগবঢ়াই দিয়া আধাপকা বগৰীকেইটা লও-নলওকৈ ললে।ককায়েকৰ অভাৱবোধটো আকৌ উথলি আহিল মেৰিনাৰ।বুকুৰ পৰা ডিঙিলৈ কিবা এটা উজাই আহিল। তাই বগৰী কেইটা পেলাই ঘৰলৈ দৌৰ দিলে।
—————————-
তাৰ পাছতো হাইস্কুলত পঢ়ি থাকোতে হোমৱৰ্ক কৰিবলৈ টান পোৱাৰ সময়ত,স্কুলত কোনোবা ল’ৰাই বেয়াকৈ কোৱাৰ সময়ত, হোষ্টেলত থাকি কলেজত পঢ়ি থাকোতে শনিবাৰে ক্লাছ শেষ কৰি শেষ বাছখনৰ পৰা নামি বজাৰ চ’কৰ পৰা ঘৰলৈ আহি থকা সময়ত, বি এ পঢ়ি থাকোতে বিবেকৰ লগত লগত ভাব বিনিময় কৰাৰ সময়ত আৰু কেতিয়াবা কিবা সমস্যাৰ উপায় বিচাৰি হাবাথুৰি খোৱা সময়ত তাইৰ মনটোৱে সদায় এজন ককায়েকক বিচাৰি আহিছে, যি হৃদয়ৰ মমতাৰে তাইক আবৰি ৰাখিলেহেঁ‌তেন।

অষ্টমশ্ৰেণীত থাকোতে অসমীয়াৰ শিক্ষক মাধব বড়ো চাৰে গৰমৰ বন্ধত এটা অদ্ভুত কাম দিছিল–তোমাৰ প্ৰিয় ব্যক্তিজনলৈ এখন চিঠি লিখা।

বন্ধ খোলাৰ পাছত মেৰিনাৰ চিঠিখন চৰ্চাৰ বিষয় হৈ পৰিছিল। সকলোৱে মাক বা দেউতাকলৈ বুলি চিঠি লিখিছিল। একমাত্ৰ মেৰিনাই লিখিছিল–মৰমৰ ককাইদেউ–বুলি। সকলোৱে জানিছিল তাইৰ ককায়েক নাই বুলি।হাচিনাই কৈছিল–কি লিখিছ এইখন? মৰমৰ ককাইদেউ, ফুট।কথাই কথাই শাসন, চৰটো-ভুকুটো, এইটো নকৰিবি, তালৈ নাযাবি–।ককায়েৰ নাইতো!
মেৰিনাই মিচিকিয়াই হাঁ‌হিছিল।”নাই, মোৰ ককাইদেউ তেনেকুৱা নহ’লহেঁ‌তেন”–তাই ফুটাই নকলে। থাকক, হাচিনাই এইবোৰ উপলব্ধি কৰিব নোৱাৰে।
কিন্তু সকলোকে আচৰিত কৰি মাধব চাৰে তাইৰ চিঠিখনেই আটাইতকৈ ভাল হোৱা বুলি যেতিয়া কৈছিল, তাই আনন্দত কব নোৱাৰা হৈ গৈছিল। বুকুত সেই অবুজ হেঁ‌চাটো আকৌ অনুভৱ কৰিছিল। মাধব চাৰে চহী কৰি ঘূৰাই দিয়া চিঠিখন সেই তেতিয়াৰ পৰাই তাই সাঁ‌চি ৰাখিছে।
==============================

“এই মেৰিনা, নুঠ নেকি?” ৰুমমেট চন্দনাৰ মাতত তাই ভাবসাগৰৰ পৰা উভতি আহিল।সপোনটোৰ কথা ভাবিলে তাই।কিয় দেখিলে তাই সপোনটো?একেৰাহে দুদিন! চন্দনাক কব নেকি সপোনটোৰ কথা? চন্দনা ভাল ছোৱালী, মানুহক বুজি পায়।চন্দনা অসমীয়া আৰু তাই শিক্ষা বিভাগত প্ৰথম বৰ্ষত ভৰ্তি হৈ একেদিনাই বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ এই ৰুমটোত সোমাইছিল।আপুনিৰ পৰা তুমি আৰু তুমিৰ পৰা কেতিয়া তই হৈছিল সিহঁ‌তে গমেই নাপালে। হ’য়, ভাবৰ মিল থাকিলে চাগৈ এনেকুৱাই হ’য়। সপোনটোৰ কথা কম বুলি ভাবিও তাই ৰৈ গ’ল। সপোনটোৰ কোনোবাখিনিত দেখোন তাইৰ হৃদয়ত সংপৃক্ত হৈ থকা আশৈশৱ পালিত হাবিয়াসটোৱেই প্ৰতিফলিত হৈছে! এজন মৰমৰ ককায়েকলৈ থকা হাবিয়াসটো!! কোনোবাই এনেকুৱা অভাৱবোধ অনুভৱ কৰেনে চাগৈ! কিমানৰযে ককায়েক নাথাকে! ক’তা, তাইতো কাৰো মুখতেই এনেকুৱা অভাৱবোধৰ কথা, হাবিয়াসৰ কথা শুনা নাই। নাই থাকক। এইয়া আনে উপলব্ধি কৰিব নোৱাৰে।সপোনটোও তাই সামৰি সুতৰি থৈ দিলে হৃদয়ত, যেনেকৈ থৈ দিছে অতদিনে ককায়েক এজন পাবলৈ থকা হাবিয়াসটো।
টুথব্ৰাছ-পেষ্ট লৈ তাই বাথৰূমলৈ গ’ল।
—————————–
যোৱাসপ্তাহত নবাগত আদৰণি সভা হৈ যোৱাৰ পাছত ক্লাছবোৰ পূৰ্ণগতিত হ’ব ধৰিছে। শেষৰ ক্লাছটো কৰি মেৰিনাই লাইব্ৰেৰীলৈ গৈছিল। ৰূমলৈ আহি পাওতে দেৰিয়েই হ’ল। চন্দনাই চাহ খাবলৈ তাইলৈ ৰৈ আছিল। দুইজনীয়ে মিলি ৰূমতে চাহ কৰি খোৱাৰ ব্যবস্থা কৰি লৈছে।

–“আজি মানবদাই তোৰ কথা সুধিছিল”–বিস্কুটৰ টিনটো তাইলৈ আগবঢ়াই দি চন্দনাই কলে।
“মানবদা-কোননো?”
-“কেলেই সেইযে নবাগত আদৰণি সভাৰ দুদিন আগতে যে কেইজনমান ৰোমিঅই কেণ্টিনৰ কাষত তোক ৰেগিং কৰোতে বচাইছিল, প্ৰকাণ্ড, ওখকৈ, জবৰজং টাইপৰ ল’ৰাজন।মানব কাকতি।আমাৰ বিভাগৰ ফাইনেল ইয়েৰৰ। বৰ ভাল ল’ৰা।”

মেৰিনাৰ মনত পৰি গ’ল।সিদিনা তাই চন্দনাৰ লগত আহি থাকোতে থিক কেণ্টিনখনৰ কাষতেই কেইজনমান চিনিয়ৰে আগভেটি ধৰিছিল। চিনাকি লৈছিল।চিনাকি লবলৈ কৰা প্ৰশ্নবোৰ ক্ৰমান্বয়ে চিনাকি কম তাইৰ সৌন্দৰ্য্যৰ বন্দনা বেছি হৈছিল।তাই ধুনীয়া।আকৰ্ষনীয়।আটাইকেইজন ল’ৰাই উপৰ্যুপৰি তাইকেই প্ৰশ্ন সুধি গৈছিল। সেইবোৰ প্ৰশ্ন কম মন্তব্য বেছি আছিল।তাইৰ খং উঠিছিল, বিৰক্তি লাগিছিল, ভয়ো লাগিছিল।উত্তৰ দিব নোৱাৰা প্ৰশ্ন কিছুমানৰ ভৰত তাইৰ মূৰটো গমগমাইছিল।গাটো বিছাই ডকা দি ডাকিছিল।তাইযে অলপ বেছি ধুনীয়া তাইও জানে। সেইবুলি এনেকৈ ! খং, দুখ আৰু বিৰক্তিত তাই কঁ‌পিছিল।ঘামিব ধৰিছিল।থিক তেনেতেই সেই ল’ৰাজন মানে মানব কাকতি ক’ৰবাৰ পৰা আহি কেণ্টিনত সোমাবলৈ লৈ দুখোজমান পিছুৱাই আহিছিল, বোধহয় একে বিভাগৰে নবাগতা চন্দনাক দেখি।
–“এই যে চন্দনা।কি কৰিছ ইয়াত? চাহ খাবি নেকি আহ।”
“নাই হোষ্টেললৈ যাওঁ‌। এয়া মোৰ ৰূমমেট মেৰিনা। মেৰিনা, এয়া মানবদা।”
“ও আই, এও দেখোন সাইলাখ মোৰ সৰু ভণ্টীৰ নিচিনা। কি নাম কৈছিলা- অ, মেৰিনা। থিক আছে, ভালদৰে পঢ়া-শুনা কৰিবা।”

বন্দনাই কিবাকিবি কৈছিল।মানব কেণ্টিনলৈ সোমাই গৈছিল।ৰোমিঅকেইজন ইতিমধ্যেই অন্তৰ্ধান হৈছিল।তাইৰ মুখেৰে এষাৰ মাতো ওলোৱা নাছিল।মনৰ বিমৰ্ষতাত আৰু ঘটনাৰ আকস্মিকতাত তাইৰ মূৰটোৱে কাম কৰা নাছিল।মানবদাক নমস্কাৰ দিয়াৰ শিষ্টাচাৰকণো তাই পাহৰি গৈছিল।
সেইজন মানবদাই তাইৰ কথা সুধিছে।হ’য়, সিদিনা তাইক তেখেতৰ সৰু ভণ্টীৰ নিচিনা বুলি কৈছিল, মনত পৰিছে।বোধহয় ৰেগিঙৰ পৰা বচাবলৈ।তথাপি কিবা এটা ভাল লগা ভাব আহিল তাইৰ মনলৈ।মানবদালৈ শ্ৰদ্ধাৰ ভাব আহিল।ছেহ, তাইযে সিদিনা নমস্কাৰ এটাও নিদিলে।লাজ লাগি গ’ল তাইৰ। ভাল লগা ভাবটো তাইৰ বুকুৰ পৰা যেন ডিঙিলৈকে উজাই আহিব ধৰিলে।

“কি সুধিছিল তেখেতে মোৰ কথা?” ভাবি থাকোতে খাবলৈ পাহৰি চেঁ‌চা হৈ যোৱা চাহখিনি পেলাই দি সুধিলে তাই।

“খবৰ সুধিছিল আকৌ।সেই ল’ৰাকেইজনে আকৌ দিগদাৰি কৰিছে নেকি সুধিছিল।তই যে ভয় খাইছিলি তেওঁ বুজিছিল হেনো। সেইকেইজন বোলে বৰ বেয়া ল’ৰা। ধুনীয়া ছোৱালী দেখিলেই অশ্লীল টাইপৰ কথাবোৰ সোধে।থাণ্ডা মুণ্ডা ছোৱালীয়ে বৰ ভয় খায়। সেয়ে আমাক দেখি আগবাঢ়ি আহিছিল।”

“ও, মই ভাবিছিলো—-” কিবা কবলৈ গৈ ৰৈ গ’ল তাই।ডিঙিলৈকে উজাই আহিব ধৰা ভাবটো নামি গৈছিল।

তাইৰ ভাবান্তৰ দেখি চন্দনাৰ মজা লাগিল।তাই ধেমালি কৰিবলৈ কলে– “কি হ’ল? তই কিবা বেলেগ ভাবিছিলি নেকি? একো লাভ নাই। সেইজন একদম সাধুপুৰুষ হেনো।গাঁ‌ৱত এজনী প্ৰেমিকা আছে, টাইম পাছ কৰিবলৈ কিছুমানে যত্ন কৰিছিল হেনো। চব নেচেল।ল’ৰাজন পিচে সঁ‌চাকৈয়ে ভাল। ঈৰ্ষণীয় ব্যক্তিত্ব, সাংঘাতিক জনপ্ৰিয়।সকলোৱে সমীহ কৰে। ডিপাৰ্টমেণ্টৰতো সবকে একদম ঘৰুৱাৰ দৰে ব্যৱহাৰ কৰে। মোকো তই তই কৈহে কথা কয়। তই তেওঁকলৈ কিবা ভাবিছ যদি বাদ দে।মিছা মিছি পাছত মনত কষ্ট পাবি।”

“কিয় তেনেকৈ কৈছ? ল’ৰা-ছোৱালীৰ মাজত কিবা সেই এটাহে সম্পৰ্ক, এটা ভাবহে থাকিব পাৰে নেকি? তইও তেনেকৈ ভাবনে?”

” নাই নাই নাই।মই সেই ভাবত কোৱা নাই।তই যেনেকৈ গহীন হৈ গলি, কিবা ভাবিছ অথচ খুলিও নোকোৱা হলি, সেইবাবেহে সুধিছো। ইমান ভাল ল’ৰা, তেওঁকলৈ কিবা ভবাটো একো দোষৰ কথা নহ’য় দেচোন। নাই যদি থিকেই আছে। বেয়া পালি নেকি?”

কিছুসময় একো নমতা দেখি চন্দনা মেৰিনাৰ বিচনাত বহি ল’লে। তাই এনেয়েও গহীন -গম্ভীৰ ছোৱালী। আজি আৰু বেছি গহীন যেন লাগিছে।
“কি ভাবিছিলি কবিনে? মোকো কব নোৱাৰ? ” -মেৰিনাৰ কান্ধত হাতখন থৈ চন্দনাই সুধিলে।

সহৃদয় বন্ধুৰ পৰশত মেৰিনাৰ আবেগটো আকৌ উজাই আহিল।
“তেখেতেযে সিদিনা কৈছিল-মোক তেখেতৰ ভণ্টীৰ নিচিনা বুলি, আজিও তেনেকুৱা কিবা কৈছিল বুলি ভাবিছিলো।”

“কৈছিলতো।সুধিছিল, মোৰ ভণ্টীজনী কেনে আছে?- সেইবুলি।-কি হ’লনো তাতে?”

“নাই, হ’বদে। একো নাই।সিদিনা কৈছিলেই মই দেখাতহে তেখেতৰ ভণ্টীৰ নিচিনা! মইহে ভাবিব খুজিছিলো মোক তেখেতৰ ভণ্টীৰ নিচিনা লাগে বুলি কব বুলি।”

চন্দনাৰ আচৰিত হোৱাৰ পাল। এইজনীয়ে কি কয় এইবোৰ! ভণ্টীৰ নিচিনা দেখা আৰু ভণ্টীৰ নিচিনা লগা—-! এইজনী যেন বেলেগ মেৰিনা।

“তই কি কব খুজিছ খুলি ক। মই শুনিম।মাজে সময়ে তই আচৰিত ধৰণে অন্যমনস্ক হৈ যাৱ। কিয়? মই কিজানি তোক বুজি পাম । কচোন।”

” কওঁ‌ জানো? তই হাঁ‌হিবি চাগৈ। কলেজতো দুই এজন বন্ধুক কওঁতে হাঁ‌হিছিল।এনেয়ে চালে একো কথাই নহ’য়। তথাপি কওঁ বাৰু।তই বুজি পাবও পাৰ—

কি জান ,মোৰ সৰু ভাইটি এটা আৰু ভণ্টী এজনী আছে। মিলাপ্ৰীতিও আছে। তথাপি কিয় জানো, সৰুৰে পৰাই, বুজা হোৱাৰে পৰাই মই এজন ককাইদেউৰ অভাৱবোধ অনুভৱ কৰি আহিছো।নাজানো কিয়! প্ৰায়েই ভাবো- ককাইদেউ এজন থকা হ’লে! নাই, নিজকে দুৰ্বল বুলি ভাবি, নিৰাপত্তাৰ আশাৰে কৰা অনুভৱ নহ’য়।সদায় কল্পনা কৰো- মোৰ এজন ককাইদেউ আছে, যি মোক হৃদয়ৰ সমস্ত মমতাৰে আবৰি ৰাখিব,মোৰ সকলো কামতে চকু দিব, শাসন কৰিব, উৎসাহ দিব, তেওঁ এজন ভাল ব্যক্তি হ’ব, মই তেওঁকলৈ গৌৰৱ কৰিম , অহংকাৰ কৰিম–। কলেজত যেতিয়া বিবেকৰ লগত প্ৰেমত পৰো, মোৰ অন্তৰখনে ককাইদেউক বিচাৰিছিল-মই যেন সুধিম- ককাইদেউ, এইজন বিবেক, মোৰ মনৰ পছন্দৰ মানুহ, থিক হ’বনে?”
—একেলেঠাৰিয়ে কথাখিনি কৈ মেৰিনাই মূৰ দাঙি চন্দনালৈ চালে।

” সেয়া, মই নকও বুলিছিলোনে? এয়া কবলগীয়া কথাই নহ’য়।মোৰ এয়া নিতান্তই আবেগজড়িত কথা। কাৰো লগত নিমিলে। কোনেও নুবুজে।নিজৰ মা-দেউতা, ভাইটি-ভণ্টিয়েই নুবুজে। বুজাৰ কথাও নহ’য় দেচোন।এয়া মোৰ হৃদয়ৰ আবেগ-অনুভূতিৰ কথা।এইবোৰ একান্ত মোৰেই। আন কাৰোবাৰ লগত এই অনুভৱ মিলিব লাগিব বুলিতো কথা নাই।হ’ব দে। তোকো বিৰক্তি দিলো। মানবদাক এইবোৰ নকবি।মই দেখাত তেখেতৰ ভণ্টীৰ নিচিনা। সেইবুলি, জুনিয়ৰ বুলি মোৰ খবৰ লৈছে, ভাল লাগিছে।সিদিনা চিনাকি হওঁ‌তে মই নামাতিলো, লাজ লাগিছে। মোৰ ফালৰ পৰা চ’ৰি বুলি কবি।”
——
“তোৰ মনটো মই বুজিছো কিজানি। মোৰ তেনেকুৱা অনুভৱ নাথকিব পাৰে,সেইবুলি এইটো বুজি পাও যে মানুহৰ মন বৰ বিচিত্ৰ।কাৰ অন্তৰে কি বিচাৰে সঁ‌চাকৈয়ে বুজা টান।কলেজ- বিশ্ববিদ্যালয়ত ল’ৰা-ছোৱালীৰ মাজত প্ৰেম-পিৰীতি হ’য়, বন্ধুত্বও হ’য়।কিন্তু এনেকুৱা সম্পৰ্কও হ’ব পাৰে। কিয় নোৱাৰে।যেনেকৈ সকলোৰে মাজত প্ৰেম নহ’য়, বন্ধুত্বও নহ’য় , মাথো কাৰোবাৰ কাৰোবাৰ মাজতহে হ’য়, তেনেকৈ এনেকুৱা হৃদয়ৰ বান্ধোনও চাগৈ কাৰোবাৰ কাৰোবাৰ মাজতহে হ’য়, কাৎচিত হ’লেও।তইও কিজানি তোৰ মনৰ মাজত লালন কৰা ককাইদেউক এদিন লগ পাবি। নিশ্চয়।
এতিয়া ব’ল, ভাতৰ বেল মাৰিলেই।”

—————————
একেৰাহে চাৰিদিন বন্ধ।হোষ্টেলৰ প্ৰায়বোৰ আবাসীয়েই ঘৰলৈ যাব। সিহঁ‌ত দুজনীও যাব। ক্লাছলৈ যাওঁ‌তেই বেগত কাপোৰ-কানি ভৰাই থৈ গৈছে।ক্লাছ শেষ হ’লেই বেগ লৈ ওলাই যাব।

——
ক্লাছ শেষ কৰি লৰালৰিকৈ ৰূমলৈ আহি মেৰিনাই দেখিলে চন্দনাইচোন ঘৰত পিন্ধা কাপোৰ পিন্ধি মেগি বনাই আছে।
“কি হ’ল? ঘৰলৈ নাযাৱ নেকি? দেৰি হ’ব। সোণকালে ওলা আকৌ।”

চন্দনাৰ মুখত মিচিকি হাঁ‌হি।
“কাইলৈ যাম। তয়ো যাব নালাগে আজি। কাইলৈ একেলগে যাম অইন এঠাইলৈ।তাৰ পৰা পৰহিলৈ নিজৰ নিজৰ ঘৰলৈ যাম।”

“কি সাঁ‌থৰ লগা কথা কৈছ? দেৰি হৈছে, ঘৰ পাওতে ৰাতি হ’ব। সোণকাল কৰ।”

“আগতে এইখন পঢ়। তাৰ পাছত কবি আজি যাৱনে কাইলৈ যাৱ। যি কৱ, তাকে কৰিম। হো ল।” — ভাজ কৰা কাগজ এখন মেৰিনালৈ আগবঢ়াই দিলে চন্দনাই।

আশ্বাৰ্যচকিত মেৰিনাই কাগজখন লৈ পঢ়িবলৈ ধৰিলে—

মৰমৰ ভণ্টী,

চন্দনাৰ মুখৰ পৰা তোমাৰ মনৰ কথাবোৰ জানিলো। নাই, আচৰিত হোৱা নাই। মই ভাবো, তেজৰ সম্পৰ্কই সকলো নহ’য়। মোৰ সহোদৰা দুজনী ভণ্টী আছে। তাৰ মানে এইটো নহ’য় যে মোৰ মৰমখিনি সিহঁ‌ত দুজনীক আধা আধাকৈ ভগাই দিছো। মৰম এনেকৈ ভাগ নহ’য়। অন্তৰত যি মৰম থাকে সি সমানে বিলাব পাৰি বহুতকে, যাক আপোন ভবা যায়, আত্মীয় ভবা যায়।মোৰ আৰু এজনী ভণ্টী থাকিলেও সমানেই মৰম পালেহেঁ‌তেন।মোৰ মাজত যদি তোমাৰ ককাইদেউজন বিচাৰি পাইছা, তেন্তে মই সঁ‌চাকৈয়ে সুখী হ’ম।

কাইলৈ সৰু ভণ্টীৰ জন্মদিন।সিহঁ‌ত দুজনী হাইস্কুলত পঢ়ে।সিহঁ‌তৰ লগত সকলো কথা পাতিলো।কাইলৈ জম্মদিনটোতে সিহঁ‌তে নতুনকৈ পোৱা বায়েকজনীক লগ পাবলৈ আশা কৰিছে। মই কাইলৈ ঘৰলৈ যাম। তোমাৰ ঘৰৰ পৰা অনুমতি দিলে ওলাবা। চন্দনাও যাব। তাই ইতিমধ্যে ঘৰৰ অনুমতি লৈছেই। কাইলৈ আমাৰ ঘৰত থাকি পৰহিলৈ মই ডাঙৰ ভণ্টীৰ ঘৰলৈ যাম, সকলোৰে লগত চিনাকি হ’ম। হ’মনে বাৰু? ঘৰলৈ কেনেকৈ, কেতিয়া যাম চন্দনাই জানে।কুশলে থাকা।
—–ইতি—
মানব ককাইদেউ।

চিঠিখন পঢ়ি শেষ কৰেমানে মেৰিনাৰ চকু পানীৰে উপচি পৰিল। আবেগত তাই চন্দনাক সাবটি ধৰিলে। অতপৰে চন্দনাই তাইকেই চাই আছিল।

“কি হ’ল? মানবদাক পিছে কি কম? ঘৰলৈ আজিয়েই যাবি নে কাইলৈ? যদি আজিয়েই——“

চন্দনাৰ কথা শেষ নহ’লেই। চিঠিখন দুহাতত তুলি চন্দনালৈ চাই উজ্জল হাঁ‌হিৰে তাই ক’লে—-ককাইদেউ, ককাইদেউৰ লগত যাম কাইলৈ।ব’ল, ভণ্টীলৈ বাৰ্থডে গিফট এটা কিনি আনোগৈ।

অকস্মাৎ যেন মেৰিনাৰ বুকুখন পাতল পাতল লাগিল।বুকুত অনুভৱ কৰি থকা দুখৰ হেঁ‌চাটো যেন আনন্দৰ লোতকে ধুৱাই নিলে।মনটো তাইৰ উৎফুল্লিত হৈ উঠিল। ককায়েকক কি কি কব ভাবিবলৈ ধৰিলে। সব কব, অতদিনে মৌনতাৰ সূতাৰে গাঠি থোৱা সাঁ‌চতীয়া কথাবোৰ। বিবেকৰ কথাও ক’ব।
তাইৰ তামোলৰ ঢকুৱাৰ গাড়ীত উঠিবলৈ মন গ’ল। ককায়েকৰ লগত বগৰী পাৰিবলৈ যাবলৈ মন গ’ল।
ব্ৰিফকেছটো খুলি তাই সেই তাহানিতে মাধব চাৰক লিখি দেখুওৱা চিঠিখন উলিয়ালে।ভাজ খুলি চালে আৰু হেণ্ডবেগটোত ভৰাই ললে। কাইলৈ চিঠিখন ককায়েকক দেখুবাই ক’ব— চোৱা, সেই তাহানিতেই তোমালৈ লিখা চিঠি, এয়া তাৰিখ চোৱা; আজিহে দিবলৈ পালো। অতদিনৰ মূৰত।

“কি হ’ল আকৌ তোৰ? ঘৰত কথাটো নকৱ নেকি? ফোন কৰ আকৌ। নে মন ঘুৰিল আকৌ। আজিয়েই যাবিনে কি তাৰমানে ? ওলাও তেনেহলে ময়ো।”

“ধেত এইজনী, জোকাই নাথাকিবি দেই।” কৃত্ৰিম ধমক এটা মাৰি মেৰিনাই মোবাইলত মাকৰ নম্বৰটো লগাব ধৰিলে।
পৰহিলৈ ককায়েকক লৈ কি কি কৰিব, ক’ত ক’ত ফুৰিব মনতে তাকো ভাবিবলৈ ধৰিলে।
কাইলৈ কেতিয়া ৰাতিপুৱাব জানো!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments