ককাদেউতা আৰু নাতি ল’ৰা( -ঈশানজ্যোতি বৰা)

নাতি:ককাদেউতা,কালি তুমি অকণমানি সাধু এটা কৈ গা সাৰিলা৷আজি এটা ডাঙৰ সাধু ক’ব লাগিব৷নহ’লে নেৰোঁ৷
ককা:বাৰু শুন,আজি এটা ডাঙৰ সাধুকে ক’ম৷ সাধুটোৰ নাম হ’ল- ‘সৰস্বতীৰ প্ৰসাৰ আৰু সম্প্ৰচাৰ’
বহু বছৰৰ আগৰ কথা৷তৰুণ গগৈৰ জন্ম তেতিয়া হোৱাই নাছিল৷বৰঅসমৰপিছপৰাগাঁওমালিগাঁৱত সৰস্বতী নামৰ এজনী ছোৱালীয়ে জন্মলাভ কৰিলে৷ লাহে-লাহে তাইডাঙৰ হ’ল৷যথাসময়ত,বাপেকে তাইক “দিল্লী পাব্লিক স্কুল” নামৰ ভঙা-চিঙাপাঠশালাখনলৈ পঠিয়াই দিলে৷অৱশ্যে,পঢ়া-শুনাত তাইৰ সিমান ৰাপ নাছিল৷মাষ্টৰে তাইৰজ্ঞান দেখি তাইক “মণি কুমাৰ চুব্বাৰ নাতিনী” আৰু লগৰ সমনীয়াই“ফিমেল্ৰূপজ্যোতি কুৰ্মী”বুলি ঠাট্টা-মস্কৰা কৰিছিল৷ এনেকৈয়ে তাই ইতিকিং,তাচ্ছিল্যসহি সহি জীৱন কটাবলৈ ধৰিলে৷কিন্তু,নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!!ফাঁচীবজাৰনামে অটব্য অৰণ্যখনত(আজিকালি ফেঞ্চীবাজাৰ বুলি জনাজাত)তাই এদিন লগ পালে “গৰম লাইভ” নামৰ নিউজ চেনেলটোৰ সংবাদকৰ্মী তথা দুজন বিশিষ্ট মহাপুৰুষশ্ৰীশ্ৰীশ্ৰীক্ৰন্দন ৰক্তিম কৰ্মা বৰদলৈদেৱ আৰু কাদিৰ হুছেইনদেৱক৷
বৰদলৈ-কি হ’ল তোমাৰ? এনেকৈ কান্দি আছা কিয়?মোক সকলো খোলা-খুলি কৈ দিয়া৷
সৰস্বতী:জানে দাদা,মোক যে চবেই ইমান ইনছাল্ট কৰে,ইমান যে মেন্টেল টৰ্চাৰকৰে,একেবাৰে মৰি-যাম মৰি যাম লাগি থাকে৷সেয়ে,আজি এই ফৰেষ্টখনতে নিজৰ নখ আৰুচুলি কাটি আত্মহত্যা কৰিম বুলি প্ৰমিজ কৰিছোঁ৷
হুছেইন:ন’ন’!ছুইচাইড নকৰিবা৷আমি তোমাক তেনে কৰিবলৈ নিদিওঁ৷
সৰস্বতী:সঁচা!!!
বৰদলৈ:এক্কেবাৰে সঁচা৷তোমাক আমি ফেমাচ্ কৰি দিম৷
সৰস্বতী:কেনেকৈ?
হুছেইন:তুমি এটা কাম কৰা৷সৌ হোটেলখন দেখিছা?“অসমিয়া মানুহৰ স্মাইল-ট্ৰেজেদি”বুলি যে লিখা আছে৷
সৰস্বতী:কিন্তু,দাদা আই থিংক অসমীয়া বানানটো ভুল হৈ আছে৷
হুছেইন:বৰি বৰি চেহৰো মে এইছি ছোটি ছোটি চিজ হোতি ৰহতি হ্যেয় চেন’ৰিটা৷এনিৱে,তালৈ তুমি যোৱা আৰু গৈ পেলাই তুমি “ঔঁম ৰাহুল গান্ধী,ঔঁম ৱমেন্এমপাৱাৰমেন্ট”বুলি চিঞৰি চিঞৰি মন্ত্ৰ মাতি থাকা৷মাত্ৰ পাঁচমিনিটৰ পাছতেইৰাহুলজী আহিব আৰু তোমাক ফেমাচ্ কৰি দিব৷
হুচেইনৰ কথা শুনি সৰস্বতীআনন্দত বিভোৰ হ’ল৷আৰু দৌৰি দৌৰি হোটেললৈ গ’ল৷ ইপিনে,হুছেইন আৰু বৰদলৈয়ে এইবিৰলদৃশ্য লাইভ সম্প্ৰচাৰ কৰিবলৈ দহঠাইত বিশটা থ্ৰি-ডি কেমেৰা“ফিট্”কৰিলে৷ব্ৰেকিং নিউজত-“চুইচাইদ কৰিবলৈ অহা যুৱতীৰ শেষ পৰিণতিচাওকলাইভ”বাক্যষাৰি ইতিমধ্যেই জিলিকি উঠিছিল৷
সিপিনে,সৰস্বতীও মন্ত্ৰ মতাত লাগি গ’ল৷ৰৈ থকাৰ যে সময় নহয় এতিয়া৷
“ঔঁম ৰাহুল গান্ধী,ঔঁম ৱমেন এমপাৱাৰমেন্ট”
“ঔঁম ৰাহুল গান্ধী,ঔঁম ৱমেন এমপাৱাৰমেন্ট”
“ঔঁম ৰাহুল গান্ধী,ঔঁম ৱমেন এমপাৱাৰমেন্ট”
পাঁচ মিনিট নহ’লেই৷ৰাহুলজী আহি হাজিৰ৷মুখত এসোপা দাড়ি৷বহুদিন যে তেখেতেদাড়ি খুৰোৱা নাই,অলপ মগজু খটালেই ধৰিব পাৰি৷মানুহটো আজিকালি বিৰাট ব্যস্ত৷
ৰাহুলজী:ক্যা হোৱা বেহেনা?মানে,কি হ’ল ভন্টি৷
সৰস্বতী:পৰভু!মোক কোনেও পাত্তা নিদিয়ে৷সকলোৱ মোক তামাম ইনছাল্ট কৰে৷আপুনি কুছ কিজিয়ে ৷
কথা শুনি ৰাহুলজীৰ বিৰাট দুখ লাগিল৷অন্তৰ গলি গ’ল৷চকুত অশ্ৰু জিলিকিল৷অলপ পৰ ভাবি তেখেতে ক’লে-
‘মই বুজিছোঁ৷চোৱা,তুমি চিন্তা নকৰিবা৷মই তোমাক বৰ দিছোঁ যে যিসকল মানুহেতোমাক আজি লঘু-লাঞ্চনা কৰিলে,যিসকল মানুহে তোমাক অ’তদিনে তাচ্ছিল্য-উপলুঙাকৰিলে,সেইসকল মানুহে অহাবছৰৰ পৰা তোমাক পূজা কৰিব৷তোমাৰ পূজা হ’ব৷সৰস্বতীপূজা৷প্ৰতি বছৰৰ এটা নিৰ্দিষ্ট দিনত তোমাক সকলোৱে পূজা-অৰ্চনা কৰিব৷তোমাকপাবলৈ মানুহ বলিয়া হোৱাদি হ’ব৷ল’ৰা-ছোৱালী,ডেকা-বুঢ়া সকলো৷কোনো বাদনৰয়৷’-এইবুলিকৈ পৰভু অন্তৰ্ধান হ’ল৷
ৰাহুলজীৰ মুখত এই অমৃতবাণী শুনিসৰস্বতী আনন্দত বিভোৰ হৈ পৰিল৷ আপোন-পাহৰা হৈ পৰিল৷ ম’বাইলত থকা “জানমণি,তোমাৰ বাবে”গানটো বজাই অলপ কঁকালো ঘূৰাই ল’লে৷ আৰু ক’ব নোৱাৰাকৈয়েতাইৰ মুখৰ পৰা ওলাই আহিল- “চুখী ভাৰত!চমৃদ্ধিচালী ভাৰত!!”
“আৰুসেইদিনাৰপৰাই আমাৰ মুলুকত সৰস্বতী পূজা নামৰ এভাগ পূজা বিৰাটআড়ম্বৰপূৰ্ণভাৱে পালন কৰা হৈছে৷”সাধুটোৰ অন্তিম বাক্যশাৰী কৈ ককাই সাধুটোশেষ কৰিলে৷
ককা:এতিয়া ক’চোন বোপা,সাধুটো কেনে পালি?
নাতি:একদম মস্তি৷ছুপাৰ্ব!ছুপাৰহিট!!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

Val lagil

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক