ককা -অৰ্ণৱ প্ৰাণ বৰদলৈ

 

ৰাতিপুৱাই গাঁওখনত হুৱাদুৱা লাগিল। ৰাতিৰ কিনকিনিয়া বৰষুণজাকৰ পিচত বেলিটোৱে এঙামুৰি এটা দি মুখ দেখুৱাইছিলহে। নামঘৰটোত চলি থকা ভাগৱত পাঠভাগত সেয়া বৰভগীয়াৰ পাঠক আতাৰ স্ৱৰটো সেমেকি অহা যেন লাগিছে। সাপ্তাহিক বজাৰখনলৈ বুলি পুতুকনে কালিয়েই পাৰি থোৱা নাৰিকলকেইটা আৰু তামোল দুপোন কেঁকোজেকোকৈ চাইকেলখনত বান্ধি লৈছিলহে, খবৰটো পায়েই সিও বেৰখনতে চাইকেলখন আঁউজাই পিচফালৰ বাটটোৰে খৰখেদাকৈ খোজ ল’লে। যাওঁতে ভঙা জেওৰাখনত নতুনকৈ কামিকেইডালেৰে জোৰা দি থকা বহীমনকো লগতে লৈ গ’ল। তিনিআলিৰ মহেনেও এপাত এপাতকৈ খুলিবলৈ লোৱা দোকানৰ জাপকেইখন দুগুণ বেগেৰে আকৌ জপাই চাইকেলখনত উঠিল। মুহূৰ্ততে যেন গাওঁখনত এক নিস্তদ্ধ পৰিৱেশৰ সৃষ্টি হ’ল।

প্ৰথম শ্ৰেণীৰ বেলটো বজাই লৰালৰিকৈ মহীধৰে আহি মোক খবৰটো দিলেহি। নামঘৰীয়া ককা হেনো ঢুকাল। এৰা, গাঁওখনৰ বটবৃক্ষহেন লক্ষ্মী ককাই আজি আমাক শূন্য কৰি পৰলোকলৈ যাত্ৰা কৰিলে। হাতৰ নোটবহীখন টেবুলতে পেলাই মই চাইকেলখন টানি আলিবাটত উঠিলোঁ। ৰাতিৰ বৰষুণজাক বৰকৈয়ে টান আছিল বোধকৰোঁ, বাটটোৰ দাঁতিত ঠায়ে ঠায়ে পানীৰ দোঙা বান্ধিছে। মই পানীৰ ছিটিকনিবোৰ আওকাণ কৰি কেৱল পেডেল মাৰিছোঁ। এই গাঁওখনৰ মই স্থায়ী বাসিন্দা নহয়, কিন্তু টেটৰ চাকৰিসূত্ৰে তিনিখন জিলা পাৰ হৈ পোৱা নৈকাষৰীয়া এই সৰু গাঁওখন আৰু চাৰিখন গাঁও সামৰি এই প্ৰাথমিক বিদ্যালয়খনেই আজি আঠমাহ ধৰি মোৰ আপোন ঘৰ যেন হৈ পৰিছে। মৌজাদাৰ খুড়াৰ ঘৰৰ সৰু কোঠালী এটা ভাড়ালৈ বুলি লোৱাৰ পিচত গাঁৱৰে হাইস্কুলীয়া ল’ৰা-ছোৱালীকেইটামানক মই গধূলি লাইব্ৰেৰীটোতে টিউচন কৰোঁ। আচলতে টিউচন বুলিলে ভুল কোৱা হ’ব, বানে জুৰুলা কৰা গাঁওখনত, যোৱাবাৰ পূজাত মইহে সিহঁতক জোৰকৈ সাঁচতীয়া পইচাৰে কাপোৰ অলপ দিলোঁ, ফিজৰ নামত মাজে সময়ে ওলকচু, পানীলাও জাতীয় কিবাকিবি সিহঁতে আলফুলে আনি চাইকেলতে ওলোমাই দিয়ে। সদায় সাতমান বজাত সিহঁতক বিদায় দি লাইব্ৰেৰী ঘৰৰ তলাটো মাৰি মই ভূপেনদাৰ গানৰ কলি এটা গুণগুণাই ৰূমলৈ উভতো। আৰু এনে কোনো জোনাকী গধূলিতেই ককাৰ সৈতে মোৰ প্ৰথম চিনাকি।

শুধ বগা চুৰীয়াখনেৰে বাটৰ কাষত বিচনীখন লৈ বহি থকা আশী উৰ্ধৰ ব্যক্তিজনক প্ৰথমে মই দুদিনমান লক্ষ্য কৰিহে গৈছিলোঁ, কথা-বতৰা হোৱা নাছিল। পিচত এদিন মহীধৰক সুধোতে সি ক’লে- সেয়া আমাৰ নামঘৰীয়া ককা মানে লক্ষ্মীধৰ ককা। গাঁৱৰ নামঘৰৰ মাটিকণ বানে খহাই নিয়াৰ পিচত এতিয়াৰ মাটিকণ তেওঁলোকেই দিয়া বাবেই তেওঁক সকলোৱে মৰমতে নামঘৰীয়া ককা বুলিয়ে মাতে। এটা সময়ত শিক্ষাৰ পোহৰ নপৰা গাঁওখনত বিদ্যালয় এখন লাগে বুলি চহৰৰ বিষয়াৰ ওচৰলৈ ওলোৱা মানুহৰ দলটিৰ নেতৃত্বও হেনো ককায়েই দিছিল আৰু তাৰে পৰিণতিতেই আজি এই প্ৰাথমিক বিদ্যালয়খন। পাছদিনা ময়েই গধূলি চাইকেলৰপৰা নামি ককাৰ চৰণ স্পৰ্শ কৰিলোঁ। “ঈশ্বৰে ভালে ৰাখক” বুলি ককাই কোৱা বাক্যশাৰী আজিও মোৰ হৃদয়ত বাজি আছে। তাৰ পিচত দেওবাৰটো এৰি সদায়ে গধূলি আমাৰ কথাৰ মহল বহে, বিচনীখন লাহে লাহে জোকাৰি ককাই বাট চাই মোলৈ। বেতৰ সৰু মূঢ়াটোতে ককা বহে, মই বনৰ ওপৰতে চেন্দেলযোৰ পাৰি বহোঁ। ককাই কৈ যায় এৰি অহা দিনবোৰৰ মিঠা স্মৃতিবোৰ, স্ৱাধীনতাৰ যুঁজ, নৈখনৰ বলীয়া বান, ভূপেনদাৰ লগত মঞ্চত উঠি গোৱা গানৰ সন্ধিয়াটো আৰু বহু কথা। ময়ো কওঁ ককাক চৰকাৰৰ নতুন আঁচনিবোৰ, মোৰ ভৱিষ্যতৰ সপোনবোৰ। আৰু লাহে লাহে এই গধূলিবোৰ মোৰ দিনপঞ্জীখনৰে অংশ হৈ পৰিল। ককাক গাঁওখনৰ সকলো লোকেই সমীহ কৰে, সকাম নিকামত আগস্থান দিয়ে। হাঁহিমুখীয়া ককায়ো যোজনা দুটিমান কৈ পৰিৱেশটো একেবাৰে মুখৰ কৰি তোলে। নামঘৰটো হোৱাৰ পাছত গাঁৱত তিনিটা খেল যদিও ককাহঁত কতোৱে নোসোমালে; ক’লে “প্ৰভুক মই ইয়াৰে পৰাই ভজিম, তেওঁ গাঁওখনৰ একো নোহোৱাকৈ ৰাখক এয়ে মোৰ প্ৰাৰ্থনা।” সেই হাঁহিমুখীয়া ককাজন আজি নাই। মোৰ চাইকেলৰ গতি বাঢ়ি আহিছে।

এদিন নিশা মই নহাত বাটত ৰৈ ৰৈ শেষত ককা ৰাতিখনেই গোলোকৰ চাইকেলতে ধৰি ধৰি মোৰ ৰূম পালেগৈ। তীব্ৰ জ্বৰত কঁপি থকা মোক শুবলৈ দি নিজহাতে ভাত এমুঠি বনাই খুৱালে। ধেৰ ৰাতিলৈকে মোৰ মূৰত হাত বুলাই থাকিলে ককাই। ককাৰ চকুত মই এক অদ্ভুত সুখৰ চাৱনি দেখিলোঁ সেইদিনা। জ্বৰৰ প্ৰকোপত নে হৃদয়ৰ আহ্বানত নাজানো, মোৰ মুখৰ পৰা স্বঃস্ফূৰ্তভাৱেই ওলাইছিল, “ককা, জানে আইলৈ কেতিয়াবা বৰকৈ মনত পৰে। সৰুতেই জ্বৰ হওতে এনেকেই আয়ে মোক গোটেই ৰাতি হাত বুলাই থাকিছিল। চহৰৰ কলেজলৈ যোৱাৰ পিচত ভালকৈ আইক চাবলৈয়ে ন’হল, আইৰ চামৰাৰ ছেন্দেল পিন্ধাৰ সপোনটো মই পূৰাব নোৱাৰিলোঁ ককা।” মোৰ কেতিয়ানো টোপনি আহিল গম নাপালোঁ। ককাক হেনো পাছত বৰটো পুতেক ডাঙৰদাদাই লৈ গ’লহি। দুদিনমান ককাক মই ওলাই অহা নেদেখিলোঁ, তৃতীয়দিনা লগ পালোঁ ককাক, মনটো কিছু গোমোঠা। মোক ক’লে “পোনা, মই বাৰু সেইদিনা তোৰ কাষলৈ গৈ বেয়া কৰিলোঁ নেকি?” কেঁকুৰিটো ঘূৰিলেই সেয়া ককাৰ পদূলিমুখ।

চাইকেলখন ৰাস্তাতে থৈ মই খোলা গেটখনেৰে সোমাই গ’লোঁ। ককাক লগ পোৱা মোৰ ছমাহৰো ওপৰ হ’ল যদিও গেটখন পাৰ হৈ মই কাহানিও ভিতৰ সোমোৱা নাই, ককাইয়ো কেতিয়াও জোৰ কৰা নাই। গধূলি আমাৰ কথা-বতৰাৰ মাজতে মাজে মাজে যেতিয়া পুতেক-বোৱাৰীয়েকৰ কাজিয়াৰ টুকুৰাবোৰ ঘৰখনৰ পৰা ভাঁহি আহে, ককাই মূৰ দোঁৱাই নিশ্চুপ হৈ ৰয়। কেতিয়াবা কথাৰ টুকুৰাবোৰ স্পষ্ট হৈ আহে, ককাই মোক কয় “পোনা তই যা এতিয়া, ভাত ৰন্ধাৰ সময়ো হ’ল নহয়।” ময়ো একো নোকোৱাকে চাইকেলৰ পেডেল মাৰোঁ। বিহুৰ দিনা গধূলি তিলপিঠাকেইটামান নতুন গামোছাখনৰ তলতে সুমুৱাই দি ককাই কৈছিল “পোনা, এয়া ল তোলৈ মোৰ ফালৰ পৰা বিহুৰ উপহাৰ।” চকামকাকৈ মই সেইদিনা ককাৰ চকুত চকুলো দেখিছিলোঁ। সেয়া চোতালত ককা নীৰৱে শুই আছে। মানুহজনৰ মুখখন সেমেকা, যোৱা এসপ্তাহমান মই লগ পোৱা নাই ককাক, পুৰণি বুকুৰ বিষটোৱে হেনো আকৌ উক দিছে। সদায় টিউচনৰ পৰা উভতোতে মই টিলিঙাটো তেও এপাক বজাই যাওঁ, সেয়া ককাৰ কঢ়া নিৰ্দেশ। ডাঙৰজন ল’ৰা চুকটোতে বহি আছে, মোলৈ মূৰ তুলি নাচালে। মই একো নামাতিলোঁ। যোৱা সাপ্তাহিক বজাৰত দাদাক পাই কৈছিলোঁ- “দাদা, ককাক চহৰৰ ডক্টৰজনৰ ওচৰলৈ লৈ যাওঁ বলক।” মোলৈ ঘোপাকৈ চাই তেওঁ ক’লে- “কি কৰিব লাগে আমি কৰিম, তুমি উপদেশ দিবলৈ নাহিবা।” আৰু একো নকৰাকৈয়ে ককা গুচি গ’ল। মই নীৰৱ দৰ্শক হৈ থকাৰ বাহিৰে আৰু একোৱেই কৰিব নোৱাৰিলোঁ। এক চৰম গ্লানিয়ে যেন মোক এপাত চৰ সোধাই গ’ল।

মানুহবোৰে লাহে লাহে জুম বান্ধিছে। দেউৰী বৰদেউতাহঁতে গোসাঁইঘৰৰ পিৰালিতে বহি ঘোষা গাইছে, সেয়া হেনো ককাৰ প্ৰিয় ঘোষা আছিল। প্ৰাথমিক স্কুলখনত সেয়া ছুটী দিছে, লৰা ছোবালীবোৰ দৌৰি আহিছে ককাক চাবলৈ। কোনোবা এজনে ফোনত কথা পাতিছে “হেল’ হেল’ সৰুসোণনে?” সৰুটো ল’ৰা আজি বাংগালোৰৰ পৰা ট্ৰেইনত উঠিছেহে, ঘৰ পাওঁতে কমেও দুদিন। ককাৰ চৰণত মূৰটো দোঁৱাই কিছুপৰ ৰ’লোঁ। বাৰাণ্ডাত সেয়া হেলনীয়া চকীখনত বাতবিষে কোঙা কৰা আইতা, চকুৰ পানীবোৰ শেষ হৈ গৈছে যদিও চাদৰৰ আঁচলখন এতিয়াও তিতিয়ে আছে। মই আঠু লৈ বহি পৰিলোঁ আইতাৰ কাষত। মূৰটো লাহেকৈ বেঁকা কৰি আইতাই মূৰত হাত থ’লে, “পোনা…“ শব্দটোহে ওলাল, বাকী “আহিলি তই“ শব্দটো আইতাৰ ওঁঠখনেই নীৰৱে ক’লে। আইতাই কঁপা কঁপা হাতখনেৰে কঁকালৰ খুচনিত হাত দিলে। মই নীৰৱে চাই থাকিলোঁ। এটা কমলা ৰঙৰ জাপখোৱা খাম আইতাই মোৰ হাতত লাহেকৈ তুলি দিলে। মই আলফুলৈ খামটো খুলিলোঁ, ভিতৰত এয়া চাৰিশ একাৱন্ন টকা আৰু এখন সৰু কাগজ। আখৰবোৰ কঁপা হাতেৰে লিখাযে দেখিলেই বুজিব পাৰি। “পোনা, এয়াই মোৰ পেঞ্চনৰ শেষ টকা, তোৰ যোৱাটো জন্মদিনত একোৱেই দিবলৈ ন’হল নহয়। এইবছৰ ভাল হাফ চাৰ্ট এটা কিনি লবি। এটা কথা তোক কবলৈয়ে নহল অ’, তোক মোৰ নিজৰ পোনাটোৰ দৰেই লাগে সদায়, ঈশ্বৰে ভালে ৰাখক।” মই আৰু ৰ’ব নোৱাৰিলোঁ, চাইকেলখন জোৰেৰে খামুচি বাট পালোঁহি। দূৰত সেয়া নামঘৰৰ দবাৰ শব্দই আকাশ চুইছে, বোধকৰো এটি অধ্যায়ৰ সামৰণি পৰিছে।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক