ককা – বীৰেন হালৈ

১৯৭০ চনৰ পৰা ১৯৭৫ চনৰ ঘটনা৷

মামাহঁতৰ ঘৰলৈ ওলাইছোঁ; মা, মই আৰু মাৰ কোলাত কণমানি ভণ্টি৷

মনত খুব স্ফূৰ্তি৷ পেঘেনিয়াই পেঘেনিয়াই দেউতাৰ পৰা অনুমতি পাইছোঁ যেতিয়া আৰু কোনে মাতে!

মামাহঁতৰ ঘৰখনত মোৰ অবাধ স্বাধীনতা৷ ককা, আইতা, মামা, মামী, মাহী আদিৰে ভৰি থকা ঘৰখনৰ সকলোটি প্ৰাণীয়েই মোক লৈ ব্যস্ত হৈ পৰে ঘৰৰ পদূলিমুখ পালেই৷

: পাগলা ভাগিন আহিলা নেকি?

চুবুৰীৰে সমন্ধীয়া মামা এজনে দেখা পাই দূৰৈৰ পৰা ৰিঙিয়ায়৷ মোৰ লাজ লাগে৷

: মা, মামাজনক কোৱাচোন, মই এতিয়া ডাঙৰ হৈছো বুলি৷

  • লগে লগে মাৰ ওচৰত মোৰ গোচৰ৷

মই মামাহঁতৰ গাঁৱত ’পাগলা ভাগিন’ বুলিহে জনাজাত৷ কাৰণ, মই হেনো সকলোতে জেং লগাই ফুৰো৷

বৰ জীয়াৰীৰ বৰ নাতিৰ সুবাদত, ঘৰখনৰ আটাইৰে মই হৈছিলোঁ মধ্যমণি৷ তাৰে ভাগ এতিয়া ভণ্টিয়ে পাইছে৷

প্ৰতিদিন ককাই দোকানৰ পৰা মোৰ বাবে স্পেচিয়েল লুজেন, বিস্কুট আদি আনি মোৰ পকেট ভৰাই থৈছিল৷ সেই বাবে ককা হ’ল মোৰ ফেভাৰিট ব্যক্তি৷


এইবাৰো চোতালত ভৰি দিয়েই মই চিঞৰিলো- “ককা ক’ত? “
মানে, মোৰ প্ৰিয় লুজেন, বিস্কুট লাগে বুলি পাকে প্ৰকাৰে জনাব খুজিলোঁ৷

: ককাৰ ওচৰলৈ নাযাবা৷ কি লাগে মই আনি দিম৷ – মাহীয়ে কলে৷

মোৰ সৰু বুকুখনত কোনোবাই হাতুৰীৰে কোবোৱা যেন লাগিল৷ কিয় যাব নালাগে, ক’ত আছে ককা আদি অলেখ প্ৰশ্নেৰে মাহীক ব্যতিব্যস্ত কৰি তুলিলোঁ৷

এইবাৰ আগৰ দৰে মামাহঁতে মোক লৈ কোনো উচাহ নেদেখুৱালে৷ আদৰ-সাদৰ কৰিছে ঠিকেই, কিন্তু একাত্মতা নাই৷

লাহে লাহে ককাক বিচাৰি এটা সময়ত মই বাৰীৰ চুক পালোঁ৷ সৰুকৈ সজা পঁজা এটি দেখা পাই ভিতৰলৈ সোমাই গৈয়েই আৱিষ্কাৰ কৰিলোঁ ককাক৷

“ককা! “

এখন চাঙৰ ওপৰত ওপৰমুৱাকৈ ককা শুই আছিল৷ চকুত কুহুমীয়া চকুলো৷ মূৰ ডাঙি মোলৈ সজল নেত্ৰে চাই আছে নিৰ্বাক হৈ…

মাহীৰ পৰা কোনো সদুত্তৰ নাপাই ৰান্ধনিঘৰতে আইতাক সুধিলোঁ৷ আইতাই চাদৰখনৰ আঁচলেৰে মুখ লুকুৱাই চকুলো মচি, চমুকৈ গাঁৱৰ মানুহে বেয়া পায় বুলিহে কৈ থ’লে৷ কিয় বেয়া পায়, তাৰ কোনো উত্তৰ নিদিলে৷

ককাক মোৰ ভাল লাগে৷ অতি মৰমিয়াল, নম্ৰ স্বভাৱৰ৷ কাৰো লগত হাই-কাজিয়া কৰি নোপোৱা মানুহজনক গাঁৱৰ ৰাইজে কিয় বেয়া পায়, মোৰ অপৈণত মগজে সেই পাকলগা কথাবোৰৰ আঁত ধৰিব নোৱাৰিলে৷

ককাৰ দোষ নথকা নহয়৷ চাং-গোহালিৰ তলত বহি মলা-ধঁপাত খোৱা তেওঁৰ পুৰণিকলীয়া অভ্যাস আৰু বাহিৰলৈ গ’লে বিড়ি হুপিছিল৷

ককাৰ সোঁ-ভৰিৰ বুঢ়া আঙুলিটোত এডোখৰ পুৰণি ঘা৷ ঘাডোখৰৰ পৰা অনবৰত তেজ-পূজ ওলাই থাকে৷ আঙুলিটো ক্ৰমাৎ ক্ষয়িষ্ণু হৈ চুটি হৈ পৰিছে৷ দুপিয়াই দুপিয়াই খোজ কাঢ়িব লাগে৷

গাঁৱৰ গঞাই মামাহঁতক এঘৰীয়া কৰি থৈছে৷ জুই-পানী আলগ৷ গঞাৰ মিটিঙৰ সিদ্ধান্ত অনুসৰি ককাক বাৰীৰ পিছফালে স্থান দিবলগা হৈছে৷

বয়স হোৱাৰ পাছতহে মই এইবোৰৰ মৰ্ম বুজিব পাৰিছিলোঁ৷

উঃ কিযে নিৰ্মম ব্যৱস্থা! কি হৃদয়বিদাৰক যন্ত্ৰণা! সাগৰসম মনোকষ্টেৰে ছট্ ফটাই থকা এজন কুষ্ঠ ৰোগীক ৰাইজে ঘৃণাৰ চকুৰে চোৱাই নহয়, সমাজৰ আৱৰ্জনা হিচাবেও গণ্য কৰিছিল৷

হোজা মানুহৰ বদ্ধমূল ধাৰণা- পাপী মানুহকহে হেনো এনেকুৱা বৰৰোগে আক্ৰমণ কৰে৷ গাঁৱৰ কোনো মানুহ নিতান্ত দৰকাৰ নহলে মামাহঁতৰ ঘৰলৈ নগৈছিল৷


ইয়াৰ পিছৰ কাহিনীখিনি লিখিবলৈ লৈ, মোৰ হাত কঁপি উঠিছে৷ কলম বাৰে বাৰে থমকি ৰৈছে৷ জৰ্ জৰকৈ আখৰবোৰত চকুলো সৰি কাগজবোৰ তেনেই তিতি গৈছে৷

কি যে নিষ্ঠুৰ অবিৱেচক সিদ্ধান্ত আছিল সেয়া! দুঃখিনী আইতাৰ হৃদয় ভাগি চুৰমাৰ নহ’বই বা কিয়? কিমান দিননো জীয়াই আছিল ককা অকলশৰীয়া হৈ? ইয়াৰ উত্তৰ কোনে দিব বাৰু?

নদন-বদনেৰে ভৰা ঘৰ এখনৰ গৰাকী হৈও ককাৰ স্থান বাৰীৰ চুকত৷ বৃদ্ধ অৱস্থাত নিজে সজা ঘৰৰ তলত থাকিবলৈ নোপোৱাৰ দুখ-বেদনা সহি সহি চকুলো টুকি থকা ককাক মই মনে মনে বেৰৰ জলঙাৰে চাইছিলোঁ৷

ঘৰ থাকিও অঘৰী হোৱা ককাৰ মুখ, এখন উকা কাগজৰ লেখীয়া হৈছিল৷ গুণ গুণকৈ ভগৱন্তৰ নাম-জপ লোৱা ককা বেছিভাগ সময় চাঙখনতে কটাইছিল৷

আইতাই চাহ-ভাতৰ যোগান ধৰে সময়মতে৷ ককাৰ জুপুৰিৰ পৰা ওলাই অহাৰ সময়ত আইতাৰ চকু হৈ পৰে জল্ জলা৷ ককাৰ ৰস-পূজ ওলাই থকা ঘা টুকুৰাৰ দৰে বৈ থাকে এধাৰি তপ্ত লোতক সেই চকুৰ পৰা৷ ঘাডোখৰ আইতাৰ চকুত ডগমগীয়া হৈ থাকে বহু সময়লৈ৷ সেই সময়খিনিত আইতাৰ কাষলৈ যাবলৈ মোৰ বৰ ভয় লাগে৷

সিবেলি মামাহঁতৰ গাঁৱৰ পৰা তীৰ্থস্থান ভ্ৰমণলৈ এটা দল ওলাল৷ বাছেৰে ভ্ৰমণ কৰিব৷ দলটোৱে ঘূৰি-পকি সৰ্বশেষত পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰি ঘূৰিব৷ কুৰি দিনৰ কাৰ্যসূচী৷

ককাকো ওলাবলৈ ক’লে৷ আইতাক লগ নল’লে৷ ভগৱান জগন্নাথ দৰ্শনৰ হেঁপাহেৰে ককা ওলাল৷

যোৱাৰ সময়ত দলপতিয়ে ডাঙৰ মামাৰ লগত ফুচ্ ফুচাই কিবা কথা পাতিলে৷

কেহেৰাজ বৰণীয়া চকুৰে মামাই যথেষ্ট পৰিমাণৰ কাপোৰৰ টোপোলা বান্ধি বাছত উঠাই দিলে৷ টকা-সিকা যিমান পাৰে দি ককাক সেৱা জনাই কেনিবা গুচি গ’ল৷

কিবা এটা অনুমান কৰি আইতাই শিৰত সেন্দূৰ লৈ ককাৰ ভৰিত পৰি হুৰাও-ৰাওৱে কান্দি বাউলী হৈ পৰিল৷ সেই দৃশ্যৰ বাংময় ৰূপ দিবলৈ এই লেখক অক্ষম৷

ঘৰৰ আটাইকেইটাৰে চকুৰ পানীৰে বাট নেদেখা অৱস্থা৷ ককাক লৈ বাছখনে গাঁও এৰি গুচি গ’ল, পিছফালে মামাহঁতলৈ এসোপামান ক’লা ধোঁৱা উৰুৱাই থৈ৷
….
….

সম্পূৰ্ণ বাইশ দিনৰ মূৰত তীৰ্থ ভ্ৰমণকাৰী দলটো আহি গাঁৱত উপস্থিত হয়৷ বাছৰ পৰা দলটো যেতিয়া নামে, তেতিয়া বাছত থকা এখন বিশেষ আসন খালি হৈ আছিল৷

ককা জগন্নাথ প্ৰভুৰ কাষৰ পৰা আৰু উভতি নাহিল…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক