কঙালীৰ কঁকালত বিষাদৰ টঙালি (মনজিৎ)

এই অলপ আগতে কঙালীক লগ পালো । তুলসী জোপাৰ কাষতে জুপুকা মাৰি বহি আছিল আমন জিমন কৈ । মই বোলো জলকা লাগিলি যে কথা টো কি । সেমেকা চকুৰে মোলে চালে কিন্তু একো নকৈ আকৌ মন মৰি ৰ’ল । মই এইবাৰ হেচুকি দি সুধিলো বোলো কিবা এটা ক । চা চোন তোক লৈয়ে আজি সকলোৱে তুলসীৰ তলে তলে চাকি জ্বলাইছে নাম কীর্তন কৰিছে প্রসাদ খাইছে । আৰু সোণালী আঘোণৰ সপোন ৰচি সেউজ পথাৰডৰাটো মাটিচাকিৰে তৰা জিলিকাইছে ।আহ আহ মন মাৰি নাথাক আলু ভাজি আৰু থুপথুপিয়া বুট দালিৰে লুছি পুৰি খাহি আহ ।
“ নাই ঔ মই একো নাখাও মোৰ মনটো বৰ ভাল নহয় । ” কঙালীয়েই লাহেকৈ মাত দিলে
“ হেই এইডাল কি হৈছে ভাল কে ভাঙি পাতি ক, ট্রেজেডি নেফাল মিছা মিছি । ” ময়ো ধমক দিলো
“ নাই ঔ ট্রেজেডি ফলা নাই চাৰিওফালৰ পৰিস্থিতিবোৰ জুকিয়াই চাইহে মনটো বেয়া লাগি গৈছে ।” আকৌ কঙালীৰ সেমেকা উত্তৰ ।
“ এহ এই ডাল কি হৈছে খুলি ক । নহ’লে মই যাও । থগী বৰতাৰ ঘৰত বিহু খাবলে মাতিছে ” ময়ো খঙত ভোৰ ভোৰাই উঠিলো ।
“ ৰ খং নকৰ । আছলতে কি জান । মোৰ জন্মৰ দিন ধৰি আজিলৈকে অভাৱৰ কোলাতেই ডাঙৰ দীঘল হৈছো । কোনো কাহানীও কাকোৱেই কমপ্লেইন কৰা নাই । যি আছে তাতেই সন্তুষ্ট থাকিব চেষ্টা কৰিছো । পিছে সকলোৱে দেখোন মোক অভাৱী টোকোনা বুলি সদায় উপহাস কৰে পদে পদে । মাহী আইৰ চকুৰে অনাদৰ কৰে সঘনাই । মোৰ ঘৰত হেনো খুদকন এটাও পাবলে নাই । মোৰ দিনত হেনো সকলোৰে টনা টনি হয় ।আনফালে ভোগালী আৰু ৰঙালীক লৈ আটাইৰে ইমান উৎসাহ ইমান আয়োজন । দুখেই লাগি যায় সেয়ে । হেৰৌ শৰতক ময়েই লৈ আনো প্রতিবাৰে বোকোচাত তুলি, পিছে নাই সিও শেৱালি দুৱৰিৰে লগ লাগি পুজাক সন্তুষ্ট কৰাতেই ব্যস্ত হৈ পৰে । আৰু এই তাৰ ব্যস্ততাত সকলোৱে উঠি পৰি উজান দিয়ে । মোক কোনো কাহানীতেই এই তুলসীৰ তলতেই এৰিলে যি এৰিলেই আৰু কাৰো মোৰ খৱৰ লবলে আজৰিয়েই নাই । নৱৰাত্রী নে কি তাইক আদৰিবলেহে সকলো সাজু হৈ আছে দান্দিয়া নে ফান্দিয়া লৈ । সেয়ে আজি কালি মৃগ পহুও নচৰে ৰামচন্দ্রইও শৰধনূ নধৰে, তুলসী জোপা আৰু চাকিটোৱে ঠায়ে ঠায়ে মোৰ অস্তিত্বৰ উমান দিয়াৰ বাদে মোৰো বি এচ এন এলৰ লেন্দ ফোনটোৰ দৰে প্রায় একেই অৱস্থা । মোৰ ভাগত চৰকাৰী বন্ধ এটাও নিমিলা হ’ল আজিকালি । কিন্তু এটা কথা থিক মানুহে মোক কঙালী বুলি হাঁহিলেও মই কিন্তু কাহানিও মানি নলও কথাষাৰ । মই যদি কঙালীয়েই হও মোৰ দিনতেই পুজাৰ নামত বিধে বিধে কাপোৰ কানিকে,বিধে বিধে খানা, নানা তৰহৰ ৰমক আইটেমৰে দলদোপ হেন্দোলদোপ ক’ৰ পৰা হয় সকলোৰে ঘৰে ঘৰে । বন্ধুৰ সতে আড্ডা, দামী এ চি ৰেস্টুৰেন্টত খানা.. সেই বোৰ ইমান অভাৱৰ মাজত ক’ৰ পৰা আহে ? কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল কঙালী বুলি মোক কোনেও পাত্তা নিদিলেও কৈ থও যে অসমীয়া জনজীৱনৰ ময়ো এক বাপতি সাহোন এক এৰাব নোৱাৰ অংগ । ৰঙালী ভোগালীৰ দৰে মোৰো আছে এক সুকীয়া ঐতিয্য । পিছে আজিৰ তাৰিখত তিনি শ্রেণীত ভাগ হৈ পৰিছে অসমীয়া সমাজ । এক শ্রেণীত আছে মন্ত্রী আমোলাকে ধৰি দুর্নীতি পৰায়ন বিষয়া ঠিকাদাৰ যি ক’লা টকাৰ গাদীত বহি ঘুণে খোৱা দি দেশ খন কুৰুকি কুৰিকি খাইছে যাৰ বাবে কঙালী বা মোৰ কোনো অস্তিত্বই নাই কাহানীও । তেওলোকৰ দিনে ৰাতিয়ে মাথো ৰঙালী আৰু ভোগালী তাকো একদম পশ্চিমীয়া ঢং চংত । এক শ্রেণীত আছে বানে সর্বস্রান্ত কৰা বা গোষ্ঠিগত সংঘর্ষই জুৰুলা কৰা দাল দৰিদ্র যাৰ বাবে ৰঙালী ভোগালী সপোনৰো আগোচৰ । যি গোটেই জীৱন কঙালী কঙালী কেই পাৰ কৰে। সেয়ে তেও লোক মোৰ প্রতি কোনো উৎসাহো নাই বা আন্তৰিকতাও নাই । আৰু এক শ্রেণী আছে যাৰ আকালো নাই ভড়ালো নাই, এক মাত্র তেওলোকৰ বাবেই মই তুলসীৰ তলত অন্তঃত মুকলিকে উশাহ অকন ল’ব পাৰিছো । যি চিলিণ্ডাৰৰ ৰাজসাহর্য্যৰ পতনেই হওক বা বজাৰৰ চৰা দামৰ উত্থানেই হওক বা চৰকাৰী সেচ্চাছাৰিতাৰ বিৰামহীন আস্ফালনেই হওক , সকলো মূৰ পাতি সহ্য কৰিও, সভ্যতা সংস্কৃতিৰ তিলমানো হীন দেড়ি হ’ব নিদিয়াকৈ মোৰ লগতে আন আন অসমীয়া বাপতি সাহোন বোৰো জীয়াই ৰাখিছে । পিছে দুখৰ কথা সময় অধিক গতিময় হোৱাৰ বাবে তেওলোকৰো ভাৱ ভক্তি তুলনা মুলক ভাৱে কমি আহি আছে দিনক দিনে । সেয়ে চিন্তা লাগি আছে ঔ । আৰু সেইবোৰ ভাবিয়েই মন একেবাৰে বেয়া ঔ । ”

“ হমমমম.. কথাটো থিকেই কৈছ ।বেছ চিন্তাৰেই বিষয় এইটো । পিছে বাদ দে সেই চিন্তা কালিৰ কথা ভাবি আজিৰ সময় খিনি কিয় নষ্ট কৰ মিছায়েই আহ আহ বঢ়িয়াকে এপেট মাৰি দিওগে । এনেও ২১/১২/১২ ত খুব জোৰকৈ গোটেই পৃথিৱীখন হিলি সকলোকে হিলাই সকলোৰে ৰঙালী ভোগালী কঙালী মিলাই এক কৰি পেলাবই । গতিকে এই পবিত্র সময় খিনি ট্রেজেডি ফালি শেষ নকৰ । ভোক লাগিছে হে, ব’ল ব’ল । ” ময়ো বিষয়টো পাতলাই পেলোৱাৰ চেষ্টা চলালো
মোৰ ভাবনাক বুজি কঙালীয়েও হাঁহিৰ ফাকেৰে হুমুনিয়াহ এটা এৰি ক’লে
“ হে: হে: ব’ল ব’ল মোৰো ভোক লাগিছে । ” আৰু দুয়ো একেলগে গুন গুনাই আগবাঢ়িলো

“তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্রই শৰধেনু ধৰে …. ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments