কঠীয়া সিঁচাৰ কথাৰে- প্ৰাণজিৎ বৰদলৈ


গাটো ধুই আহোঁ মানে দিনৰ দুই বাজিল৷ ইমান মৰম বোকাবোৰৰ; যাবই নোখোজে৷ কষ্ট হলেও ডাঙৰ কাম এটাৰ পৰা আজৰি হোৱা যেন লাগিছে৷ আহাৰৰ আজি ছদিন গ’ল৷ ৰাতিলৈ সাতেই লাগিব৷ সেয়ে যেনেতেনে কঠীয়াকেইটা পাৰি আজৰি হলোঁ৷ কঠীয়া পৰা বুলিলেও কমখন কামনে৷ কালিয়েই কেবাটাও কাম কৰি আজৰি হৈ থকা হ’ল বুলিহে৷ কালি বড় দি থোৱা কাৰণে মাটিডৰা ভালেই হৈ আছিল৷ পানী সিঁচিবলৈ যোৱা বছৰেই দাদাই বগীটিং কাটি বনাই লোৱা লেহেতিখনৰ বেতৰ গাঁঠি দুটামান চিগিছিল, সিয়েই মেৰামতি কৰি দীঘল জোখৰ এৰাল দুডালো বান্ধি থ’লে বুলিহে, নহলে ৰাতিপুৱা বৰ লৰালৰি হ’লহেঁতেন৷ ৰাতিটো গৰমত বিছনাত চাটিফুটি কৰি কৰি পুৱতি নিশাহে আকৌ ভালকৈ টোপনিটো ধৰে৷ ৰাতিপুৱা উঠিবলেই মন নাযায়৷ পুখুৰীটো কঠীয়ানিখনৰ গাতে লাগি থকা কাৰণে পানীৰ কাৰণে চিন্তা নাই, খালি লেহেতি মাৰিবলে মানুহ দুটা লাগে৷ লেহেতি মাৰিবৰ সুবিধাৰ কাৰণে পুখুৰীৰ পাৰত এইফালে বাঢ়ি অহা ভীমকলৰ পুলি এটা কাটিব লগা হ’ল৷ সেয়াও কালিয়ে ডাঙৰ দাদাই কৰি থ’লে৷ কঠীয়ানিৰ দাঁতিয়ে দাঁতিয়ে আৰু মাজেদি পানী বৈ যাব পৰাকৈ লোৰ দুটা সৰু দাদাই কৰিলে৷ লোৰ দুটাৰ পৰা ওখ ঠাইবোৰলৈ লাহনিৰে পানী সিঁচি দিব লাগিব৷ মাজৰ লোৰটো হাল বাওতে পিছলৈ ভাগি গৈ চিন নোহোৱা হৈ সমান হয়গৈ৷

দেউতাই বেলেগ কামৰ মাজে মাজে গৈ এই কামখিনি চকু ফুৰাই আহে৷ ইটো সিটো দেখুৱাই দিয়ে৷ দেউতাই অভ্যাসবশতঃ যুঁৱলিখনৰ শ’লমাৰিকেইডাল পৰীক্ষা কৰিলে, আঁউতজৰী আৰু জোঁতজৰী কেইডালো চালে৷ নিগনি খুটিটোও চালে৷ নাঙলটো ঠিকেই আছে৷ মাটি কঢ়াই হ’ল, সমা বাই আছে৷ মাজতে ডিলাটোৰ পিছফালে মৰা পথালি শালটো ওলাই পৰিছিল, সৌ সিদিনা খৰালিয়ে ভলুকা বাঁহৰ গুৰিয়লি চাই কাটি শুকুৱাই ভঁৰালৰ থুকুৰাটোৰ ওপৰত থোৱা শালবোৰৰ মাজৰপৰা চাই চাঁচি কাটি লগোৱা হৈছেহে৷ জুহাল চাং খনৰ ওপৰৰ পৰা ভলুকা বাঁহৰ দীঘল চাই এচাৰি এডালো কালিয়ে নমাই সাজু৷ আবেলি হ’ল৷ দেউতাৰ চকু ৰাস্তাত৷ হাল বাই মেলি দিয়া গৰুহালৰ ক’লা গৰুটো দেখা নাই, মাজে সময়ে সি আকৌ জেৰেঙাৰ বৰজোপাৰ তলতে সাংগোপাঙ্গসহ ৰাত্ৰি যাপন কৰে৷ ছেঃ, সেইটো হ’লেহে বৰ পয়মাল হ’ব৷ পিচে ওলালহি হালেই৷

ৰাতিপুৱা পোহৰ হোৱাৰ পিছতে দেউতা উঠিলেই, লগতে সৰু দাদা৷ মা উঠালে বাট নাচাই মুখ ধুই চাহটোপা নিজে ৰান্ধি খাই গাটো ধুই হাল জুৰিলেগৈ৷ যাওঁতে আমাক মাত লগাই থৈ গ’ল৷ আমিও উঠি লৰালৰিকৈ কঠীয়ানি তলী পালোগৈ৷ লগে লগে কালিয়ে যোগাৰ কৰি থোৱা বগীটিঙৰ লেহেতীত হাত দিলোঁ৷ নিজৰ হিচাপমতে লেহেতীৰ ৰচীডাল সুবিধা হোৱাকৈ মিলাই লৈ ৰচীডালত হাতৰ খামোচটো ৰ’বলৈ চাৰিআঙুলমান দীঘল আৰু কেঁঞা আঙুলিটোমান শকত বাঁহৰ টুকুৰা এটা খোলোচা এটা দি লগাই ললোঁ৷ তাৰ পিচত লাহেকৈ হাউলি শূন্যতে দুবাৰমান পানী অনাৰ দৰে কৰি চালোঁ৷ ঠিকেই আছে৷ এইবাৰ প্ৰথমে অলপ কম পানীৰে টিংটো উঠাই আনিলোঁ৷ ঠিকে আছে৷ আৰম্ভ হ’ল ছন্দায়িত গতিত পানী সিঁচা পৰ্ব, চলাৎ. . . চলাৎ. .৷

সিফালে দেউতাৰপৰা হালখন সৰু দাদাই ললেগৈ, দেউতাক গাইজনী খীৰাবলৈ পঠিয়ালে৷ ইতিমধ্যে দেউতাই আঁউচ এটা জুৰিছিলে৷ কঠীয়া পৰা বুলি গম পাই ওচৰৰ, গাঁৱৰ দুই এজনকৈ ভালেকেইজন গোট খালে৷ কোনোবাই পানীকে দুলাহনিমান সিঁচিলে, এজনে কোৰখন লৈ দুচাবমান মাৰিলে৷ লেহেতিখনো ধৰি অলপ আজৰাই দিলে৷ কথাই বতৰাই, হাঁহি-খিকিন্দালিৰে ঠাইখন চৌ চৌৱাই থাকিল৷ চাওঁতে চাওঁতে মাটিডৰা চহাই হৈয়ে গ’ল৷ ইফালে মায়ে চাহ লৈ আহিল, লগত পকামিঠৈ আৰু মালপোৱা৷ গৰুহাল ৰখাই চাহ তামোল খাই গৰুহালেৰে সৈতে এবাৰ ধাৰে মৈ দি, হাল মেলি দিলে৷ মিহি মৈ দাদাই হাতেৰে দিব৷ ইফালে দেউতাই মাৰ সৈতে দুদিনৰ আগতে পানীৰ পৰা তুলি থোৱা কঠীয়া তোমৰ পৰা মজিয়াত কঠীয়া বাকি ভাগে ভাগে খৰাহিত ভৰাইছে৷ বৰা ধানখিনি বৰকৈ শিপালে, জেৰা ভাঙোতে বহুত সময় লাগিছে৷ লাহে লাহে কঠীয়াৰ খৰাহীবোৰ কঠীয়ানিলৈ নি দেউতাই সিঁচিবলৈ আৰম্ভ কৰিলে৷ দাদাহঁতেও ভাগে ভাগে সিঁচি গ’ল৷ মই তোমৰ খেৰবোৰ নি কঠীয়াৰ দাঁতিয়ে দাঁতিয়ে পাৰি দিলোঁ৷ এনেদৰে খেৰ পাৰিলে ডাঙৰ বৰষুণে কঠীয়া উটুৱাই নিব নোৱাৰে আৰু মিহলি নহয় ইবিধ সিবিধৰ লগত৷ চৌফলীয়া ৰ’দে গা দেই পুৰি নিছে৷ ভাল বতৰেই পাইছে, কঠীয়া ভাল হ’ব লাগে; স্বগতোক্তি কৰিলে দেউতাই৷ এনেদৰে কাম শেষ কৰি আজৰি হওঁ মানে এক বাজি গ’ল৷ গা পা ধুই আহোঁ মানে দুই বাজিল৷ মায়ে ভাত বাঢ়ি ৰৈ আছে৷

এয়া প্ৰায় এক দশকৰ আগৰ আমাৰ ঘৰৰ কঠীয়া সিঁচা দিনৰ দৃশ্য৷ আজিও কঠীয়া পৰা হ’ল৷ কিন্তু এই দৃশ্যসমূহৰ অধিকাংশই কটা গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments