“ক’ডেক্স চেৰাফিনিএনাছ” (মূল:লুইগী ছেৰাফিনি, গ্রন্থ আলোচক:গীতাৰ্থ বৰদলৈ)

এখন পৃথিৱী বিখ্যাত অদ্ভুত গ্ৰন্থ


গীতাৰ্থ বৰদলৈ

এনে এখন কিতাপ প্ৰকাশ কৰি লাভ আছেনে যিখন কোনেও বুজি নাপায়? খেয়ালী মনৰ ইটালিয়ান চিত্ৰকৰ, স্থপতিবিদ লুইগী ছেৰাফিনিয়ে “ক’ডেক্স চেৰাফিনিএনাছ” (Codex Seraphinianus) নামৰ কিতাপখনেৰে এই কামটোকে কৰি দেখুৱালে। প্ৰথম দৃষ্টিত কিতাপখন এখন ছবি সম্বলিত কিতাপ। কিন্তু ভালদৰে চালে চকু কপালত উঠিব। অৰ্থ উলিয়াব নোৱাৰা অদ্ভুত কিছুমান ছবি আৰু তাৰ সমানেই অদ্ভুত কোনো লিপিৰে লিখা বৰ্ণনা! ১৯৮১ চনত দুটা খণ্ডত প্ৰথম প্ৰকাশ পোৱা কিতাপখনক বহু গ্ৰন্থপ্ৰেমীয়ে “বিশ্বৰ সকলোতকৈ অদ্ভুত কিতাপ” আখ্যা দিছে আৰু আচৰিতভাৱে কিতাপখনে বহুতৰে ঘৰ শুৱনি কৰিছে।

১৯৭৬-৭৮ চনমানত লুইগীয়ে এই কিতাপখনৰ পাণ্ডুলিপি সম্পূৰ্ণ কৰে। প্ৰায় ৩৬০ পৃষ্ঠাৰ এই অসাধাৰণ কিতাপখনৰ বকলাৰ ভিতৰফালে বাৰেবিংকৰা কিছুমান কথা কোৱা হৈছে, যেনে- কিতাপখন “তথ্যৰ যুগ”ৰ বাবে উপযুক্ত কাৰণ সংকেত সৃষ্টি আৰু ভঙা কামটো জেনেটিক্‌‍ছ, কম্পিউটাৰ বিজ্ঞান, সাহিত্য সমালোচনা আদিৰ বাবে প্ৰয়োজনীয়। কিতাপখন হেনো “এই সময়ৰ এক সৃষ্টিমূলক ধাৰণা!” বিষয়বস্তু যিয়েই নহওক, বহু ৱেবছাইট আৰু ব্ল’গত এই মৌলিক ফেণ্টাচী কিতাপখনৰ অৰ্থ বিচৰাৰ নিৰৰ্থক প্ৰচেষ্টা আৰু গুণগানৰ আভাষ পোৱা যায়।

এনে আচহুৱা কাহিনীৰ বিচাৰ-খোচাৰ কৰিলে জৰ্জ লুই বৰ্জেছৰ “Tlon, Uqbar, Orbus Tertius”লৈ (১৯৪০) আঙুলিয়াব পাৰি য’ত এখন অন্য জগতৰ বাসিন্দাসকলৰ বিস্ময়কৰ যুক্তি আৰু চিন্তাৰ বৰ্ণনা কৰা হৈছিল। হাৰ্লান এলিছন সম্পাদিত “MEDEA: HARLAN’S WORLD” গ্ৰন্থত কেইবাজনো চায়’ফিক লেখকে এখন পৰগ্ৰহী সমাজৰ বিৱৰণ দিছিল। ১৯৭০ চনৰ ফ্ৰেঞ্চ অনিমেচন ছবি “FANTASTIC PLANET (LA PLANETE SAUVAGE)”ত ৰ’লাণ্ড ট’প’ৰে কিছুমান উদ্ভট ডিজাইন কৰিছিল। কিন্তু একেবাৰে পাঠোদ্ধাৰ কৰিব নোৱাৰা ক’ডেক্সৰ দৰে কিতাপ সম্ভৱতঃ আগতেও প্ৰকাশ হোৱা নাছিল আৰু এতিয়ালৈকে হোৱা নাই।
কিতাপখন হাতত ল’লে পোনতে চকু যাব আচহুৱা বেটুপাতখনলৈ। ১৯৯১ চনৰ সংস্কৰণৰ বেটুপাতত এহাল মানুহে মৈথুনক্ৰিয়াত লিপ্ত হৈ লাহে লাহে ঘঁৰিয়াললৈ পৰিৱৰ্তিত হোৱাৰ ছবি আছে। শ্বেক্সপিয়েৰে মৈথুনক্ৰিয়াক “দুই পিঠীয়া জন্তু” বুলি অভিহিত কৰিলেও লুইগীৰ দৰে তেখেতে নিশ্চয় এই পৰিণতি চিন্তা কৰা নাছিল! ১৯৯৩ চনৰ সংস্কৰণৰ বেটুপাতত আন এখন ছবি আছে- এজন মানুহে এটা প্ৰকাণ্ড আৰু অদ্ভুত আকাৰৰ টুপী পিন্ধি লামা এটাত উঠি গৈ আছে। দুইটা প্ৰাণীয়েই শিলৰ ঘৰ এটাৰ বাহিৰত থোৱা দাপোণ এখনলৈ চাই আছে য’ৰপৰা কিছুমান উজ্জ্বল ৰঙৰ খাদ্য নিৰ্গত হৈছে। আচৰিত স্বপ্ন-যুক্তিৰ সমাহাৰ!

বহুতে কিতাপখনক পৃথিৱীৰ জীৱনশৈলী প্ৰতিফলিত কৰা অন্য এক জগত বা সমান্তৰাল মাত্ৰাৰ “বিশ্বকোষ” বুলি ক’ব খোজে। কিতাপখন এঘাৰটা পাঠত বিভক্ত। প্ৰতিটো পাঠতে এই জগতখনৰ মানুহ(?), তেওঁলোকৰ কাপোৰ, ঘৰ, জীৱ-জন্তু, গছ-গছনি, বিজ্ঞান, যন্ত্ৰ, খেল, বিভিন্ন চিহ্ন, এনাটমী, ৰসায়ন আদি দেখুওৱা হৈছে। আৰু এই কথাটো ন-দি ক’ব নোৱাৰি কাৰণ কোনেও আজিলৈকে কিতাপখনৰ পাঠোদ্ধাৰ কৰিব পৰা নাই! (কিছু লোকে অৱশ্যে কিতাপখনৰ সাংখ্যিক প্ৰণালী ভেদ কৰা বুলি দাবী কৰিছে।) আন আন অধিবাস্তৱবাদী ছবিৰ ভিতৰত আছে উপঙা ফুল, মাখিয়ে ঢাকি ৰখা গাড়ী যেন যন্ত্ৰ, মূৰত গছ গজা হৰিণা, ফাউণ্টেইন কলমে বুকু ভেদ কৰি যোৱা “নিব”যুক্ত হাত থকা ৰ’লাৰ স্কেটাৰ পিন্ধা এজন মানুহ, মাটিত খোজ কঢ়া আৰু পানীত সাঁতুৰিব পৰা গছ, মানুহৰ চকু যেন লগা মাছৰ দৰে প্ৰাণী আদি। প্ৰতিখন ছবিয়েই মৌলিক, বুদ্ধিদীপ্ত কল্পনাশক্তিৰ ৰূপান্তৰ।

২০০৯ চনত দিয়া এটা সাক্ষাৎকাৰত লুইগীয়ে কয় যে এই কিতাপখনৰ লিপিত কোনো গুপুত অৰ্থ নাই। শিশুৱে একো বুজি নোপোৱা কিতাপ এখন মেলিলে যি অনুভূতি হয় তেওঁ মাত্ৰ সেয়াহে প্ৰতিফলিত কৰিবলৈ বিচাৰিছিল। তথাপিও পৃথিৱীৰ বিভিন্ন শিল্পীয়ে কিতাপখনৰ ছবিবোৰ অধ্যয়ন কৰিছে, দাৰ্শনিকসকলে অৰ্থ বিচাৰি ভাৱত বুৰ গৈছে, সমালোচকসকলে কিতাপখন কোন শ্ৰেণীত পৰিব চিন্তা কৰিছে, কিন্তু “নাভূত-নাশ্ৰুত” কিতাপ এখন আনক দেখুৱাই ৰং চোৱাৰ চখতে বহুতে কিতাপখন সংগ্ৰহ কৰি থৈছে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments