কণমানি মোৰ ভণ্টিজনী: অংশুমান বৰা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

কণমানি মোৰ ভণ্টিজনী

অংশুমান বৰা

‘জীৱন’- এখন নাটক, ‘পৃথিৱী’- নাটমঞ্চ । আমিবোৰ নাটকৰ অভিনেতা-অভিনেত্ৰী । কিছুমান নায়ক, কিছুমান খলনায়ক আৰু বাকীবোৰ সহযোগী শিল্পী । নাটকৰ প্ৰযোজনা, পৰিচালনা, কাহিনী আদিৰ বাবে দায়ী কেৱল এজন… “বিভু” ।

আনবোৰ নাটকৰ দৰেই জীৱন নাটকত থাকে কিছুমান সুখ-দুখৰ মুহূৰ্ত …. হাঁহি-কান্দোন, হৰ্ষ-বিষাদ । কেতিয়াবা জীৱনৰ কোনোবা ক্ষণত কাৰোবাৰ এটা বৰ সৰল অথচ ভাৱিবলগীয়া প্ৰশ্নৰ সন্মুখীন হওঁ। আপোনালোকো নিশ্চয় হৈছে । “আপোনাৰ জীৱনৰ মধূৰতম্ মুহূৰ্ত কোনটো ?” প্ৰশ্নটো শুনাৰ লগে লগে ‘জীৱন নাটক’ৰ কেচেটটো অলপ পিছুৱাই নিও, মানে আজিকালিৰ সৰল(?) ভাষাত ‘ৰিৱাইণ্ড’ কৰোঁ। এফালৰ পৰা চাই আহোঁ প্ৰতিটো দৃশ্য… প্ৰতিটো ক্ষণ।

১৯৯৬ চন । তেতিয়া মই নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত পঢ়ি আছোঁ । আগষ্ট মাহৰ শেষ ভাগ । দেউতাই দৌৰি গৈ বৰমা আৰু খুৰীক মাতিলে । ডাক্তৰো আহিল মাক চাবলৈ । খুৰাই দেউতাক কোৱা শুনিলো,“বৌক গুৱাহাটীলৈ নিব লাগিব। অলপ কম্প্লেক্স কেচ।” কম্প্লেক্স কেচ মানে কি বুজি পোৱা নাছিলোঁ । গতিকে কথাটো শুনি ভয় খোৱাও নাছিলোঁ । মই কেৱল এটা কথাই জানিছিলোঁ ….মোক মায়ে কৈছিল যে কেইদিনমানৰ পিছত মোৰ কাষলৈ এটা ভাইটী বা এজনী ভণ্টি আহিব। মাক গুৱাহাটীলৈ নিবলৈ যা-যোগাৰ চলিল । মাহীও ইতিমধ্যে আহি পালেহি। খুৰাৰ গাড়ীখনতে লৈ যোৱা হ’ল মাক। মোক বৰমা-বৰদেউতাৰ লগত থৈ গৈছিল। অলপ বুজা হৈছিলোঁ কাৰণে ইমান দিগদাৰ দিয়া নাছিলোঁ, কেৱল শুৱাৰ সময়ত সুধিছিলোঁ মা কেনে আছে বুলি… বৰদেউতাই কৈছিল— ‘‘তোৰ মা ঠিকে আছে । চিন্তা কৰাৰ কাৰণ নাই ।”

৩০ আগষ্ট। স্কুললৈ আহিছোঁ। বৰদেউতা, শ্ৰী বিমল চন্দ্ৰ বৰা, আমাৰ স্কুলৰে এজন জ্যেষ্ঠ শিক্ষক। আমাৰ প্ৰথম দুটা ক্লাচ শেষ হ’ল। তৃতীয় ক্লাচৰ শিক্ষক অহা নাই এতিয়ালৈকে। আমাৰ শ্ৰেণীকোঠাৰ বাহিৰৰ পৰা বৰদেউতাই মাত লগালে, “বাবা, অলপ এইফালে আহচোন।” মই লাহেকৈ শ্ৰেণীকোঠাৰ পৰা ওলাই গৈছিলোঁ। “তোৰ ভণ্টি এজনী হ’ল নহয়!বৰ মৰমলগা বোলে!” বৰদেউতাৰ কথাষাৰত মোৰ মুখৰ পৰা এটা হাঁহি ওলাইছিল বোধহয়। মই তপৰাই সুধিছিলোঁ, “মই কেতিয়া চাম তাইক?” বৰদেউতাই “কাইলৈয়েই তোক গুৱাহাটীলৈ লৈ যাম” বুলি কোৱাতহে শান্ত হৈছিলোঁ। কথাটো কাক ক’ম-কাক নক’মকৈ মোৰ লগত একেখন বেঞ্চতে বহা বন্ধু এজনক কৈছিলো আৰু লেজাৰত তাক পাঁচ টকাৰ আলু-মটৰ খুৱাইছিলোঁ । “ভণ্টিজনী কেনেকুৱা হ’ব বাৰু!! মোৰ নিচিনা হ’বনে দেখিবলৈ?”-এইবোৰ কথা ভাৱিয়েই ভালদৰে সেই নিশা টোপনি যোৱা নাছিল।

পাছদিনা ৰাতিপুৱাই বৰদেউতাৰ লগত বাছত গুৱাহাটী গৈছিলোঁ… “অৰুণা মেম’ৰিয়েল হাস্পতাল”, ভঙাগড়। সেই নিৰ্দিষ্ট কেবিনটোত সোমায়েই বিচনাখনত মাক দেখিছিলোঁ আৰু মাৰ কাষতে সেই কণমাণিজনীক। আগতে জীৱনত দুবাৰ পানীকেঁচুৱা দেখিছিলোঁ- ডাঙৰ খুৰাৰ ল’ৰাটোক আৰু মাজু খুৰাৰ ছোৱালীজনীক । গতিকে পানীকেঁচুৱাৰ আকাৰ-প্ৰকাৰবোৰ মনতে আঁকি গৈছিলোঁ। কিন্তু মোৰ ধাৰণাৰ লগত নিমিলা এটা পানীকেঁচুৱা দেখি অলপ আচৰিতো হৈছিলোঁ। তাই জন্মতে ইমানেই শকত আছিল যে ডিঙি বোলা বস্তুটোৰ কোনো অস্তিত্বই নাছিল। নাকটো ভোটা- একেবাৰে আমাৰ খাচিয়া মানুহবোৰৰ নিচিনা, চুলিবোৰ ৰঙা-বিদেশৰ মানুহৰ দৰে, হাত-ভৰিবোৰ শকত আৰু ধকধকীয়া বগা । জন্মতে ওজন আছিল পাঁচ কেজি । তাইক চাবলৈ কেবিনৰ বাহিৰত বহুত মানুহে ভিৰ কৰা দেখিছিলোঁ।হাস্পতালখনত ইয়াৰ আগতে ইমান ওজনৰ কোনো শিশুৰ জন্ম হোৱা নাছিল। দেখিয়েই মৰমত ৰ’ব পৰা নাছিলোঁ। গালতে লাহেকৈ এটা চুমা খাইছিলোগৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments