কণল’ৰাৰ দিল্লী যাত্ৰা (উজ্জল ফুকন)

কণল’ৰাৰ দিল্লী যাত্ৰা

মুখৰ পৰা লাহে লাহে ওলোৱা ধোঁৱা খিনিয়ে যেন তাক কিবাকিবি ক’ব খুজিছে। খিৰিকীৰ ফালে চাই থকা কণল’ৰাৰ মনলৈ সংযোগ বিহীন চিন্তা কিছুমান উৰি আহিব ধৰিলে।
হঠাৎ টিভিটোৰ কাষত গহীন হৈ বহি থকা ‘ৱৰ্ল্ড মিউজিক’ বাকচটোৰ ওপৰত আড্ডা মাৰি বহি থকা ধুলি খিনিক খিৰিকীৰে সোমাই অহা বতাহ এজাকে পহু খেদা দিলে।
“মাইকেল, বৰ ঠাণ্ডা পৰিছে অ’ আজি। এইডালেনো খিৰিকীখন কিয় বন্ধ কৰি নিদিয়ে।” জন লেননে মাইকেললৈ চাই কলে। ‘ৱৰ্ল্ড মিউজিক’ বাকচটোৰ ভিতৰত বিভিন্নজন বিভিন্ন কামত ব্যস্ত। বাকচটোৰ চাৰিটা চুকত সঙ্গীতৰ চাৰিটা ভাগৰ গায়ক থাকে। এটা চুকত যদি ৰলিং ষ্টন,

গানচ এণ্ড ৰজেচ, ঈগলচ আদিয়ে কপাই আছে আনটো চুকত শাস্ত্ৰীয় গায়ক সকল একেলগে চৰ্চা কৰাত ব্যস্ত। আন এটা চুকত বিভিন্ন দেশৰ লোকসঙ্গীত শিল্পীসকল আৰু শেষৰ চুকত আধুনিক গীত গোৱা গায়কসকল থাকে। কিছুমান গায়ক আকৌ বতাহৰ দ’ৰে। সিহঁতক

কোনেও ধৰি ৰাখিব নোৱাৰে। এইসকলৰ ভিতৰত মাইকেল সকলোৰে ওপৰত। এওঁলোকে বাকচৰ সকলো মূৰলৈ অবাধ বিচৰণ কৰে। এতিয়া বাকচৰ সোঁমাজত ভীমসেন যোশী আৰু নুছৰট ফটেহ আলী খান মুখামুখিকৈ বহি ৰাগৰ দৈনিক অভ্যাস কৰি আছে। কণল’ৰাৰ এই

ভুলটো আগৰ পৰা আছে। গায়ক বিশেষে বেলেগ বেলেগ ভাগ কৰি বাকচটোত ৰাখিছে যদিও কেতিয়াবা খৰধৰত চিডিবোৰ সঠিক ঠাইত নাৰাখে। আজিও তেনেকুৱা এটা অৱস্থাই হল। ভীমসেন যোশী আৰু নুছৰট ফটেহ আলী খানৰ কাষত মেটেলিকাই সমানে অভ্যাস কৰি

আছে। জগজীৎ সিঙে সেইবোৰ কাণ নকৰি বেৰখনৰ ফুটাইদি কণল’ৰাক চাই গাই আছে ‘হৌছৱালৌ কৌ খবৰ ক্যা বেখুদি ক্যা চীজ হে। ইস্ক কিজে ফিৰ চমঝিয়ে জিন্দেগী ক্যা চীজ হে’। জগজীৎ সিঙৰ মুখলৈ একান্ত মনে চাই থকা বব মাৰ্লিয়ে কলে ‘গুড ভইছ। মইও চেষ্টা

কৰিছিলোঁ এবাৰ কণল’ৰাক গান শুনাবলৈ। তেতিয়া তাৰ চুলিখিনি দীঘল আছিল। চকুৰ কোণত চকুপানী এটোপাল জিলিকি থকা দেখি মই গাইছিলোঁ ‘ন’, ৱমেন, ন’ ক্ৰাই’ কিন্তু পিছপিনৰ পৰা এলভীছ দাই মোক লাহেকৈ কলে সি ল’ৰাহে ছোৱালী নহয়। তাৰপিচত মই তাৰ আগত

গান গাবলৈ সুযোগ পোৱা নাই। ক’বলৈ পাহৰিছিলোঁৱেই ‘ৱৰ্ল্ড মিউজিক’ বাকচটোৰ ভিতৰত ভাষাৰ কোনো বাধ্য-বাধকতা নাই। সকলোৱে সকলো ভাষা বুজি পায়। এনেই নকয় নহয় ‘সঙ্গীতৰ কোনো ভাষা নাই বুলি”!

“ৱি আৰ অন দা চেম ব’ট ব্ৰাডাৰ” হঠাৎ পল ৰবছন আৰু ভূপেন হাজৰিকাই গানটো গাই গাই বব মাৰ্লি আৰু জগজীৎ সিঙৰ কান্ধত ধৰি আগবাঢ়িল।
চাইগলৰ মাতটো এটা কোণৰ পৰা ভাহি আহিল “জব্ দিল হি টুট গয়া হাম যি কে ক্যা কৰেঙ্গে”
“চাইগল দা, আপুনি দেখোন কেতিয়াবাই মৰিলে।” কিশোৰ কুমাৰে চাইগলক জোকাই মুখত চিনাকি হাঁহিটোৰে গান গাই আগবাঢ়িল “মে তৌ ঝুম ঝুম ঝুম ঝুমৰু ..”
“এই বাকচটো চাফা কৰিবৰ হ’ল। যা টা শব্দ আহিব ধৰিছে। পঁইতাচোৰণী যেন পাইছোঁ ” কণল’ৰাই ‘ৱৰ্ল্ড মিউজিক’ বাকচটোলৈ চাই মুখৰ ভিতৰতে ভোৰভোৰালে।
‘ৱৰ্ল্ড মিউজিক’ গাতে লাগি থকা চাৰিটা ভালুকে এজন ৰামক আগুৰি তেওঁৰ পৰা আসক্তি জ্ঞান লৈ আছিল। এটাই তাৰ মাজতে সুধিলে ‘প্ৰভু, আমাৰ বাৰু জনসংখ্যা বাঢ়িব নে? কণল’ৰাই বাৰু আমাক আগৰ দৰেই ভাল পাব নে?”

তহঁতৰ কথা মই নাজানোঁ। কিন্তু মোৰ ভাষাত ক’বলৈ গলে
‘সুখতো ৰাম .. দুখতো ৰাম
এজন ৰামৰ কিমান নাম
কি বিয়া কি সকাম
ৰাম নহ’লে সকলো বদনাম”

মই এই মন্ত্ৰটো আগতেই শিকাই থৈছোঁ কণল’ৰাক।” ৰামে ক’লে।
কিন্তু প্ৰভু যিয়েই নকওক কিয় কণল’ৰাই আমাক সৰু পানী চুবলৈ যাওঁতে মনত পেলাবই। জানেই দেখোন আমাৰ তেজ সোমোৱাৰ পিছত উলিয়াবলৈ কেইবাবাৰো যাব লাগে।
হঠাৎ কণল’ৰাৰ মুখত পঁইতাচোৰণীৰ কথা শুনি ৰামৰ লগতে ভালুককেইটাই একেলগে ‘ৱৰ্ল্ড মিউজিক’ক জোকাব ধৰিলে ‘এনে গান গোৱা কেইটা ওলাইছিল। শেষত মালিকে তহঁতক পঁইতাচোৰণীৰ শাৰীত ৰাখিলে।
ভালুক আৰু ৰামৰ চুবুৰিৰ পৰা খিটিং খাটাং শব্দ শুনি এইবাৰ কণল’ৰাই আকৌ ক’লে “কঠালগুটি নিগনিও ওলাইছে যেন পাওঁ’
“হা হা হা” এইবাৰ হাঁহিৰ শব্দ ভাহি আহিল ‘ৱৰ্ল্ড মিউজিক’ৰ পৰা।

কণল’ৰাই একো বুজি নাপায় একান্তমনে ‘ৱৰ্ল্ড মিউজিক’ ৰ বাকচটোৰ পিনে চাই থাকিল। লাহে লাহে সি আগবাঢ়ি গল বাকচটোৰ ফাললৈ। কিন্তু তাৰ ভৰি দুটাক যেন ম’বাইলৰ ৰিংট’নটোৱে ৰৈ যাব বাধ্য কৰালে। ভালুককেইটা, ৰাম আৰু ‘ৱৰ্ল্ড মিউজিক’ সকলোৱে কাণ পাতি

শুনিবলৈ চেষ্টা কৰিলে কণল’ৰাৰ কথা।
“অ’ কোৱা, কি কৰি আছা” কণল’ৰাৰ মুখত হাঁহি।
“মাথোঁ ৰৈ আছো ৰাতিটোলৈ। কেতিয়া যাম। কেতিয়া তোমাক লগ পাম। তোমাৰ মাতটোতকৈ চাগৈ তুমি বেছি ধুনীয়া। শব্দৰ পৰিধি ভাঙি তোমাক লগ পাম’ কণল’ৰাৰ গাত যেন কোনোবা কবিয়েই সোমাই গল।
অলপ সময় কথা পাতি ফ’নটো থৈ দিলে কণল’ৰাই। তাৰ মুখৰ হাঁহিটো তেতিয়াও মাৰ যোৱা নাছিল। মনে মনে সি ভাবিব ধৰিলে ‘পাৰিবনে সি সংসাৰ চলাবলৈ?’
কণল’ৰাৰ ঘৰত মতা নাম কানাই। ছোৱালীৰ কেতিয়াও অভাৱ নাছিল তাৰ জীৱনত। সি মেণ্ড’লিনত বজোৱা বেলেগ বেলেগ সুৰৰ দৰে ভিন্ন সময়ত ভিন্ন ছোৱালী আহিছিল তাৰ জীৱনলৈ। কিন্তু তেতিয়া ‘শোলে’ চিনেমাখনত সঞ্জীৱ কুমাৰৰ মুখৰ সেই বিখ্যাত ডাইলগটোৰ গুঢ়াৰ্থক সি

বুজি পোৱা নাছিল “লৌহা গৰম হে মাৰ দৌ হাথৌৰা”। হাঁতুৰী মাৰোঁতে দেৰি হ’ল আৰু চৰাই উৰি গ’ল বেলেগ বাহলৈ। এতিয়া সি চৰাই ধৰা খেল খেলিব এৰিলে। মাকে ঠিক কৰা ছোৱালী এজনী চাব যাব সি দিল্লীলৈ। মাকে কণল’ৰাৰ দুখ অকণো সহ্য কৰিব নোৱাৰে। শুনামতে

কণল’ৰাই পিচপিনেৰে বতাহ উৰুৱালেও মাকে নিজৰ নাকটোত ধৰি সুধিছিল ‘দুখ পালা নেকি কণ?” মাকৰ বোৱাৰী পোৱাৰ আনন্দৰ কথা ভাবি কণল’ৰাৰ মুখত আকৌ হাঁহি বিৰিঙি উঠিল।

‘ৱৰ্ল্ড মিউজিক’ গোটেই জাকে বাকচটোৰ ফুটাৰে কণল’ৰাৰ হাঁহিটো চাই আনন্দ পালে। ভূপেন দাই সকলোলৈ চাই কলে ‘কণল’ৰাক আমি আশীৰ্বাদ কৰিব লাগে যাতে তাৰ আশাৰ সৰু পুলিটো ফল ফুলৰে জাতিষ্কাৰ হৈ বৃহৎ বৃক্ষ হওক। আমাক এই চিডিৰ মাজৰ পৰা মাজে মাজে

উলিয়াই প্ৰাণ দিয়াৰ বাবে তাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আগন্তুক জীৱন যাতে সুন্দৰ হয় আৰু আমাক যাতে সি কেতিয়াও পাহৰি নাযায় তাকে কামনা কৰিলোঁ। সকলোৱে ভূপেন দাৰ কথাত হয় ভৰ দিলে। ভালুক আৰু ৰামেও ওচৰৰ চুবুৰিটোৰ পৰা চিঞৰি উঠিল

“আমাকো পাহৰি নাযায় যাতে”। ভূপেন দাই মনে মনে ভাবিলে ‘তহঁতৰ আয়ুসত আৰু বেছি চাউল নাই।’ কিন্তু মুখেৰে একো নকৈ ভূপেন দাই কণল’ৰালৈ চাই গাব ধৰিলে আৰু সকলোৱে তেওঁক সহযোগ কৰিলে।

মিলনৰে এই শুভ ক্ষণ
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক