কণী খুৱাইছানে ? (প্ৰতিভূ দত্ত)

(অলপ আগতে দেখোন হাফ বয়ল আছিল, ফুল বয়ল একেবাৰে মানা !!!!!!!!!!!
বুদ্ধি এটা উলিয়াই ক’লো,‘মাহী আচলতে ডাক্টৰে প্ৰাপ্তিক কণী দিবলৈ মানা কৰিছে ৷ ৮ মাহৰ পৰাহে খুৱাবলৈ কৈছে ৷…)

কণী খুৱাইছানে ?

প্ৰতিভূ দত্ত

 

 

আমাৰ কন্যা প্ৰাপ্তিৰ জন্মৰ পূৰ্বৱৰ্তী সময়ছোৱা আছিল যথেষ্ট জটিলতাৰে ভৰা। তাইৰ জন্মৰ পিচতো শ্ৰীমতীয়ে প্ৰায় ৫ মাহ শয্যাগত হৈ থাকিব লগা হৈছিল ৷
গতিকে প্ৰাপ্তিৰ ৬ মাহমান নোহোৱালৈকে আমি ক’লৈকো ওলাই যোৱা নাছিলো ৷
অৱশেষত ২০০৬ চনৰ এপ্ৰিলত এওঁ ঘোষণ কৰিলে—‘মই এতিয়া সম্পূৰ্ণ সুস্থ ৷ ব’লা অকমান কাৰোবাৰ ঘৰলৈকে ফুৰিবলৈ ওলাই যাওঁ ৷’
কথা মতে কাম ৷ এদিন দেওবাৰে প্লাষ্টিকৰ নীলা বাস্কেট এটাত ছেৰেলেক, হাগীজ নেপী, বিভিন্ন ধৰণৰ কাপোৰ, টাৱেল, পানীৰ বটল, বাতি বোজাই কৰি আমি তিনিওটা দিনটোৰ বাবো ওলালো। প্ৰাপ্তিৰ প্ৰথম মহানগৰ ভ্ৰমণ।
প্ৰথমে গ’লো মোৰ বৰ প্ৰিয় ছাত্ৰ এজনৰ ঘৰলৈ ৷ আমাৰ লগত বেছ ঘৰুৱা সম্বন্ধ ৷ ছাত্ৰৰ মাকক বৌ বুলি মাতো ৷ কথা-বতৰা পাতি আছো ৷ হঠাতে ঘৰৰ বৌৱে সুধিলে—‘প্ৰাপ্তিক কণী খুৱাইছা নে?’
‘এতিয়ালৈকে তাইক কণী দিয়া নাই ৷’—এওঁ উত্তৰ দিলে।
বৌ উচপ খোৱাৰ দৰে হ’ল—‘কি ??? ৬ মাহ হ’ল আৰু তাইক কণী দিয়া নাই? আমাৰ ইয়াক দেখোন কেতিয়াবাৰ পৰায়ে কণী দিছো ৷’
এওঁ বহি থকা চকিখনতে লৰচৰ কৰি সুধিলে—‘বৌ কণী কেনেকৈ খুৱাব লাগে?’
‘তুমি কণীটো হাফ বইল কৰিবা আৰু চামুছেৰে খুৱাবা ৷ কিন্তু ফুল বইল একেবাৰে মানা দেই !’
‘বৌ সপ্তাহত কেইদিন খুৱাব পাৰি?’—এওঁ আকৌ সুধিলে।
তেওঁ অলপ চিন্তা কৰি ক’লে—‘মই পাহৰিলো কিন্তু ইয়াক প্ৰায়ে খুৱাইছিলো ৷’
আন আন কথা-বতৰা চলিল ৷ এপাকত আহিবলৈ ওলালো ৷
বৌৱে সোঁৱৰাই দিলে—‘পিকলু, কণী খুৱাবলৈ নাপাহৰিবা ৷’

তাৰ পৰা ওলায়ে এওঁ মাত লগালে, বৰ বেয়া হ’ল কথাটো! ব’লাচোন কাছাৰী বজাৰৰ ফালে যাওঁ ৷ মই অলপ আচৰিত হৈ সুধিলো—কাছাৰী বজাৰলৈ কিয়?
‘তাত ভাল লোকেল কণী পায়।
অলপ বিৰক্ত হৈয়ে ক’লো—‘হেৰা গনেশগুৰিতো ভাল লোকেল কণী পায় ৷ তাৰে পৰা আনি দিম ৷ এতিয়া মাহীৰ তালৈকে যাওঁ ৷’
মাহীৰ ঘৰত বহি আছো ৷ কথা-বতৰা চলি আছে ৷ এপাকত মাহীয়ে সুধিলে—‘প্ৰাপ্তিক কণী দি আছা নহয় ? তাইৰ গ্ৰোথটো বেছ ভাল হৈছে ৷’
‘দি আছো’ বুলি মই ক’বলৈ পোৱাৰ আগতেই এওঁ মাত লগালে—‘মাহী নাই দিয়া ৷ কিবা গণ্ডগোল হ’ব নেকি এতিয়া ?’
মাহীয়ে হুৱাদুৱা লগালে—‘৬ মাহ হ’ল। তথাপি কণী দিয়া নাই? (মোৰ ফালে চাই ক’লে) তইনো ছোৱালীজনীৰ কাৰনে কণী আনি দিব পৰা নাই নে ?’
এওঁ কান্দো কান্দো হৈ মাত লগালো—‘মাহী এতিয়া কি হ’ব ?’
মাহীয়ে মাত লগালে,‘একো নহয় ৰ’বা ৷ মই এতিয়াই কণী এটা ফুল বইল কৰো আৰু তাইকো খুৱাই দিয়া তুমি ৷’
ফুল বইল!!!
অলপ আগতে দেখোন হাফ বয়ল আছিল, ফুল বয়ল একেবাৰে মানা !!!!!!!!!!!
বুদ্ধি এটা উলিয়াই ক’লো,‘মাহী আচলতে ডাক্টৰে প্ৰাপ্তিক কণী দিবলৈ মানা কৰিছে ৷ ৮ মাহৰ পৰাহে খুৱাবলৈ কৈছে ৷’
কথাষাৰ শুনি মাহীয়ে বৰ দুখ পালে, নাতিনীক কণী খুৱাবলৈ নাপালে ৷

মাহীৰ ঘৰৰ পৰা গ’লো মামাৰ ঘৰলৈ ৷ বাটত এওঁৰ এটা চিন্তা—এতিয়া কি হ’ব ? কণী খুওৱা হোৱা নাই দেখোন !’
মামাৰ ঘৰত বহি কথা পাতি আছো ৷ মামাৰ ডাঙৰ বোৱাৰীয়েকে প্ৰাপ্তিক কোলাত লৈ আছে—‘ পিকলু, তুমি যে তাইক কণী ৰেগুলাৰ দি আছা সেই কাৰণে গ্ল’টো মন কৰিছা ?’
এওঁ সেমেনা-সেমেনি কৰি ক’লে—‘বৌ, তাইক কণী দিয়া হোৱাই নাই ৷’
আগৰ দুঘৰৰ দৰে এইবাৰো বৌৰ সাংঘাটিক ৰিয়েকচন—কি!!!!!!!!!!! কিয় ??????????? (মোৰ ফালে চাই) অই, তোক কৈ আহিছিলো দেখোন সপ্তাহত দুটাকে কণী খুৱাবলৈ ৷’
মই লাহেকৈ মাত লগালো—‘বৌ দি আছো তাইক ৷ দেখা নাই গ্ল’টো? এওঁ নাজানে কথাটো ৷ ৬ মহীয়া ছোৱালীজনীক কণী নুখুৱালে কেনেকৈ হ’ব ?’
এওঁ সুধিলে—‘বৌ কেনেকৈ খুৱাব লাগেনো ?’
বৌয়ে উৎসাহেৰে উত্তৰ দিলে,‘কণীটো পুৰা হাৰ্ড বইল কৰিবা ৷ ফুল বইল নহয় দেই একদম হাৰ্ড বইল কিন্তু ৷ তাৰ পিচত খুৱাই দিবা ৷ আমাৰ তিনিটাক তেনেকৈয়ে ডাঙৰ কৰিলো ৷’

মামাহঁতৰ ঘৰৰ পৰা আৰু এঠাইলৈ যোৱাৰ কথা আছিল ৷ মোৰ যাবলৈ মন নগ’ল ৷ যদি এইবাৰ অমলেটৰ কথা কৈ দিয়ে !!!!!

ঘুৰি আহি ঘৰ পালোঁ ৷ এওঁলোকক নমাই মই বজাৰৰ ফালে ওলাই গ’লো ৷
৮মান বজাত উভতি আহিলো ৷
ক’তা ?—এওঁৰ ডাইৰেক্ত আক্ৰমণ।
কি ক’তা ?
‘কণী অনা নাই নেকি ?’—এইবাৰ এওঁ অলপ খঙেৰেই সুধিলে।
মই বুজিলো আজি ৰাতি শুব নোৱাৰিম ৷
বুজাবলৈ যত্ন কৰিলো—হেৰা কণী ঘৰতে আছে ৷ কিন্তু খুৱাবা কেনেকৈ ?? হাফ বইল, নে ফুল বইল, নে হাৰ্ড বইল ?

এওঁ বহি গ’ল শিশু আৰু গাৰ্হস্থ্য বিজ্ঞান নে তেনে কিবা এখন লৈ ৷
এপাকত ময়ে ক’লো—‘হেৰা সেইখন থাকক দিয়া, মই গীতাঞ্জলিলৈকে ফোন কৰো, কেনেকৈ খুৱাব লাগে সুধিবলৈ ৷’
এওঁ মোৰ প্ৰস্তাৱত বৰ ভাল পালে। অ’ অ’ সোধাচোন ছাইল্ড স্পেছিয়েলিষ্টক সোধাই ভাল হ’ব ৷

ৰাতি ১১ বজাত—‘হেল্ল গীতাঞ্জলি, অসুবিধা এটা হ’লহে ! মানে প্ৰাপ্তিক…….’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক