কণী যুঁজৰ আনন্দ (মিণ্টু বৰগোঁহাই)

কণী যুঁজৰ আনন্দ
মিণ্টু বৰগোঁহাই

প্ৰায় ১৯৮৭-৮৮ চন মানৰ কথা, মই তেতিয়া এল পি স্কুলত। সেই সময়ত আমাৰ গাঁৱত চ’তৰ আৰম্ভণিৰ পৰাই হাঁহ আৰু কুকুৰাৰ কণী যুঁজ আৰম্ভ হৈ গৈছিল। আমি সৰুবোৰে “নোপোৱা-নুপুই” মানে মিছা-মিছি যুঁজ খেলিছিলোঁ আৰু ডাঙৰবোৰে “পোৱা-পুই” মানে সচাঁ-সঁচি কণী যুঁজাইছিল। আমিবোৰে যুঁজত হাৰিলেও হাতৰ কণীটো জয়ী হোৱা জনক দি দিব নালাগিছিল। অৱশ্যে বিহুৰ ওচৰ চাপি অহাৰ লগে লগে আমিও সঁচা-সঁচি যুঁজ কৰিবলৈ এৰা নাছিলোঁ। হাৰিলে দিনটোলৈ মনটো বেয়া লাগি থাকে। জিকিলে ঘৰলৈ গৈ পোনে পোনে মাৰ হাতত দিওঁগৈ। ভাত খাবৰ সময়ত বীৰত্ব জাহিৰ কৰিবলৈকে দুগৰাহমান বেছিকৈ খাওঁ।
বৰদেউতাৰ ল’ৰা সৰুকাইদেউ আছিল কণী যুঁজত ওস্তাদ। কণী দেখিলেই ক’ব পাৰে কোনটো কণী টান (অৰ্থাৎ খোলা কঠিন) আৰু কোনটো ঢিলা। দাঁতত টুকুৰিয়াই চাবলৈ পালেতো কথাই নাই। গতিকে তেওঁৰ লগত কণী যুঁজাবলৈ সকলোৱে ভয় কৰে। চ’ত মাহ সোমোৱাৰ লগে লগে তেওঁ ওচৰৰে চামগুৰিৰ বায়েকৰ ঘৰৰ পৰা বাচি বাচি টান হাঁহৰ কণী লৈ আনে আৰু গাঁৱত সকলোৰে সন্মুখত পৰাক্ৰম দেখুৱায়। বিহুৰ আগৰ কেইদিন তেওঁৰ হাতত সদায় চাৰি পাঁচটা কণী থাকেই। অৱশ্যে তাৰে দুটামান টান, বায়েকৰ ঘৰৰ পৰা অনা আৰু বাকীকেইটা ফুচুৰি মানে একেবাৰে ঢিলা। প্ৰথমতে ফুচুৰি এটাৰে আৰম্ভ কৰি বিপক্ষক জিকাই লয় যাতে বিপক্ষই ভাবে যে তেওঁৰ হাতত বৰ এটা টান কণী নাই আৰু পাচত ব্ৰহ্মাস্ত্ৰ কেইপাত উলিয়াই ইজনৰ হাতৰ আটাইকেইটা কণী জিকি আনে। গৰু বিহুৰ দিনা ৰাতিপুৱা গৰু গা ধুওৱা হোৱাৰ পাছতে নিজে গা ধুই উঠি পুৰণি লংপেণ্ট কাটি সজোৱা মোনা এখনত দহ-পোন্ধৰটামান কণী লৈ ওলাই আহে যুঁজলৈ বুলি। লগত মোক লৈ যায়। ময়ো বিহুৰ কাপোৰযোৰ পিন্ধি ওলাই যাওঁ। সৰুকাইদেউৱে মোৰ হাতত কণী এটা দি কয় “ লগৰকেইটাৰ লগতহে যুঁজাবি, ডাঙৰবোৰৰ লগত নুযুঁজাবি “। ময়ো বীৰদৰ্পে কণী যুঁজাই থকা লগৰকেইটাৰ মাজত সোমাই পৰোঁ। কোনোবাই যুঁজাব খুজিলেই বহ বুলি কৈ চিধাই যুজাই দিওঁ। কাকো দাঁতত টিকাই চাবলৈ নিদিওঁ। প্ৰায়েই জিকোঁ। তেনেকৈ জিকা কণীবোৰ আমাৰ দুটাৰ মাজত সমানে ভাগ হয়। কাৰণ কণীৰ মালিক তেওঁহে। অৱশ্যে কেতিয়াবা হাৰিবও লগীয়া হয়। হাৰিলে ঘূৰি অহাৰ সময়ত ককাইদেৱে নিজে জিকি অনা কণী দুটামান হাতত দি পঠিয়ায়।
এবাৰ বিহুত সৰুকাইদেৱে মোৰ হাতত এটা সৈয়া কণী দি ক’লে “চবৰে লগত এফালৰ পৰা যুঁজাই যাবি, আজি তোক কোনেও হৰুৱাব নোৱাৰে”। ময়ো সেইদৰে প্ৰথমতে লগৰ কেইটাৰ পৰা আৰম্ভ কৰি ডাঙৰবোৰৰ মাজত সোমালোঁগৈ। মোৰ হাতৰ সৈয়া কণীৰ লগত কোনোৱে টিকিব পৰা নাই। প্ৰায় ত্ৰিশটা মান কণী জিকিলোঁ। এজনে আকৌ জেদত লাগি দহটামান কণী লৈ চেষ্টা কৰিলে। নাই মোৰ হাতৰ ব্ৰহ্মাস্ত্ৰ অলৰ অচৰ। আটাইকেইটা জিকিলোঁ। অৱশেষত তেওঁ হাৰ মানি চাওঁচোন তই এইটো ক’ৰ পৰা আনিলি বুলি মোৰ হাতৰ পৰা কণীটো লৈ দাঁতত টিকাই চালে আৰু লগে লগে চিঞৰিলে “ ঐ ইয়াৰ হাতত এইটো সৈয়া কণী ,কোনেও নোৱাৰ এইটো ভাঙিব, মোৰ চীনাহাঁহৰ কণীকেইটাকে ভাঙি নিলে ই”। সেইদিনা আৰু মোৰ লগত কোনেও যুঁজাবলৈ সাহস নকৰিলে।
পাচৰ বছৰবোৰত লাহে লাহে নিজেও কণী টান-ঢিলা চাব পৰা হৈ উঠিলোঁ। অৱশ্যে আমি হাইস্কুলত পঢ়ি থকা সময়লৈ হাঁহ-কুকুৰাৰ কণী গাঁৱত পাবলৈ নোহোৱা হৈ আহিল আৰু কণী যুঁজত ফাৰ্মৰ কণী ব্যৱহাৰ হ’বলৈ ললে। ফাৰ্মৰ কণী যুঁজত আকৌ টান ঢিলা চাবলৈ নাই চিধাই প্লেটৰ পৰা উঠাই যুঁজাব লাগে। আগৰ আমেজ নোহোৱা হৈ আহিল। কলেজত পঢ়ি থকালৈকে ফাৰ্মৰ কণী হ’লেও যুঁজাবলৈ পাইছিলোঁ কিন্তু যোৱা পাঁচ বছৰ মানৰ পৰা কণী যুঁজ একেবাৰে নোহোৱা হৈ পৰিল। সিদিনা ঘৰলৈ যাওঁতে দেখিলো মায়ে খৰহি এটাত ঘৰৰ হাঁহৰ কণী থৈ দিছে। ভতিজাটোক কাষত বহুৱাই দেখুৱালোঁ কেনেকৈ টান-ঢিলা কণী বাচিব লাগে। সি বৰ আমেজ পালে। কিন্তু কি হ’ব যুঁজাবলৈ আগৰ সেই পৰিবেশ গাঁৱতো নোহোৱা হ’ল। ঘৰতে ভতিজা কেইটাৰ লগত নিয়মটো কৰিব লাগিব।


***********************************
আৰু বেলিৰ বিহুখন চেৰেঙা-বেৰেঙা
চ’তৰ বিহুত যুঁজাবা কণী;
এবটল গোন্ধ তেল আনি দিবা চেনাই ঐ
ম’হৰ শিঙৰ আনিবা ফণী।
***********************************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments