কণৰ লৰাৰ বিয়া -(প্ৰতিভু দত্ত)

-প্ৰতিভু দত্ত

কণৰ লৰাৰ বিয়া

দেওবাৰে দুপৰীয়া শুই আছিলো ৷ কলিঙবেলতো বাজিল ৷ দুৱাৰ খুলিলো ৷ দেখো হাতত এখন চিঠি আৰু মুখত এমোকোৰা হাঁহিৰে এক ভদ্ৰলোক আৰু ভদ্ৰমহিলা ৷ বুজিলো বিয়া মাতিবলৈ  আহিছে ৷ মই মনতে ভাবিলো বোধহয় কোনোবা ওচৰ-চুবুৰীয়াৰ ঠিকনা সুধিব, কাৰণ মই নিশ্চিত তেখেতসকল আমাৰ ঘৰলৈ নিমন্ত্ৰণ  জনাবলৈ অহা নাই ৷

ভদ্ৰলোক : তুমি সদা ককাইদেউৰ ডাঙৰ ল’ৰাজন নহয় জানো ???

মই : (থতমত খাই) হয়, হয়, আহক আহক ৷

ভদ্ৰলোক : মা আছেনে ?

মই : মা নাই নহয় ৷ নামলৈ গৈছে ৷

ভদ্ৰলোক : হয় নেকি? মোক বাৰু চিনি পাইছানে নে নাই ?

মই উত্তৰ দিবলৈ নাপালোৱে (হয়তো তেখেতে উত্তৰতো জানিছিল) ৷ তেখেতে কৈ গ’ল : মই কণখুৰা ৷ অমুক তাৰিখে ল’ৰাৰ বিয়া পাতিছো ৷ আহিব লাগিবদেই ৷   খুবসম্ভব বৰ আপোন খুৰা ৷ একেকোবে মই তুমিৰ পৰা গৈ তই হলোগৈ ৷ ক’লে : মাৰক লৈ আহিবি কিন্তু ৷   মই চিঠিখন হাতত লৈ তভক মাৰিলো ৷ কোন এই কণখুৰা ? নাম, ঠিকনা, ফোন-নাম্বাৰ তন্ন-তন্নকৈ চালো ৷ নাই , একোকে মনত নপৰিল ৷   খংতো উঠিয়ে আহিল ৷ কাৰণ আছে, কাৰণ আছে ৷ কোনোদিনে মা-দেউতাৰ মুখে কণখুৰা নাম শুণা মনত নপৰে ৷ ঠিক আছে নালাগে বাৰু পৰিব ৷ যোৱা ১৫ বছৰে আমি এই ঠিকনাত আছো ৷ কোনো দিনে কণখুৰাই আমাৰ খবৰ লবলৈ অহা মনত নপৰে ৷ ঠিক আছে নালাগে বাৰু আহিব ৷ এয়া মবাইলৰ যুগ ৷ আমাৰ ঘৰত ৫টাকৈ মবাইল আছে ৷ যদি ইমানেই আপোন ,  ফোন এটা কৰিতো খবৰ এটা ল’ব লাগিছিল!! কিমান সকাম পাৰহৈ গ’ল আমাৰ ঘৰত!!!! ঠিক আছে নালাগে বাৰু ফোন এটা কৰিব ৷ এয়া “ফেছবুক”ৰযুগ ৷ যদি ইমানেই আপোন অন্ততঃ  ফ্ৰেণ্ড ৰিকুৱেষ্ট এটাতো পঠাব লাগিছিল!!   মুঠতে খঙতো উঠি আহিল ৷ বুজি গলো আকৌ বিয়া ঘৰত গৈ ছাৰ্লক হো’মছ, ছাৰ্লক হো’মছ খেলিব লাগিব!!!  … …..   মোৰ ঠিক মনত আছিল তাৰিখতো ৷ শুই উঠিয়ে সৰু প্ৰাৰ্থনা এটা কৰিলো : হে প্ৰভু,  মা আৰু পৰিবাৰৰ যেন বিয়াৰ নিমন্ত্ৰণৰ কথাতো মনত নাথাকে ৷   কামৰ পৰা ঘুৰি আহি সন্ধিয়া ৬:৩০মান বজাত ভয়ে ভয়ে ঘৰ সোমাইছো ৷ দুৱাৰমুখত দেখো মা হাঁহি মুখে ঠিয়হৈ আছে, সুসজ্জিতহৈ ৷ মই প্ৰথম অস্ত্ৰপাট ৱ্যৱহাৰ কৰিলো : কৰ’বালৈ যোৱা নেকি?  অস্ত্ৰ তেনেই দুৰ্বল আছিল ৷ মায়ে উত্তৰ দিলে : কণৰ ল’ৰাৰ বিয়া নহয় ! ওলা, চাহকাপ খায়ে ওলা ৷ বুজিলো প্ৰথম অস্ত্ৰপাট এনেয়ে গ’ল ৷ দ্বিতীয় অস্ত্ৰপাট ব্যৱহাৰ কৰিলো : নগ’লে নহয় নেকি ? মায়ে ক’লে : নাই, নাই যাব লাগিব ৷ কণে ঘৰত আহি মাতি গৈছেহি, নগ’লে বেয়া কথা হ’ব ৷ নিজৰ ওপৰতে খং উঠি আহিল ৷ মোক কিহেযে পাইছিল  চিঠিখন দেখুৱাবলৈ!   আকৌ এটা চেষ্টা কৰি চাব খুজিলো ৷ জোতাযোৰ খুলি খুলি (অলপ আক্ৰমণাত্মক অৱতাৰত) : কোন হয় এই কণখুৰা ? ইমানদিন হ’ল কাহানিও নামতো শুনা মনত নপৰে, ….দেখা মনত মনত নপৰে, …. …  মুৰ তুলি দেখো ছিল্কালয়ৰ পৰা অনা সেউজিয়া পাটৰ “ছেট”, যোৰহাট সোনাৰীগাঁওৰ “বৰদলৈ জুৱেলাৰী”ত গঢ়াই অনা “লোকাপাৰৰ ছেট” আদিৰে সুসজ্জিতহৈ সন্মুখত ঠিয়হৈ আছে শ্ৰীমতী ৷ হাঁহি এটা মাৰি ক’লে : তোমাৰ ছাৰ্ট, পেন্ট উলিয়াই থৈছো ৷ স্প্ৰে মাৰি ল’বা ৷ ৰুমাল এখন ল’বলৈ নাপাহৰিবা কিন্তু । মোৰ কাণত সোমাল “সাজি কাচি ওলাই আছো ৷ নাযাব লাগিলে চাবা কিন্তু । …. ……….   গাড়ীৰে গৈ থাকোতে শেষ চেষ্টা কৰি চালো : বিয়ালৈ নগৈ প্ৰগতি মেনৰ বা গেটৱেলৈকে যাও দিয়া ৷ বহুদিন যোৱা নাই!  একো উত্তৰ নাই ৷ বুজিলো মনে মনে গৈ থকাই বুধিয়কৰ কাম হ’ব ৷ … …. পালোগৈ প্ৰমিলা বিবাহ ভৱন ৷ বিয়া নহয় যেন মেলাহে এখন হৈছে ৷ নিজকে বুজালো : আজি মেলা উপভোগ কৰাই লিখা আছে মোৰ কপালত ৷ মা, শ্ৰীমতী আৰু ছোৱালী আগুৱাই গ’ল দৰা আৰু কইনাৰ ওচৰলৈ ৷ চিনাকি হ’ল, উপহাৰ দিলে, চ’ফগুটি খালে ৷ মই দূৰৈৰ পৰায়ে চাই ৰলো ৷ আজি ছাৰ্লক হো’মছ, ছাৰ্লক হো’মছ খেলিম বাপ্পেকে!!কোনে কি কৰিছে, কোনে কি কৈছে তাকেই চাই থাকিম ৷ তাৰ বাহিৰেনো মোৰ কৰিবলৈ কিটো আছে ?   দেখিলো খুৰাদেউৰ লগত মা আৰু শ্ৰীমতীয়ে হাঁহি হাঁহি কথা পাতি আছে । খুৰাদেৱে মোৰ ছোৱালীজনীক গালত ধৰি মৰমো কৰিছে ৷ ভাবিলো মায়ে খুৰাদেউক বহুদিনৰ পাছত লগ পাইছে, গতিকে পাতিছে কথা ৷ শ্ৰীমতীয়ে কি কথা পাতিলে বাৰু ? ঘৰ ক’ত, ঘ’ৰত কোন কোন আছে সেইবোৰেই পাতিছে আৰু ছাগৈ!   তাৰ পাছত মা আৰু শ্ৰীমতী বহিলগৈ ৷ ১০মিনিটমান যোৱাৰ পাছতে বুজিলো মা আৰু শ্ৰীমতীৰ এই বিয়াত আৰু চিনাকি মানুহ নাই ৷ দুয়ো ব্যস্তহৈ পৰিল কোনে কি কাপোৰ পিন্ধিছে, কাৰ কাপোৰৰ বুটা/  গুণা কিমান ভাল তাৰে যে আলোচনা চলিছে ।  মই ছাৰ্লক হোমছে দূৰৰ  পৰাই বুজি পালো ৷ দুয়ো মাথো ইফালে চাইছে আৰু সিফালে চাইছে ৷ ভালেমান সময় গ’ল ৷ মাজতে আহি যেনিবা বগা চোলা, ক’লা স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে চুপ (?) অকমাণ খুৱালেহি ৷   মাজে মাজে লুইতৰ শিহুৰ দৰে ভুটুংকৈ এজন আহি সোধেহি : গ’ল নে ভিতৰলৈ ? খালে নে ভাল কৈ ?  উত্তৰ দিবলৈ নাপাওঁতেই লুইতৰ শিহু নোহোৱা হয় ৷   অলপ পৰ পাছত দেখিলো এজন তপামূৰীয়া ভদ্ৰলোক মোৰ ফালে হাঁহি হাঁহি আহি আছে ৷ মই  অলপ সজাগ হ’লো ৷ কিয় আহিছে বাৰু? ভিতৰলৈ মাতিবলৈ নিশ্চয় অহা নাই! ভদ্ৰলোক আহি ওচৰ পালেহি ৷ বুজিলো, ভদ্ৰলোকো মোৰ দৰেই ব’ৰ(bore)হৈ আছে আৰু এতিয়া মোৰ লগত মেম’ৰি টেষ্টিং খেলিবলৈ  আহিছে ৷ মোক প্ৰশ্ন কৰিলে : চিনি পাইছানে মোক ?   চিন্তা কৰিলো কি কৰা যায়, খেলো নে নেখেলো বাৰু? নেখেলাই ভাল হ’ব যেন লাগিল ৷ মইতো আজি “এগ্ৰেচিভ” খেলিম,  ভদ্ৰলোকে নোৱাৰিব মোৰ লগত ৷ উত্তৰ দিলো : নাই পোৱা ৷ মেম’ৰি টেষ্টিং খেলুৱৈ : কিয় মই অমুকৰ তমুক আকৌ!  মই নিৰ্লিপ্ত উত্তৰ দিলো : মই অমুকো চিনি নাপাও, তমুকো নাপাও ৷   মেম’ৰি টেষ্টিং খেলুৱৈজনে বুজি পালে ছাগৈ ৷ উঠি গ’ল তেখেত ৷    মই লাহেকৈ উঠি মাহঁতৰ ওচৰ পালোগৈ৷ সুধিলো : খাবলৈ নোযোৱা নেকি?  মা : মাতিলেই যাম ৷  খঙ সামৰি মাক ক’লো : সেইযে দেওবাৰে দুপৰীয়া ঘৰতগৈ মাতি থৈ আহিছিল সেইদিনাই কৈছিল ভালকৈ খাবলৈ । নিজৰ ঘৰ বুলি ভাবিবলৈ কৈছিল ৷ সদল-বলে গ’লো খাবলৈ ৷ বিৰাট আয়োজন ৷ ইন্ডিয়ান, চাইনিজ্, কনটিনেনটেল সব আছে ৷ এটা চুকত চকুত নপৰাকৈ সৰু চৰিয়া দুটামানত কোমল চাউল, চিৰা অলপ আছিল ৷ মনতো ভাল লাগিল ৷ ইমানবোৰ খানা আছে, খুৰাই নিশ্চয় লুচি আৰু বুটৰ ডালি অলপো ৰাখিছে কৰ’বাত ৷ ইফালে-সিফালে চাই গ’ম পালো আজি নান আৰু তণ্ডুৰীৰেই কাম চলাব লাগিব ৷   বেছি দেৰি নালাগিল ৷ আকৌ আহি মই নিজৰ ঠাইত বহিলোহি ৷ অলপ পাছত দেখো মা, শ্ৰীমতী আৰু ছোৱালী আহি পালেহি নিজৰ ঠাই ৷ সুবিধা পাই, চকুৰ ইংগিতত সুধিলো : নোযোৱা নেকি?  উত্তৰ আহিল : যাম ৷   ৰক্ষা পৰিলো ৷ একেকোবে আহি গাড়ি পালোহি৷ … …. গাড়ীত আহি থাকোতে সুধিলো : (ৰিচেপচন) কেনে লাগিল ? মা আৰু শ্ৰীমতীয়ে সমস্বৰে উত্তৰ দিলে : ভাল লাগিল, ভাল লাগিল ৷   উত্তৰতো জানো যদিও  সুধিলো : চিনাকি কোনোবা পালানে ?  মা আৰু শ্ৰীমতীয়ে সমস্বৰে উত্তৰ দিলে : নাই, তেনেকৈ নাপালো ৷ সুধিলো : আচ্ছা, এই কণখুৰানো আচলতে হয় কোন?  উত্তৰ আহিল মাৰ পৰা : মই যিজন কণ বুলি আহিছিলো সেইজন কণ নহয় এইজন ৷ অলপ আচৰিত উত্তৰ এটা পায় আকৌ সুধিলো : তেনেহ’লে হয় কোন?   মায়ে উত্তৰ দিলে : মই ভালকৈ চিনি নাপালো ৷ মোৰ মনত পৰি গ’ল  মেম’ৰি টেষ্টিং খেলুৱৈজনলৈ!!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments