ক’তে মৰো মই- বৰ্ণালীগগৈ

সৰুৰে পৰা বেঙী আৰু ভেলেঙী বুলি মোৰ নাম আছে৷ ইমানেই আঁকৰী, আজলী আছিলো মই যে বেল খাই নাইপোৱা বুলি কওতে সম্পৰ্কীয় দাদা এজনে এদিন মুখৰ ভিতৰতে কোৱাদি কৈছিল ’কিনো বেল খাব, নিজেই বেল৷’

ডাঙৰ হোৱাৰ পিছতো সেই বেঙী স্বভাৱটোৱে মোৰ লগ এৰা নাছিল৷ পঢ়া-শুনা কৰা, চাকৰি কৰা এজনী ছোৱালী হৈও মই কৰা সেই কামবোৰ আচলতে এনেকুৱা যে দেখোতাৰ মোৰ শিক্ষা-দীক্ষাক লৈ সন্দেহেই ওপজে৷
সৰুতে যেতিয়া আমাৰ সৰুমামাই শ্বিলঙত পঢ়া তেতিয়াৰ দিনৰে গ্ৰেজুৱেট অনীতামামীক বিয়া কৰাই আনিছিল, ওচৰ-চুবুৰীয়া সকলোৱে ৰৈ ৰৈ চাইছিল৷ মইতো মামীক দেখিয়েই ভোল যোৱাদি গৈছিলো৷ বিয়াৰ দুদিন নে তিনিদিন পিছত মামা ওলাই আলিৰ মুৰৰ উত্তমৰ দোকানলৈ যোৱাৰ সুযোগত অকলশৰীয়া হোৱা মামীক পৰ্দাৰ ফাঁকেৰে জুপি থাকোতে মামীয়ে মোক দেখি মৰমতে ’আহাচোন আহা’ কৈ মাতি খুব মৰমেৰে কাষতে বহুৱাই লৈ নাম-চাম সুধিছিল৷ মই তেতিয়া এনেয়েও পেটুকণা, পিঠিফালে এটা-দুটা বুটাম নথকা ফ্ৰক পিন্ধা ক্ষীণ-মিন অকণমানি ছোৱালী৷ মামীয়ে মোক মৰম কৰি সুধিলে,
’তুমি যে ইমান ক্ষীণ, তোমাক মায়ে ভাত খাবলৈ নিদিয়ে নেকি?’

মই কিয় ইমান ক্ষীণ আছিলো তাৰ কাৰণ মই নিজে নাজানিলেও মাহঁতে পতা কথাৰ পৰা তাৰ উত্তৰ মোৰ জনাই আছিল৷ কেতিয়াও কাকো দিবলগীয়াহে হোৱা নাছিল৷ আজিকালিৰ দৰে সৰু ল’ৰা – ছোৱালীক আগেয়ে কোনেও ইমান আলহ-উদহ নকৰিছিল৷ বৰঞ্চ আমি প্ৰায়ে দাবী-ধমকিহে খাবলৈ পাইছিলো৷ আৰু মোৰ নিচিনা মাজুবোৰ (তাতে ছোৱালী) ৰ কপালততো হোৱাই নোহোৱাই গালি-শপনি, চৰ-ঢকা, গঁতা এটা, ভুকু এটা এইবোৰ নিৰ্দ্ধাৰিতই আছিল৷ প্ৰথমবাৰৰ বাবে কোনোবাই ইমান গুৰুত্ব দি মোক কথা সুধিছে, ইমান মন দি মোৰ কথা শুনিছে, মই মামীক একেবাৰে সঠিক উত্তৰ দিম বুলি স্কুলত বাইদেৱে পঢ়া সুধিলে চিঞৰি চিঞৰি উত্তৰ দিয়াৰ সুৰতে ক’লো, ’নহয় মোৰ জন্মৰ পিছতে আমাৰ ভাইটি জন্ম হ’ল নহয়, মই মাৰ গাখীৰ খাবলৈয়ে নাপাল-
(এবাৰ কোনোবাই সোধোতে মা আৰু মাহীহঁতক কোৱা শুনিছিলো ’এ কি ক’বি আৰু তাইৰ জন্মৰ এবচৰ পূৰা হোৱাৰ আগতেই ল’ৰাটো জন্ম হ’ল যে তাই ভালকৈ গাখীৰ খাবলৈকে নাপালে)

ইফালে মোৰ কথা শুনি মামীয়ে ’অ’ হয়নেকি, হয়নেকি’ বুলি হাঁহি তেতিয়া বিছনাত বাগৰি পৰিছে৷

সেয়া বাৰু সৰুকালৰ কথা কিন্তু ডাঙৰ হৈও মই এয়া ঠাৱৰ কৰিব পৰা নাছিলো যে কোনবোৰ কথা ক’ব লাগে, কোনবোৰ কথা ক’ব নালাগে৷ কি অপৰাধত নাজানো কিন্তু এই পৰম উপকাৰী গুপুত মন্ত্ৰটো জনাৰ পৰা বিধাতাই মোক বঞ্চিত কৰিলে৷ অথচ লগৰ বেছিভাগকে দেখিছো সেই অকণমানিৰ পৰাই টিমক -কি ক’ব লাগে, কি লুকুৱাব লাগে অতি সুন্দৰকৈ জানে আৰু তাৰ ব্যৱহাৰো কৰে৷
আমাৰ আকৌ মুখ মেল খালে মানে তলি উদং৷
কথা ক’ব নাজানো বুলি মা-দেউতা, মাহী-মামাহঁতৰ উপৰিও বাই-ভনীৰ পৰাও মই গালি খাওঁ৷ ভাইটিৰ মতে সব কথা ফেল ফেল কৈ দিয়া মই এজনী এলাইবাং গো মূৰ্খ ছোৱালী৷ কথাটো আচলতেই সত্য৷ সৰুতে কোৱাবোৰতো আছেই, ডাঙৰ হৈ আনকি আজিলৈকেও মই কোৱা কথাৰ বা কৰি পেলোৱা কামৰ পৰা মই নিজেই মানি লওঁ যে হয় মই এক অজমূৰ্খৰ বাহিৰে একো নহয়৷

দিল্লীত সাংবাদিকতা পঢ়া শেষ কৰি তেতিয়া মই ’বিশ্ব প্ৰকৃতি নিধি’ (WWF -India) নামৰ সংস্থাটোৰ হৈ কাম কৰিছো৷ WWF ৰ নিউজ লেটাৰ ’পাণ্ডা’ ৰ কাৰণে বৰ্ষাৰণ্যৰ বিষয়ে এটা লিখা প্ৰস্তুত কৰিবলৈ জয়পুৰৰ ৰেইন ফৰেষ্টলৈ যাম বুলি মই সেইবাৰ অসমলৈ আহি ডিব্ৰুগড়ত আছো৷ গধূলি সেই বৰ্ষাৰণ্যৰ হৈ কাম কৰি থকা দাদা এজনক লগ ধৰিবলৈ যোৱাৰ কথা৷ তেখেতসকল তেতিয়া ৰেডিঅ’ষ্টেচনৰ ওচৰতে থাকে৷ তেখেতসকল মানে দাদাজন, তেখেতৰ পৰিবাৰ ’বৌ’ আৰু তেখেতসকলৰ একমাত্ৰ সন্তানটো যাৰ বয়স তেতিয়া চাগৈ ডেৰবছৰমান আছিল৷ বৰ্ষাৰণ্য আৰু বিশ্ব প্ৰকৃতি নিধিৰ বিষয়ে কথা আলোচনা হৈ আছে৷ বৌৱে চাহ দি গ’ল৷ ভূজিয়া দি গ’ল৷ ঘুগনি দি গ’ল৷ কামৰ আলোচনাৰ মাজত বাৰে বাৰে কাণত পৰে, ’জান, তোমাক আৰু চাহ লাগিব’ ’জান পানী লোৱা’ ’জান আৰু ভূজিয়া লাগিব’ ’জান ঘুগনি লাগিব’৷ বৌৱে সোধা এই কথাবোৰৰ উত্তৰত প্ৰতিবাৰেই মই মূৰ তুলি চাওঁ, কাৰণ মোৰ ঘৰত মতা নাম জান কিন্তুু কিবা এটা ক’বলৈ মুখ মেলি দেখো বৌৰ দৃষ্টি মোৰ ওপৰত নহয় দাদাৰ ওপৰত নিবদ্ধ৷ গতিকে শেষত মই নিশ্চিত হ’লো যে মোৰ দৰে দাদাজনৰ নামো জান৷ আৰু একে নামৰ হোৱাৰ আনন্দতে এপাকত মই কৈয়েই দিলো ’বৌৱে আপোনাক জান মাতিছে ন, আপোনাৰ ঘৰত মতা নাম জান? মোৰো ঘৰৰ নাম জান’
দাদাই কিবা কৈছিলে নে নাই, তেখেতৰ মুখৰ এক্সপ্ৰেচন তেতিয়া কেনেকুৱা আছিল, সেয়া এতিয়া মোৰ ভালদৰে মনত নাই কিন্তুু বৌৱে কোৱা কথাকেইটা হ’লে আজিও কাণত ঠহঠহাই আছে,
’’জান মানে এওঁৰ নাম জান নহয়৷ আমাৰ ’ব’থ চাইড’ জান“
ইচ!
তলৰপৰা ওপৰলৈ মুখকে কৰিব পৰা নাছিলো মই,
ইমানেই লাজ পাইছিলো সেইদিনা বৌৰ সেই কথাকেইটাত৷ একেবাৰে মাটি ফুটি সোমাবলৈ মন গৈছিল৷ মনে মনে কৈছিলো,
’হে দেবী ধৰিত্ৰী, তোমাৰ কোলাতে মোক স্থান এফেৰি দিয়া’
সেই কথাটো মনত পৰিলে আজিও আনকি মাটি ফুটি সোমাওঁ যেন লাগে!
আয়ৈ! কিহৰ জহত যে মুখ ফুটি সেই কথাষাৰ ওলাইছিল!
পিছে এটা কথা মোৰ হ’লে বৰ ভাল দেই, সেয়া নকৈ নোৱাৰো৷ আনে বেঙী, এলাইবাঙ, বেল মাতিলেও মই নিজে নিজক কিন্তুু তেনেকৈ একেবাৰেই নাভাবো৷ পঢ়া-শুনাত ভাল, স্বনিৰ্ভৰশীল, সুন্দৰ, সুশীল এগৰাকী যুৱতী বুলি ভাবো যি একোতেই কম নহয়৷
এণ্ড অফ কোৰ্চ স্মাৰ্ট!
(হ’লোৱেই যেনিবা বেঁকাবেঁকি কথা বুজি নোপোৱা ভোঁদা! হ’লোৱেই যেনিবা ধেমালি বুজি নাপাই খঙচাট চিধা মূৰ পোৱা অভং! )
দিল্লীৰ কোটলা বজাৰত বহা শুকুৰবৰীয়া ’পেভমেণ্ট মাৰ্কেট’ খন মোৰ বৰ পছন্দৰ আছিল৷ তাতে আমি প্ৰায়বোৰ দৰকাৰী বস্তু কিনিছিলো৷ নিজৰ প্ৰয়োজনতকৈ মই পিছে সেই বস্তুবোৰ তালৈ অহা সৰু সৰু বেপাৰী আৰু দোকানীবোৰৰ কাৰণেহে বেছিকৈ কিনিছিলো৷ তেনেকৈ এদিন গধূলি ওলাই গৈ মই আৰু মোৰ ৰুমমেট সুৰমাই কিবাকিবি কিনি আছিলো৷ ঘৰত ব্যৱহাৰৰ বাবে মই এটা ’সল্টপট’ (নিমখদানী) কিনিবলৈ লৈ দোকানীটোক ভাল চাই এটা সল্টপট দিবলৈ ক’লো৷ সিহঁতে যি দামেই বিচাৰে তাকেই দিয়াৰ বাবে এই দোকানীবোৰে মোক বৰ ভালপাইছিল আৰু মোক কেতিয়াও নঠগিছিল৷ দোকানীটোৱে ভালকৈ চাই ’য়ে লো মেডাম’ বুলি নীলা-বগা ৰঙৰ ধুনীয়া ফুলকটা সল্টপট এটা মোলৈ আগবঢ়াই দিলে৷ মই চালো আৰু দেখিলো তাততো ক’তো ফুটাই নাই, নিমখ ওলাব কেনেকৈ!
লগে লগেই দম,
’বদমাচ, সবসে খাৰাবৱালা সল্টপট দিয়া মোঝে? য়হা পে ছেদ হী নহী হে, নমক কেইসে নিকলেগা? ’
কি ভুল হ’ল বুলি থতমত খাই দোকানীটোৱে মোৰ হাতত থকা সল্টপটটোলৈ চালে৷ তাৰপিছত মিচিকীয়া হাঁহি এটা মাৰি মোৰ হাতৰ পৰা সল্টপটটো লৈ সাঁফৰখন পকাই সল্টপটটো মোলৈ আগবঢ়াই দিলে, সেইটো হাতত লৈ মই চাই দেখিলো তেলতেলকৈ ওলাই আছে তিনিটা ফূটা, যাৰে দেধাৰ নিমখ ওলাব পাৰে৷
সুৰমাই কাষত ৰৈ হা হা হা কৈ হাঁহিলে৷
দুদিনমানৰ আগতে কেইটামান দৰকাৰী বস্তু বজাৰ কৰিবলৈ থকাৰ কাৰণে বন্ধৰ দিন চাই মই ভাইটি এটাক মাতি পথাইছিলো৷ মেৰাজ নামৰ মোৰ এই ভাইটো মোৰ কাৰণে ’আলাদীনৰ জিন’ৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলিলেও ভুল নহয়৷ চচমা ল’বলৈ পাণবজাৰ যাব লাগে, মেৰাজ, নয়নতৰাত মাহৰ বজাৰ কৰিব লাগে, মেৰাজ, ঘৰত লগাবলৈ উইণ্ড চাইম লাগে, মেৰাজ, ’গোবিন্দম’ত দহিবৰা খাবলৈ যাবলৈ মন গৈছে, মেৰাজ, মুঠতে মেৰাজ বিনে মোৰ গতি নাই৷
কাৰণ, প্ৰথম কথা বজাৰ কৰিবলৈ পালেই মোৰ জ্বৰ উঠি আহে আৰু দ্বিতীয়তে গুৱাহাটীৰ ৰাস্তালৈ ওলালেই ট্ৰেফিকৰ পেঁপেঁ-পাঁপাঁ ত মোৰ প্ৰাণে তাৰপৰা নিষ্কৃতি বিচাৰি যত কৌটি দেৱ-দেবী আছে সকলোৰে চৰণত পৰি পৰি প্ৰাৰ্থনা জনাই ব্যাকুল হয়৷
সেইদিনাৰ বস্তুকেইটা ল’বলৈ পিছে মই নিজে নগ’লেই নহয়৷ পূজাৰকেইদিনো গা বেয়া হৈ বিছনাতে পৰি থাকিলো৷ কেনিও ওলোৱা নাই৷ গতিকে মেৰাজে জোৰ কৰিয়েই লৈ গ’ল, ’ব’লকচোন ব’লক, কিমাননো সোমাই নাথাকে৷ অকণমান ওলালে মনটোও ভাল লাগে’
সাতে-পাঁচে গুণি শেষত তাৰ লগত স্কুটিত উঠি দেওবাৰৰ গুৱাহাটীৰ খালী ৰাস্তাৰে (তুলনামূলকভাবে) ওলাই আহিলো৷ বজাৰ প্ৰায় হ’লেই৷ ব্ৰাউন টেপ এটা কিনিলেই হৈ যাব৷ দেখিলো হঠাতে মেৰাজে স্কুটিখন ৰখালে৷ কি হ’ল সুধিলো, সি ক’লে, আপুনিতো ৰাতিপুৱা চাহ-বিস্কুটহে খালে৷ ভাত খোৱালৈকে দেৰি হৈ যাব৷ পাতল কিবা এটা খাই লওক৷ তেতিয়াহে দেখিলো সমুখত ’ৰিপজ’
অসুখৰ পৰা উঠিছো, মুখত এতিয়াও ৰুচি অহাই নাই৷ ’কি খাব কি খাব’ সুধি মেৰাজে নিজেই ’চিকেন চেণ্ডউইচ’ আৰু কফিৰ অৰ্ডাৰ দিলে৷ মই চক’লেট পেষ্ট্ৰিও তাতে যোগ কৰিলো৷ সি ’বিলিঙ’ৰ কাৰণে কাৰ্ড লৈ ৰৈ থাকোতেই চেলচৰ ছোৱালীজনীয়ে মোক চচ আৰু প্লাষ্টিকৰ চামোচৰ সতে প্লেটদুখন ধৰাই দিলে৷ মেৰাজে ঈঙ্গিতেৰে মোক পিছফালে থকা ’ডাইনিং এৰেইঞ্জমেণ্ট’টোৰ ফালে যাবলৈ দেখুৱাই দিলে৷ থিয় হৈ খাব পৰা টেবুলৰ নিচিনা ষ্টেণ্ডবোৰৰ লগতে এখন ওখ আৰু দুফালে দুখন চাপৰ টুলৰ দৰে দেখি মই ভাবিলো চকীৰ সলনি চাগৈ ইয়াত এনেকৈয়ে বহাৰ ব্যবস্থা কৰা আছে৷ মেৰাজৰ চেণ্ডউইচ তালৈ থৈ মই চাপৰ টুলখনতে বহি মোৰ চক’লেট পেষ্ট্ৰি খাবলৈ আৰম্ভ কৰিলো৷ সেয়া শেষ কৰি চেণ্ডউইচো আধামান খালোৱেই৷ হঠাত ছোৱালীজনী বাহিৰলৈ ওলাই আহিল, মই বহি থকা টুলখনত মোৰ পিছফালে হাতেৰে থাপকৈ মাৰি তাই কৈ গ’ল,
’য়হা পে বেইঠনা নহী হোতা হে, খানা খানা হোতা হে৷
য়ে চেয়াৰ নহী, টেবুল হে’
মোৰ আধাখোৱা স্ম’কড চিকেন চেণ্ডউইচ হাততে ৰৈ গ’ল৷
হে ভগবান!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments