ক’ত হেৰাল বিহু – মিণ্টু বুঢ়াগোহাঁই

ৰঙালী বিহুৰ উমান দিয়ে গছৰ কোমল কুঁহিপাতে ; উমান দিয়ে পাতৰ আঁৰত লুকাই মিঠা সুৰ দিয়া কুলিজনীয়ে ৷ তথাপি দেখোন বিহুক ক’ৰবাত হেৰুওৱা যেন লাগে ৷ আচলতে ক’ৰবাত চহা জীৱনৰ সাক্ষীস্বৰূপ ৰঙালীৰ উল্লাস হৃদয়ৰ নিভৃত কোণৰ আমেজ হেৰুৱাইছোঁ ৷
ৰঙালীৰ আনন্দ, হেঁপাহ অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ ৷ বিৱৰ্তন আৰু অৰ্থনৈতিক ধামখুমীয়াত পৰম্পৰাগত বিহুৰ ৰং হেৰাই যাবলৈ আৰম্ভ কৰিছে ৷
প্ৰথমেই ক’ব বিচাৰোঁ, গাঁও অঞ্চলত ঘৰে ঘৰে হুচৰি গোৱাৰ যি নিয়ম আছিল সেয়া বৰ্তমান কমি আহিল৷ অত্যধিক লাভ-লোকচানৰ বিচাৰ প্ৰক্ৰিয়াত এই প্ৰথা বিলুপ্ত হ’বলৈ গৈ আছে৷ ঘৰে ঘৰে হুচৰি আৰম্ভ কৰাৰ সলনি এতিয়া মুষ্টিমেয় আৰ্থিকভাৱে সৱলসকলৰ ঘৰতহে বিহুৱে শোভা পায় ৷ বাকীসকলে ৰ’ লাগি চাই থাকোতেই যায়৷
ইয়াৰ পাছতেই বিহুৰ পৰিবৰ্তনৰ আন এটা কাৰক হ’ল, প্ৰতিযোগিতামুখী বিহু৷ সম্প্ৰতি বিহু প্ৰতিযোগিতামূলক হোৱাৰ বাবেও বিহুৱে পূৰ্বৰ প্ৰকৃত গৰিমা হেৰুৱাইছে৷ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ডেকা-গাভৰুসকলে দ’ল গঠন কৰে ৷ প্ৰতিযোগিতামুখী হোৱা বাবে সেই দলসমূহো আকৌ আৰ্থিক লাভালাভৰ ওপৰত নিৰ্ভৰশীল হয়৷
ইয়াৰ উপৰি বৰ্তমান বিহুৰ নামত যিবোৰ প্ৰশিক্ষণ, কৰ্মশালা গঢ়ি উঠিছে সেইসমূহো সাম্প্ৰতিক সময়ত একোটা সম্পূৰ্ণ ব্যৱসায়হে৷ নাচ শিকাইছে, বাদ্য শিকাইছে সেয়া অন্য কথা বা শিকাটো প্ৰয়োজনীয়ও ৷ কিন্তু ব্যৱসায়ভিত্তিক হোৱাৰ বাবে সেই লোকসকলে বিহুক হৃদয়ত স্থান দিব পাৰিছেনে? কৰ্মশালাসমূহে বিহুক অন্তৰাত্মাত ভৰাই দিব পাৰিছেনে?
বিহুৰ মৰ্যাদা বহুলাংশে ব্যৱসায় ভিত্তিকেই হ’ল ৷ চহা সমাজৰ মাজৰপৰা নগৰমুখী হ’ল৷ বিহুক বেপেৰুৱা কৰাৰ মূলতেই কিন্তু আমি৷ সৰল অনুভৱবোৰ মাটিৰ স’তে বিলীন হ’ল৷
বিহুৰ মাদকতাত ঢেঁকীৰ মাত, বোৱাৰী-জীয়ৰীৰ মেল, পিঠা পনাৰ গোন্ধ, জাগৰ কেঁচা ধোঁৱা বিদ্যামান৷ কিন্তু ক’লৈ গ’ল সেই মাদকতা৷ যান্ত্ৰিক সভ্যতাত বিহুৰ গৰিমা যথেষ্ট ম্লান পৰিল৷
সৌ সিদিনালৈকে ঘৰে ঘৰে বিহুৰ সোৱাদ লৈ ফুৰিছিলোঁ৷ বৰদেউতা খুৰাহঁতৰ পাছে পাছে শেষৰাতিলৈকে ঘূৰি ফুৰিছিলোঁ ৷ আইৰ চাদৰকে চুৰিয়া কৰি পিন্ধিছিলোঁ ৷ গেছ লাইটৰ আগে পিছে ইঘৰ সিঘৰ ঘূৰিছিলোঁ ৷ বৰদেউতাৰ হাতত ছাতি-মোনা লৈ আৰম্ভ কৰা হুচৰিত নাচিছিলোঁ৷
“হৰিধ্বনি চকৰি এ
ভাল ভাল গৃহস্থৰ ভাল
পূবে গড়াল
পশ্চিমে ভঁৰাল…”
হুঁচৰি আৰম্ভণি কৰা পদবোৰ কলিজাত আজিও বাজি থাকে৷ আজিও বাজি আছে পদ-ঘোষা, যোৰা নামবোৰ৷ সেয়া বিহুৰ মাদকতা আছিল৷ এঘৰো বাদ নপৰাকৈ বিহুৱে কলিজাত চুই গৈছিল৷ তেতিয়াই ভাবিছিলোঁ,
“বিহু মানেই আন্তৰিকতাৰ এনাজৰী৷
বিহু মানেই সৰল মনবোৰৰ বান্ধোন৷”
ক্ৰমশঃ বিহু গৈ গৈ ক’ৰ পৰা কি পালেগৈ বিচাৰিয়েই নোপোৱা হ’লোঁ৷ গোটেই গাঁৱৰ ডেকা-বুঢ়া মিলি হুঁচৰি গোৱা চোতালখনত এতিয়া দুবৰি গজিল৷ বন মাৰিবলৈ হুঁচৰি নেদেখাই হ’লোঁ৷
মঞ্চত হুঁচৰি চলিল৷ দৰদাম চলিল: ইমান টকাত আপোনাৰ হুঁচৰি দল আহিব আমাৰ ঘৰলৈ৷ তাকো নগৰমুখী সভ্যতাত৷ গাঁৱৰ কেঁচা মাটিৰ চোতালত বিহু কিদৰে পৰিবেশন কৰিব৷ বোকা পানীৰে ভৰি পৰে৷
কেঁচা খৰিত ফুঁ দি পিঠা কৰা সময় লুকাল৷ হাঁহ কণীৰ ঠাই হেৰাল৷ আহিল কৃত্ৰিম কণী৷ তাৰেই যুঁজ৷
মুঠতে বিহু এতিয়া সফল ব্যৱসায়৷ চান্দা তোলাৰ কথা নক’লোঁৱেই বা! তাকো সৰু সৰু অঞ্চলত বিহু পাতিবলৈও হাহাকাৰ৷ টকাৰ অভাৱ৷
লাহে লাহে গাঁও অঞ্চলত বিহুৰ জুমুঠিটোহে থাকিবগৈ৷ চহৰত থাকিব কৃত্ৰিম কোটিটকীয়া মঞ্চ বিহু৷ টকা থকা ঘৰে বিহুৰ আক্ষৰিক নাচ গান শিকিব৷ কিন্তু প্ৰকৃত বিহুৰ গৰিমা হেৰাই যাব৷ হৃদয়ৰ কোণৰপৰা জীপাল কৰা বিহুৱে মৰ্যাদা হেৰুৱাব৷
এদিন ভৱিষ্যত প্ৰজন্মই বিহু মানে কি বুলি ক’লেই কৈ উঠিব,
“চহৰত যে পাতে মঞ্চত নাচে, গীত গাই সাংস্কৃতিক সন্ধিয়া পাতে সেয়াই বিহু৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক