কথন-মথন—প্ৰিয়ংকা দাস

তেওঁ শুই থকাৰ ফালে মুখ কৰি ঢেলা চকুৰে মই সপোন গজাওঁ।
ভাঙি যোৱা অথৱা ভঙা যোৰা দিয়া গত কথাবোৰৰ আঁত ধৰি মই
অনাগতৰ কাহিনী ৰচো
তেওঁৰ মোৰ
অথবা আমাৰ

ডুবি থকাৰ নিচাটো পুৰণি
কাহিনীয়েই হওক বা
অকাহিনী
শব্দব্ৰহ্মৰ আঁৰৰ প্ৰতিটো আখৰ তেওঁৰ পদূলিত ডুবে
এই পদূলিয়ে নৈপৰীয়া দুঘণ্টা সাঁচি ৰাখে
বতাহত বিৰবিৰাই থকা ছাঁখিনি চাদৰেৰে মেৰিয়াই
ইটোই সিটোক খুন্দিয়াই চকলেট চেলেকে।

বিষময় সময়খিনিত আলিংগনৰ মালিতা ৰচি
ঠন ধৰা সাধুটো জীপাল হোৱাৰ দিনাও
হাতৰ পতাত আঙুলিয়ে লিপি লিখে
এৰা; নেদেখাকৈ নোকোৱাকৈ আৰু নোহোৱাকৈ হৈ যোৱাবোৰৰ
কোনো লিপিবদ্ধ সময় নাথাকে।

শুই যোৱা আৰু সাৰে থকাৰ মাজৰ সময়খিনিত
তেওঁ মোৰ আঙুলি চুৱে
অকটা ভাৱৰ চাৱনিৰে মই ডিঙিত মুখ গুজি পৃথিৱী চাওঁ
চিয়াঁহী লগা হাতেৰে মোৰ অলকা চুই চুই তেওঁ
সাধু শুনায়
ভূতৰ, ভৱিষ্যতৰ। জঁই পৰি যোৱা অতীতৰ।
শৰীৰৰ আৰু আত্মাৰ।
আমাৰ কি আছিল?
সেই ভৰিথকা সংখ্যাবোৰ নে নথকা শূন্যবোৰ?
সঠিককৈ আমাৰ একো নাছিল,
দুইপথে দুইবাটে
তেওঁ তেওঁ আছিল আৰু মই মই।

মুদ খাই যোৱা চকুৰ ভিতৰত আন্ধাৰ থাকে;
যি আন্ধাৰত আমৰণ ছাঁ এটাই দোলা দি যায়।
এই কথাটো সাৱটি মই চাইছো তেওঁ চকুৰ ভিতৰৰ আন্ধাৰখিনি
হাত খেপিয়াই ফুৰা হাত এখনৰ উত্তাপত দহিত হোৱাৰ আপাহতে–
তেওঁ শুই থকাৰ ফালে মুখ কৰি ঢেলা চকুৰে
মই আমাৰ সপোন গজাওঁ।
ভাঙি যোৱা অথৱা ভঙা যোৰা দিয়া গত কথাবোৰৰ আঁত ধৰি মই
অনাগতৰ কাহিনী ৰচো
তেওঁৰ মোৰ
অথবা আমাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments