কথাকবিতা (-শান্তনু চাংমাই)

জলপৰী

লঠঙা গছজোপাত কিমান আৰু পুৰণি পাত সীবলৈ যত্ন কৰিম ? টিমটিম কৈ জ্বলা চাকিৰ পোহৰত কঁপা কঁপা হাতেৰে লুটিয়াওঁ পুৰণি পাণ্ডুলিপি- এপলকত হাঁহি উঠে, এপলকত বুকুত শোকে খুন্দা মাৰি ধৰে | চকুৰ সাগৰত ঢৌবোৰে উথল-পুথল কৰি ৰূপ লয় দৰিদ্ৰ বন্যাৰ- দুখ দিয়াৰ বাহিৰে যাৰ আন কোনো সকামেই যেন নাই!
ঘুমটি আহ, ঘুমটি আহ- কিমান যে ফুচুলাবলৈ চেষ্টা কৰিছোঁ; আস, বিফল হৈছোঁ বাৰে বাৰে | গেঁঠেলা লাগি সৌ কোনোবা ধুবুৰীলৈ আঁতৰি গৈছে ঘুমটি | পৰাণত জ্বলাই একুৰা জুই- সেকিবলৈ যতন কৰিছোঁ; আঙঠা বোৰে আঙুলিৰ আগ দেই নিছে, মঙহ পোৰা পোৰা যেন গোন্ধাইছে- নিজৰেই মঙহৰ গন্ধত নিজৰেই ক্ষুধাৰ অগনি ভক কৈ জ্বলি উঠিছে; পিছ মুহূর্ততে নিজকে চম্ভালি গাইছোঁ নিচুকনি- আমাৰে মইনা শুব এ … শুব এ… |
জলপৰী এজনীৰ দৰেই ধুনীয়া আছিল তাই | হাতৰ ঠাঁৰত ৰৈ যায় বতাহ, নাচি উঠে চিকিমিকি বিজুলী- এনে আছিল তাই | ৰাগীত বিভোৰ হৈ চাই ৰৈছিলোঁ তাইৰ চেলাউৰিৰ কথাকলি নৃত্য- যিমানেই চাইছিলোঁ, সন্তুষ্টিৰ পুখুৰী ভৰি যাওক চাৰি তৃষ্ণাত আতুৰ হৈ ধপধপাই লৱৰি ফুৰিছিল মোৰ কলিজা | কৈছিলোঁ তাক- হেৰেউ, শান্ত হ’ শান্ত হ’ … |
নুশুনিলে, চেঙেলীয়া মন, যৌৱনৰ আপঙ খাই বলিয়া হোৱা মন পিচলি গ’ল কোনোবা নেদেখা গৰ্তৰ গভীৰলৈ | বিচাৰি নাপালোঁ তাক, জলপৰীয়ে যাদু কৰিলে… বহুৱা সাজি মই চাই ৰ’লোঁ বাট কেনেবাকৈ সি উভতি আহিব বুলি | নাহিল, উলটি নাহিল তাৰ অৱশিষ্টৰ হাড় এডালো…!
মন্দ মন্দ গতিৰে জলপৰীয়ে শুহি পেলালে প্ৰতিটো টোপাল তেজ | উৰুঙা কৰি গ’ল মোৰ আঘোণৰ পথাৰ | এতিয়া লুটিয়াওঁ পুৰণি দিনৰ পাণ্ডুলিপি, কবিতাবোৰ চুই চাওঁ- চেঁচা পৰা শবদবোৰে ক্ৰন্দন কৰি উঠে সন্তাপত | লঠঙা গছজোপাত আৰু আজি ফুল নুফুলে, পক্ষীয়ে বাহ নাসাজে, বৰষুণ নসৰে … |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments