কথানদী: কথাবোৰ যেন সঁচাকৈ নদী হৈ বৈছিল (ফাৰুক আজিজ)

ল’ৰালিৰ কোনোবা এটা গৰম বন্ধত ৰ’দে ৰ’দে ঘূৰি ফুৰাৰ কাৰণে মায়ে ধমক দি হাতত কিতাপ এখন দি কোঠা এটাত সুমুৱাই থৈছিল৷ কিতাপখন আছিল “বুঢ়ী আইৰ সাধু“। বাহিৰলৈ খেলিবলৈ যাব নোৱাৰাৰ খঙত কিতাপখন লাড্ডু কৰি পেলাইছিলোঁ৷ কিন্তুু পাছত বেটুপাতত মৰম লগা আইতাৰ মুখখন দেখা পাই কিতাপখন পঢ়িবলৈ লৈছিলোঁ৷ নিজৰ আইতাক কেতিয়াও লগ নাপালোঁ, সেইকাৰণেই চাগে কিতাপৰ প্ৰতিটো সাধু মন দি পঢ়িছিলোঁ আৰু ভাবিছিলো নিজৰ আইতা থকা হ’লে চাগে এনে সাধু কথা সদায়ে শুনিবলৈ পালোহেঁতেন৷ লাহে লাহে সদায় দুপৰীয়া কিতাপখন হাতত লোৱা কৰিলোঁ আৰু কিতাপখনৰ চৰিত্ৰসমূহ অতিকৈ আপোন হৈ পৰিল৷ তেজীমলা, সৰবজান, কুকুৰীকণা, চম্পাৱতী, ঔকুঁৱৰী আদি চৰিত্ৰসমূহ যেন ভৱাতকৈও আপোন হৈ পৰিল৷
এনে কিছুমান নষ্টালজিক চৰিত্ৰৰ সমাহাৰেৰে নিৰ্মাণ কৰা শেহতীয়া অসমীয়া ছবি ’কথানদী” চাই সঁচাকৈ অভিভূত হৈ পৰিলোঁ৷ অসমীয়া কথাছবিৰ  পৰম্পৰাগত ভুলবোৰৰ পৰা বহুযোজন দূৰত অৱস্থান কৰি ’কথানদী’য়ে প্ৰমাণ কৰি দিলে সীমিত বাজেটেৰে নিৰ্মীত হ’লেও আমাৰ অসমীয়া ছবিয়ে এতিয়াও অন্যান্য ভাৰতীয় ছবিৰ লগত ফেৰ মাৰিব পাৰে৷ পৰিচালকে আমি পঢ়া সাধুকেইটাক চিনেমেটিক ৰূপ দিবলৈ যাওতে সামান্য পৰিৱৰ্তন কৰিছে যদিও ই সাধুকেইটাৰ সৌষ্ঠৱ লাঘৱ হ’বলৈ দিয়া নাই৷ প্ৰায় এশ বছৰৰ আগৰ অসমীয়া সমাজ এখনৰ প্ৰতিচছবি ফুটাই তোলাত পৰিচালক গৰাকী এশ শতাংশই সফল বুলি ক’লে চাগে ভুল কোৱা নহ’ব৷ এজন সাধাৰণ দৰ্শক হিচাপে কেমেৰা বা সঙ্গীতৰ টেকনিকেল কথাবোৰ বুজি নাপাও যদিও কেমেৰাৰ কাম আৰু আৱহ সঙ্গীতে কথাছবিখনক এটা নতুন ৰূপ দিছে বুলি ক’বলৈ পাৰি৷ লগতে কথাছবিখনৰ প্ৰতিটো চৰিত্ৰ ফুটাই তোলাত সীমা বিশ্বাস, আদিল হুছেইন, কপিল বৰা, উৰ্মিলা মহন্ত, আশা বৰদলৈ, জেৰিফা ৱাহিদ, তেজীমলাৰ চৰিত্ৰত অভিনয় কৰা শিশু অভিনেত্ৰী গৰাকীকে ধৰি সকলো সফল হৈছে বুলি ক’ব পাৰি৷ উচ্চ মানৰ আৱহ সঙ্গীত আৰু সময়োপযোগী ছাঁ-পোহৰৰ খেলাই কথাছবিখনক বিদেশী ডাৰ্ক কথাছবিসমূহৰ পৰ্যায়লৈ লৈ গৈছে যদিও আৱহ সঙ্গীতৰ আধিক্যই কিন্তুু কিছু কিছু অংশত আমনি দিছিল৷ সকলোৰে চিনাকি কাহিনীকেইটা এটাৰ পাছত এটা দেখুৱাৰ সলনি চিনেমেটিক ট্ৰিটমেণ্টেৰে আটাইকেইটা কাহিনী একেলগে উপস্থাপণ কৰাৰ বাবে কথাছবিখন আকৰ্ষণীয় হৈ পৰিল৷ শেষত এনে এখন কথাছবি আমাক উপহাৰ দিয়া বাবে প্ৰযোজক- পৰিচালকৰ লগতে ’কথানদী’ৰ সমগ্ৰ টীমটোকে ধন্যবাদ জনাইছোঁ৷ অৱশ্যে কথাছবিখনৰ কিছুমান দৃশ্যই শিশুসকলৰ বাবে উপযোগী হ’ব নে নহয় বিতৰ্কৰ অৱকাশ থাকি গ’ল৷ লগতে কথাছবি চাই ভালপোৱা সকলোকে ছবিখন এবাৰ চাবলৈ অনুৰোধ কৰিলোঁ৷ কথাছবিখন চাই সকলোৰে এবাৰ শৈশৱলৈ উভতি যাবলৈ মন যাব পাৰে আৰু চিঞৰি চিঞৰি গাবলৈ মন যাব পাৰে, “ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম৷ ” শেষত অসমীয়া কথাছবিৰ ভাল দিন যে আকৌ সমাগত মই আজি নিশ্চিত হ’লোঁ৷
বি: দ্ৰ: কথাছবিখন চাই থাকোতে নলবাৰীৰ ভাৰতীয় টকীজত এজন দৰ্শকৰ এটা কমেণ্ট মনত পৰিছে, “আমাৰ অসমীয়া ছবিয়ে কেতিয়াবা চাউথৰ ফিল্মক(দক্ষিণাত্যৰ কথাছবিক) টক্কৰ দিব পাৰিবনে”? হয়তো এয়াই সপোন অসমীয়া ছবিৰ অগনণ গুনমুগ্ধৰ৷ ‘কথানদী’য়ে বহুবছৰৰ আগতে ভাঙি যোৱা এই সপোনতো আকৌ এবাৰ জাগ্ৰত কৰিব বুলি আমাৰ সকলোৰে আশা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments