কথাবোৰ মোৰ নিজস্ব—হিমাশ্ৰী

কেইদিনমানৰ পৰা ধৰ্ষণ, সাজসজ্জা আৰু তেনেধৰণৰ এক তৰ্ক বিতৰ্কৰ কেইখনমান ছবি দেখিবলৈ পালোঁ ৷ এইবোৰ চাই মোৰ মনলৈ কিছু কথা আহিছে ৷ কথাবোৰ মোৰ মনৰ কথাহে ৷ কাকো হেয় প্ৰতিপন্ন বা সমৰ্থন কৰিবলৈ কোৱা কথা নহয় ৷ ধৰ্ষণ আৰু সাজসজ্জা সতকাই বিতৰ্ক হোৱা বিষয় ৷ আৰু কথাটো হ’ল যে নাৰীয়ে যিকোনো সাজেই পৰিধান নকৰক কিয় ধৰ্ষণকাৰীৰ লোলুপ দৃষ্টিৰ পৰা হয়তো হাত সাৰি নাযায় ৷ কিয়নো ধৰ্ষণ সেইবোৰেহে কৰিব পাৰে যিবোৰ একপ্ৰকাৰৰ মানসিক ৰোগী ৷ গতিকে সাজসজ্জাৰ কথাটো গৌণ ৷ সেই মানসিক ৰোগী বোৰৰ কামনাৰ দাবাগ্নিৰ আগত ভূমিষ্ঠ হোৱা কণমানিজনীৰ পৰা আৰম্ভ কৰি অশীতিপৰ আইতাজনীও হয়তো সাৰি নাযায় ৷ পৰিৱেশিক কাৰণতেই হওক কিম্বা নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলতেই বা যৌনগন্ধী ছবিৰ প্ৰভাৱতেই বৰ্তমান সময়ত আমাৰ মাজত এনেধৰণৰ মানসিক ৰোগীৰ হাৰ লক্ষণীয় ভাৱে বৃদ্ধি পোৱা দেখা গৈছে ৷ ক্ষন্তেকীয়া কামনা পূৰণ আৰু দেহৰ পিৰপিৰণি মাৰিবলৈ এই ধৰণৰ ৰোগীবোৰে মূহূৰ্ত মাত্ৰও কুণ্ঠাবোধ নকৰাকৈ জপিয়াঁই পৰিব পাৰে যিকোনো বয়সৰ এটি নাৰী শৰীৰৰ ওপৰত ৷

যোৱা কেইদিনমান ধৰি কেইবাটাও লিখনি পঢ়িলোঁ এই বিষয়ত ৷ নিসঃন্দেহে মই ভাল পাইছোঁ, সমৰ্থনো কৰিছোঁ বহুজনৰ কথাত ৷ কিন্তু কথা হ’ল ধৰ্ষণকাৰী বুলি ক’লেই সকলো পুৰুষকে সাধাৰণীকৰণ কৰাও উচিত নহয় ৷ সকলো পুৰুষৰ পৰাই মনত ভয়ৰ সৃষ্টি হোৱা কথাটো কোনো মূহূৰ্তত মোৰ সহজ যেন নালাগে ৷ নাৰীও যেনেদৰে পুৰুষৰ কামনাৰ চিকাৰ হয় বৰ্তমান সময়ত পুৰুষো বহু নাৰীৰ বিকৃত অত্যাচাৰৰ(মানসিক বা শাৰীৰিক) চিকাৰ হোৱাৰ দৃশ্যতো বিৰল নহয় ৷ আমাকো মৰমেৰে আৱৰি হাতত হাত ধৰি সাহসেৰে আগুৱাই যাবলৈ উৎসাহ যোগোৱাৰ আঁৰতো পিতা, ভাতৃ, বন্ধু বা স্বামীৰ ৰূপত একো একোজন পুৰুষেই আছে ৷ গতিকে সেই মানসিকৰোগীবোৰৰ লগত পুৰুষ শব্দটো সাধাৰণীকৰণ হ’ব নালাগে ৷

আৰু এটা কথা সাধাৰণতে আমি সদায় পশ্চিমীয়া দেশৰ উদাহৰণ সতকাই দিওঁ যে তাত নাৰী এগৰাকী সুৰক্ষিত সেয়া ৰাতি ১২ বজাতেই হওক কিম্বা যিকোনো সাজতেই নহওক ৷ কথাটো হয়তো কিছু পৰিমাণে হয়ো যে তাত নাৰী এগৰাকীক সহজে কোনেও একো নকৰে ৷ কিন্তু তাতো এইধৰণৰ ঘটনা বিৰল নহয় ৷ মুক্ত যৌনতা বা যৌনতাৰ ক্ষেত্ৰত চাৰিওকাষৰ সহজ পৰিৱেশ বা তাৰ সমাজ ব্যৱস্থাও ইয়াৰ অন্যতম কাৰণ ৷ কিন্তু আমাৰ ইয়াৰ সমাজ ব্যৱস্থা এতিয়াও এনে হোৱা নাই ৷ মুক্ত যৌনতা বহু দূৰৰ কথা দুজন ল’ৰা ছোৱালী কিছুসময় নিৰলে ক’ৰবাত বহি থাকিলেও ম’ৰেল পুলিচৰ অত্যাচাৰ অতপালিৰ সন্মুখীন হয় ৷ সাজ সজ্জাৰ ক্ষেত্ৰতো বহু পৰিমাণে আমাৰ সমাজখন এতিয়াও সংকুচিত হৈয়েই আছে ৷ এতিয়াও বেছিভাগ স্বামীয়ে মুক্তমনেৰে পত্নীক যিকোনো এটি সাঁজ পিন্ধি বাহিৰলৈ ওলাই যাব দিব পৰাকৈ সাহসী নহয় ৷ মনটো ক’ৰবাত নহয় ক’ৰবাত কোঁচ খাই ৷ আৰু কোনোবাই যদিহে পিন্ধিছেও তেনেহ’লে কাষৰ আন বহু নাৰীৰ কাৰণে তেওঁ কেইবাদিনৰো আলোচনাৰ কেন্দ্ৰবিন্দু ৷ এইবাৰ কথাৰে সেইগৰাকীক ধৰ্ষণ কৰিবলে উঠি পৰি নামিল আন এচাম নাৰী ৷
আনহাতে বহুত এনে স্বামীও আছে যাৰ কাষতে পত্নী থকাৰ পাছতো পিৰিক পাৰককৈ চকু ঘূৰি আছে তেওঁৰ সন্মুখত থকা আন এগৰাকী তথাকথিত আধুনিক সাজ পিন্ধা নাৰীৰ শৰীৰটোৰ ওপৰত ৷ আচলতে যেতিয়ালৈকে আমাৰ সমাজৰ পৰা এইবোৰ কথা আঁতৰ নহ’ব তেতিয়ালৈকে এচাম মানসিক ৰোগী উৎপন্ন হৈয়েই থাকিব ৷

শেষত ক’ব বিচাৰোঁ সমাজ ব্যৱস্থা সহজতে কেতিয়াও সলনি নহ’ব ৷ কিন্তু নিজক সুৰক্ষিত কৰি ৰাখিব পৰাকৈ প্ৰতিজন মানুহেই পুৰুষ কিম্বা নাৰী মানসিক আৰু শাৰীৰিক ভাৱে শক্তিশালী হৈ উঠিব লাগিব ৷ এই সমাজত নিজক ৰক্ষা কৰি ৰাখিবলে আত্মৰক্ষা ই শ্ৰেষ্ঠ সুৰক্ষা ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments