কথা কবিতা – কৃষ্ণা ফুকন

মোৰ বুকুত এটা আঁচোৰ পৰিছে
গভীৰ আঁচোৰ ৷
কোনেও দেখা নাছিল সিদিনালৈকে ৷
হঠাতে সিদিনা গধূলি
কাফেত বহোঁতে
মোৰ শাৰীৰ আঁচলখন পৰি গ’ল,
পাহাৰৰ নীলা, আকাশৰ নীলাৰে
ঢাকি ৰখা মোৰ বুকুখন
উদং হৈ পৰিল…
খকামকাকৈ আঁচলখন তুলি লওঁতেই
মাত্ৰ নয়নে দেখিলে ৷

আশ্বৰ্যত সুধিলে –
‘ইমান গভীৰ আঁচোৰ!
তুমি কেনেকৈ সহ্য কৰিছা?
চাওঁ অলপ ‘৷

মোক কিন্তু নুসুধিলে,
কাৰ, কিহৰ আঁচোৰ সেইয়া,
বিষত ক’লা পৰি ৰোৱা
আঁচোৰটোলৈ চাওঁতে
নয়নৰ চকুত মই
প্ৰথমবাৰৰ বাবে দেখিলো
বিশ্বাস !

মোৰ বুকুখনে হাঁহাকাৰ কৰি উঠিল
একো ন’কৈ লাহেকৈ আঁচলখন উঠালো,
কফিৰ কাপত চুমুক মাৰিলে
মোৰ নিস্পেষিত ওঁঠ দুটাই ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক